10 Historical things in Assam and their location in Assamese || অসমৰ কেইখনমান ঐতিহাসিক ঠাই

The historical places of Assam show consistency with contemporary events in mainland India and have been clearly documented since the 1st century AD. Assam was known as Kamarupa and ruled by subsidiaries of North Indian rulers. The 13th century saw invasions from the North and East by Delhi-based Islamic rulers and the Chinese army. The Ahoms ruled Assam at the time when Mughals were presiding over the rest of India and were deposed by the advent of the British in 1826. After independence, few parts of Assam became part of East Pakistan (Now Bangladesh) and the present day state of Assam was formed in 1962 as various states of the Northeast were carved out of it.


10 historical things in Assam and their location  in Assamese


10 Historical things in Assam and their location in Assamese


কামাখ্যা মন্দিৰ


10 historical things in Assam and their location in Assamese


কামাখ্যা মন্দিৰ (Kamakhya Temple) হৈছে অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ। গোটেই ভাৰততে ব্যাপ্ত হৈ থকা মুঠ ৫১খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকেই অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপুৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে প্ৰবাদ অনুসৰি নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচ নৃপতি মহাৰাজ বিশ্বসিংহ, তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা জনা যায়।


------

পোৱামক্কা

পোৱামক্কা (Powa Makkah) অসমৰ কামৰূপ জিলাৰ হাজোৰ গৰুড়াচল পাহাৰৰ শিখৰত অৱস্থিত মুছলমান সকলৰ পৱিত্ৰস্থান। চুফী সাধক শ্বেখ জালালুদ্দিন ওৰফে গিয়াচুদ্দিন আউলীয়াই কেইবাজনো আউলীয়াক লগত লৈ ইয়াত ইছলাম ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল। তেওঁৰ মৃত্যু সেই স্থানত তেওঁৰ মাজাৰ প্ৰতিষ্ঠা কৰা হয়। ইয়াত পোৱা এক ফাৰ্চী লিপি মতে মুগোল সম্ৰাট শ্বাহ জাহানৰ ৰাজত্ব কালত ১৬৫৭ চনত লুৎফুল্লা শ্বিৰাজীয়ে পোৱামক্কা মছজিদ নিৰ্মাণ কৰাইছিল।


পোৱামক্কা (Powa Makkah)


নামৰ উৎপত্তি-

জনশ্ৰুতি মতে মক্কাৰ এপোৱা মাটি আনি পোৱামক্কা নিৰ্মাণ কৰা হৈছিল। হাজোৰ গৰুড়াচলত মছজিদ স্থাপন কৰি দোৱা কৰাৰ সময়ৰে পৰা পোৱামক্কা হোৱা বুলি মানুহে কয়। ইয়াৰ লগতে ইছলাম ধৰ্মালম্বী সকলে পোৱামক্কা দৰ্শন কৰিলে চৌদি আৰৱৰ পৱিত্ৰ নগৰী মক্কা দৰ্শনৰ এক চতুৰ্থাংশ পুণ্য লাভ কৰে বুলি বিশ্বাস কৰে। ই হাজোৰ পঞ্চতীৰ্থৰ অন্যতম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পৱিত্ৰ ইছলাম ধৰ্মৰ উপাসনাস্থলী।


পৰ্যটন-

হাজোৰ পোৱামক্কা এটি উল্লেখযোগ্য পৰ্যটনস্থলী। ইছলাম ধৰ্মালম্বী সকলৰ বাবে ই অতি পৱিত্ৰ স্থান তদুপৰি অন্যান্য ধৰ্মৰ লোক সকলেও ইয়াক পৱিত্ৰ বুলি জ্ঞান কৰে। প্ৰতি বছৰে অসম তথা ভাৰতৰ পৰা ইয়ালৈ তীৰ্থযাত্ৰীৰ আগমন হয়। প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত ইয়াত চুফী সন্ত হজৰত শ্বাহ চুলতান গিয়াচুদ্দিন বা শ্বেখ জালালুদ্দিনৰ মৃত্যু তিথি ১৫ দিনীয়াকৈ উৰছ উৎসৱ হিচাপে পালন কৰা হয়। উৰছ উৎসৱত চুফী গীত, জিকিৰ আদি গাই আল্লাহ আৰু ইছলামৰ বাণী প্ৰচাৰ কৰা হয়। উৰছ উৎসৱৰ সময়ত পোৱামক্কাত মেলা বহে।


