{মহাভাৰতৰ অকথিত কাহিনী - ২} জানেনে? সহদেৱে তেওঁৰ নিজ পিতৃৰ মঙহ চোবাই খাইছিল।

মহাভাৰতৰ অকথিত কাহিনী - ২

জানেনে? সহদেৱে তেওঁৰ নিজ পিতৃৰ মঙহ চোবাই খাইছিল।


The untold story of the Mahabharata in Assamese


The untold story of the Mahabharata (in Assamese Language)


      পঞ্চপাণ্ডবৰ পিতাক আছিল পাণ্ডু। পাণ্ডু ৰাজ আছিল অতিশয় জ্ঞানী আৰু বৰ্তমান,অতীত ও ভবিষ্যত ত্ৰিকাল তেওঁ জ্বলজ্বল পট পটকে দেখিছিল। তেওঁ বিচাৰিছিল যে তেওঁৰ পঞ্চ পুত্ৰ তেওঁৰ দৰে জ্ঞানী তথা সৰ্বজ্ঞ হওঁক, সেয়ে তেওঁ পুত্ৰসবক কৈছিল যে তেওঁ জীৱন কালত যি জ্ঞান আয়ত্ত কৰিলে সেই জ্ঞান সমূহ তেওঁ যিহেতো গুৰু নহয় সেয়ে পুত্ৰ সমূহক কিদৰে দিব লাগে নাজানে। সেয়ে মৃত্যুৰ পাছত যেন পুত্ৰসবে তেওঁৰ দেহৰ মঙহ চোবাই খায়, তেতিয়া তেওঁৰ দেহৰ মঙহৰ অংশ তেওঁলোকৰ শৰীৰত থাকিলে পুত্ৰসবো তেওঁৰ দৰে জ্ঞানী হ'ব।

পাণ্ডুৰ মৃত্যুৰ পাছত কিন্তু পুত্ৰসকলে আবেগৰ বশবৰ্তী হৈ নিজ পিতৃৰ মঙহ খাবলৈ বাধ্য নহ'ল।কনিষ্ঠ পাণ্ডব সহদেৱে দেখিলে যে তিনিটা পৰুৱাই পাণ্ডুৰ মৃতদেহৰ মঙহ মুখত লৈ আতৰি গৈছে। লগে লগে সহদেৱৰ মনলৈ পাণ্ডুয়ে কোৱা কথাখিনি মনলৈ আহিল। লগে লগে সহদেৱে পৰুৱা কেইটাৰ মুখৰ পৰা মঙহ তিনিটুকুৰ লৈ মুখত ভৰালে।


- প্ৰথম টুকুৰ চোবাই খাওঁতে বিশ্ব ব্ৰহ্মাণ্ডত কি ঘটনা ঘটি আছে সহদেৱে সেই বিষয়ে জ্ঞান লাভ কৰে, 

- দ্বিতীয় টুকুৰ ভক্ষণ কৰোতে বৰ্তমান সময়ৰ সকলো জ্ঞান আহৰণ কৰে আৰু 

- তৃতীয় কামোৰত ভবিষ্যৎ কালৰ বিষয়ে জ্ঞান লাভ কৰে। লগে লগে সহদেৱ হৈ পৰিল ত্ৰিকালজ্ঞ মহাজ্ঞানী ব্যক্তি।


    কৃষ্ণই সহদেৱে আয়ত্ত কৰা সেই দিব্যজ্ঞানৰ বিষয়ে জানিছিল আৰু শংকিত হৈছিল যদি সহদেৱে সেই শক্তি সকলোৰে আগত ব্যক্ত কৰে বা আনক ভবিষ্যতৰ বিষয়ে আগতীয়াকৈ সহায় কৰে তেন্তে প্ৰকৃতিৰ নিয়ম ভংগ হ'ব। সেয়ে কৃষ্ণই সহদেৱক আদেশ দিয়ে যে সহদেৱে যেন মানুহক ভবিষ্যতৰ বিষয়ে কওতে সীমিত ভাবে নিয়তিৰ নিয়ম নভঙাকে উত্তৰ দিয়ে।

কৃষ্ণই লগতে সহদেৱক নিৰ্দেশ দিছিল যে সহদেৱে যেন নিয়তিৰ বিপক্ষে নাযায় আৰু কাৰো ভাগ্য সলনি কৰিবলৈ চেষ্টা নকৰে।


The untold story of the Mahabharata in Assamese Language


      কথিত আছে যে কুৰুক্ষেত্ৰ যুঁজৰ আৰম্ভণীতে দুৰ্যোধনে ভবিষ্যতবক্তা সহদেৱৰ ওচৰলৈ গৈ জানিব বিচাৰিছিল যুঁজ আৰম্ভ কৰা শুভ লগ্ন। কৰ্ত্তব্য অনুসৰি সহদেৱেও দুৰ্যোধনক শুভলগ্নৰ বিষয়ে জ্ঞাত কৰে কিন্তু ত্ৰিকালজ্ঞ সহদেৱে যুঁজৰ ফলৰ বিষয়ে আগতেই জানিছিল। কিন্তু সেই কথা দুৰ্যোধনক কোৱা নাছিল, কিয়নো যিটো বিষয়ে জানিব বিচাৰে সেই বিষয়েহে কোৱাৰ অনুমতিহে দিছিল কৃষ্ণই সহদেৱক। সেই সীমা অতিক্ৰম কৰি যুঁজৰ ফল সম্পৰ্কে আগতিয়াকৈ দুৰ্যোধনক জনাই দিয়াতো নিতীবিৰূদ্ধ আছিল।

      কোৱা হয় যে কুৰুক্ষেত্ৰ যুঁজৰ ফলৰ সম্পৰ্কে দুজন ব্যক্তিৰেই আগতীয়াকৈ মাত্ৰ জ্ঞাত আছিল- ভগৱান শ্ৰী কৃষ্ণৰ আৰু সহদেৱৰ।



   🔴 কাহিনীটো পঢ়ি কেনে লাগিল কমেণ্টত জনাই যেন, কিয়নো আপোনাসবৰ পৰামৰ্শইহে মোক পথ প্ৰদৰ্শন কৰে।🔴


     শ্বেয়াৰ কৰিব পাৰে। পৰবৰ্ত্তী খণ্ডলৈ অপেক্ষা কৰে যেন🙏


পূৰ্বৰ খণ্ডৰ বাবে👇

https://www.assamesegk.info/2021/02/untold-story-of-mahabharata.html


Images- Wikipedia

{মহাভাৰতৰ অকথিত কাহিনী - ২}  জানেনে? সহদেৱে তেওঁৰ নিজ পিতৃৰ মঙহ চোবাই খাইছিল।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।