শিৱৰাত্ৰি কিয় পালন কৰা হয়? - ( Shivratri Story in Assamese)

Shivratri Story in Assamese । শিৱৰাত্ৰী কিয় পালন কৰা হয় । ভগৱান শিৱৰ আৰাধনাৰ অৰ্থে আমি মহাশিৱৰাত্ৰিপালন কৰোঁ ,( why Shivratri celebrated in India? ) কিয় আমি মহাশিৱৰাত্ৰি ( Mahashivratri ) উদযাপন কৰোঁ জানো আহক :-



শিৱৰাত্ৰি কিয় পালন কৰা হয়? - ( ShivRatri Story in Assamese)


মহাশিৱৰাত্ৰি( Mahashivratri ), এই উৎসৱ হিন্দু কেলেণ্ডাৰ হিচাপত ফাগুণ মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী/চতুৰ্দ্দশী তিথিত বিশেষকৈ ভাৰতত পালন কৰা হয় । হিন্দু পুৰাণ অনুসৰি এইটো দিনটোতে সৃষ্টিৰ আৰম্ভ হৈ মধ্যৰাতি আদিদেৱ ব্ৰহ্মাৰ পৰা ভগবান শিৱ ৰূদ্ৰ ৰুপ ধৰি প্ৰকট হৈছিল । পৌৰাণিক কথা মতে এই দিনটোতে ভগবান শিৱ আৰু মা পাৰ্বতীৰ বিবাহ হৈছিল বুলি কোৱা হৈছে। সেয়ে এই দিনটোক মহাশিৱৰাত্ৰি ( Mahashivratri ) বুলি কোৱা হয় । এই শুভ দিনটোত ভগবান শিৱৰ ভক্ত সকলে ব্ৰত ৰাখি ভগবান শিৱৰ পূজা- অৰ্চনা কৰে । ইয়াৰ আঁৰত কিছুমান পৌৰাণিক কাহিনী জৰিত হৈ আছে।





"মহাশিৱৰাত্ৰি"ৰ পৌৰাণিক কথা ( Mahashivratri katha ) :-


প্ৰাচীন কালত এখন গাঁওত গুৰুদ্ৰুহ নামৰ  এজন চিকাৰীয়ে বাস কৰিছিল । তেওঁৰ পেচা আছিল জন্ত্তবোৰৰ চিকাৰ কৰা । আৰু এই কাম কৰিয়েই তেওঁ নিজৰ আৰু লগতে তেওঁৰ পৰিয়ালৰ ভৰণ-পোষণ কৰিছিল । 


অইন দিনাৰ নিচিনাকৈ, এদিন কাহিলি পুৱাতে তেওঁ চিকাৰলৈ ওলাইছিল আৰু সেইদিনা খালি পেটতে আছিল অৰ্থাৎ তেওঁৰ একো খোৱাবস্ত্ত খোৱা হোৱা নাছিল। সিদিনাখন আছিল "শিৱৰাত্ৰী"ৰ দিন। কিন্ত্ত সেইসিনাখন বহু সময় চিকাৰ বিচাৰিও তেওঁ কোনো ধৰণৰ চিকাৰ বিচাৰি পোৱা নাছিল। তেতিয়া তেওঁ বহু চিন্তিত হৈ পৰিছিল । তাৰ পিছত তেওঁৰ পানীৰ পিয়াহ লগাত এটা পুখুৰীৰ ওচৰলৈ গল আৰু  পুখুৰীটোৰ পৰা পানী লৈ তাৰ কাষতে থকা এডাল গছৰ ওপৰত উঠিল । সেই গছডাল আছিল "বেল গছ" । আৰু উক্ত গছজোপাৰ তলতে আছিল এটা শিৱলিংগ । কিন্ত্ত এই শিৱলিংগটো গছৰ শুকান পাতেৰে ঢাক খাই আছিল । সেয়ে গুৰুদ্ৰুহে শিৱলিংগটো দেখা পোৱা নাছিল । তেওঁ গছজোপাত বহি পানী খাবলৈ লওঁতে অকণমান পানী আৰু কেইটামান গছৰ বেলপাত অকপতে উক্ত শিৱলিংগটোত আহি পৰিছিল । এনেধৰণে অজানিতে তেওঁৰ খালি পেটেৰে থকা বাবে  তেওঁৰ ব্ৰত পালন কৰাও হল আৰু লগতে প্ৰথম প্ৰহৰৰ শিৱ পূজাও কৰা হৈ গৈছিল । 


