আপোনাক প্ৰত্যাখান কৰাজনক কেনেকৈ প্ৰতিশোধ ল'ব?

    কোনো মানুহ যেতিয়া আন এজনতকৈ কিবা ক্ষেত্ৰত শ্ৰেষ্ঠ হয় সেই সময়ত স্বভাবজাত ভাবে অলপ নিম্ন মানৰ জনৰ মনত ঈৰ্ষাৰ জন্ম হ'ব পাৰে।

বহু সময়ত এনে ঈৰ্ষালু স্বভাবৰ বাবেই  বহুজন তুলনামুলক ভাবে শ্ৰেষ্ঠজনৰ প্ৰতি অজানিতে শত্ৰু ভাবাপন্ন হৈ পৰে।

  অথবা আমি যেতিয়া আমাতকৈ কোনো ক্ষেত্ৰত পাৰদৰ্শী কোনো লোকৰ পৰা কিবা সহায় বিচাৰোঁ সেই সময়ত যেতিয়া তেওঁ আমাৰ সহায়ৰ আবেদনক আমাৰ দুৰ্বলতা বুলি ভাবি উফোন্দা ভেমত গঙ্গাটোপ হৈ পৰে তেতিয়া আমাৰ মন অজানিতে লজ্জানত হৈ পৰে।

তেনে অৱস্থাত আপুনি কি কৰিব?  তেওঁক ঈৰ্ষা কৰিব নে ধ্বংস কৰাৰ চেষ্টা কৰিব? নে মনে মনে থাকিব? ইয়াৰ কোনোটো প্ৰকাৰৰেই আপুনি কিন্তু তেওঁক অবদমিত কৰিব নোৱাৰিব বা তেওঁৰ কোনো ক্ষতি নহয়। 

তেন্তে কি কৰিব আপুনি?


আপোনাৰ মনটো কিদৰে ভালে ৰাখিব?

 

আপোনাক প্ৰত্যাখান কৰাজনক কেনেকৈ প্ৰতিশোধ ল'ব?

How to get revenge on the one who rejected you? আপোনাক প্ৰত্যাখান কৰাজনক কেনেকৈ প্ৰতিশোধ ল'ব? {assamese gk 2021}


এটা সৰু কাহিনী শুনক। ত্ৰিশঙ্কু  নামৰ এজন ৰজা আছিল। সেই ৰজা জনে দেৱলোকৰ ইন্দ্ৰৰ আমোদ প্ৰমোদৰ জীৱন দেখি ঈৰ্ষাত জ্বলি পকি মৰিছিল।

তেওঁ বিচাৰিছিল যে সোঁশৰীৰেই তেওঁ স্বৰ্গলৈ যাব আৰু তাত ইন্দ্ৰৰ দৰে প্ৰমোদত থাকিব। কিন্তু মানুহ নমৰাকে স্বৰ্গগতি হ'ব নোৱাৰে, আনহাতে ত্ৰিশঙ্কু  নাচোৰবান্দা যে তেওঁ সোঁশৰীৰেহে স্বৰ্গলৈ যাব। তেওঁক সেই ক্ষেত্ৰত সহায় কৰিবৰ বাবে বেদজ্ঞ ঋষি বশিষ্ঠৰ ওচৰলৈ গ'ল।

কিন্তু বশিষ্ঠই একে আষাৰে তেওঁৰ কথাত অমান্তি হ'ল । এইবাৰ ত্ৰিশঙ্কু  কাষ চাপিল বশিষ্ঠৰ শত্ৰু ঋষি বিশ্বামিত্ৰৰ ওচৰলৈ।

বিশ্বামিত্ৰই ভাবিলে যি কাম তেওঁৰ শত্ৰুয়ে কৰিব নোৱাৰিলে সেই কাম তেওঁ কৰি দেখুৱাব। এইবুলি কৈ তেওঁ ত্ৰিশঙ্কুক সোঁশৰীৰে স্বৰ্গলৈ পঠাবলৈ মান্তি হ'ল।

তেওঁ ইন্দ্ৰক অনুৰোধ কৰিলে যেন ত্ৰিশঙ্কুক সৰগত স্থান দিয়ে, কিন্তু অহংকাৰী ইন্দ্ৰই বিশ্বামিত্ৰৰ অনুৰোধক তাচ্ছিল্য কৰি উৰাই দিলে। প্ৰতিশোধ পৰায়ণ হৈ বিশ্বামিত্ৰই ত্ৰিশঙ্কুক তপস্যাত বহিবলৈ কৈ, বিশ্বামিত্ৰই নিজৰ তপোবলেৰে লাহে ত্ৰিশঙ্কুক স্বৰ্গলৈ বুলি উপৰলৈ উঠাই নিলে আৰু এসময়ত গৈ ত্ৰিশঙ্কু স্বৰ্গৰ দুৱাৰমুখ পালেগৈ।