-----

ৰংঘৰ

ৰংঘৰ (Rang Ghar) হ'ল এটা দুমহলীয়া ঐতিহাসিক পকী গৃহ, যাক আহোম শাসনকালত পেভেলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল। শিৱসাগৰ চহৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ মান আঁতৰত এই গৃহটো অৱস্থিত। ইয়াৰ পৰাই এসময়ত ৰাজ-পৰিয়াল আৰু বিশিষ্ট ৰাজবিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম'হ যুঁজ, শেন যুঁজকে প্ৰমুখ্য কৰি অন্যান্য বিনোদনমূলক কাৰ্যসূচী উপভোগ কৰিছিল। ৰংঘৰ এছিয়াৰ প্ৰথমটো পেভিলিয়ন হিচাপে প্ৰখ্যাত।এই গৃহটো আহোম সাম্ৰাজ্যৰ অন্যতম ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত ১৭৪৬ চনত স্বৰ্গদেও প্ৰমত্ত সিংহৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল। ই তলাতল ঘৰৰ উত্তৰে, জয়সাগৰৰ পশ্চিমে, অসম ট্ৰাঙ্ক ৰোডৰ দাঁতিত অৱস্থিত।


10 historical things in Assam and their location in Assamese


স্থাপত্য-

ৰংঘৰৰ নিৰ্মাণ-শৈলীত ইচলামিক স্থাপত্যৰ প্ৰভাৱ পৰিছে। ইয়াৰ কেন্দ্ৰীয় গাঁথনি চতুৰ্ভূজ আকৃতিৰ। দুই মূৰ আগবঢ়াই ট্ৰেপেজিয়ামৰ আকৃতি দিয়া হৈছে। সামগ্ৰিক ভাৱে ৰংঘৰৰ গাঁঠনিয়ে এটা অষ্টভূজৰ ৰূপ লৈছে। ৰংঘৰৰ চাল অৰ্দ্ধ-বৃত্তাকৃতিৰ, এটা ওভতাই থোৱা দীঘলীয়া আকৃতিৰ বাতিৰ দৰে। কিছুমান বৃহদাকৃতিৰ স্তম্ভ আৰু ধেনুভেৰীয়া গাঁঠনিয়ে চালখনক ধৰি ৰাখিছে। চূড়াত নিৰ্মাণ কৰা মগৰমুখী নাওৰ আকৃতিয়ে ৰংঘৰৰ সৌন্দৰ্যক বিশেষ মাত্ৰা প্ৰদান কৰিছে। পোৰা ইটাৰে নিৰ্মাণ কৰা ৰংঘৰত কোনো ধাতুৰ ব্যৱহাৰ কৰা হোৱা নাই। ইটা জোৰা লগাবলৈ মাটিমাহ, হাঁহকণী, বৰা চাউল আদি সামগ্ৰীৰে কৰাল তৈয়াৰ কৰা হৈছিল।


ইতিহাস -

সৰ্বপ্ৰথম স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল যদিও পূূূূৰ্ণাংগ ৰূপত নিৰ্মাণ কৰে স্বৰ্গদেউ প্ৰমত্ত সিংহই ১৭৪৬ খ্ৰীষ্ঠাব্দত। ৰংঘৰ নিৰ্মাণ কাৰ্য সাধাৰণতে থলুৱা পদ্ধতিৰে নিৰ্মাণ কৰিছিল। বিশেষকৈ বৰালি মাছ,বৰা চাউল,হাঁহ কণী,মাটি মাহ অন্যান্য কিছুমান বস্তুৰ সংমিশ্ৰণক বিশেষ ভাৱে চিমেণ্ট প্ৰস্ত্তত কৰাৰ লগতে মাটিৰে তৈয়াৰী ইটাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। ইয়াৰ দেৱালসমূহত দেৱ-দেৱীৰ, সিংহ, হাতী আদি বিভিন্ন চিত্ৰ অংকন কৰিছিল। ৰংঘৰৰ আকৃতি দুই খলপীয়া ইটাবৰণীয়া এটা খেল উপভোগ কৰা ঘৰ। ই দেখিবলৈ হাঁহ কণীৰ দৰে। ৮৮ফুট আৰু ৩৬.৫ফুট বহল পেভিলিয়নত একেলগে বহি আহোম ৰাজপৰিয়ালে উপভোগ কৰিছিল খেল আৰু বিহুৰ বিভিন্ন সমাৰোহৰ বহু উমাল মুহূৰ্ত। ইংৰাজে ইয়াণ্ডাবু সন্ধিৰ আধাৰত অসমক শাসনলৈ অনা পাছত ব`থান নামৰ ইংৰাজ বিষয়াজনে ১,৩০০টকাত ৰংঘৰ আৰু তলাতল,কাৰেংঘৰ বেৰ দুখন কেনকণ আলিক বিক্ৰী কৰিছিল। ৰংঘৰৰ সন্মুখত আন এটা সৰু পকী ৰংঘৰ আছিল, যিটো কেৰকণ আলিয়ে ধ্বংস কৰিলে।


