ৰাতি সাপ শব্দটো কিয় উচ্চাৰণ কৰিবলৈ নিদিয়ে? - Assamese GK 2021

ৰাতি সাপ শব্দটো কিয় উচ্চাৰণ কৰিবলৈ নিদিয়ে? {Assamese GK 2021}

Assamese GK


কিছুমান ঠাইত ৰাতি 'সাপ' শব্দটো উচ্চাৰণ কৰিলে, লগে লগে তিনিজন তপা মানুহৰ নাম মুখৰ ভিতৰতে আওৰাব লাগে। ক'ৰবাত আস্তিক,ক'ৰবাত গৰুণ্ড।আমাৰ ইয়াত(গহপুৰ)তপা তপা তিনি তপা,ৰসতপা,শলিকণতপা…। মই এই নৈশ-তপাৰ অন্তৰালত কিবা ৰহস্য আছে নেকি এইবিষয়ে জানিবলৈ কেইবাজনো বয়োজেষ্ঠ লোকৰ মতামত গ্ৰহণ কৰিছিলোঁ। গোটেই কথাবোৰ মিলালে এনে ধৰণৰ হয়-


আমাৰ ককাহঁতৰ দিনত সৰ্প দংশন মানেই এক বিভিষীকা। একমাত্ৰ বিকল্প বেজ। সাপ আছিল সেইসময়ৰ প্ৰধান ভয়ৰ কাৰক। ইয়াৰ অন্তৰালত আছিল সেই সময়ৰ দূৰ্বল চিকিৎসাবিজ্ঞান। ৰাতি ভুলক্ৰমে কাৰোবাৰ মুখলৈ অহা 'সাপ' শব্দটোৱে মনলৈ এক অজান আশংকা আনি দিছিল। প্ৰতিখন গাঁৱতে এজন/দুজন হ'লেও প্ৰতিপত্তিশীল তপা মানুহ আছিল,যাৰ দমননীতি বা প্ৰভাৱত গাঁওখন পৰিচালিত হৈছিল, যাৰ নামেই গাঁওখনৰ মানুহৰ মাজত শ্ৰদ্ধা-ভয়ৰ অনুভূতি জগাই তুলিছিল।

সেই সময়ত সৰ্প ভয়ে দূৰ্বল কৰা মনটোক প্ৰবোধ দিবলৈ সমাজৰ শক্তিশালী মানুহকেইজনৰ নাম উচ্চাৰণ কৰিবলৈ দিয়া হৈছিল। তপা মানুহজেইজনৰ মনঃস্তাত্ত্বিক উপস্থিতিয়ে অলপ হ'লেও সৰ্পভয় নোহোৱা কৰিছিল। অৱশ্যে আজিকালি এনে ধৰণৰ প্ৰবাদ-নিয়ম নাই বুলিয়েই ক'ব পাৰি।


মূল কথাটো হ'ল- সাধাৰণতে আন্ধাৰে মানুহৰ মন দুৰ্বল কৰি তোলে। দিনৰ সাহসী মানুহজনেও আন্ধাৰলৈ ভয় কৰে। 'সাপ' শব্দটো উচ্চাৰণ কৰি থাকিলে মানুহজনৰ দুৰ্বল মনটোলৈ 'এই কণতে সাপ এডাল ওলাব নেকি' এনে এক ভাব সহজতে আহিব পাৰে। এই ক্ষেত্ৰত মানুহজনে বাহিৰলৈ ওলোৱা বা ভিতৰলৈ সোমোৱাৰ ক্ষেত্ৰত নিঃসন্দেহে ভয় ভয় ভাব এটা মনলৈ আহিব। এনেবোৰ কাৰণতেই 'সাপ' শব্দটো ৰাতি উচ্চাৰণ কৰিবলৈ নিদিয়ে।