কিন্তু স্বৰ্গত জীৱিত মানুহৰ শৰীৰৰ গোন্ধ পায় ইন্দ্ৰই গোৰ মাৰি ত্ৰিশঙ্কুক তললৈ পেলাই দিলে। ত্ৰিশঙ্কু  তীব্ৰ গতিত তললৈ সৰি পৰিব ধৰিলে আৰু অধোগতিৰ পথত তেওঁক বচাবৰ বাবে বিশ্বামিত্ৰক আটাহ পাৰি চিঞৰিব ধৰিলে।

বিশ্বামিত্ৰই দেখিলে যে ত্ৰিশঙ্কু  সৰগৰ পৰা নিক্ষেপিত হৈছে - বিশ্বামিত্ৰৰ খঙে মূৰৰ চুলিৰ আগ পালেগৈ। 

ইন্দ্ৰৰ অহংকাৰ চূৰ্ণ কৰা মানসেৰে তেওঁ ত্ৰিশঙ্কুক সৰগৰ পৰা নামি অহা আদবাটতে ৰাখি দিলে আৰু নিজৰ সমস্ত তপোবল খৰছ কৰি নতুনকৈ ত্ৰিশঙ্কুৰ বাবে সৰগ, গ্ৰহ নক্ষত্ৰ সৃষ্টি কৰাত লাগিল।

সেই নতুন স্বৰ্গখন আছিল ইন্দ্ৰৰ সৰগতকৈ বহু গুণে সুন্দৰ আৰু মোহনীয়া। নতুনকৈ সৃষ্টি হোৱা সৰগখন দেখি  নিজৰ অস্তিত্ব বিপন্ন হোৱাৰ ভয়ত আৰু নিজৰ স্বৰ্গলোকখন গুৰুত্বহীন হৈ পৰাত দেৱতাসকল শংকিত হৈ পৰিল।

সকলো দেৱতাই আলোচনা কৰি সিদ্ধান্ত ললে যে বিশ্বামিত্ৰৰ শৰণাগত হৈ তেওঁক সেই কাৰ্য্যৰ পৰা বাৰণ কৰিব লাগিব। 

ইন্দ্ৰই সকলো দেৱতা লগত লৈ বিশ্বামিত্ৰৰ কাষ পালেহি আৰু সেই কাৰ্য্য স্থগিত ৰাখিবলৈ অনুৰোধ জনালে।

বিশ্বামিত্ৰই দেৱতাসকলক কলে যে যদি ত্ৰিশঙ্কুক সোঁশৰীৰে সৰগত ঠাই দিয়ে তেতিয়াহে তেওঁ নতুন সৰগ নিৰ্মাণৰ কাম বন্ধ কৰিব।

 দেৱতাসকল সেই চৰ্তত সন্মত হ'ল আৰু ত্ৰিশঙ্কুক আদৰি সাদৰি সৰগলৈ লৈ গ'ল।


  এই কাহিনীটো এইবাবেই কোৱা হ'ল যে আপুনি কাৰোবাৰ ওচৰত এবাৰ সহায় বিচাৰি প্ৰত্যাখিত হোৱা পাছত আপুনি বাৰে বাৰে সহায় বিচাৰি নাথাকিব। ই আপোনাক হীন কৰি পেলাব।

তাতকৈ আপুনি নিজেই সেই কামত লাগক যিটো কামৰ বাবে আপুনি সহায় বিচাৰিছিল আৰু নিজকে আপোনাক প্ৰত্যাখিত কৰাজনৰ সমকক্ষ কৰি তোলক। কাৰণ আনে যি কাম কৰে আপুনিও কৰিব পাৰে...

মাথো কৰিব নোৱাৰিব বুলি ভবাতো আপোনাৰ মনত থকা ঋণাত্মক শক্তিৰ পাৰ্দুভাবহে। এবাৰ মনৰ সংশয় বা শংকা দলিয়াই দি সেই কামত আপুনি দেহেকেহে লাগক.... আপুনি বিজয়ী হবই। 


আমি আমাতকৈ শ্ৰেষ্ঠজনক লৈ হা হুতাহ কঢ়াৰ আগতে এবাৰ ভাবোনে যে তেওঁলোকে সেই পৰ্য্যায় পাবলৈ কিমান কষ্ট কৰিছিল। 

হয়তো আপোনাৰ মনলৈ ভাব আহিব যে "মোৰ হাতত অৰ্থৰ অভাব, মই কেনেকৈ আগবাঢ়িম?" 