প্ৰথম প্ৰহৰৰ অন্তত, কিছু সময় পিছত এটা গাভিণী হৰিণ সেই পুখুৰীটোত পানী খাবলৈ আহিল । চিকাৰীজনে হৰিণটো দেখা পোৱাৰ লগে লগে নিজৰ ধনু কাড়ডাল উলিয়ালে আৰু হৰিণটোক লক্ষ্য কৰিলে । হৰিণটোৱে গছজোপাত কিবা খচ্ মচ্ অনুভব কৰি গছজোপালৈ চোৱাত চিকাৰীজনক দেখা পায় কবলৈ ধৰিলে, "হে চিকাৰী, তুমি মোক নামাৰিবা" । তেতিয়া চিকাৰীজনে কলে, "মোৰ আন উপায় নাই, মোৰ লগতে মোৰ পৰিয়ালো ভোকত আছে, সেয়ে মই তোমাক এনেই যাবলৈ দিব নোৱাৰো" । হৰিণটোৱে কলে, "মই মোৰ পোৱালীকেইটাক মোৰ স্বামী'ক ৰখীয়া কৰি থৈ আহিছো, মোক যাবলৈ দিয়া"। তেতিয়া চিকাৰীজনৰ হৰিণটোৰ প্ৰতি দয়া ওপজিল আৰু হৰিণটোক যাবলৈ দিলে ।


কিছু সময় পিছত চিকাৰীজনে, আৰু এটা হৰিণ তাৰ পোৱালীবোৰৰ সৈতে সেই ঠাইলৈ আহি থকা দেখা পালে । চিকাৰীজনে লগে লগে নিজৰ ধনু কাড়ডাল উলিয়ালে আৰু হৰিণটোক লক্ষ্য কৰিলে । হৰিণটোৱে হঠাৎ চিকাৰীজনক দেখা পাই কবলৈ ধৰিলে, "হে চিকাৰী, মই মোৰ পোৱালী কেইটাক সিহতৰ বাপেকৰ ওচৰত থৈ আহিব দিয়া , তাৰ পিছত লাগিলে তুমি মোৰ চিকাৰ কৰিবা, মই নিজেই আহি এই ঠাইত আহি উপস্হিত হম" । তেতিয়া চিকাৰীজনে কলে, "মোৰ আন উপায় নাই, মই মোৰ পৰিয়ালৰ কাৰণে তোমাৰ চিকাৰ কৰিবই লাগিব"। হৰিণটোৱে কলে, "তুমি যেনেকৈ তোমাৰ সন্তান আৰু পৰিয়ালৰ কথা ভাবিছা, ঠিক তেনেকৈ মইও মোৰ সন্তানৰ কথা চিন্তা কৰোঁ, সেয়ে তুমি মোক কিছু সময় দিয়া, তাৰ পিছত মই নিজেই তোমাৰ ওচৰলৈ আহি নিজকে আত্মসমৰ্পন কৰিম"। হৰিণিজনীৰ নিজৰ সন্তানৰ প্ৰতি থকা এনে প্ৰেম দেখি চিকাৰীজনৰ হৰিণটোৰ প্ৰতি দয়া ওপজিল আৰু এই হৰিণটোকো যাবলৈ দিলে ।


এনে ধৰণে চিকাৰীজনে গছডালৰ ওপৰৰ সকলোপিনে অইন চিকাৰৰ আশাত দৃষ্টি নিক্ষেপ কৰি থাকিল আৰু সময় পাৰ কৰিবৰ বাবে হাতেৰে গছৰ বেল পাতবোৰ চিঙি চিঙি তলত পেলাই আছিল । তেওঁৰ অজ্ঞাতে বেলপাতবোৰ গছজোপাৰ তলত থকা শিৱলিংগটোত পৰি আছিল ।


