জয়মতী: A critical review on the Assamese film Joymoti

A critical review on the Assamese film Joymoti

Source of information/images :- Wikipedia


জয়মতী, ১৯৩৫ চনত মুক্তি পোৱা, প্ৰথমখন অসমীয়া কথাছবি। লক্ষ্মীনাথ বেজবৰুৱাৰ ১৭ শতিকাৰ অসমৰ 'সতী জয়মতী' নাটকৰ ওপৰত ভিত্তি কৰি, জ্যোতিপ্ৰসাদ আগৰৱালাই এই ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিল।


Assamese film Joymoti

আইদেউ সন্দিকৈয়ে এই ছবিত মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯৩৩ চনত ছবিখনৰ কাম আৰম্ভ কৰা হয় আৰু মুক্তি দিয়া হয় ১৯৩৫ চনত।

এই ছবিৰ মূল ছুটিং ভোলাগুৰি চাহবাগিচাত জ্যোতিপ্ৰসাদে সজাই লোৱা 'চিত্ৰবন ষ্টুডিঅ'ত কৰা হৈছিল। ১৯৩৫ চনত 'চিত্ৰলেখা মুভিটোন'ৰ বেনাৰত এই ছবিখন মুক্তি দিয়া হয়।


কাহিনী সাৰাংশ (Story Summary)-

জয়মতী: A critical review on the Assamese film Joymoti


সোতৰ শতিকাৰ অসম বুৰঞ্জীৰ এটি অধ্যায়ৰ ওপৰত ভেঁজা দি নিৰ্মাণ কৰা এই কথাছবিখনত জয়মতীৰ কাহিনী দৰ্শোৱা হৈছে। নিজৰ ৰাজপাট নিষ্কণ্টক কৰিবলৈ বৰফুকন লালুকসোলাৰ নিৰ্দেশত ল'ৰা ৰজাই ৰাজ্যৰ কোঁৱৰ সকলৰ অংগক্ষত কৰাৰ নিৰ্দেশ দিয়ে। এই অত্যাচাৰৰপৰা হাত সাৰিবলৈ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপানি ৰাজ্য এৰি নগা পাহাৰত গৈ আশ্ৰয় লয়। গদাপানিক বিচাৰি নাপাই তেখেতৰ বতৰা বিচাৰি তেখেতৰ পত্নী জয়মতীক জেৰেঙা পথাৰত কেবাদিনলৈ অত্যাচাৰ চলোৱা হয়। কাহিনীটো বুৰঞ্জীমূলক হ'লেও ছবিখনত ইয়াক সমকালীন ভাৰতবৰ্ষৰ ৰাজনৈতিক পৰিস্থিতিৰ লগত তুলনা কৰা দেখা যায়।


অভিনয়ত-

  • ফুনু বৰুৱা
  • আইদেউ সন্দিকৈ
  • মোহিনী ৰাজকুমাৰী
  • স্বৰ্গজ্যোতি বৰুৱা
  • মনোভিৰাম বৰুৱা
  • ফণী শৰ্মা
  • স্নেহ চন্দ্ৰ বৰুৱা
  • নৰেন বৰদলৈ
  • ৰানা বৰুৱা
  • চামচুল হক
  • ৰাজেন বৰুৱা
  • পুতুল হক
  • প্ৰতাপ বৰুৱা
  • ৰাজকুমাৰী গোহাই
  • সুবৰ্ণৰেখা শইকীয়া (সেউতীৰ চৰিত্ৰত)
  • ললিত মোহন চৌধুৰী
  • বনমালী দাস
  • প্ৰফুল্ল চন্দ্ৰ বৰুৱা
  • কমলা প্ৰসাদ আগৰৱালা

জয়মতী: A critical review on the Assamese film Joymoti



জয়মতীৰ চলচ্চিত্ৰ শৈলী-

জয়মতী: A critical review on the Assamese film Joymoti


অসমীয়া সমাজ আৰু বুৰঞ্জীৰ সমল লৈ নিৰ্মিত জয়মতীত ৰাছিয়ান চলচ্চিত্ৰৰ মন্তাজৰ প্ৰকাশ দেখা পোৱা যায়। দ্ৰূত সলনি হোৱা কেমেৰাৰ শ্বট, বিশেষ ভাৱে নিৰ্মাণ কৰা ছেট, আৰু কলা নিৰ্দেশনাত ব্যৱহৃত প্ৰতিকী ব্যঞ্জনাই জ্যোতিপ্ৰসাদৰ কলাত্মক বিবেচনাবোধৰ পৰিচয় দিয়ে।


ৰাইজৰ সঁহাৰি-

১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে ছবিখন মুক্তি দিয়া হয় 'ৰৌনক মহল'ত। ছবিখনৰ উদ্ঘাটন কৰিছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই। গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ছবিখন মুক্তি দিয়া হয়। ছবিখনে দৰ্শকৰ সঁহাৰি লাভ কৰাত ব্যৰ্থ হয় আৰু বহুত লোকচান ভৰিবলগীয়া হয়।

***


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।