Essay on Social Media and its impact in society in Assamese

Essay on social media and its impact in society in Assamese


Essay on social media and its impact in society in Assamese

বৰ্তমান সৰ্বতে প্ৰচলিত এটি শব্দ হৈছে ‘ছচিয়েল মিডিয়া( Sociel Media)’। সৰুৰ পৰা বৃদ্ধলৈ এতিয়া ছচিয়েল মিডিয়াৰ জ্বৰ।

কণমানি এটিয়েও তপৰাই ক’ব পাৰে Facebook, Whtsapp ৰ কথা।


Essay on Social Media in Assamese Video-


প্ৰথমে জানো আহক ছচিয়েল মিডিয়ানো কি?


ছচিয়েল মিডিয়া হ’ল -The collective of online communications channels dedicated to community-based input, interaction, content-sharing and collaboration.

Websites and applications dedicated to forums, microblogging , social networking , social bookmarking , social curation, and wiki s are among the different types of social media.


ছচিয়েল মিডিয়াৰ ভিতৰত Facebook,Twitter, Whtsapp, ইত্যাদি অন্তৰ্ভুক্ত।


Essay on social media and its impact in society in Assamese


ছচিয়েল মিডিয়া আৰু আমাৰ মানসিকতা


বৰ্তমানৰ সমাজ খনত যেন কেৱল প্ৰতিযোগিতা হে অনুষ্ঠিত হৈছে। কোনে কাক পিছ পেলাই আগত যাব পাৰে। আনৰ আগত নিজকে শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবলৈ মানুহে অন্যৰ অনিষ্ট কৰিবলৈও এৰা নাই, কিয়নো আজিকালিৰ মানুহক লাগে কেৱল খ্যাতি আৰু যশস্যা। ইয়াৰ বাবে তেওঁলোকে সহায় লৈছে ছচিয়েল মিডিয়াৰ।


আজিকালি মোবাইল সকলোৰে হাতে হাতে। তদুপৰি মোবাইল বোৰত উপলব্ধ পকেট ইণ্টাৰনেটে যুৱচামৰ পৰা বিপুল সহাৰি লভিছে। আজিকালি চিঠি পত্ৰৰ দিন উকলিল। তাহানিৰ দৰে কাৰোবাৰ সন্তান জন্ম হোৱাৰ পিছত বহুদিন পিছত হে মুখ দৰ্শন কৰাৰ দিন নাই।

আজিকালি কেচুঁৱা এটিয়ে জন্মিয়ে Facebook ত স্থান পায়। জন্ম মৃত্যু,বিবাহ,অনুষ্ঠান সকলোৱে Facebook ত স্থান পায়।


লগতে বিভিন্ন অপৰাধ বোৰেও Facebook ত স্থান দখল কৰি আছে। বৰ্তমান সংঘটিত ঘটনাবোৰৰ বাবে এই মোবাইল, লেপটপ তথা ছচিয়েল মিডিয়াক জগৰীয়া কৰা দেখা যায়, কিয়নো হত্যা, ধৰ্ষণ, অপহৰণ, ধন দাবী ইত্যাদি যিমান বোৰ অপৰাধ সংঘটিত হৈ আহিছে ইয়াৰ অধিক সংখ্যকৰ লগতে কম বেছি পৰিমাণে ছচিয়েল মিডিয়া জড়িত আছে।


ফেচবুকৰ পৰা আনৰ ফটো সংগ্ৰহ কৰি morph কৰি তথা naked picture আপলোড কৰি ধনদাবী কৰা এক শ্ৰেণীৰ বিকৃত মানসিকতাৰ মানুহ গঢ় লৈ উঠিছে এই Facebook তেই।


Essay on social media and its impact in society in Assamese

সম্প্ৰতি সমগ্ৰ বিশ্বতে তোলপাৰ লগোৱা ISIS ত এই ছচিয়েল মিডিয়াৰ যোগেদি বহুতো যুৱক অংশ লৈছে।তেওঁলোকৰো সপোন কিন্তু অন্য দহজন যুৱকৰ দৰেই আছিল।


ছচিয়েল মিডিয়াৰ সহায়েৰে বেলেগ বাহিৰা দেশে ভাৰতবৰ্ষৰ আভ্যন্তৰীণ ব্যৱস্থা তথা সামৰিক বাহিনীৰ গুপুত তথ্য সংগ্ৰহ কৰাৰ বিষয়ে সৰ্বজন বিদিত।


যুৱপ্ৰজন্মৰ নৈতিক স্খলনৰ মূল কাৰণ বুলি ছচিয়েল মিডিয়াক জগৰীয়া কৰিলেই জানো সব শেষ।

সকলোৰে ভাল বেয়া দুয়োটা দিশ থাকে। ঠিক সেইদৰে মানুহো দুই প্ৰকাৰ থাকে। তালে কিছুসংখ্যক মানুহৰ বাবে আজিৰ সমাজত বিভিন্ন অসামাজিক কৰ্ম সংঘটিত হৈ আছে।যিকোনো বস্তু প্ৰথমে ভাল কামত ব্যৱহাৰ হয়, কিন্ত বিকৃত মানসিকতাৰ অধিকাৰী কিছুমান মানুহে ইয়াৰ গুণাগুণ নোহোৱা কৰি দিয়ে।


মোবাইল প্ৰেম বা Facebook ত হোৱা প্ৰেমৰ ফলত বহুতো যুৱক যুৱতীৰ জীৱন আজি বিপদাপন্ন। অথচ টিভি ত দেখিয়েই থাকে কেনেদৰে মোবাইলত গঢ়ি উঠে প্ৰেম আৰু বিয়াৰ প্ৰস্তাৱ দি প্ৰেমিকে ৰেড এলাৰ্ট এৰিয়াৰ বাসিন্দা সজাই আহে প্ৰেমিকাক।


টিভি ত দেখাৰ পিছতো আমাৰ সমাজত কিন্তু দৈনিক এনে বিভিন্ন অপৰাধ সংঘটিত হৈয়ে আছে।অপৰাধ সংঘটিত কৰে মানুহে,আচঁনি মানুহৰে, মাথোঁ কামতো সংঘটিত কৰে ছচিয়েল মিডিয়াৰ দ্বাৰা। গতিকে ছচিয়েল মিডিয়াক দোষাৰোপ কৰাৰ আগতে আমি সকলোৱে নিজৰ ওপৰত এবাৰ চকু ফুৰাই লোৱাটো উচিত।


কোনোবাই কিবা এটি অপৰাধ কৰিলে প্ৰথমে ঘৰখনক জগৰীয়া কৰা হয় কিন্তু সচাঁ কথাটো হ’ল যে কোনো পিতৃ মাতৃয়ে সন্তানৰ অহিত চিন্তা নকৰে আৰু বেয়া পথ বোৰ নেদেখুৱায়।

কোনোবাই বেয়া পথত যায় যদি সেয়া নিজৰ অপৰিপক্কতাৰ বাবেহে এনে হয়।আমি সকলোৱে এনেধৰণৰ অপৰাধ ৰোধ কৰিবলৈ মাৰবান্ধি থিয় হোৱা উচিত।


Essay on social media and its impact in society in Assamese


Amazing secrets of the world - Facts in Assamese - GK 



Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।