কম্পিউটাৰ ভাইৰাছৰ বিষয়ে জানোঁ আহক - Learn about computer viruses in Assamese

তথ্য প্ৰযুক্তি খণ্ডৰ লগত জড়িত থকাৰ বাবে এই শব্দটোৰ লগত আমাৰ এক ওতঃপ্ৰোত সম্পৰ্ক গঢ়ি উঠিছে। বেছিভাগ উপভোক্তাৰে অভিযোগসমূহৰ ভিতৰত বিশেষকৈ ভাইৰাছৰ কাৰণে সৃষ্টি হোৱা অসুবিধায়েই প্ৰায় ষাঠি শতাংশ হয়। আমাৰ ভাৱ হয়, কম্পিউটাৰ ভাইৰাছৰ বিৰুদ্ধে ল’ব লগা সাধাৰণ নিৰাপত্তা খিনি ল’লেই এই সমস্যাৰপৰা মুক্তি পাব পাৰি। কিন্তু তাৰ আগতে কম্পিউটাৰত সন্ত্ৰাসৰ সৃষ্টি কৰা এই ভাইৰাছটোনো আচলতে কি বস্তু তাকে জানি লওঁ আহক।


Learn about computer viruses in Assamese

কম্পিউটাৰ ভাইৰাছ (Computer Virus):

কম্পিউটাৰ ভাইৰাছ (Computer Virus) এটা কম্পিউটাৰ প্ৰ’গ্ৰাম যি নিজে নিজৰ প্ৰতিলিপি তৈয়াৰ কৰিব পাৰে। ভাইৰাছবোৰক মেলৱেৰ (Malware) বা এডৱেৰ (Adware) বা স্পাইৱেৰৰ (Spyware) লগত একে বুলি ভবা হয় যদিও, এইবোৰৰ নিজৰ প্ৰতিলিপি তৈয়াৰ কৰাৰ ক্ষমতা নাথাকে। সঁচা অৰ্থত ক’বলৈ গ’লে ভাইৰাছবোৰে এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ বিভিন্ন মাধ্যমেৰে বিয়পি পৰে। ই সহজে চিডি, ডিভিডি, য়ু এছ বি ড্ৰাইভ বা ইণ্টাৰনেটৰ মাধ্যমেৰে বিয়পি পৰে। ভাইৰাছবোৰে বিভিন্ন ফাইলত আক্ৰান্ত কৰি ইণ্টাৰনেটৰ মাধ্যমেৰে ইয়াৰ বংশ বিস্তাৰ কৰে। বিভিন্ন ধৰণৰ প্ৰ’গ্ৰাম যেনে ট্ৰ’জান হৰ্চ (Trozan Horse), ৱৰ্ম (Worm), ৰুটকিত (Root-kit), স্পাইৱেৰ, এডৱেৰ আদিবোৰ মালৱেৰৰ অন্তৰ্গত হয়। ট্ৰ’জান হৰ্চ, ৱৰ্ম আদিক কেতিয়াবা ভাইৰাছৰ লগত তুলনা কৰা হয় যদিও ইয়াত প্ৰযুক্তিগত পাৰ্থক্য আছে। ৱৰ্মবোৰে প্ৰতিৰক্ষা ভেদ কৰি নেটৱৰ্কৰ মাধ্যমেৰে নিজক বিস্তাৰ কৰে। ট্ৰ’জান হৰ্চবোৰে বিশেষ ক্ষতি নকৰে কিন্তু কম্পিউটাৰৰ কিছুমান কাৰ্যপ্ৰণালী লুকুৱাই ৰাখে। ৱৰ্ম আৰু ট্ৰ’জান হৰ্চবোৰে কম্পিউটাৰৰ ডেইটা (data) প্ৰণালীৰ ক্ষতি সাধন কৰিব পাৰে। কিছুমান ভাইৰাছে মাত্ৰ নিজৰ প্ৰতিলিপি তৈয়াৰ কৰাতে ক্ষান্ত থাকে।


কম্পিউটাৰ ভাইৰাছৰ ইতিহাস (History of computer viruses) :

