ভগত সিঙৰ ফাঁচীৰ দিনটো

ভগত সিঙৰ ফাঁচীৰ দিনটো

 

   ২৩ মাৰ্চ ১৯৩১ চনৰ দিনটোৰ আৰম্ভণি সাধাৰণ দিন এটাৰ দৰেই আছিল। আগৰাতিৰ বৰষুণ জাকে পৰিৱেশ ফৰকাল কৰি তুলিছিল। জেইলৰ শৰত সিঙে  কয়দী বোৰক আবেলি ৪ বজাতে  নিজৰ নিজৰ কুঠৰীৰ ভিতৰত যাব কোৱাত, কয়দী বোৰ একপ্ৰকাৰ আচৰিত হৈছিল। কয়দী বোৰে ইয়াৰ কাৰণ গম পোৱা নাছিল। জেইলৰে কেৱল চিঞৰি কৈছিল যে, এইটো ওপৰৰ পৰা অহা অৰ্ডাৰ । 

কিছুসময় পিছত  দাৰোগাৰ ফুচফুচনিৰ পৰা গম পালে যে, আজি ৰাতি ভগত সিং, ৰাজগুৰু আৰু সুখদেৱক ফাঁচী দিয়া হব। কয়দী সকলৰ মাজত একপ্ৰকাৰৰ হাঁহাকাৰৰ সৃষ্টি হ'ল। প্ৰতিজন কয়দীয়ে ফাঁচীৰ পিছত ভগত সিঙে ব্যৱহাৰ কিবা এটা বস্তু নিজে ৰাখি থব বিছাৰিছিল, যাতে ভৱিষ্যতে নাতি নাতিনীহঁতেক কব পাৰিব যে - তেওঁ ভগত সিঙৰ সৈতে একেখন জেইলতে আছিল। ভগত সিঙে ব্যৱহাৰ কৰা কলম আৰু ফনী খন কোনে লৱ, তাৰ বাবে অৱশেষত  লটাৰী পৰ্যন্ত কৰিব লগা হৈছিল।

সকলো কয়দীৰে চকু আছিল  কুঠৰীৰ সন্মুখেৰে যোৱা ৰাস্তাটোত, যিটোহে ভগত সিঙক লৈ যোৱা হব।

সেই ৰাস্তাৰে এবাৰ  ভগত সিঙ যাওঁতে পঞ্জাৱ কংগ্ৰেছৰ নেতা  ভীম সিং সচ্চৰে এবাৰ সুধিছিল - - আপোনালোকে  লাহোৰ ষড়যন্ত্ৰৰ গোচৰত  নিজৰ সপক্ষে একো কিয় নকলে? কিয় নিজক বচাব চেষ্টা নকৰিলে?

- তেতিয়া ভগত সিঙে চিঞৰি উত্তৰ দিছিল - বিপ্লৱী সকল মৰিবই লাগিব , কিয়নো মৰাৰ পিছত তেওঁলোকৰ আন্দোলন আৰু বেছি জোৰদাৰ হয়। কোৰ্টত আপিল কৰিলে আন্দোলন সবল নহয়।


ভগত সিঙৰ কিতাপ পঢ়াৰ প্ৰতি সাংঘাতিক নিচা আছিল। শৰতে সিঙে প্ৰায়ে  লাহোৰৰ দ্বাৰকা লাইব্ৰেৰীৰ পৰা বিভিন্ন কিতাপ আনি দিছিল। ভগত সিঙৰ ১৪ নং কুঠৰীতোৰ মজিয়া কেচা আছিল। তাত ঘাঁহ গজি উঠিছিল। ফাঁচীৰ দুঘন্টা আগত  ভগত সিঙৰ উকীল প্ৰাণনাথ মেহতাই তেওঁক দেখা কৰিব আহিছিল। ভগত সিঙে হাঁহি মাৰি তেওঁক সুধিছিল - আপুনি মোৰ কিতাপ  The Revolutionary Lenin খন আনিছে নে নাই ? 

 মেহতাই কিতাপ খন দিয়াৰ লগে লগে ভগত সিঙে তাতেই পঢ়া আৰম্ভ কৰিলে, যেন অনুভৱ হৈছিল তেওঁৰ ওচৰত আৰু বেছি সময় নাই।  মেহতাই সুধিছিল - আপুনি শেষবাৰৰ বাবে  দেশবাসীক কিবা কব বিচাৰে নেকি.? 

ভগত সিঙে কিতাপৰ পৰা মূৰ নোতোলাকৈয়ে কৈছিল  -   সাম্ৰাজ্যবাদ মুৰ্দাবাদ, ইনক্লাব জিন্দাবাদ। 


মেহতা যোৱাৰ কিছুসময় পিছতে জেইলৰে  তিনিও জনকে কৈ গ'ল যে, তেওঁলোকক  পিছদিনা পুৱা ৬ বজাৰ সলনি. সিদিনা সন্ধিয়াতে ফাঁচী দিয়া হব। অৰ্থাৎ আচল সময়ৰ ১২ ঘন্টা আগত। 

ভগত সিঙে  মেহতাই দি যোৱা কিতাপ খন দেখুৱাই কৈছিল - আপুনি কি মোক এই কিতাপখনৰ এটা অধ্যায়ো শেষ কৰিব নিদিব ?? 


