কম্পিউটাৰ হাৰ্ডৱেৰ (Computer hardware) ৰ কিছু কথা - GK in Assamese Language 2021

 নমস্কাৰ বন্ধু বান্ধৱী সকল আজি এই লিখনিৰ জৰিয়তে আপোনালোকক কম্পিউটাৰ হাৰ্ডৱেৰ (Computer hardware) ৰ কিছুমান কথা জনোৱা হৈছে -


কম্পিউটাৰ হাৰ্ডৱেৰ (Computer hardware)

এটি কম্পিউটাৰক সাধাৰণতে দুভাগত ভাগ কৰা হয়: হাৰ্ডৱেৰ (Hardware) আৰু স্বফ্টৱেৰ (Software)। হাৰ্ডৱেৰ হৈছে সেইখিনি অংশ, যাক চকুৰে দেখা পোৱা যায় আৰু স্পৰ্শ কৰিব পৰা যায়।

উদাহৰণ স্বৰূপে মনিটৰ, মাউচ, মাডাৰবৰ্ড, হাৰ্ড ডিস্ক ইত্যাদি। বিভিন্ন কম্পিউটাৰ হাৰ্ডৱেৰ অংশৰে এটি ব্যক্তিগত কম্পিউটাৰ তৈয়াৰ কৰা হয়। তাৰ পাছত ইয়াত অপাৰেটিং চিষ্টেম (Opareting system) ইনষ্টল কৰা হয় আৰু ব্যৱহাৰকাৰীৰ প্ৰয়োজন অনুসৰি বিভিন্ন চফ্টৱেৰ ইনষ্টল (Install) কৰা হয়।


আধুনিক ব্যক্তিগত কম্পিউটাৰৰ হাৰ্ডৱেৰসমূহ (Modern personal computer hardware) :

কম্পিউটাৰ হাৰ্ডৱেৰ (Computer hardware) GK IN ASSAMESE LANGUAGE
Image- Wikipedia


1. মনিটৰ (Monitor)

2. মাডাৰবৰ্ড (Motherboard

3. চি পি ইউ (CPU)

4. ৰেম্ (RAM)

5. এক্সপান্সন কাৰ্ড

6. শক্তি বিতৰণ ইউনিট

7. অপ্টিকেল ডিস্ক ড্ৰাইভ

8. হাৰ্ড ডিস্ক ড্ৰাইভ (HDD)

9. কীবৰ্ড

10. মাউচ


কম্পিউটাৰ হাৰ্ডৱেৰৰ শ্ৰেণীবিভাজন (Classification of computer hardware)


হাৰ্ডৱেৰসমূহক বিভিন্ন ধৰণে শ্ৰেণীবিভাজন কৰিব পৰা যায়। ইয়াত প্ৰক্ৰিয়াকৰণৰ স্তৰ অনুসৰি শ্ৰেণীবিভাজিত কৰা হৈছে:


ইনপুট যন্ত্ৰাংশ (Input components): যিবোৰ যন্ত্ৰাংশৰ দ্বাৰা কম্পিউটাৰক নিৰ্দেশ প্ৰদান কৰিব পাৰি অৰ্থাৎ ইনপুট দিব পাৰি, সেইবোৰক ইনপুট যন্ত্ৰ বোলা হয়। যেনে: কীবৰ্ড, মাউচ আদি।


প্ৰক্ৰিয়াকৰণ যন্ত্ৰাংশ (Processing machine): যিবোৰ যন্ত্ৰাংশৰ দ্বাৰা কম্পিউটাৰক প্ৰদত্ত নিৰ্দেশ প্ৰচেচ বা প্ৰক্ৰিয়া কৰা হয়, তাকে প্ৰক্ৰিয়াকৰণ বা প্ৰচেচিং যন্ত্ৰ বোলা হয়। কীবৰ্ডৰ সহায়ত প্ৰদান কৰা নিৰ্দেশ কীবৰ্ড পোৰ্টৰ মাধ্যমত মাডাৰবৰ্ড পাইগৈ, য’ত তাক প্ৰচেচ কৰা হয়। সেয়ে মাডাৰবৰ্ড হৈছে এটা প্ৰক্ৰিয়াকৰণ যন্ত্ৰ।


আউটপুট যন্ত্ৰাংশ (Output device): যিবোৰ যন্ত্ৰাংশৰ দ্বাৰা কম্পিউটাৰক প্ৰদত্ত নিৰ্দেশৰ ফলাফল দেখা যায়, সেইবোৰক আউটপুট যন্ত্ৰ বোলা হয়। যেনে: মনিটৰ, প্ৰিণ্টাৰ আদি।


সংৰক্ষণ যন্ত্ৰাংশ (Storage device): যিবোৰ যন্ত্ৰাংশৰ দ্বাৰা প্ৰকৃয়াকৃত তথ্য বা ফলাফল সংৰক্ষণ কৰা হয়, সেইবোৰক সংৰক্ষণ বা ষ্টোৰেজ যন্ত্ৰাংশ বোলা হয়। যেনে: চিডি ৰোম, হাৰ্ড ডিস্ক আদি।


***

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।