আপুনি জানেনে? Amazing secrets of the world


পটিযুক্ত ক্ৰেইট বা শংখচূড় বা শকঁচুৰ বা বাকৰাজ বা শঁকা সাপ বা গোৱালা সাপঃ

Banded Krait

Bungarus Fasciatus

ইয়াক আমাৰ অসমত প্ৰচুৰ পৰিমানে পোৱা যায়। দেখিবলৈ ধুনীয়া এই সাপবিধক কেইবাটাও নামেৰে জনা যায়। আমাৰ গহপুৰৰ ফালে ইয়াক দুমুখীয়া সাপ বুলিও কোৱা হয়। ডিঙিৰ পৰা নেজলৈ এডাল সীৰ আছে,গাটো ক'লা-হালধীয়া পটিৰে ভৰা। ইহঁতে কাচিৎহে দংশন কৰে। নিশাচৰ এই সাপবিদ যেতিয়া কাৰোবাৰ দ্বাৰা আক্ৰান্ত হয়,কুণ্ডলি পকাই মূৰটো লুকুৱাই থয়। প্ৰিয় খাদ্য সাপ। অৱশ্যে ইহঁতবোৰে ৰজাফেটি সাপৰ দৰেই অকল সাপ খাই জীয়াই নাথাকে। অন্য সৰু জীৱও ইহঁতে খাদ্য হিচাপে গ্ৰহণ কৰে। এপ্ৰিল মাহত ইহঁতে কণী পাৰে। 

বহুতে ক'ব খোজে ইয়াৰ গাৰ ওপৰেদি মানুহ পাৰ হৈ গ'লেহে ইয়াৰ বংশ বৃদ্ধি হয়। আচলতে কথাটো তেনে নহয়। ইহঁত ৰাতিহে বাহিৰলৈ ওলায়। তাৎক্ষণিকভাবে গতিবেগ নবঢ়াই বাবেই ইয়াৰ ওপৰেদি মানুহ-চাইকেল-গাড়ী পাৰ হৈ যায়,গতিকে সি তাৰ ওপৰেদি কোনোবা পাৰ হৈ যাবলৈ ৰৈ থকা কথাটো শুদ্ধ নহয়। ইয়াৰ গতিবেগ কম বুলি ভবা ধাৰণাটোও শুদ্ধ নহয়,ইহঁতে প্ৰয়োজনত দ্ৰুতবেগী মোচোৱাগোম-সৌকাগোম সাপক ধৰি ভক্ষণ কৰে,কৰিব পাৰে আৰু কেতিয়াবা হঠাৎ জঁপিয়ায়। কিছুমানৰ মতে ই ৰাতি গাই গৰুৰ গাখীৰ খায়। পৃথিৱীৰ কোনো সৰ্পৰে প্ৰিয় খাদ্য গাখীৰ নহয়। তাৰ ভোটা নেজ ডালৰ বাবেই তাৰ মুখ দুখনৰ দৰে লাগে, প্ৰকৃতাৰ্থত তাৰ মুখ এখনহে।

Assamese GK


এই সাপৰ পৰা সদায়ে দূৰৈত থাকক। কিবা কাৰণত দংশন কৰিলেও তৎক্ষণাত চিকিৎসকৰ সহায় লওক। এই সাপ যিকোনো জীৱিত প্ৰাণীৰ বাবেই বিষাক্ত।

অসুবিধা নহ'লে শ্বেয়াৰ কৰি দিব, তেহে সাপৰ প্ৰতি থকা মানুহৰ ভুল ধাৰণাবোৰ নোহোৱা হ'ব। ফটোখন এইবাবেই সংযোগ কৰিলো- এই মাধ্যমেৰে সাপবিধৰ বিষয়ে জনাৰ লগতে চিনাক্তকৰণত গোটৰ সন্মানীয় সদস্য/সদস্যাসকলৰ সুবিধা হ'ব,এনে সংযোগে অসুবিধাত পেলালে নিঃসন্দেহে মোক জনাব।

Assamese GK
লিখনি সংগ্ৰহ - ফেচবুক
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।