ইণ্টাৰনেট কি ? What is Internet in Assamese {ASSAMESE GK 2021} Essay on Internet in Assamese

ইণ্টাৰনেট কি ? What is Internet in Assamese? Essay on Internet in Assamese


ইণ্টাৰনেট (Internet) বা অন্তৰ্জাল হৈছে কম্পিউটাৰ নেটৱৰ্কৰ (Computer Network) এটা অত্যাধুনিক ব্যৱস্থা। ই Network আৰু device সমূহৰ মাজত সংযোগ স্থাপন কৰিবলৈ ইণ্টাৰনেট প্ৰ'ট'কল ছুইট { Internet protocol suite } (TCP/IP) ব্যৱহাৰ কৰে। ই হৈছে "নেটৱৰ্কৰ নেটৱৰ্ক" যি ৰাজহুৱা, প্ৰশাসনিক, চৰকাৰী, ব্যৱসায় সংক্ৰান্তিয় Data সমূহ ছেটেলাইট, অপ্টিকেল ফাইবাৰ, ওৱায়াৰলেছ বা Cable আৰু অন্যান্য আধুনিক কাৰিকৰী মাধ্যমেৰে প্ৰদান কৰে। ইণ্টাৰনেটে ইলেক্ট্ৰনিক মেইল, অনলাইন চ্চেট, ফাইল স্থানান্তৰ (FTP), অনলাইন ভিডিঅ' আৰু অন্যান্য তথ্য World Wide Web (WWW)-ৰ মাধ্যমেৰে যোগান ধৰে।

ইণ্টাৰনেট কি ? What is Internet in Assamese {ASSAMESE GK 2021}


ইণ্টাৰনেট হৈছে বিশ্বব্যাপী যোগাযোগ ব্যৱস্থা, হাৰ্ডৱেৰ আৰু ছ'ফ্টৱেৰ ব্যৱস্থাৰ সহযোগত কম্পিউটাৰলৈ সংযোগিত হয়। ইণ্টাৰনেটে হাইপাৰলিংক (Hyperlink) বা URLৰ মাধ্যমেৰে কম্পিউটাৰলৈ ডাটা কঢ়িয়াই আনে। সহজ ভাষাত এটা নেটৱৰ্কত যদি কেইবাহাজাৰ কম্পিউটাৰ আছে তেন্তে এনে হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই ইণ্টাৰনেট।

Opareting system কি?

আজিকালিৰ মানুহে প্ৰায়ে সকলো কাম ইণ্টাৰনেটৰ যোগেদি কৰে। সেয়েহে আজিকালিৰ বেছিভাগ মানুহ ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰশীল। সেই মানুহবোৰক কেন্দ্ৰ কৰি আজিকালিৰ মানুহে ইণ্টাৰনেটক নিজৰ জীৱিকাৰ পথ হিচাপে বাছি লৈছে।


ইণ্টাৰনেটৰ সহায়ত কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি? - যদি জানিবলৈ ইচ্ছা কৰে কমেণ্ট কৰি জনাব।


ইন্টাৰনেটৰ লগত ৱেবৰ পাৰ্থক্য কেনেকুৱা?

১৯৮৯ চনত ইন্টাৰনেটক বিশাল ৱৰ্লড্‌ ৱাইড ৱেব হিচাপে উন্মোচিত কৰা হৈছিল। ৱেব হ’ল বিশাল পৰিমানৰ সংগ্ৰহীত HTML পৃষ্ঠা যি ইন্টাৰনেট হাৰ্ডৱেৰৰ যোগেদি পৰিবাহিত কৰা হয়। ৱৰ্ল ৱাইড ৱেব হ’ল ইন্টাৰনেটৰ এটা সৰু অংশ তথা ইন্টাৰনেটে বহু ধৰণৰ অন্য বেলেগ তথ্যক সামৰি লয় যিবোৰ ৱেব পৃষ্ঠাতকৈ বেলেগ।


