মহাভাৰতৰ অকথিত কাহিনী (ভাগ- ৩) {The Untold Story of the Mahabharata - Part-3} IN ASSAMESE

 The Untold Story of the Mahabharata IN ASSAMESE


আপুনি জানি আচৰিত হ'ব যে ঘোৰশত্ৰু হলেও দুৰ্যোধনক অৰ্জুনে প্ৰাণৰক্ষা কৰিছিল আৰু তাতকৈ বেছি আচৰিত হ'ব জানিলে দুৰ্যোধনৰ মহানতা তথা একচিত্ত কথাত।


The Untold Story of the Mahabharata - Part-3 IN ASSAMESE
IMAGE - WIKIPEDIA


       

    পাণ্ডবসকল যেতিয়া বনবাসত আছিল সেইসময়ত পাণ্ডব সকল অৰণ্যৰ যি ঠাইত আছিল তাৰ কাষতে থকা এটা ডাঙৰ পুখুৰীৰ সিটো পাৰে দুৰ্যোধনেও নিজৰ শিবিৰ স্থাপন কৰিছিল পাণ্ডব সকলৰ ওপৰত চকু ৰাখিবৰ বাবে। এদিন দুৰ্যোধনে সেই পুখুৰীটোত গা ধুবলৈ গৈছিল আৰু নিৰস্ত্ৰ অকলশৰীয়া দুৰ্যোধনক অকলে পায় গন্ধৰ্ব সকলে আক্ৰমণ কৰিলে। গন্ধৰ্বৰ আক্ৰমণত তিস্তিব নোৱাৰি সেই যুঁজত দুৰ্যোধনে হাৰ মানিলে আৰু তেওঁক গন্ধৰ্ব সকলে বন্দী কৰি পেলালে। তেনেতে সমগ্ৰ দৃশ্য পুখুৰীটোৰ পাৰত পৰিভ্ৰমণ কৰি ফুৰা অৰ্জুনৰ চকুত পৰিল আৰু লগে লগে অৰ্জুনে গাণ্ডীব ধনু লৈ গন্ধৰ্ব সকলৰ বিপক্ষে ৰণত জপিয়াই পৰিল। অৰ্জুনৰ পৰাক্ৰমৰ সন্মূখত গন্ধৰ্ব সকলে বন্দী দুৰ্যোধনক তাতে এৰি  ছত্ৰভঙ্গ দিলে। তাৰপাছত বন্দী দুৰ্যোধনক অৰ্জুনে বন্ধন মুক্ত কৰি যাবলৈ ওলাল। তেনেতে দুৰ্যোধনে অৰ্জুনক ক'লে যে তেওঁ অৰ্জুনক বৰ দিব বিচাৰে। অৰ্জুনে ক'লে যে বৰ্তমান তেওঁক কোনো বৰ নালাগে, সময় হলে নিশ্চয়কৈ সেই বৰ গ্ৰহণ কৰিব। এইবুলি দুয়োজন বীৰ দুইফালে গুচি গ'ল।

    কুৰুক্ষেত্ৰ যুদ্ধত যেতিয়া ভীষ্ম-পৰ্ব্বত এদিন কৌৰব সকল পাণ্ডবৰ হাতত বেয়াকৈ পৰাজিত হৈছিল আৰু কৌৰবৰ পক্ষৰ অনেক বীৰ ৰণত মৰা পৰিছিল, সেই নিশা দুৰ্যোধন খঙত অগ্নিশৰ্মা হৈ সেনাপতি পিতামহ ভীষ্মৰ ওচৰলৈ গ'ল আৰু ক'লে যে ভীষ্মই পাণ্ডবসকলৰ প্ৰতি থকা মৰমৰ বাবেই ইচ্ছা কৰি হাৰিছে। পাণ্ডব প্ৰীতিৰ বাবেই যুঁজত ভীষ্মই মনোনিবেশ ভালদৰে কৰা নাই বুলি দুৰ্যোধনে অপবাদ দিলে। দুৰ্যোধনৰ কথা শুনি ভীষ্মৰ ক্ৰোধ জাগি উঠিল আৰু লগে লগে তেওঁ পাঁচপাট মন্ত্ৰপূত সোণৰ কাঁড় উলিয়ালে আৰু ক'লে যে পাছৰ দিনা এই কাঁড়ৰ দ্বাৰাই তেওঁ পাঁচ পাণ্ডবক নিধন কৰিব। সেই কাঁড়কেইপাত আছিল অব্যৰ্থ , যাৰ পৰা পাণ্ডব সকল বাচি যোৱাৰ কোনো উপায় নাছিল।ভীষ্মৰ মুখেদি সেই কথা শুনি দুৰ্যোধন আনন্দত আত্মহাৰা হৈ পৰিল। তেওঁ ভাবিলে পুৱালৈ হয়তো ভীষ্মৰ মনৰ সিদ্ধান্ত পুনৰ সলনি হ'ব পাৰে গতিকে কাঁড় কেইপাত লগত লৈ যোৱাই ভাল হ'ব। সেইহেতু দুৰ্যোধনে ভীষ্মৰ পৰা কাঁড়কেইপাত লগত লৈ যোৱাৰ অনুমতি বিচাৰিলে। ভীষ্মই দুৰ্যোধনৰ হাতত কাঁড় কেইপাত দি বিদায় দিলে।

