মুখৰ ভিতৰত ছাল ছিঙিলে কি কৰিব? Mouth Ulcers Home Treatment in Assamese

মুখৰ ভিতৰত ছাল ছিঙে যদি এতিয়াই এই কাম কৰক 

Mouth Ulcers Home Treatment in Assamese || Health tips in Assamese


বন্ধুসকল আপোনাৰ মুখৰ ভিতৰতো চাল ছিঙিছে নেকি? বহুতৰে সঘনাই দেখা দিয়া এক সমস্যা হৈছে মুখৰ ভিতৰত ছাল ছিঙা। এই সমস্যাই দেখা দিয়া জনেহে অনুভৱ কৰিব পাৰে কিমান কষ্ট সহিব লগা হয় খোৱা বোৱাৰ সময়ত।


Mouth Ulcers Home Treatment in Assamese

সাধাৰণতে মুখৰ ভিতৰত ছাল ছিঙি বগা ৰঙৰ নিচিনা সৃষ্টি হোৱা ডাগক চিকিৎসা বিজ্ঞানৰ ভাষাত Mouth Ulcers বুলি কোৱা হয়। আমাৰ প্ৰায় সকলোৰে ঘৰত এনেধৰণৰ সমস্যা কাৰোবাৰ নহয় কাৰোবাৰ দেখিবলৈ পোৱা যায়। সাধাৰণতে শৰীৰত ভিটামিন চি আৰু কেলছিয়ামৰ অভাৱত এনেধৰণৰ সমস্যাই দেখা দিয়ে। বিশেষকৈ এনে সমস্যা হলে ওঁঠত আৰু গালৰ ভিতৰৰ ফালে ছাল ছিঙি বগা ডাগ কিছুমান দেখা যায়। মছলাযুক্ত বা নিমখীয়া খাদ্য বা টেঙা আৰু অন্যধৰণৰ খাদ্য খালে বিষৰ সৃষ্টি হয় বা জ্বলন উঠে যাৰ ফলত খোৱা বোৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়।




কিয় Mouth Ulcers সমস্যা হব পাৰে? Health tips in Assamese


সাধাৰণতে শৰীৰৰ উষ্ণতা বা তাপমাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি এই সমস্যা হব পাৰে। যেতিয়া শৰীৰত তাপৰ পৰিমাণ বৃদ্ধি পায় তেতিয়া এই সমস্যা হব পাৰে। প্ৰধানকৈ আমি সেৱন কৰা বিভিন্ন খাদ্য যেনে প্ৰচুৰ পৰিমাণে মচলাযুক্ত খাদ্য, জ্বলা খাদ্য বা পাণ মছলা জাতীয় খাদ্য আদি উপাদানৰ ফলত কেতিয়াবা এই সমস্যাই দেখা দিয়ে। কেতিয়াবা বহু দিন ধৰি একেলগে হজম প্ৰক্ৰিয়াত ব্যাঘাত জন্মিলেও এই mouth ulcers হোৱা দেখা যায়। ইয়াৰোপৰি বেছি ক্ষেত্ৰত ভিটামিন বি ১২ আৰু ভিটামিন চি ৰ অভাৱতেই এই সমস্যা হয়।এই সমস্যাই দেখা দিলে নিমখ আৰু চেনীৰ সৈতে ফলমূলৰ ৰস খাব পাৰে। ভিটামিন বি ১২ যুক্ত খাদ্য যেনে দৈ খাব লাগে। কাৰণ ভিটামিন বি ১২ ৰ অভাৱত এই সমস্যা হয় আৰু দৈত ভিটামিন বি ১২ প্ৰচুৰ পৰিমাণে পোৱা যায়। এনে সমস্যা হৈ থাকিলে ঠাণ্ডা পানী আৰু টেঙা একেবাৰে নাখাব।


Mouth Ulcers হলে কেনেধৰণৰ খাদ্য সেৱন কৰিব?


