এৱাঁ ভঙা/নাকসিৰ বা নাকৰ পৰা তেজ ওলোৱা ৰোগ (Epistaxis): Health Tips in Assamese Language

এৱাঁ ভঙা/নাকসিৰ বা নাকৰ পৰা তেজ ওলোৱা ৰোগ (Epistaxis):


সাধাৰণতে সৰু ল'ৰা-ছোৱালীৰ এই ৰোগ হয় যদিও ডাঙৰ সকলৰ ক্ষেত্ৰতো ইয়াক দেখা যায়। ইয়াৰ বহু কাৰণ আছে। এইসমুহ তলত আলোচনা কৰা হ'ল:

(Epistaxis) Health Tips in Assamese Language


১/শুষ্ক বা গৰম বায়ু প্ৰৱাহ: সাধাৰণতে জলবায়ু সলনি হোৱা সময়ত, শুষ্ক , ঠাণ্ডা বা গৰম বায়ুৰ প্ৰভাৱত কিছুমান লোকৰ নাকৰ ভিতৰত থকা এখন পাতল আৱৰণ ফাটি (এৱাঁ ভাঙি) তেজ ওলায়।

২/ঘনাই পানী লগা/হাঁচিয়াই থকা: সঘনাই পানী লগা, হাঁচিয়াই থকা, নাক খুঁচৰি থকাৰ বাবে নাকৰ ভিতৰৰ ৰক্তবাহী নলী সমুহ আঘাতপ্ৰাপ্ত হৈ ৰক্তক্ষৰণ হয়।

৩/জন্মগত দোষ: কিছুমান লোকৰ জন্মগতভাৱে নাকৰ ভিতৰৰ সুক্ষ্ম হাড়ডাল বেঁকা হৈ থাকে। যাৰ ফলত নাক Nostril ত কিছু চাপ পৰে আৰু চাপ তথা গৰম/ঠাণ্ডা বতাহে ক্ৰিয়া কৰে ফলত ৰক্তক্ষৰণ হয়।

৪/ৰোগৰ কাৰণ: কিছুমান বিশেষ ক্ষেত্ৰত ডাঙৰ মানুহৰ ক্ষেত্ৰত বৃক্কৰ দোষ, উচ্চৰক্তচাপ, Hemophilia , Platelets ৰ হ্ৰাসহোৱা আদি শাৰিৰীক সমস্যাৰ বাবে বয়স্ক লোকৰ নাকৰ পৰা ৰক্তক্ষৰণ হয়।

৫/নিচা: অধিক ধুম্ৰপান, মদ্যপান আদিৰ ফলত শৰীৰত Platelets হ্ৰাস পায়। ফলত সামান্য আঘাততে নাক বা মুখৰ পৰা ৰক্তক্ষৰণ হয়।

৬/অাঘাত পোৱা: কেতিয়াবা শিশুবিলাকে খেলোঁতে বা অন্য অৱস্থাত নাকত আঘাত পাই নাকৰ হাড়ৰ বিসংগতি ভোগে ফলত ৰক্তক্ষৰণ হয়। অৱশ্যে এটা নিৰ্দিষ্ট সময় (১৫/১৬ বৰ্ষ)ৰ পিছত এয়া নিজে ঠিক হৈ যায়।

৭/তীব্ৰ ৰসায়নিক গোন্ধ: এমোনিয়া, চালফ্যুৰিক এচিড, বিষাক্ত গেছ, ধোঁৱা আদিৰ বাবে কেতিয়াবা সুস্থ লোকৰো নাকেৰে ৰক্তক্ষৰণ হয়

৮/দৰৱ: বহু সময়ত ডাক্টৰৰ পৰামৰ্শ নোহোৱাকৈ ব্যৱহাৰ কৰা প্ৰেচাৰৰ দৰৱ, এসপিৰিণ বা পেইনকিলাৰ, এণ্টিবায়টিক আদিৰ বাবেও হঠাতে নাকেৰে ৰক্তক্ষৰণ হব পাৰে।


প্ৰাথমিক চিকিৎসা:

=>সাধাৰণতে নাকৰ পৰা তেজ ওলোৱা সৰ্বাধিক ৫-১০ মিনিট সময়লৈকেহে থাকে

=>ব্যক্তিজনক কেতিয়াও আগুৰি ধৰিব নালাগে, মুকলিকৈ বহিব দিব লাগে তথা আগলৈ হাঁউলি (পিচফাললৈ হাওঁলাব নালাগে) দিবলৈ কব লাগে লগতে কোনো ধৰণৰ যাতে হুলস্থুল বা অশান্তিজনক পৰিৱেশৰ সৃষ্টি নহয় তালৈ ধ্যান দিব লাগে

=>শিশুসকলৰ ক্ষেত্ৰত ৰক্তক্ষৰণ হ'লে অভিভাৱকে তৎক্ষণাৎ তাক কোলাত লৈ মুৰটো হাওঁলাই (দৃষ্টি ৰাখিব যাতে হৃদযন্ত্ৰতকৈ তললৈ যাতে হাওঁলি নাযায়) নাকৰ আগৰ কোমল অংশটো লাহেকৈ চেপা মাৰি ২/৩ মিনিটমান ধৰিব লাগে, মুখেৰে উশাহ লব লাগে।