সেইখিনি সময়তে চিকাৰীজনে আৰু এটা হৰিণ সেইফালে আহি থকা দেখিলে । ঠিক আগৰ দৰেই চিকাৰীজনে নিজৰ ধনু কাড় উলিয়াই হৰিণটোক মাৰিব লওতেই হৰিণটোৱে কলে, "তুমি যদি অলপ আগতে ইয়াত চৰি থকা মোৰ পত্নী আৰু পোৱালীকেইটাক মাৰি পেলাইছা, তেতিয়া হলে তুমি মোকো অতি সোনকালে মাৰি পেলোৱা, কিয়নো সিহতৰ অবিহনে মোৰ জীৱন বৃথা"। চিকাৰীজনে কলে, "মইতো সিহতক এতিয়ালৈকে মাৰি পেলোৱা নাই, সিহতক অকণ সময়হে দিছো"। তেতিয়া হৰিণটোৱে কলে, "তেতিয়া হলে, মোকো অকণ মোৰ সন্তান কেইটাক লগ কৰিবৰ বাবে সময় দিয়া, তাৰ পিছত মই নিজে আহি ইয়াত উপস্হিত হম"। এই কথা শুনি চিকাৰীজনে ভাবিলে, বাকি দুজনীক এবাৰ সুবিধা দিলো যেতিয়া ইয়াকো এবাৰ সুবিধা দি চাওঁচোন । সেইবুলি হৰিণটোক যাবলৈ দিলে ।


কিছু সময় পিছত তিনিওটা হৰিণ  চিকাৰীজনৰ সন্মুখত আহি হাজিৰ হল ।


চিকাৰীজনে অজানিতে শিৱপূজাৰ বাবে কৰিবলগীয়া ব্ৰত্ , বেল পাত আৰু জল আগবঢ়োৱা আদিবোৰ কৰি আছিল, সেয়ে তেওঁৰ মনৰ পৰা পাপ আতৰি, মন নিৰ্মল আৰু পবিত্ৰ হৈ পৰিছিল । তাৰ ফলাফল স্বৰূপে হৰিণ তিনিটাক চিকাৰ কৰাৰ পৰিৱৰ্তে সিহতক মুক্ত কৰি দিছিল । আৰু ভুতকালত কৰা অগনণ জন্ত্ত চিকাৰ/ হত্যাৰ বাবে নিজকে দোষী বুলি ভাবিব ধৰিছিল ।


এনেতে সেই স্হানত ভগৱান শিৱ প্ৰকট হল আৰু গুৰুদ্ৰুহক কলে, "বৎস, আজিৰ পৰা তুমি কেতিয়াও তেনে কাম নকৰিবা যি তোমাৰ মন পাপ আৰু আত্মগ্লানীৰে ভৰাই পেলায়"।


এই কথা শুনি অলপ আচৰিত হৈ গুৰুদ্ৰুহে ভগবান শিৱক সুধিলে , "কিন্ত্ত প্ৰভু, মোৰ দৰে এজন পাপীক আপুনি কিয় দৰ্শন দিলে" ।


তেতিয়া ভগবান শিৱই কলে, "বৎস, আজি শিৱৰাত্ৰি, তুমি অজানিতে হলেও মোৰ পূজন কৰিলা, সেয়ে মই ইয়াতে সন্ত্তষ্ট হৈ তোমাৰ সকলো পাপ খণ্ডণ কৰি তোমাক দৰ্শন দিলো আৰু সেই পাপবোৰৰ পৰা মুক্ত কৰি তোমাক পবিত্ৰ  কৰিলো, আজিৰ দিনটোত যিয়ে মোৰ পূজা ( শিৱ পূজা ) কৰিব, সিয়ে এই ফল লাভ কৰিব পাৰিব"।


মহাশিৱৰাত্ৰি/শিৱৰাত্ৰি/শিৱ পূজা আদিৰ লগত জড়িত আৰু বহু কাহিনী আছে, ইয়াত পাঠক সকলক এটা কাহিনী সংকীৰ্ণ অৰ্থত প্ৰকাশ কৰিলোঁ । আশা কৰোঁ আপোনালোকে পঢ়ি ভাল পালে । আপোনালোকে আশীৰ্বাদ কৰিলে আগলৈ বিভিন্ন ধৰণৰ বিষয়বস্ত্তৰ ওপৰত লিখিবলৈ যত্ন কৰিম ।


INFO- WWW.KHAGORI.COM

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।