  1. এই সমস্যাই দেখা দিলে নিমখ আৰু চেনীৰ সৈতে ফলমূলৰ ৰস খাব পাৰে।
  2. ভিটামিন বি ১২ যুক্ত খাদ্য যেনে দৈ খাব লাগে। কাৰণ ভিটামিন বি ১২ ৰ অভাৱত এই সমস্যা হয় আৰু দৈত ভিটামিন বি ১২ প্ৰচুৰ পৰিমাণে পোৱা যায়।
  3. এনে সমস্যা হৈ থাকিলে ঠাণ্ডা পানী আৰু টেঙা একেবাৰে নাখাব।


ঘৰুৱা প্ৰতিষেধক


বন্ধুসকল আপোনাৰে যদি এই সমস্যাই সঘনাই দেখা দিয়ে তেন্তে চিন্তা কৰিব লগা একো নাই। আজি আমি আলোচনা কৰিম ঘৰতে কি কি উপায় অৱলম্বন কৰি এই সমস্যাৰ পৰা হাত সাৰিব পাৰি। আজি এনে এক ঘৰুৱা উপায় কথা কম যিটো Mouth Ulcers ৰ বাবে অতি ফলপ্ৰসু। আপুনি এই সমস্যা হলে হয়তো ডাক্তৰৰ ওচৰতো গৈছে বা যাব বুলি ভাবে। আপোনাক হয়তো কিছু মেডিছিনো দিব যাৰ প্ৰতিষেধক ক্ষমতা আপুনি ভবাৰ দৰে ইমান দ্ৰুত বা ফলপ্ৰসূ নহবও পাৰে। গতিকে আপুনি আমি উল্লেখ কৰা ধৰণৰ উপায় অৱলম্বন কৰি চাব পাৰে হয়তো আপুনি এই সমস্যাৰ পৰা হাত সাৰিব পাৰিব। ইয়াৰ বাবে আপোনাক তলত উল্লেখ কৰা ধৰণৰ সামগ্ৰী সমূহ লাগিব।

  • এচামুচ হালধী
  • একফুট নহৰু
  • নিমখ
  • গৰম পানী
  • ফিটকাৰী

প্ৰথমে নহৰু ফুটা ভালদৰে গুচাই লব। এতিয়া নহৰু ফুটটো হালধী চামুচৰ লগতে ভালদৰে পিচি লওঁক। অলপ মান পানীৰে সৈতে ভালদৰে মিলাই এটা বড়ি বনাই লওঁক। হালধীৰ লগত নহৰুৰ মিলাই বনোৱা মিশ্ৰণটো আপোনাৰ যি ঠাইত ছাল ছিঙিছে সেই ঠাইত লগাই থওক। অতি কমেও পাঁচ মিনিট সময় এইদৰে ৰাখিব। এটা কথা মন কৰিব যাতে লগাই থোৱা সময়ত মুখ বন্ধ থাকে আৰু লালটি মুখৰ পেটৰ ভিতৰতো নোসোমায় আৰু বাহিৰলৈও নোলায়।


এইদৰে পাচঁ মিনিটমান লগোৱাৰ পিছত অলপমান পানী কুহুমীয়াকৈ গৰম কৰি তাতে এখুটমান ফিটকাৰী আৰু নিমখ মিলাই সেই পানীৰে ভালদৰে কুলকুল কৰি মুখখন চাফা কৰি লব। এইদৰে কৰাৰ চাৰি পাঁচ মিনিটমান পিছতেই আপুনি তাৰ সুফল দেখিবলৈ পাব। আপোনাৰ বিষ একেবাৰে নোহোৱা হৈ যাব। দিনে দুবাৰকৈ যদি কৰে তেন্তে দুই তিনিদিনৰ ভিতৰতে আপোনাৰ এই সমস্যা একেবাৰ নাইকিয়া হৈ যাব।


আন এক ঘৰুৱা প্ৰতিষেধক হল আপুনি দুকাপমান পানী লৈ তাত তিনি চামুচমান হালধী আৰু দুটা লং মিহলাই লব। গোটেই মিশ্ৰণটো অলপমান সময় উতলাই লৈ কিছুসময় ঠাণ্ডা হবলৈ দিব। এতিয়া সেই মিশ্ৰণটোৰে কুলকুল কৰিলে আপুনি বিষ আৰু ছাল ছিঙা দুয়োটাৰে পৰা পৰিত্ৰাণ পাব। দিনত দুবাৰকৈ কমেও তিনি চাৰিদিন এনেকৈ কৰিলে সুফল পাব।


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।