(চিত্ৰত দিয়াৰ দৰে কৰক)-

এৱাঁ ভঙা/নাকসিৰ বা নাকৰ পৰা তেজ ওলোৱা ৰোগ (Epistaxis): Health Tips in Assamese Language


=>ডিঙিত বুটাম, টাই আদি খুলি দিব লাগে, মুকলি বতাহ পোৱাৰ ব্যৱস্থা কৰিব লাগে, যদি সম্ভৱ হয় তেতিয়া নাকৰ ওপৰৰ অংশত বৰফ লগাব পৰা যায়

=>যদি ১০ মিনিটতকৈ অধিক ৰক্তক্ষৰণ হৈ থাকে তেতিয়া চিকিৎসকৰ পৰামৰ্শ অৱশ্যেই লোৱা উচিত।

.

ঘৰুৱা চিকিৎসা:

১/দেশী গৰুৰ শুকান গোবৰ জ্বলাই তাৰ গোন্ধ ল'লে নাকসিৰ ভাল হয়

২/নাৰ্জি ফুলৰ পাতৰ ৰস ল'ব পাৰে

৩/বেলপাতৰ ৰস এচামুচ আধাগিলাচ পানীৰ লগত পুৱা খাব লাগে

৪/২১টা বেলপাত পানীত সিজাই মিচিৰীৰ লগত মিলাই পানীখিনি খাব লাগে এইদৰে এসপ্তাহমান খালেই ৰক্তক্ষৰণ বন্ধ হয়। এমাহলৈ খাব পাৰে

৫/এচামুচ গোলকণ্ড (আয়ুৰ্বেদিক দোকান, দশকৰ্মা দোকান আদিত পাব) পুৱা গধুলি গাখীৰৰ লগত সৰু ল'ৰা-ছোৱালীক খুৱালে এৱাঁভঙা ভাল হয়

৬/তুলসীৰ পাত লাহে লাহে চোবাই খাব লাগে। সদায় খালীপেটত পুৱা তুলসী পাত চোবাব লাগে তথা যদি সম্ভৱ হয় এটোপালকৈ নাকত দিব পাৰে

৭/আমলখিৰ ৰসত মাখন আৰু গাখীৰ মিহলি কৰি ঘিউৰ লগত গৰম কৰি ঠাণ্ডা হলে কপাল আৰু নাকত সানিব লাগে।

৮/কুঁহিয়াৰৰ ৰস নাকেৰে উজব লাগে। সমপৰিমাণৰ পানী মিহলি কৰি লোৱা ভাল।(শিশুৰ বাবে নহয়)

৯/অধিক ৰক্তক্ষৰণ হৈ থকা অৱস্থাত মুৰত লাহে লাহে ঠাণ্ডা পানী ঢালি থাকিব পাৰে

১০/চিচু গছৰ পাত পিহি তাক পানীৰ লগত মিহলাই পুৱা গধুলি ১৫ দিনলৈ খালে এই ৰোগ আৰোগ্য হয়


যোগ/প্ৰণায়ম /মুদ্ৰা/ক্ৰিয়া:

ভস্তিকা প্ৰণায়ম, অনুলোম বিলোম প্ৰণায়ম, উজ্জায়ী প্ৰণায়ম, ভ্ৰামৰী, উদগীথ প্ৰণৱ প্ৰণায়ম, নাড়ীশোধন প্ৰণায়ম।

সৰ্বাংগাসন, পদ্মাসন, পৱনমুক্তাসন

জল নেতি ক্ৰিয়া ডাঙৰ সকলে কৰিব পাৰে

প্ৰাণমুদ্ৰা, আপান মুদ্ৰা আৰু আপান বায়ু মুদ্ৰা


Read- দাতৰ বিষৰ পৰা তাৎক্ষণিকভাবে পৰিত্ৰাণ পোৱাৰ কেইটামান সহজ ঘৰুৱা উপায়


পথ্যাপথ্য:

  • লঘুপাকী আহাৰ, সাত্বিক আহাৰ খাব লাগে
  • মাদক দ্রব্য, বিড়ি, চিগাৰেট, জ্বলা পোৰা বস্তু, চাহ, কফি, কণী, মাংস, মছলা, ফ্ৰীজৰ বস্তু আদি খোৱা বেয়া।
  • হাঁচিয়াব নালাগে, নাকেৰে জোৰেৰে সেঙুন পেলাব নালাগে। টোপনী ক্ষতি কৰিব নালাগে। বাতানুকুল যন্ত্ৰৰ বতাহ ল'ব নালাগে। কোঠাৰ আদ্ৰতা ৰাখিব লাগে। কুহুমীয়া গৰম পানীৰ ব্যৱহাৰ কৰিব লাগে।
  • সকলোতকৈ গুৰুত্বপূৰ্ণ কথা মানসিক শান্তি বজাই ৰাখি সম্পূৰ্ণ ইতিবাচক মন লৈ থাকিব লাগে। সৰু ল'ৰা ছোৱালীক উৎসাহ দিয়ক আৰু ইয়াক এটা ৰোগ হিচাপে যাতে গণ্য কৰা নহয় তাৰ প্ৰতি দৃষ্টি ৰাখক।

***


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।