ব্লগ বা ৱেবচাইট কি? What is Blog or Website ? Blog এটা কেনেকৈ আৰম্ভ কৰিব পাৰি?

 নমস্কাৰ বন্ধু - বান্ধৱী সকল 🙏 আজি আমি জনিম যে - ব্লগ বা ৱেবচাইট কি? What is Blog or Website ? Blog এটা কেনেকৈ আৰম্ভ কৰিব পাৰি? How to start A new Blog/Website? in Assamese language লিখনিটো শেষলৈ পঢ়িব।

ব্লগ কি? (What is Blog/Website?) In Assamese


ব্লগ কি? (What is Blog/Website?) In Assamese


ব্লগ হৈছে ৱৰ্ল্ড ৱাইড ৱেব (WWW - WORLD WIDE WEB) ত প্ৰকাশিত এবিধ তথ্যপূৰ্ণ বা আলোচনামূলক ৱেবচাইট (WEBSITE)। ব্লগবোৰত লিখা কথাবোৰ মূলতঃ দিনলিপিৰ নিচিনাকৈ খণ্ড খণ্ডকৈ প্ৰৱিষ্টিত (এইবোৰক পষ্ট (Post) বুলি কোৱা হয়) ভৰোৱা হয়। সাধাৰণতে ব্লগত সন্নিৱিষ্ট পষ্টবোৰ ওলোটা ক্ৰমত সজোৱা হয় যাতে শেহতীয়াকৈ প্ৰকাশিত পষ্টবোৰ ৱেবপৃষ্ঠাটোৰ একেবাৰে শীৰ্ষত স্থান পায়। ২০০৯ চন মানলৈ ব্লগবোৰ ঘাইকৈ একো একোজন ব্যক্তিৰ নিজস্ব প্ৰচেষ্টাত প্ৰকাশ পাইছিল, তাৰ মাজতে দুই এটা ব্লগ সমূহীয়াকৈও প্ৰকাশ পাইছিল। একেদৰে বিষয়বস্তুৰ ক্ষেত্ৰতো তেতিয়া ব্লগবোৰত এটা নিৰ্দিষ্ট বিষয়ক কেন্দ্ৰ কৰি লেখা প্ৰকাশ পাইছিল। ২০১০ চনৰ পিছৰপৰা "একাধিক লেখকৰ সন্মিলিত ব্লগ" (ইংৰাজীত যাক কোৱা হয় Multi-Author Blogs বা চমুকৈ MABs) প্ৰকাশৰ জোৱাৰ উঠে বুলিব পাৰি। এনেবোৰ ক্ষেত্ৰত একেটা Blog তে বহু লোকৰ লেখা বা পষ্ট প্ৰকাশ পায়। এনে সন্মিলিত ব্লগ কিছুমান সম্পাদনা কৰিবলৈ আজিকালি বৃত্তিগত লোকো নিয়োগ কৰা হয়। সম্প্ৰতি বিভিন্ন সংবাদ মাধ্যম, বিশ্ববিদ্যালয়, ছাত্ৰসমাজ, উকীল সংস্থা বা অন্যান্য বিভিন্ন প্ৰতিষ্ঠানৰ দ্বাৰা ওলোৱা সমূহীয়া ব্লগৰ লেখ-জোখ নাই।


ব্লগ কি? (What is Blog/Website?) In ASSAMESE


ব্লগৰ বিভিন্ন ৱেবপৃষ্ঠাবোৰে ইণ্টাৰনেটৰ জগতখনত এটা ডাঙৰ অংশ আগুৰি আছে বুলিব পাৰি।

-

ইণ্টাৰনেট কি?

নতুন Blog বা ৱেবচাইট কেনেকৈ আৰম্ভ কৰিব পাৰি? How to start A new Blog/Website? in Assamese language


ব্লগ/ৱেবচাইট আৰম্ভ কৰিবলৈ বিভিন্ন অনলাইন প্লে'টফৰ্ম ব্যৱহাৰ কৰিব পাৰি। এনে প্লে'টফৰ্মসমূহৰ ভিতৰত ৱৰ্ডপ্ৰেছ(Wordpress), ব্লগাৰ(Blogger) আদিৰ দৰে জনপ্ৰিয় ব্লগিং ৱেবচাইটসমূহে খৰচবিহীনভাৱেও ব্লগ খোলাৰ সুবিধা দিয়ে।


নতুন Blog বা ৱেবচাইট কেনেকৈ আৰম্ভ কৰিব পাৰি? How to start A new Blog/Website? In Assamese


অৱশ্যে বিনামূল্যে খোলা ব্লগসমূহত সকলোবোৰ সুবিধা সক্ৰিয় কৰিব পৰা নাযায়। কিন্তু মাহিলি বা বছৰেকীয়া ভিত্তিত টকা আদায় কৰি বাণিজ্যিক আঁচনি সক্ৰিয় কৰি ল'লে ব্লগ/ৱেবচাইট (Blog/Website) নিজৰ ইচ্ছামতে সজাই-পৰাই (Design) তুলিব পাৰি আৰু অধিক আকৰ্ষণীয়কৈ গঢ় দিব পাৰি। তদুপৰি পইছা আদায়ৰ দ্বাৰা ব্লগটোৰ বাবে নিজ পছন্দৰ ডমেইনো (Domain Name) ক্ৰয় কৰিব পাৰি।

How to start A new Blog/Website? In Assamese


ৱৰ্ডপ্ৰেছ, ব্লগাৰ আদি ব্লগিং ৱেবচাইটবোৰ খুলি চালেই তাত ব্লগ খোলাৰ নিৰ্দেশনাসমূহ ভালদৰে বুজাই দিয়া হয়। এই নিৰ্দেশনা অনুসৰি পাঁচ-দহ মিনিটৰ ভিতৰতে এটা ব্লগ খুলি ল'ব পাৰি। গতিকে ব্লগ খোলাটো আজিৰ দিনত খুব সাধাৰণ কথাৰ লেখীয়া। অৱশ্যে ব্লগিঙৰ ক্ষেত্ৰখনত সফল হ'বলৈ নিয়মীয়াকৈ লেখা বা আন বিষয়বস্তু প্ৰকাশ কৰি থকা প্ৰয়োজন।

How to start A new Blog/Website? In Assamese

আপুনি যদি আৰু অধিক জানিব বিচাৰে তেন্তে comment কৰি জনাব। আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম।


ব্লগটো share কৰিবলৈ নাপাহৰিব।


Facebook

Post a Comment

2 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
  1. Blog আৰু website ৰ বিষয়ে জানিব পাৰি ভাল লাগিল৷ with thanks.

    ReplyDelete

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।