ৱেব হ’ল এটা চফটৱেৰ আহিলা বা সেৱা যি ইন্টাৰনেটত ব্যৱহাৰ হয়। ৱেব পৃষ্ঠাবোৰ হ’ল বিভিন্ন তথ্য পাতিৰ সমষ্টি। ইয়ে বিশ্বৰ বিভিন্ন তথ্যৰ কম্পিউটাৰৰ মাধ্যমৰে যোগান ধৰে। ইন্টাৰনেট আৰু ৱেবক দুটা ভিন্ন ৰুপ বুলি ব্যক্তি বিশেষে অভিহিত কৰে। যিটো কাৰিকৰী দিশৰে চাব গ’লে ভূল বুলি গণ্য হ’ব কিয়নো ৱেব পৃষ্ঠাবোৰৰ দ্বাৰাই ইন্টাৰনেট গঠিত। 


ইন্টাৰনেটৰ বৈশিষ্ট্

ক) ভৌগলিকভাৱে বিস্তৃত-

ইন্টাৰনেট ভৌগলিকভাৱে সমগ্ৰ পৃথিৱীতে বিস্তৃত্ব। ইন্টাৰনেটৰ এটা মূল বৈশিষ্ট হ’ল যদি আমি কোনো এবাৰ ইন্টাৰনেটৰ লগত যিকোনো ঠাইৰ পৰা যোগাযোগ স্থাপন কৰো তেন্তে আমি লগে লগে সমগ্ৰ পৃথিৱীৰ লগতে স্ংযোগ স্থাপন হৈ পৰিম।


খ) ইন্টাৰনেটৰ আকৃতি-

ইন্টাৰনেটৰ মূল আকৃতি হ’ল কম্পিউটাৰ নেটৱৰ্ক ৱ্যৱস্থাৰ মাধ্যমৰ দ্বাৰা এক উত্তম যোগাযোগ ব্যৱস্থা। কোনো ব্যক্তিৰ ব্যক্তিগত কম্পিউটাৰ বা নেটৱৰ্ক অচল অৱস্থা হলেও ইন্টাৰনেটৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে।


গ) বিশ্বযুৰি ইয়াৰ প্ৰসাৰতা-

ইন্টাৰনেটত যিকোনো তথ্য স্ংগীত, ছবি আদি আন অন্যলোকৰ বাবে উপলব্ধ কৰিবলৈ কম খৰচতে এক অতি উত্তম মাধ্যম। ইন্টাৰনেটৰ লগত যিকোনো ব্যক্তিয়েই যিকোনো ঠাইৰ পৰা স্ংযোগ কৰিব পাৰে। ইয়াৰ দ্বাৰা পৃথিৱীৰ যিকোনো কম্পিউটাৰ লগত স্ংযোগ স্থাপন ঘটাব পাৰি আৰু বিভিন্ন মনোৰঞ্জন একেখন চকীতে বহী উপভোগ কৰিব পাৰি।


ইন্টাৰনেটৰ সুবিধা


ইন্টাৰনেটৰ বহুতো সুবিধা আছে সেইবোৰ হ’ল:


  1. ইন্টাৰনেট বিভিন্ন তথ্য আৰু বহল পৰিসৰৰ সংবাদৰ এক সমষ্টি।
  2. উপলব্ধ search engine বোৰ অতি দ্ৰুত আৰু শক্তিশালী।
  3. ইয়াক ব্যৱহাৰ কৰিবলৈ সহজ।
  4. শিক্ষাৰ্থীয়ে বিভিন্ন তথ্য ইয়াৰ দ্বাৰা সহজে ল’ব পাৰি ইয়াৰ তথ্যৰ ব্যাপকতা দ্বাৰা।
  5. শিক্ষাৰ্থীসকল ইয়াৰ দ্বাৰা অনলাইন ব্যৱস্থাৰ দ্বাৰা নিজৰ যিকোনো কাৰ্য্য প্ৰকাশ কৰিব পাৰি।
  6. ইন্টাৰনেটে ভিন ভিন শিক্ষণ প্ৰনালী সামৰি লয়।
  7. ৱেব মাধ্যমত প্ৰচাৰিত যিকোনো তথ্য সময়ৰ লগত পৰিৱৰ্তনশীলতা মানি লয় যিটো সাধাৰণতে কাগজৰ ক্ষেত্ৰত প্ৰকাশিত তথ্য প্ৰযোজ্য নহয়।
  8. যেতিয়া কোনো ই-মেইল বাৰ্তা কাৰোবালৈ বহু দূৰলৈ প্ৰেৰণ কৰা হয় ইয়াত কোনো ভেজাল বা বেমেজালি হোৱাৰ আংশাকা নাথাকে।
  9. ইয়াৰ দ্বাৰা শিক্ষাৰ্থীয়ে সমগ্ৰ পৃথিৱীৰ পুথিভঁৰালৰ লগত যোগাযোগ স্থাপন কৰিব পাৰে তথা নিজৰ উৎকৰ্ষ সাধন ঘটাব পাৰে।
  10. ইন্টাৰনেট হৈছে এক বিশাল শ্ৰেণীকোঠা য’ত শিক্ষাৰ্থীৰ বাবে যথেষ্ঠ শিক্ষাৰ সমল উপলব্ধ যি সমল বিদ্যালয়ৰ পুথিভঁৰালৰ পুথিতকৈ উন্নত। ইয়াৰ মাধ্যমৰ দ্বাৰা শিক্ষাৰ্থীয়ে বিভিন্ন দেশ-বিদেশৰ খবৰ, চৰকাৰী আঁচনি, বিজ্ঞানভিত্তিক খবৰ আদিৰ তথ্যৰ জ্ঞান লাভ কৰিব পাৰে। তাৰোপৰি বিদ্যালয়ৰ উচ্চ পৰ্য্যায়ত ইয়াক যিকোনো project research ৰূপত ব্যৱহাৰ কৰিব পাৰে।
  11. ইন্টাৰনেট হ’ল এক অতি কাৰ্য্যকৰী যোগাযোগ তথা শিক্ষণ ব্যৱস্থা যাৰ দ্বাৰা শিক্ষাৰ্থীক বিভিন্ন উপযোগী শিক্ষা প্ৰদান কৰিব পাৰি। ইয়াৰ মাধ্যমৰ দ্বাৰা শিক্ষাৰ্থীয়ে ব্যাপক ৰূপত কোনো বিশেষ বিষয়ত বিভিন্ন শিক্ষণ প্ৰযুক্তি বা প্ৰণালীৰ দ্বাৰা নিজৰ শৈক্ষিক আৰু মানসিক উৎকৰ্ষৰ বিকাশ সাধন কৰিব পাৰি।


ইন্টাৰনেটৰ উপযোগীতা:

ইন্টাৰনেট হ’ল এক সময় উপযোগী আহিলা যাৰ দ্বাৰা শিক্ষকে পাঠ্যক্ৰমৰ পৰিধি বিস্তৃত ৰূপত বিকাশ সাধন ঘটাব পাৰি। এই শিক্ষণ প্ৰনালীৰ দ্বাৰা কিমান উপকৃত হ’ব পাৰি সেইটো নিৰ্ভৰ কৰিব কিমান সহজতে আৰু কিমান সোনকালে শিক্ষকে সঠিক তথ্য স্ংগ্ৰহ কৰিব পাৰিব। ইন্টাৰনেটত তথ্য সন্ধান কৰাটো এই চেষ্ঠাৰ দ্বাৰা উন্নত কৰিব পাৰি। বিদ্যাল্যয়ৰ যিকোনো পাঠ্যক্ৰমৰ তথ্য সঠিক উত্তৰ তথা সমপযোগী হৈছে নে নাই তাৰ সঠিক বিশ্লেষণ অধিক ব্যাপক বা শুদ্ধ ৰূপত ইয়াৰ দ্বাৰা লাভ কৰিব পাৰি। ইন্টাৰনেটত যিহেতু যিকোনো এটা বিষয়ৰ ওপৰত অধিক সংখ্যক উপাদান উপলব্ধ সেয়ে ইয়াৰ উচিত আৰু শুদ্ধ উত্তৰ বিচাৰিটো সহজ আৰু উপযোগী আহিলা।


ইন্টাৰনেট হ’ল এনে এক যোগাযোগৰ মাধ্যম যাৰ দ্বাৰা শিক্ষক আৰু শিক্ষাৰ্থীয়ে নিজৰ যোগাযোগ কলাৰ উন্নত সাধন কৰিব পাৰি। তাৰোপৰি ইন্টাৰনেট হ’ল ভাষাৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধি কৰা এক প্ৰধান আহিলা। ই-মেইল, ছাটিং, গ্ৰোপ আলোচনা আদি মাধ্যমৰ দ্বাৰা শিক্ষাৰ্থীয়ে সাধাৰণ লিখিত জ্ঞান লাভ কৰিবলৈ সক্ষম হয়। ইয়ে শিক্ষকক নিজৰ শিক্ষণ শৈলীত ভিন্নতা অনাত সহায়ক কৰে যি সাধাৰণ শিক্ষণ শৈলীতকৈ পৃথক।


