চুলিৰ ঘৰুৱা পৰিচৰ্চা - Home Treatment for Healthy Hair

ছালৰ যত্নৰ সমান্তৰালকৈ চুলিকোছাৰ যত্ন লোৱাটো অপৰিহাৰ্য| ৰাসায়নিকযুক্ত প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰেৰে চুলিৰ যত্ন লোৱাতকৈ কিছুমান প্ৰাকৃতিক উপকৰণেৰে চুলিৰ যতন লোৱা উচিত| ঘৰতে প্ৰস্তুত কৰি ল’ব পৰা তেনে কেইটামান উপকৰণৰ বিষয়ে জানোচোন আহক-


চুলিৰ ঘৰুৱা পৰিচৰ্চা - Home Treatment for Healthy Hair

Home Treatment for Healthy Hair

-    দুশ-তিনিশ গ্ৰাম মনিছাল, আমলখি, শিকাকাই সমপৰিমাণে একেলগে গোটেই নিশা পানীত ডুবাই ৰাখিব| পিচদিনা পুৱা সেয়া পানী সিজাই ঠাণ্ডা হবলৈ দিব| ইয়াৰ পিছত সেই মিশ্ৰণত টি ট্ৰি অইল মিহলাব| ইয়াক চুলিৰ ক্লিনজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে| বাৰিষাৰ বতৰত মূৰৰ ছালত হোৱা খজুৱতি বা যিকোনো বীজাণুৰ সংক্ৰমণ হ’লে এই ক্লিনজাৰ ব্যৱহাৰৰ ফলত উপকৃত হ’ব| কেমে’মাইল টি, ভিনেগাৰ আৰু নেমুপানী মিহলাই এই মিশ্ৰণ চুলিত সানিলে চুলি উজ্বল হৈ উঠিব|


    সাধাৰণতে যাৰ চুলি শুকান, তেওঁলোকে চুলিত গোলাপজল ব্যৱহাৰ কৰিব পাৰে|


.-    এটা পাত্ৰত মৌৰ সৈতে জলফাই তেল মিহলাই ল’ব| পিচত ইয়াৰ লগত পকা অমিতা পিটিকি লৈ সেই প্ৰলেপ চুলিত ব্যৱহাৰ কৰিব পাৰে| এঘণ্টাৰ পিছত শ্বেম্পুৰে চুলিখিনি ধুই পেলাব|


-    চুলি সৰিলে কেষ্টৰ অইল অথবা আলমণ্ড অইল ব্যৱহাৰ কৰি চাব পাৰে সপ্তাহত তিনিবাৰকৈ| মূৰৰ ছাল সদায় পৰিস্কাৰকৈ ৰখা উচিত|


উৎস: অসমীয়া প্ৰতিদিন, সম্ভাৰ

***

মুখৰ ঘা প্ৰতিৰোধৰ উপায় - Health Tips in Assamese

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।