----

তলাতল ঘৰ

তলাতল ঘৰ (Talatal Ghar)


তলাতল ঘৰ (Talatal Ghar) অসমৰ শিৱসাগৰৰ ৰংপুৰত অৱস্থিত আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা ৰাজমহল। এই মহলটো আহোম স্থাপত্যকলাৰ এক অপৰূপ আৰু আশ্চৰ্যকৰ নিদৰ্শন।[উদ্ধৃতিৰ প্ৰয়োজন] এই ঐতিহ্যপূৰ্ণ ৰাজপ্ৰসাদটি আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই (খ্ৰীষ্টাব্দ ১৭৫১-৬৯) তেওঁৰ ৰাজত্ব কালত সজাইছিল। এই ৰাজপ্ৰসাদটিৰ কোঠালীবোৰ সমান্তৰাল আৰু ইমান সুন্দৰ কৈ সজোৱা যে ইয়াৰ কাৰুকাৰ্য মোগল শিল্প শৈলীৰ লগত সাদৃশ্য থকা দেখা যায়। ইয়াৰ প্ৰত্যেকটো কক্ষ একোটা সৰু পথেৰে সংলগ্ন। ইয়াৰ প্ৰথম মহলৰ ওপৰ ভাগ উন্মুক্ত আৰু কোঠালীবোৰ অসমীয়া গৃহবিন্যাস আৰ্হিৰে সজোৱা। এই ৰাজপ্ৰাসাদৰ পশ্চিম দিশত এটি আঠকোণীয়া মন্দিৰ আছে। তলাতল ঘৰ আহোম ৰাজ্যৰ স্মৃতিচিহ্নসমূহৰ ভিতৰত আকাৰত আটাইতকৈ ডাঙৰ।


-----

শ্ৰী সূৰ্য পাহাৰ

শ্ৰী সূৰ্য পাহাৰ (Sri Surya Pahar)


শ্ৰী সূৰ্য পাহাৰ (Sri Surya Pahar) গোৱালপাৰা নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দক্ষিণ-পূব আৰু ইয়াৰ ওচৰতে বঙাইগাঁও জিলা। গুৱাহাটীৰ পৰা প্ৰায় ১৩২ কিলোমিটাৰ উত্তৰ-পশ্চিমত, ভাৰতৰ অসমৰ এখন উল্লেখযোগ্য স্থান। এই ঠাইখন এটা পাৰ্বত্য অঞ্চল য’ত ভালেমান শিলত খোদিত শিৱলিংগ, আৰু হিন্দু, বৌদ্ধ তথা জৈন সকলৰ দেৱদেৱীসকল প্ৰায় এক কিলোমিটাৰ অঞ্চল জুৰি বিয়পাই আছে। ঠাইখন শ্ৰী সূৰ্য পাহাৰ কেন্দ্ৰিক, যিটো শিৱ লিংগৰে (লিংগম) দি ভৰপুৰ হৈ আছে। জনপ্ৰিয় বিশ্বাস হ'ল যে ৯৯৯৯৯ শিৱ লিংগৰে ইয়াত দ্বিতীয় কাশী (য’ত ১,০০০০০ শিৱ লিংগ আছিল) গঢ়ি তুলিবৰ বাবে ব্যাস ইয়াত খোদিত কৰিছিল আৰু এইটো এবাৰ এই অঞ্চলৰ অন্যতম পৱিত্ৰ তীৰ্থস্থান আছিল। এই পাহাৰবোৰ এবাৰে কিমানটা লিংগ অংকন কৰা আছিল সেয়া ঠিক কোনো ঐতিহাসিক প্ৰমাণ পোৱা নাই, কিন্তু এতিয়াও তেওঁলোকৰ মাজত শ শ লৈকে সৰুৰ পৰা ডাঙৰ আকাৰৰ, পৰ্বতৰ নাদানিত সকলো ঠাইত সিঁচৰতি হৈ থকা আৰু বহু শতাব্দী অৱহেলা তথা চালচলনৰ পিছত অঞ্চল জুৰি বিস্তৃত হৈ আছে। পৰ্বতৰ লিংগবৰক সঠিক চিত্ৰ (বা অন্যান্য দেবদেবীসকলক তথা ধ্বংসাৱশেষবোৰ) বৈজ্ঞানিকভাৱে এতিয়াও গণনা কৰা হোৱা নাই।