কিন্তু মনত ৰাখিব টাটা, আম্বানী বা পৃথিৱীৰ সফল ব্যক্তি সকলৰ প্ৰথমৰ জীৱনটো আপোনাৰ মোতকৈও দুৰ্বিসহ আছিল।


     মানুহে অৰ্থৰ অভাবত বা দৰিদ্ৰতাৰ বাবে জীৱনত নাহাৰে, হাৰে যদি নিজৰ মনোবল আৰু ইচ্ছাশক্তিৰ অভাবতহে। " চৰকাৰে দিব" " আনে সহায় কৰিব" এইবোৰ মনত ভাবি আনৰ হাতলৈ মুখলৈ চাই থকা সকল আচলতে মানসিক ভাবে বিকলাংগ হয়।

easy money আৰু শ্ৰম কৰাৰ অনীহাৰ বাবেই আমি বিনাশ্ৰমে ধনী বা সফল হোৱাৰ মানসিকতাৰ চিকাৰ হয় আনৰ দয়াৰ পাত্ৰ হ'ব লগা হয়।

আপুনি এজন সক্ষম ব্যক্তি, তেন্তে আপোনাৰ প্ৰয়োজন কি আনৰ হাতলৈ মুখলৈ চাবলৈ?


  ধৰি লওঁক দুজন মানুহৰ ঘৰত, এজনৰ ঘৰত ৰাতি লেম্প জ্বলোৱা আছে আৰু আন এজনৰ ঘৰত চাকি।

স্বাভাবিকতে লেম্প জ্বলোৱা ঘৰখন বেছিকৈ পোহৰ হৈ থাকিব। সেই সময়ত চাকি জ্বলোৱা মানুহজনে হিংসাত জ্বলি পকি থাকি বা ফুঃ মাৰি লেম্পটো নুমুৱাই দিবলৈ চেষ্টা কৰি থকাতকৈ যদি নিজৰ ঘৰখনত বাল্ব জ্বলোৱাত বেছি মনোনিবেশ কৰে তেন্তে নিজে নিজে লেম্প জ্বলোৱা মানুহঘৰ নিস্তেজ হৈ পৰিব।

আমি আমাতকৈ শ্ৰেষ্ঠজনৰ উত্থানত হিংসাত দেই পুৰি নাথাকি নিজক তেওঁতকৈ বেছি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা উচিত।

     হিংসা, ঈৰ্ষা আদিয়ে নিজকহে ক্ষতি কৰে আৰু তাত ব্যস্ত থাকোতেই আমি যাক লৈ জ্বলি পকি আছোঁ তেওঁ বহুদূৰ আগুৱাই যায়গৈ।



     আহকচোন আমি নিজেই নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰোঁ। শ্ৰম আৰু মনোবল সবল কৰোঁ। বিশ্বামিত্ৰৰ  দৰে নিজৰ সৰগ নিজেই বনাই লোৱা মানসিকতা ও সাহস থাকিলে ইন্দ্ৰৰ দৰে ৰজাকো শৰণাগত কৰিব পাৰি , মনত ৰাখিব।


      আপোনাৰ মাজত থকা সক্ষমতা চিনক আৰু তাক মূলধন কৰি আগুৱাই যাওঁক। নিজৰ সাম্ৰাজ্য নিজেই প্ৰতিষ্ঠা কৰক.. যদি ৰজাৰ দৰে ব্যৱহাৰ আশা কৰে। কাৰণ ৰজাই হে ৰজাক সন্মান কৰে.. ভৃত্যক নহয়।

নিজকে জ্বলাই সূৰ্য্যৰ দৰে উজ্বলাই তোলক.. তেতিয়া  সূৰ্যৰ  পোহৰত দিনৰ ভাগত গ্ৰহ নক্ষত্ৰ চকুত নপৰা দৰে আপোনাৰ উজ্বলতাৰ কাষত আপোনাক প্ৰত্যাখান কৰাজনো এদিন নিস্তেজ হৈ পৰিব।


    ☀ লিখনিটো প্ৰয়োজনীয় বুলি ভাবিলে শ্বেয়াৰ কৰিব পাৰিব☺

 

Tags

Post a Comment

2 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।