অস্কাৰ বঁটা (The Oscars Awards) in Assamese - GK 2021

অস্কাৰ বঁটা (The Oscars Awards) in Assamese: নমস্কাৰ বন্ধু বান্ধৱী সকল 🙏 আজি মই আপোনালোকৰ লগত অস্কাৰ বঁটা ৰ বিষয়ে অলপ আলোচনা কৰিম বুলি ভাবিছোঁ - অস্কাৰ বঁটা কি ? কেতিয়া পৰা অস্কাৰ বঁটা দিয়া আৰম্ভ কৰা হৈছিল? অস্কাৰ বঁটাৰ বিভাগসমূহ কি কি?

(What is Academy Awards?) In Assamese


অস্কাৰ বঁটা কি? (What is Academy Awards?) In Assamese

অস্কাৰ বঁটা বা একাডেমি বঁটা (Academy Awards বা The Oscars) হৈছে চলচ্চিত্ৰজগতৰ বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শিতাক সন্মান জনাই প্ৰদান কৰা আমেৰিকাৰ এক বাৰ্ষিক বঁটা।

এই বঁটাপ্ৰাপকে চৰকাৰীভাৱে Academy Award of Merit হিচাপে গণ্য কৰা এটা প্ৰতিমূৰ্ত্তি লাভ কৰে।


এই বঁটাপ্ৰদান অনুষ্ঠান পোনপ্ৰথমে ১৯২৯ চনত 'হলিউড ৰ'জভেল্ট হোটেল'ত অনুষ্ঠিত হৈছিল। অস্কাৰ বঁটা প্ৰতিবছৰে Academy of Motion Picture Arts and Sciences (AMPAS)-ৰ উদ্যোগত প্ৰদান কৰা হয়।


পোনপ্ৰথমে ১৯৫৩ দুৰদুৰ্শনযোগে প্ৰচাৰিত এই বঁটা প্ৰদান অনুষ্ঠান বৰ্তমান প্ৰায় ২০০ৰো অধিক দেশত প্ৰচাৰিত হয়।


শেহতীয়াকৈ ৮৬ তম অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান ২০১৪ চনৰ ২ মাৰ্চ তাৰিখে লছ এঞ্জেলেছৰ ড'লবি থিয়েটাৰত অনুষ্ঠিত হৈ যায়।

-

অসমীয়া কুইজ

বিভাগসমূহ (Categories)

অস্কাৰ বঁটাৰ বিভাগ সমূহৰ লগতে ইয়াক কেতিয়া পৰা দিয়া হৈছিলে জানো আহক -


  1. মুখ্য ভূমিকাত শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটা-১৯২৮ চনৰ পৰা আৰম্ভ।
  2. শ্ৰেষ্ঠ সহ অভিনেতাৰ অস্কাৰ বঁটা (Academy Award for Best Supporting Actor)- ১৯৩৬ চনৰ পৰা।
  3. মুখ্য ভূমিকাত শ্ৰেষ্ঠা অভিনেত্ৰীৰ অস্কাৰ বঁটা ( Academy Award for Best Actress)-১৯২৮ চনৰ পৰা।
  4. শ্ৰেষ্ঠা সহ অভিনেত্ৰীৰ অস্কাৰ বঁটা (Academy Award for Best Supporting Actress)-১৯৩৬ চনৰ পৰা।
  5. শ্ৰেষ্ঠ এনিমেটেড ফীচ্চাৰৰ অস্কাৰ বঁটা (Academy Award for Best Animated Feature) ২০০১ চনৰ পৰা।
  6. শ্ৰেষ্ঠ এনিমেটেড চুটি ফিল্ম ৰ অস্কাৰ বঁটা (Academy Award for Best Animated Short Film)-১৯৩১ চনৰ পৰা।
  7. শ্ৰেষ্ঠ চিনেমাট'গ্ৰাফীৰ অস্কাৰ বঁটা (Academy Award for Best Cinematography) ১৯২৮ চনৰ পৰা।
  8. শ্ৰেষ্ঠ কষ্টিউম ডিজাইনৰ অস্কাৰ বঁটা (Academy Award for Best Costume Design) ১৯৪৮ চনৰ পৰা।
  9. শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ বঁটা (Academy Award for Best Director) ১৯২৮ চনৰ পৰা।
  10. শ্ৰেষ্ঠ তথ্যচিত্ৰৰ অস্কাৰ বঁটা (Academy Award for Best Documentary)১৯৪৩ চনৰ পৰা।
  11. শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ অস্কাৰ বঁটা (Academy Award for Best Documentary Short) ১৯৪১ চনৰ পৰা।
  12. শ্ৰেষ্ঠ চলচ্চিত্ৰ সম্পাদনাৰ অস্কাৰ বঁটা (Academy Award for Best Film Editing)-১৯৩৪ চনৰ পৰা।
  13. শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰৰ অস্কাৰ বঁটা (Academy Award for Best Foreign Language Film) ১৯৪৭ চনৰ পৰা।
  14. শ্ৰেষ্ঠ লাইভ একশ্যন চুটি চলচ্চিত্ৰৰ অস্কাৰ বঁটা Academy Award for Best Live Action Short Film) ১৯৩১ চনৰ পৰা।
  15. শ্ৰেষ্ঠ প্ৰসাধন তথা চুলিৰ সজ্জাৰ অস্কাৰ বঁটা (Academy Award for Best Makeup and Hairstyling) -১৯৮১ চনৰ পৰা।
  16. শ্ৰেষ্ঠ মৌলিক ষ্ক'ৰৰ অস্কাৰ বঁটা (Academy Award for Best Original Score) -১৯৩৪ চনৰ পৰা।
  17. শ্ৰেষ্ঠ মৌলিক সংগীতৰ অস্কাৰ বঁটা (Academy Award for Best Original Song)-১৯৩৪ চনৰ পৰা।
  18. শ্ৰেষ্ঠ মৌলিক ছবিৰ অস্কাৰ বঁটা (Academy Award for Best Picture)-১৯২৮ চনৰ পৰা।
  19. শ্ৰেষ্ঠ প্ৰডাক্স'ন ডিজাইনৰ অস্কাৰ বঁটা (Academy Award for Best Production Design) ১৯২৮ চনৰ পৰা।
  20. শ্ৰেষ্ঠ শব্দ সম্পাদনাৰ অস্কাৰ বঁটা (Academy Award for Best Sound Editing) ১৯৬৩ চনৰ পৰা।
  21. শ্ৰেষ্ঠ চাউণ্ড মিক্সিঙৰ অস্কাৰ বঁটা (Academy Award for Best Sound) ১৯৩০ চনৰ পৰা।
  22. শ্ৰেষ্ঠ ভিজুৱেল এফেক্টৰ অস্কাৰ বঁটা (Academy Award for Best Visual Effects) ১৯৩৯ চনৰ পৰা।
  23. শ্ৰেষ্ঠ এডেপ্টেড স্ক্ৰীণপ্লেৰ অস্কাৰ বঁটা (Academy Award for Best Adapted Screenplay) ১৯২৮ চনৰ পৰা।
  24. শ্ৰেষ্ঠ মৌলিক স্ক্ৰীণপ্লেৰ অস্কাৰ বঁটা (Academy Award for Best Original Screenplay) ১৯৪০ চনৰ পৰা।


" আমাৰ ফেচবুক পেজ - বাৰ্তালাপ "

Post a Comment

2 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।