----


মৈদাম

মৈদাম (Moi Dam) হৈছে আহোম জনগোষ্ঠীৰ লোকৰ পৰম্পৰাগত মৃতদেহ সংস্কাৰ প্ৰথা। মৈদাম প্ৰথাৰে সৎকাৰ কৰা মৃতকৰ সমাধিকো মৈদাম বোলে। আহোম ৰাজপৰিয়ালৰ লোক আৰু বিষয়ববীয়াসকলক মৈদাম প্ৰথাৰে সমাধিস্থ কৰা হৈছিল। আহোমসকলে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পিছত লাহে লাহে মৃতদেহ সংস্কাৰৰ এই প্ৰথা লাহে লাহে লোপ পায়।


10 historical things in Assam and their location in Assamese


শিৱসাগৰৰ ওচৰৰ চৰাইদেউত আহোম যুগৰ ১৫০ টাৰো অধিক মৈদাম দেখিবলৈ পোৱা যায়। ইয়াৰে ভিতৰত ৩০ টা ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান আৰু অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰদ্বাৰা সংৰক্ষিত কৰা হৈছে। যোৰহাটত শেষ আহোম ৰজা পুৰন্দৰ সিংহ আৰু শৰাইঘাটৰ যুদ্ধৰ মূল অসমীয়া সেনাপতি লাচিত বৰফুকনৰ মৈদাম আছে।


মীৰজুমলাৰ অসম আক্ৰমণৰ সময়ত আৰু ইংৰাজ শাসনকালত মোগল আৰু ইংৰাজে বহু মৈদামৰ ধন-সোণ লুটি নিয়ে।


------

স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ :

স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ : প্ৰথম আহোম ৰজা স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ স্মৃতিৰক্ষাৰ বাবে যোৰহাটৰ ওচৰৰ ম'হবন্ধাত নিৰ্মাণ কৰা হৈছে। ইয়াত আহোম যুগৰ বুৰঞ্জী প্ৰসিদ্ধ সমলৰ এক সংগ্ৰহালয়ো আছে।


-----


শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰ

অসমৰ উত্তৰ গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰ অৱস্থিত। প্ৰধানতঃ এই মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কৰা হয়। প্ৰত্যেক বছৰৰ ফেব্ৰুৱাৰী মাহত স্থানীয় লোকসকলে এই মন্দিৰত ফাকুৱা উৎসৱ উদ্‌যাপন কৰে।