    ইফালে ভগৱান শ্ৰী কৃষ্ণই দেখিলে যে কথা বিষম। এই কাঁড় কেইপাতৰ পৰা পাণ্ডবক পৰিত্ৰাণ কৰা কেতিয়াও সম্ভব নহয়, সেয়ে কৃষ্ণই অৰ্জুনক মাতি আনি ক'লে যে, অৰ্জুনে গন্ধৰ্বৰ হাতৰ পৰা দুৰ্যোধনৰ প্ৰাণ ৰক্ষা কৰোতে দুৰ্যোধনে যি বৰ দিম বুলি কথা দিছিল সেই বৰ দুৰ্যোধনৰ পৰা বিচাৰিবগৈ লাগে আৰু বৰ হিচাপে কাঁড়কেইপাত খুজিব লাগে। সখাৰ কথামতে অৰ্জুনে দুৰ্যোধনৰ কাষলৈ গৈ বৰ হিচাপে কাঁড় কেইপাত বিচাৰিলে। দুৰ্যোধন যদিও অহংকাৰী আছিল কিন্তু এক কথাৰ মানুহ আছিল, সেয়ে তেওঁ অৰ্জুনৰ বৰ মঞ্জুৰ কৰি প্ৰাণঘাটি কাঁড় কেইপাত অৰ্জুনক দি দিলে।

    তাৰপাছত দুৰ্যোধন  ভীষ্মৰ কাষলৈ গৈ সবিশেষ কথা বৰ্ণাই পুনৰ তেনে পাঁচটা কাঁড় বিচাৰিলেগৈ। তেতিয়া ভীষ্মই ক'লে যে এতিয়া পুনৰ তেনে মাৰাত্মক শস্ত্ৰ আৰু তেওঁৰ কাষত নাই। দুৰ্যোধনে বুজিলে যে এয়া শ্ৰী কৃষ্ণৰ বুধিৰ বাহিৰে আন একো নহয়, যাৰ বাবে বিজয়ে তেওঁৰ হাত চুইও বিদায় মাগিলে।


       মহাভাৰতৰ এই অকথিত কাহিনীয়ে প্ৰমাণ কৰে যে বীৰ সেইজনেই যি কৰ্ত্তব্য পৰায়ণ হয় শত্ৰুৰ লগতো আৰু এইটোও বুজাই যে বিপদৰ সময়ত হাৰ নামানি নিজৰ বুদ্ধিমত্তাৰে সেই বিপদ জয় কৰিব পাৰি।



🔴 কাহিনীভাগ কেনে লাগিল কমেণ্ট বক্সত জনাই যেন।🙏

       লগতে শ্বেয়াৰ কৰিবলৈও কুন্ঠাবোধ নকৰিব☺


    পৰবৰ্ত্তী খণ্ডলৈ অপেক্ষা কৰে যেন.....


   পূৰ্বৰ খণ্ডৰ লিংক👇

জানেনে? সহদেৱে তেওঁৰ নিজ পিতৃৰ মঙহ চোবাই খাইছিল।




Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।