পোন প্ৰথমবাৰৰ বাবে জন ভ’ন নিউমেনে (John von Neumann) ১৯৪৯ চনত ইলিনয় বিশ্ববিদ্যালয়ত (Illinois University) "Theory and Organization of Complicated Automata" শীৰ্ষক এক বক্তৃতা দিছিল। তেওঁ কৈছিল যে কিছুমান কম্পিউটাৰ প্ৰ’গ্ৰামে নিজৰ প্ৰতিলিপি তৈয়াৰ কৰি ল’ব পাৰে।  পিছত তেওঁৰ এই কথাখিনি Theory of self-reproducing automata বুলি প্ৰকাশ কৰা হয়। প্ৰথম ভাইৰাছ শব্দটো ব্যৱহাৰ কৰিছিল ১৯৮৪ চনত, ফ্ৰেড ক’হেনে দক্ষিণ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ত অৰ্পণ কৰা তেওঁৰ গৱেষণা পত্ৰ Computer Viruses - Theory and Experiments ত। পিছত ১৮৮৭ চনত প্ৰকাশ কৰা এটা প্ৰতিবেদনত ক’হেনে মন্তব্য কৰে যে, নিখুঁতভাৱে ভাইৰাছ চিনাক্ত কৰিবলৈ কোনো এলগ’ৰিথিম পোৱা নাযায়। কিন্তু তাৰ আগতে, অৰ্থাত্‍ ১৯৬৯ চনত Galaxy নামৰ আলোচনী খনত ডেৱিড গেৰ’ল্ডে তেওঁৰ এটা চুটি গল্পত প্ৰথমে ভাইৰাছ শব্দটো ব্যৱহাৰ কৰে নিজে নিজকে পুণ:নিৰ্মাণ কৰিব পৰা প্ৰগ্ৰেমৰ বিষয়ে বুজাবলৈ। আজিৰ তাৰিখত ভাইৰাছ বা মেলৱেৰ ব্যৱহাৰৰ মূল উদ্দেশ্য হ’ল কাৰোবাৰ লাভৰ কাৰণে আন এজনৰ ব্যক্তিগত বা ব্যৱসায়িক তথ্য চুৰি কৰা আৰু চৰকাৰী নাইবা আন কোনো কৰ্প’ৰেট ৱেবছাইটত বিশেষ সুৰক্ষাৰে সংৰক্ষিত থকা তথ্য চুৰি নাইবা নষ্ট কৰি পেলোৱা। এই উদ্দেশ্যৰে সৃষ্টি কৰা বহু ভাইৰাছ, ট্ৰ’জান হৰ্ছ বা ৱৰ্ম আদিয়ে ইণ্টাৰনেটৰ সহায়ত বিয়পি পৰি সাধাৰণ কম্পিউটাৰ ব্যৱহাৰকাৰী সকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে। Normal 0 false false false EN-US X-NONE AS


ভাইৰাছ প্ৰ'গ্ৰাম এটা লিখা প্ৰথম গৰাকী ব্যক্তি আছিল জন কনৱে (John Conway)। ১৯৬০ চনত, গেম অৱ লাইফ(Game of Life) নামৰ 'প্ৰাণ-অনুকৰণ প্ৰ'গ্ৰাম' (Life Emulation Program) এটাত তেওঁ নিজে নিজে প্ৰতিলিপি তৈয়াত কৰিব পৰা প্ৰ'গ্ৰাম লিখিছিল।


কৃত্ৰিম বুদ্ধিমত্তাৰ (Artificial Intelligence) পৰীক্ষাৰ বাবে ১৯৭০ চনত প্ৰথমে নিজৰ প্ৰতিলিপি প্ৰস্তুত কৰিব পৰা প্ৰ'গ্ৰাম লিখা হৈছিল। এইবোৰক 'জীৱ' (Organism) বোলা হৈছিল।[2]


১৯৭২ চনত ভেইথ ৰিচাকে তেওঁৰ প্ৰবন্ধ "Selbstreproduzierende Automaten mit minimaler Informationsübertragung" (Self-reproducing automata with minimal information exchange) ত বৰ্ণনা কৰিছিল যে SIEMENS 4004/35 কম্পিউটাৰ প্ৰণালীৰ বাবে এছেম্বলাৰ ভাষাত ভাইৰাছৰ সৃষ্টি কৰা হৈছিল।


১৯৮০ চনত জুৰ্গান ক্ৰৱাচে তেওঁৰ গৱেষণা পত্ৰ "Selbstreproduktion bei Programmen" (Self-reproduction of programs) ত উল্লেখ কৰিছিল যে কেতিয়াবা কম্পিউটাৰ ভাইৰাছবোৰে জৈৱিক ভাইৰাছৰ দৰে লক্ষণ দেখুৱাই। ১৯৮৩ চনত প্ৰথম বাৰৰ বাবে এনে প্ৰ'গ্ৰামক 'ভাইৰাছ' বুলি উল্লেখ কৰিছিল ফ্ৰেডৰিক কোহেন (Frederick Cohen) আৰু লেন এদলমেন-এ (Len Adleman)।