10 historical things in Assam and their location in Assamese


ইতিহাস -

এই মন্দিৰৰ উৎপত্তি সম্বন্ধে প্ৰচলিত কাহিনী শুনা যায়। ইংৰাজৰ দিনত শাসন পৰিচালনাৰ বাবে স্থানীয় কিছুমান অভিজাতসম্প্ৰদায়ৰ হাতত শাসনৰ কিছু দায়িত্ব অৰ্পিত কৰা হৈছিল। ইয়াৰে নলবাৰী অঞ্চলত সদৰামীনৰ দায়িত্ব দিছিল গৰ্গৰাম বৰুৱাৰ ওপৰত। গৰ্গৰাম বৰুৱা আছিল পণ্ডিত আনন্দৰাম বৰুৱাৰ পিতৃ। গৰ্গৰাম বৰুৱা সদৰামীনৰ দায়িত্বত থকাৰ সময়ত এটা আচৰিত ঘটনা ঘটিছিল। বৰ্তমানৰ ৰঙিয়া নগৰৰ সীমাত অৱস্থিত জেকেৰীয়া নামৰ এখন গাঁৱৰ কাষতে সন্ধ্যাঝাৰ নামৰ এখন অটব্য অৰণ্য আছিল। সেই জেকেৰীয়া গাঁৱৰে এজন ব্ৰাহ্মণৰ ঘৰত এজনী কপিলী বৰণৰ গাই আছিল। গাইজনীয়ে হেনো নিতৌ শেষ নিশা ডিঙিৰ বান্ধ খুলি সন্ধ্যাঝাৰ অৰণ্যলৈ গৈ এজোপা বিৰিণা গছৰ ওপৰত ওহাৰ পাতি গাখীৰ ঢালি পুনৰ গোহালিলৈ ঘূৰি আহিছিল। সদৰামীন বৰুৱাই এই কথা গম পাই সেই ৰহস্য উদ্‌ঘাটন কৰাৰ বাবে বিৰিণা গছজোপা থকা ঠাইখিনি খন্দোৱালে আৰু তাতে এটা শ্ৰীকৃষ্ণৰ বিগ্ৰহ উদ্ধাৰ হ'ল। সেই মূৰ্তি সভক্তিৰে ৰাইজে শোভাযাত্ৰা কৰি আনি চন্দ্ৰভাৰতী পাহাৰত স্থাপন কৰে। তাতে আগৰে পৰা শ্ৰীশ্ৰীঘনশ্যাম ৰায়ৰো বিগ্ৰহ আছিল। তেতিয়াৰে পৰা সেই বিগ্ৰহৰ লগতে নতুন বিগ্ৰহৰো পূজা-সেৱা চলিবলৈ ধৰিলে। ক্ৰমে দৌল আৰু ফাকুৱা উৎসৱৰ দিন পালেহি। লগে লগে পূজাৰীৰ চিন্তা হ'ল কোনজন বিগ্ৰহক দৌলত তুলিব। অৱশেষত পূজাৰীয়ে বিগ্ৰহৰ আগত প্ৰণিপাত কৰি জনালে যে যিজন বিগ্ৰহক দৌলত থাপিব সেইজনে যেন চাৰি আঙুলি আগবাঢ়ি প্ৰমাণ দেখুৱায়। পাছদিনা পূজাৰীয়ে দেখিলে যে নতুনকৈ অনা বিগ্ৰহজনা চাৰি আঙুল আগবাঢ়ি আছে। এনে ঘটনাত পূজাৰী আচৰিত হ'ল। ইয়াৰ পিছতে যথাৰীতি নতুন বিগ্ৰহকে দৌলত স্থাপন কৰা হ'ল আৰু তেতিয়াৰে পৰা এইজনা বিগ্ৰহ দৌল গোবিন্দ নামেৰে জনাজাত হৈ পৰে।


------


উমানন্দ

উমানন্দ বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ। ই গুৱাহাটীৰ পাৰত ব্ৰহ্মপুত্ৰ নদৰ মাজত অৱস্থিত। উমানন্দত বিখ্যাত উমানন্দ দেৱালয় আছে। এই উমানন্দ দেৱালয়ৰ নামৰ পৰায়ে দ্বীপটোৰ নাম উমানন্দ হল। ব্ৰিটিছ সকলে উমানন্দৰ আকৃতিৰ বাবে পিকক আইলেণ্ড বা ময়ূৰ দ্বীপ বুলিছিল।


উমানন্দ


ধৰ্মীয় আখ্যান -

উমানন্দ নাম উমা আৰু আনন্দ এই দুই শব্দৰে গঠিত। উমা পাৰ্বতীৰ আন এটি নাম। হিন্দু শাস্ত্ৰ মতে উমাৰ আনন্দৰ বাবে ভগৱান শিৱয়ে এই দ্বীপ সৃষ্টি কৰিছিল। জন বিশ্বাস মতে শিৱয়ে ইয়াত ভয়ানন্দ ৰূপেৰে বিৰাজমান।


কালিকা পুৰাণৰ এক আখ্যান মতে সতীৰ মৃত্যুৰ পিছত শিৱ ঘোৰ তপস্যাত নিমগ্ন আছিল। শিৱৰ তপস্যা ভাঙিবলৈ দেৱতা সকলে কামদেৱৰ সহায় ললে। তপস্যা ভংগ হোৱাত ক্ৰোধিত শিৱয়ে কামদেৱক এই স্থানতে ভস্ম কৰে। সেয়ে ইয়াৰ অন্য এক নাম হল ভস্মাঞ্চল।


-----


শুক্ৰেশ্বৰ মন্দিৰ 

শুক্ৰেশ্বৰ মন্দিৰ


শুক্ৰেশ্বৰ মন্দিৰ হ'ল অসমৰ কামৰূপ জিলাত অৱস্থিত এটা গুৰুত্বপূৰ্ণ শিৱ মন্দিৰ। আহোম ৰজা প্ৰমত্ত সিংহই ১৭৪৪ চনত শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল। গুৱাহাটী মহানগৰীৰ পাণবজাৰ নামে ঠাইত মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা শুক্ৰেশ্বৰ বা ইটাখুলি পাহাৰত মন্দিৰটো অৱস্থিত।


-----

Source of Information/Images - Wikipedia


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।