ইন্টাৰনেটৰ সম সহযোজন শিক্ষণ ব্যৱস্থাৰ সুবিধাই শিক্ষাৰ্থীৰ শিক্ষামূলক দক্ষতা বৃদ্ধি কৰাৰ সহায় কৰিছে। ইয়ে বিভিন্ন দেশৰ, অঞ্চলৰ শিক্ষাৰ্থীৰ মাজত ই-মেইল, ছাটিং আদিৰ দ্বাৰা সংযোগ স্থাপন কৰি শিক্ষাৰ আদান প্ৰদান কৰাৰ ক্ষেত্ৰত যথেষ্ঠ অৰিহণা যোগাইছে। এইদৰে ইন্টাৰনেট বৰ্তমান আন্ত:সমন্বয় মাধ্যমেদি শিক্ষা প্ৰদান কৰা এক প্ৰধান শৈলীৰুপে শিক্ষকে ব্যৱহাৰ কৰিব পাৰে।


ব্যক্তিগত দিশ:

বহু শিক্ষাৰ্থী দক্ষতা বৃদ্ধি কৰে ইণ্টাৰনেটে। তেওঁলোকে কম্পিউটাৰ লগত অভ্যস্ত তথা কম্পিউটাৰৰ এটা ক্লিকতে উপলব্ধ হোবা বিভিন্ন আকৰ্ষণীয় ছবি বা খবৰ লাভ কৰি সহজে আনন্দিত হয়। অলপতে হৈ যোৱা এটা চাৰ্ভেই এটা কথা প্ৰতিপন্ন কৰিছে যে ৯০% শিক্ষাৰ্থীয়ে কম্পিউটাৰৰ লগত জড়িত ঘৰত অথবা বিদ্যালয়ৰ চৌহদত। আনৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব পৰা সুবিধাই শিক্ষাৰ্থীক ইয়াৰ প্ৰতি অধিক আগ্ৰ্হী কৰি তুলিছে। আমি সাধাৰণতে দেখা পাওঁ যে, বহুতো লোকে ম’বাইল গেম অথবা ছাটিং কৰি সময় অতিবাহিত কৰে। দুৰ্ভাগ্যৱশত: বহুতো অভিভাৱকে এইটো বুজি নেপায় যে এইবোৰ কাৰ্য্যত যদি তেওঁলোকৰ সন্তান ব্যস্ত থাকে ইয়ে তেওঁলোকক কেতিয়াবা বিপদতো পেলাব পাৰে। আনকি ভাৰততো বহুতো অভিভাৱকে এইটো নাজানে যে তেওঁলোকৰ সন্তানে ইন্টাৰনেটত, কিদৰে কি কৰি সময় অতিবাহিত কৰে।


আজি ইণ্টাৰনেটৰ বহল প্ৰচাৰৰ কথা লক্ষ্য ৰাখি ব্যক্তিগত তথ্য সুৰক্ষাৰ কথাটো শিক্ষাৰ্থীসকলে বুজাটো দৰকাৰ।


শিক্ষাৰ্থীৰ গোপনীয়তা ভ্ংগ হোৱাৰ সম্ভাৱনা কিছুমান অনলাইন কাৰ্য্যবিধি:

  1. যেতিয়া বিভিন্ন অনলাইন প-পত্ৰ, গেম আদি ডাউনলোড কৰা হয়।
  2. ই-মেইল পঞ্জীয়ন আদিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা বিভিন্ন ব্যক্তিগত তথ্য।
  3. যেতিয়া বিনামূলীয়া গেম ডাউনলোড কৰোতে পঞ্জীয়ন কৰা হয়।
  4. চ’চিয়েল নেটৱৰ্কিং চাইটত পঞ্জীয়ন মুহুৰ্তত যোগান ধৰা ব্যক্তিগত তথ্যৰ দ্বাৰা।


***

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।