ভাইৰাছৰ প্ৰয়োগেৰে কম্পিউটাৰৰ ব্যৱস্থা বিঘ্ন কৰাৰ প্ৰথম ঘটনা সংঘটিত হৈছিল, ১৯৮৬ চনত। এই ভাইৰাছক পাকীস্তানী ব্ৰেইন ভাইৰাছ (Pakistani Brain Virus) বুলি জনা যায়। এই ভাইৰাছ প্ৰগ্ৰামটোৰ লেখক আছিল পাকিস্তানৰ লাহোৰ চহৰৰ দুই ভাতৃ বছিত আৰু আমজাদ ফাৰুক আলভি (Basit and Amjad Farooq Alvi)।


Read- কম্পিউটাৰ হাৰ্ডৱেৰ (Computer hardware) ৰ কিছু কথা :


পৃথিৱীৰ প্ৰথম কম্পিউটাৰ ভাইৰাছ (The world's first computer virus):

পৃথিৱীৰ প্ৰথম কম্পিউটাৰ ভাইৰাছটোৰ নাম হ’ল ক্ৰিপাৰ (Creeper)। বব থমাছ নামৰ মানুহ এজনে বি বি এন টেকন’লজিছ (BBN Technologies৩) ক’ম্পেনীটোত ইয়াক সাজি উলিয়াইছিল। ক্ৰিপাৰ আচলতে এটা পৰীক্ষামূলকভাৱে তৈয়াৰ কৰা কম্পিউটাৰ প্ৰ’গ্ৰাম যাৰ উদ্দেশ্য আছিল ARPANET৪ত থকা DEC PDP-10 কম্পিউটাৰ বিলাকক আক্ৰান্ত কৰা। ই ARPANET ত সোমাই আন আন কম্পিউটাৰত নিজৰে কিছুমান প্ৰতিলিপিৰ সৃষ্টি কৰিছিল আৰু সেই কম্পিউটাৰবিলাকত এটা বাৰ্তা দেখা গৈছিল এনেদৰে “I’m the creeper, catch me if you can!”। ক্ৰিপাৰক ধ্ধংস কৰিবলৈ ৰিপাৰ(Reaper) বুলি আন এটা প্ৰ’গ্ৰাম পিছত সৃষ্টি কৰা হৈছিল যিটো নিজেও এক ধৰণৰ ভাইৰাছেই আছিল। আমোদজনক কথাটো হ’ল MS-DOS অপাৰেটিং চিষ্টেমৰ প্ৰথম ভাইৰাছ সৃষ্টি কৰিছিল দুজন পাকিস্তানী ভাই ককাইয়ে লগ লাগি ১৯৮৬ চনত। বাছিত ফাৰুক আলিভ আৰু আমজাদ ফাৰুক আলিভ নামৰ লোক দুজনে তেওঁলোকে সজা মেডিকেল চফ্টৱেৰ এটাক পাইৰেছীৰপৰা বচাবলৈ “ব্ৰেইন” নামৰ এই ভাইৰাছটো তৈয়াৰ কৰি উলিয়াইছিল। তেওঁলোকৰ কোনো বেয়া উদ্দেশ্য অৱশ্যে নাছিল। “ব্ৰেইন”এ IBM কম্পিউটাৰৰ ফ্লপী এখনত আক্ৰমণ কৰি ইয়াৰ বুট ছেক্টৰত থকা ক’ডসমূহ সলনি কৰি পেলাইছিল আৰু ফ্লপীৰ সহায়তে এটাৰ পৰা আনটো কম্পিউটাৰত বিয়পি পৰিছিল। ফাৰুক আৰু আমজাদে Brain Telecommunication Limited নামৰ ক’ম্পেনী এটাৰ লগত লগ লাগি Brain NET Internet service providers নামেৰে পাকিস্তানত এতিয়াও ব্যৱসায় কৰি আছে।


কম্পিউটাৰ ভাইৰাছৰ পৰা হাত সাৰিবলৈ সহজ উপায় (An easy way to get rid of computer viruses)-

