আপুনি জানেনে? Amazing secrets of the world - Facts in Assamese - GK 2021

নমস্কাৰ বন্ধু বান্ধৱী সকল 🙏 আজি মই এই আপুনি জানেনে? Post টোৰ দ্বাৰা আপোনালোকক কিছুমান তথ্য জনোৱা হৈছে - যিবোৰ কথা হয়তো বহুতে নাজানে। Amazing secrets of the world - Facts in Assamese - GK 2021.


Facts in Assamese - GK 2021

১/ বিষ্ণুপ্ৰসাদ ৰাভা প্ৰথম অসমীয়া কথাছবি জয়মতীৰ সহযোগী নৃত্য পৰিচালক আছিল ।

২/ দক্ষিণে ব্ৰহ্মপুত্ৰ নদী আৰু উত্তৰে ব্ৰহ্মপুত্ৰৰ সুঁতি খেৰকুটীয়াৰ লগত সোৱণশিৰি নদী লগ লাগি নদীদ্বীপ মাজুলী গঠন হৈছে।

৩/ উঁইপৰুৱাৰ ৰাজপৰিয়ালৰ উঁয়ে মাত্ৰ সংগম কৰি বংশবৃদ্ধি কৰে আৰু যুজাৰু ক্ষত্ৰিয় জাতৰ উঁয়ে যুঁজ কৰাৰ বাহিৰে একো নকৰে।

৪/ আমাৰ চিনাকি ভদৰকলি চৰাই অসমৰ উপৰিও ইউৰোপ, আফ্ৰিকা তথা এছিয়া মহাদেশৰ আন আন দেশতো দেখিবলৈ পোৱা যায়।

৫/ ব্ৰজেন বৰুৱাই ১৯৬৩ চনত মুক্তিপ্ৰাপ্ত চাৰ্লি চেপলিন শৈলীৰ প্ৰভাৱ থকা প্ৰথম অসমীয়া কমেডী ছবি ইটো সিটো বহুতোৰ যোগেদি পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰিছিল।

৬/ এলবাৰ্ট আইনষ্টাইনক তেওঁৰ বিখ্যাত আপেক্ষিকতাবাদ তত্বৰ পৰিৱৰ্তে আলোক বিদ্যুৎ পৰিঘটনাৰ বাবেহে ন'বেল বঁটা দিয়া হৈছিল।

Facts in Assamese - Assamese GK

আপুনি জানেনে? Amazing secrets of the world - Facts in Assamese - GK 2021

১/ মং মাওৰ শান ৰাজকুমাৰ চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি ১২২৮ খ্ৰীষ্টাব্দত অসমত আহোম ৰাজ্য স্থাপন কৰিছিল।

২/ ১৯৩৬ চনত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই দহবছৰীয়া ভূপেন হাজৰিকাক কলিকতালৈ নি চেনোলা মিউজিকেল প্ৰডাক্ট কোম্পানীত 'শোণিত কুঁৱৰী' আৰু 'জয়মতী' নাটক দুখনৰ গীত তেওঁৰ কণ্ঠত বাণীবদ্ধ কৰাইছিল।

৪/ বৰ্তমান বিশ্বত মুছলমান জনসংখ্যাৰ হাৰ মুঠ জনসংখ্যাৰ প্ৰায় ২৩ শতাংশ।

৫/ হিন্দু ধৰ্মৰ ত্ৰিমূৰ্তি ধাৰণাত ব্ৰহ্মাক বিশ্বব্ৰহ্মাণ্ড সৃষ্টিকাৰী, বিষ্ণুক স্থিতিৰ প্ৰতীক আৰু শিৱক ধ্বংসৰ প্ৰতীক ৰূপে কল্পনা কৰা হৈছে।

৬/ ১৯৮৩ চনত শিৱসাগৰ জিলাৰ পৰা আঁতৰাই যোৰহাট জিলাক সুকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়।

অসমীয়া ভাষা সাহিত্য বিষয়ৰ সাধাৰণ জ্ঞান

কথাবোৰ আপুনি জানিছিল নে? 

www.assamesegk.info website টোত সদায় নতুন নতুন অসমীয়া সাধাৰণ জ্ঞান ৰ post কৰি থকা হয়। Visit কৰি থাকিব। ধন্যবাদ ।।

আমাৰ ফেচবুক পেজ - বাৰ্তালাপ

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।