মহাভাৰতৰ অকথিত কাহিনী | The untold story of the Mahabharata

The untold story of the Mahabharata


⬛ খণ্ড -১


         মহাভাৰত  এনে এখন মহাকাব্য, য'ত বহু অকথিত কাহিনী আছে যিবোৰ জনসমাজৰ দৃষ্টিত কাহানিও পৰা নাই বা অজ্ঞ। তেনে ধৰণৰ অকথিত তথা অশ্ৰুত মহাভাৰতৰ এটা এটা কাহিনী আপোনাসবলৈ আগবঢ়াম। পঢ়ি চাবচোন___


      আজিৰ কাহিনী -


"বিশ্বৰ প্ৰথমজন Test tube baby - দ্ৰোণাচাৰ্য্য ।"


      কাহিনীভাগৰ নামটো শুনি হয়তো অলপ আচৰিত হৈছে? ঠিক আছে কাহিনীটো আৰম্ভ কৰোঁ।




      কৌৰব পাণ্ডবৰ গুৰু দ্ৰোণাচাৰ্য্যৰ জন্ম ৰহস্য অতিশয় আশ্চৰ্য্যজনক। দ্ৰোণাচাৰ্য্যৰ পিতৃ আছিল প্ৰখ্যাত যোগী ঋষি ভৰদ্বাজ। এবাৰ ঋষি ভৰদ্বাজে সন্ধ্যাৰ পূজা কৰিবৰ বাবে গংগাৰ পাৰলৈ যায় আৰু তাতেই এক অপূৰ্ব সুন্দৰী অস্পৰা কৃথাজীয়ে স্নান কৰি থকা দেখে। অপূৰ্ব যৌৱনা অস্পৰা গৰাকীৰ স্নানৰতা কমনীয় দেহবল্লভী দেখাৰ লগে লগে ঋষি কাম ভাবত উন্মাদ হৈ পৰে আৰু তেওঁৰ বীৰ্য্য স্খলন হয়। সেই বীৰ্য্য ঋষিয়ে মাটিৰ  পাত্ৰ এটাত সঞ্চিত কৰি নিজৰ আশ্ৰমলৈ আনি এডোখৰ অন্ধকাৰ ঠাইত লুকুৱাই থলে। এসময়ত সেই মাটিৰ পাত্ৰৰ পৰা এটি দিব্যশিশুৰ জন্ম হয়। যাৰ নাম আছিল দ্ৰোণম। দ্ৰুোণম মানে " মাটিৰ পাত্ৰ" পাছত সেই শিশুটি শিক্ষাগুৰুলৈ পৰিণত হোৱা বাবে নামৰ পাছত আচাৰ্য্য যোগ হয় আৰু নাম হৈ পৰে "দ্ৰোণাচাৰ্য্য "

      সেই দ্ৰোণাচাৰ্য্যই কবলৈ গলে বিশ্বৰ ভিতৰত প্ৰথমটো test tube বেবী যি নাৰীৰ গৰ্ভৰ পৰা জন্ম নহৈ,হৈছিল পাত্ৰৰ পৰা।

***


       🔴 আপুনি জানেনে পাণ্ডবৰ চিৰবৈৰী দোৰ্য্যোধনক পাণ্ডবৰ  বনবাসৰ কালত অৰ্জুনে মৃত্যুমুখৰ পৰা বচাইছিল? যদি নাজানে জানিবৰ বাবে পৰবৰ্তী খণ্ডলৈ অপেক্ষা কৰিব লাগিব।



 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।