ভাইৰাছৰ পৰা হাত সাৰিবলৈ আতাইতকৈ সহজ উপায় হৈছে কম্পিউটাৰত এটা ভাল এণ্টিভাইৰাছ চফ্টৱেৰ ইনষ্টল কৰি ৰখা। আজিকালি বজাৰত বহুতো এণ্টিভাইৰাছ চফ্টৱেৰ কিনিবলৈ পোৱা যায়। যদি প্ৰশ্ন কৰা হয় ইয়াৰ ভিতৰত কোনটো ভাল হয় বুলি তেন্তে উত্তৰত সাধাৰণ ঘৰুৱা বা সৰু আৰু মধ্যমীয়া ব্যৱসায়িক ব্যৱহাৰৰ বাবে যিকোনো এণ্টিভাইৰাছেই উপযুক্ত বুলি কব পাৰি। এণ্টিভাইৰাছ যিয়ে ব্যৱহাৰ নকৰক কিয় আচল মন কৰিবলগীয়া কথাটো হ’ল ইয়াক আপ-টু-ডেট (Up-to-date) কৰি ৰখাটোহে। আপডেট কৰাতো অতি জৰুৰী কিয়নো পৃথিৱীত প্ৰতি ছেকেণ্ডত নতুন নতুন ভাইৰাছৰ সৃষ্টি হৈ থাকে। এণ্টিভাইৰাছ চফ্টৱেৰ ক’ম্পেনী সমূহে ইয়াৰ বিষয়ে যিমান বেছিকৈ পাৰে তথ্য সংগ্ৰহ কৰি প্ৰতিদিনে এটা ডেটাবেছ তৈয়াৰ কৰি ৰাখে যাক সাধাৰণতে “ভাইৰাছ ডেফিনিছ’ন” (Virus Definition) বুলি কোৱা হয়। যিকোনো এণ্টিভাইৰাছ চফ্টৱেৰ এটা আপডেট কৰা মানে হ’ল তাৰ ক’ম্পেনিৰ নিৰ্দিষ্ট ছাৰ্ভাৰৰ লগত সংযোগ স্থাপন কৰি শেহতীয়াকৈ উপলব্ধ ভাইৰাছ ডেফিনিছ’নটো ডাউনল’ড কৰা। স্কেন কৰাৰ সময়ত এই ডেটাবেছত থকা তথ্যৰ লগত এণ্টিভাইৰাছ প্ৰ’গ্ৰাম এটাই কম্পিউটাৰটোত থকা প্ৰতিটো ফাইল ৰিজনি কৰে আৰু একে পালেই তাক ভাইৰাছ বুলি ধৰি আঁতৰাই দিয়ে বা জেইলত ভৰাই দিয়ে। ডেটাবেছখন পুৰণা হ’লে নতুনকৈ সৃষ্টি হোৱা ভাইৰাছসমূহ ধৰিব নোৱাৰা হয় সেয়েহে সময়ে সময়ে ভাইৰাছ ডেফিনিছ’ন আপদেট কৰাতো অতি জৰুৰী। আজিকালি প্ৰায় ভাগ এণ্টিভাইৰাছ ক’ম্পেনীৰ ভাইৰাছ ডেফিনিছ’ন ইন্টাৰনেটৰ সহায়ত আন কম্পিউটাৰ এটাত ডাউনল’ড কৰি আন এটা কম্পিউটাৰতো ইনষ্টল কৰিব পাৰি। মুঠতে নিয়মিত আপডেটৰ সহায়ত ব্যক্তিগত কম্পিউটাৰ এটাক ভাইৰাছমুক্ত কৰি ৰখাতো বিশেষ টান কাম নহয়।


নতুন আৰু অধিক শক্তিশালী এণ্টিভাইৰাছ তৈয়াৰ কৰাৰ বাবে সমগ্ৰ পৃথিৱীতে যেনেকৈ গৱেষণা চলি আছে ঠিক তেনেকৈ নতুন নতুন আৰু অতি চতুৰ বুদ্ধিৰ ভাইৰাছৰো নিতৌ সৃষ্টি হৈ আছে। ভাইৰাছৰ আগ্ৰাসনৰ পৰা তথ্য প্ৰযুক্তিৰ বিশ্বক মুক্ত কৰাৰ বাবে এণ্টিভাইৰাছ প্ৰ’গ্ৰামৰ ব্যৱহাৰ খুবেই জৰুৰী।


Read- Opareting System কি? - What is Opareting system {in Assamese} GK


সংযোজন (উদ্দীপ তালুকদাৰ):