কিছুসময় পিছত তিনিওকে কুঠৰীৰ পৰা লৈ যোৱা হ'ল। তিনিও ইজনে সিজনৰ হাতত ধৰি  তেওঁলোকৰ প্ৰিয় গানটো গাবলৈ ধৰিলে  

"কভী ঔ দিন ভী আয়েগা 

যব আজাদ হাম হৌংগে

অবনি জমী হৌগী, ঔৰ অপনা আচমা হৌগা "

 

তিনিওৰে ওজন জুখি, শেষবাৰৰ বাবে গা ধুব দিয়া হল। তাৰ পিছত তিনিওকে ক'লা কাপোৰ পিন্ধিব দিয়া হ'ল। শৰত সিঙে, ভগত সিঙৰ কানত ফুচফুচাই কলে  - ৱাহেগুৰু ক  স্মৰণ কৰা । 

ভগত সিঙে উত্তৰ দিলে - গোটেই জীৱনটোত মই এদিনো ভগৱানক মনত নেপেলালো। আৰু যদি আজি মনত পেলাও তেন্তে ভগৱানে মোক ভয়াতুৰ বুলি ভাৱি লৱ। 


কয়দী বোৰে ইতিমধ্যে ইনক্লাব জিন্দাবাদৰ ধ্বনি দিয়া আৰম্ভ কৰিছিল। জল্লাদে ফাঁচিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব ধৰিলে। ভগত সিঙে, মাকক কোৱা ধৰনে ফাঁচীৰ সময়তো ইনক্লাব জিন্দাবাদ বুলি চিঞৰি আছিল। 

ভগত সিঙে ইমান জোৰে জোৰে চিঞৰিছিল যে, জেইলৰ কাষতে থকা  পঞ্জাৱ কংগ্ৰেছৰ নেতা  সিন্ধি দাস চোনীৰ ঘৰলৈ চিঞৰ শুনা গৈছিল। তিনিজনৰে হাত ভৰি বান্ধি গলত ৰছী দিয়া হ'ল। জল্লাদে তিনিওজনকে সুধিলে - প্ৰথমে কোন যাব? 

সুখদেৱে প্ৰথমে যোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে।

তিনিওজনকে ফাঁচী দিয়া হল। ৰছীৰ পৰা নমাই তিনিও জনকে ডাক্তৰৰ দ্বাৰা পৰীক্ষা কৰা হ'ল। 

Death certificate of Bhagat Singh


    প্ৰথমে নিৰ্ধাৰণ কৰা হৈছিল যে তিনিওজনৰে শৱদেহ জেইলৰ ভিতৰতে দাহ কৰা হব। কিন্তু ধোঁৱা দেখি জেইলৰ বাহিৰত ৰৈ থকা মানুহে, জেইল আক্ৰমণ কৰিব পাৰে বুলি ভাৱি সেই কৰা নহল। জেইলৰ পিছফালৰ ৱালখন ভাঙি এখন গাড়ী অনা হ'ল। আৰু তিনিওৰে দেহ তিনিটা কোনো পৰিত্যক্ত বস্তুৰ নিচিনাকৈ বান্ধি গাড়ীত লৈ যোৱা হ'ল। তাৰ পিছত ফিৰোজপুৰৰ চুটলেজ নৈৰ পাৰত শৱ দেহ লৈ যোৱা হ'ল। এজন পুজাৰী লৈ যোৱা হল। মানুহৰ মাজত খবৰ বিয়পিল, মানুহবোৰ জমা হৈ পৰিল। মানুহ জমা হোৱা দেখি  ব্ৰিটিছ চিপাহী তাৰ পৰা পলাল। গোটেই ৰাতি  মানুহ বোৰে তিনিওটা আধাপোৰা শৱদেহ ৰখি থাকিল। পিছদিনা দুপৰীয়া ডিষ্ট্ৰীক মেজিষ্ট্ৰেট আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিলে। পিছদিনা আবেলি  লাহোৰত  ৩ কিলোমিটাৰ দীঘল শোক সমদলত মানহ ঠাহ খাই পৰিল। সকলোৱে ক'লা কাপোৰ লৈ গৈছিল হাতত। 

 সেই ত্যাগৰ ১৬ বছৰ পিছত ভাৰতে স্বাধীনতা লাভ কৰে। আৰু আজি সেই দিনটোৰ ৯০ বছৰ পূৰ্ণ হ'ল।


ভগত সিঙৰ ফাঁচীৰ দিনটো
***


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।