আপুনি জানেনে? Amazing secrets of the world - Facts in Assamese - GK 2021

নমস্কাৰ বন্ধু বান্ধৱী সকল 🙏 আজি মই এই আপুনি জানেনে? Post টোৰ দ্বাৰা আপোনালোকক কিছুমান তথ্য জনোৱা হৈছে - যিবোৰ কথা হয়তো বহুতে নাজানে। Amazing secrets of the world - Facts in Assamese - GK 2021.


আপুনি জানেনে? Amazing secrets of the world - Facts in Assamese - GK 2021

  • অসমৰ জনপ্ৰিয় কবি হীৰেন ভট্টাচাৰ্যক 'সুগন্ধী পখিলাৰ কবি' বোলাৰ উপৰিও 'প্ৰেম আৰু ৰ'দালিৰ কবি'ও বোলা হয়?
  • লক্ষ্মীনাথ বেজবৰুৱাই ১৮৮৯ চনত "জোনাকী"ৰ পাতত "লিতিকাই" নামৰ প্ৰথম অসমীয়া প্ৰহসন ৰচনা কৰে?
  • ২০০৫ চনৰ লোকপিয়ল মতে মিজোৰামৰ সাক্ষৰতা হাৰ হৈছে ৯৫% আৰু এই সাক্ষৰতা হাৰ দেশৰ ভিতৰত দ্বিতীয় সৰ্বাধিক?
  • সাধাৰণ আকাৰৰ কোনো কাগজেই সোঁমাজেৰে ৭ বাৰতকৈ অধিকবাৰ ভাঁজ কৰিব নোৱাৰি?
  • ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ. পি. জে. আব্দুল কালামে স্কুলীয়া শিক্ষা সাং কৰাৰ পাছত নাৱৰীয়া দেউতাকক আৰ্থিক দুৰৱস্থাৰপৰা সকাহ দিবলৈ খবৰ কাগজ বিক্ৰি কৰিছিল?
  • সুশীল কুমাৰ দুখন অলিম্পিকৰ ব্যক্তিগত শাখাত পদক জয় কৰা প্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ ভাৰতীয়।
  • ৫ আগষ্ট ১৯৩০ ত জন্মগ্ৰহণ কৰা চন্দ্ৰত খোজকঢ়া প্ৰথম মানৱ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নীল আৰ্মষ্ট্ৰঙৰ ২৫ আগষ্ট ২০১২-ত চিনচিনাটীত হৃদপিণ্ডৰ অসুখৰ বাবে মৃত্যু হয়।
  • দুগ্ধ উন্নয়নত ভাৰতক পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ শক্তি হিচাপে পৰিগণিত কৰোৱা 'দুগ্ধমানৱ ভাৰ্গিজ কুৰিয়েনে নিজে গাখীৰ নেখাইছিল।
  • আজিলৈকে হোৱা ফুটবল বিশ্বকাপৰ ফাইনেলত কেৱল ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ দেশসমূহেহে প্ৰতিদ্বন্দিতা কৰিছে, তিনিবাৰৰ চেম্পিয়ন জাৰ্মানী আৰু পাঁচবাৰৰ চেম্পিয়ন ব্ৰাজিলে সৰ্বাধিক সংখ্যাক ৭ বাৰকৈ বিশ্বকাপৰ ফাইনেল খেলিছে।
  • বৰ্তমানৰ ফিফা বিশ্বকাপৰ ট্ৰফী ১৯৭৪ চনৰ পৰা বিজয়ী দলক দি অহা হৈছে।
  • ভাৰতীয় ৰেল ১,১৫,০০০ কিলোমিটাৰ ৰেলপথ আৰু ৭,৫০০টা ষ্টেচনৰে বিশ্বৰ অন্যতম বৃহৎ ৰেল জালিকা?
  • ১৯৬৩ চনত বৰপেটা জিলাৰ পাঠশালা নগৰত জন্ম লাভ কৰা নটৰাজ থিয়েটাৰ প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ?
  • শুদা ভৰিৰে দৌৰি গিনিজ বিশ্ব অভিলেখ স্থাপন কৰা যোৰহাটৰ অভিজিত বৰুৱাই শেহতীয়াকৈ দ্ৰুততম মুষ্টিযুঁজাৰু ৰূপে এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ স্বীকৃতি লাভ কৰিছে?
  • বুঢ়ী আইৰ সাধু লক্ষ্মীনাথ বেজবৰুৱাই সাধু সংকলনখন নানা প্ৰবন্ধে বহুজনৰপৰা লিখিত ৰূপত সাধু কথাবোৰ সংগ্ৰহ কৰি লিখি উলিয়াইছিল?
  • ভাৰতৰ জাতীয় পতাকা ক্ষতিগ্ৰস্থ হলে বা অপৰিষ্কাৰ হ'লে গংগাত বিসৰ্জন দি অথবা সসম্মানে কবৰস্থ কৰি বিনষ্ট কৰা হয়?
  • তেজপুৰ বিমানবন্দৰৰ অৱস্থান কূটনৈতিক কৌশলৰ ফালৰ পৰা ভূটান, তিব্বত, চীন, ম্যানমাৰ আৰু বাংলাদেশৰ মাজত হোৱা বাবে বহুতো যুঁজাৰু বিমান ছুখয় চি-৩০ (ইংৰাজী: Sukhoi Su-30) ৰখা হৈছে?

Amazing secrets of the world - Facts in Assamese - GK 2021
যুঁজাৰু বিমান ছুখয় চি-৩০


  • বুৰঞ্জীপ্ৰসিদ্ধ ষ্টিলৱেল পথ টো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকা আৰু তেওঁলোকৰ মিত্ৰ শক্তিবিলাকে চীনা সকলক সাহাৰ্য্য সামগ্ৰী যোগান ধৰিবলৈ বাৰ্মা ৰোডৰ এক বিকল্প ৰাস্তা স্বৰূপে নিৰ্মাণ কৰা হৈছিল?
  • স্বৰ্গদেউ গদাধৰ সিংহই আহোম ৰাজবংশৰ টুংখুঙীয়া ফৈদৰ প্ৰতিস্থা কৰিছিল?
  • কণী যুঁজত সাধাৰণতে পাতিহাঁহৰ কণী ব্যৱহাৰ কৰা হয়?
  • লক্ষ্মীনাথ বেজবৰুৱাই বুঢ়ী আইৰ সাধু সংকলনখন নানা প্ৰৱন্ধে বহুজনৰপৰা লিখিত ৰূপত সাধু কথাবোৰ সংগ্ৰহ কৰি লিখি উলিয়াইছিল?
  • যোৰহাট জিমখানা ক্লাবত অৱস্থিত নাইন হ'ল গ'ল্ফ ক'ৰ্ছ বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ পুৰণি গ'ল্ফ ক'ৰ্ছ?

কথাবোৰ আপুনি জানিছিল নে? 

www.assamesegk.info website টোত সদায় নতুন নতুন অসমীয়া সাধাৰণ জ্ঞান ৰ post কৰি থকা হয়। Visit কৰি থাকিব। ধন্যবাদ ।।

আমাৰ ফেচবুক পেজ - বাৰ্তালাপ


আপুনি জানেনে? Part 1

 

অসমীয়া ৱিকিপিডিয়াৰ পৰা

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।