লগতে মই আন কেইটামান সৰু কথা যোগ দিওঁ। বহুতেই কম্পিউটাৰ ভাইৰাছ বুলিলে ভূত দেখা দি দেখে। ইমান ভয় কৰিবলগীয়া কথা নহয়, আৰু ই কম্পিউটাৰৰ হাৰ্ডৱেৰ নষ্ট কৰিব নোৱাৰে। আৰু কেইটামান একেবাৰে জেনেৰেল কথা সদায় মানি চলিব লাগে,


১. বেংক বা তেনে কোনো অতি গোপনীয় পাছৱৰ্ড কোনো কাৰণতে (মানে কোনো কাৰণতে) কেতিয়াও বেলেগক নিদিব, আনকি বেংকৰ মানুহকো। আচলতে “সামাজিক হেকিং” (social hacking) হে বেছি ফলপ্ৰসূ। সামাজিক হেকিং মানে কম্পিউটাৰৰ তথ্য পাবলৈ মিলা-মিছা কৰা, ফোন কৰা, আনকি প্ৰেমৰ অভিনয় কৰা ইত্যাদিও চলে। অতি প্ৰয়োজনত কাৰোবাক দিলেও (এটিএম খনেৰে কাৰোবাক পইছা উলিয়াবলৈ দিব লগীয়া হ’লেও লগে লগে পাছৱৰ্ড সলনি কৰক।)


২. এনে ৱেবছাইট ব্যৱহাৰৰ সময়ত সাধাৰণতে এখন ভাৰ্চুৱেল কী-বোৰ্ড থাকে। সেইখন ব্যৱহাৰ কৰক। key-logger ছফ্টৱেৰেৰে টাইপ কৰি থকা প্ৰতিটো কী-ৰ খবৰ ৰেকৰ্ড কৰি থ’ব পাৰি। আৰু উপযুক্ত ভাইৰাছৰ সহায়ত সেই ৰেকৰ্ড কৰা তথ্য নিজে নিজে ই-মেইল কৰিবও পাৰি। গতিকে সমজুৱা কম্পিউটাৰ বাদেই নিজৰ কম্পিউটাৰতো ভাৰ্চুৱেলখন ব্যৱহাৰ কৰাৰ নিয়ম এটা কৰি লওক।


৩. ভাইৰাছ গোটাবলৈ অতি সহজ উপায় হৈছে পেন-ড্ৰাইভ, চিডি আদিৰ অটো-ৰান ব্যৱস্থা। অটো-ৰান বস্তুটোকে বন্ধ কৰি থওক। অকণমান কষ্ট কৰি ড্ৰাইভটোলৈ গৈ ৰাইট-ক্লিক কৰি এক্সপ্লোৰ কৰক। চিধাই ডাবল ক্লিক নকৰিব।

৪. ইণ্টাৰনেটত যিকোনো লোভনীয় বস্তু যেনে, “বিনামূলীয়া ধুনীয়া ছোৱালীৰ সাংঘাটিক ছবি” জাতীয় বস্তুবোৰৰপৰা আঁতৰত থাকক। ভুলতো ক্লিক নকৰিব


৫. হঠাতে পোৱা চাকৰীৰ মেইল, বা টকা-পইচা বা যিকোনো বিনামূলীয়া অফাৰৰ মেইলৰ কোনো লিংকতে ক্লিক নকৰিব। যদি ক্লিক কৰিবৰ মন গৈছেই, আগতে গুগলত তাৰে অলপমান কথা লিখি বিচাৰি চাওক। দেখিবই সেইটো স্পাম কৰাৰহে উপাদান।


৬. ওপৰৰ কথাকেইটা অভ্যাসৰ নিচিনাকৈ মানিব লাগিব। মানে সেইটো হেলমেট পিন্ধাৰ দৰে বস্তু। নিপিন্ধিলেও একো নহ’ব পাৰে, কিন্তু পিন্ধিলে ক্ষতি কমি যায়।


৭. ল’ৰা-ছোৱালীক এটিমএমৰ পাছৱৰ্ড, বা নেট বেংকিঙৰ পাছৱৰ্ড আদি দিয়াৰপৰা বিৰত থাকক। শুনিবলৈ বেয়া, কিন্তু সাধাৰণ হৰলুকি এনেকুৱা ঘৰৰ মানুহৰ দ্বাৰাই হয়।

***


info - https://as.vikaspedia.in/https://as.wikipedia.org/

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।