MRI স্কেন আৰু পদ্ধতিৰ সম্পর্কে জানো আহক - Learn about MRI Scans and Procedures in Assamese

মেগনেটিক ৰিজ’নেনচ্ ইমেজিং (MRI) স্কেন (Scan) হৈছে চিকিৎসা বিজ্ঞানত বহুল ভাবে প্ৰচলিত এটি পদ্ধতি যাৰ সহায়ত মানৱ দেহৰ পৰীক্ষা কৰা হয়। এই পদ্ধতিত চুবকীয় ক্ষেত্র আৰু ৰেডিঅ’ তৰংগৰ সহায়ত মানৱ দেহৰ বিভিন্ন অংগ আৰু পেশী সমুহৰ এক বৃস্তাৰিত চিত্র প্ৰস্তুত কৰা হয়। আৱিস্কাৰৰ পাছৰে পৰা বৈজ্ঞানিক আৰু ডাক্তৰ সকলে ইয়াৰ নতুন সুবিধাৰ বাবে কাম কৰি আছে। এই প্ৰবন্ধত আমি এম আৰ আই ৰ বিষয়ে আলোচনা কৰিম।

MRI স্কেন আৰু পদ্ধতিৰ সম্পর্কে জানো আহক


MRI ৰ জানিব লগীয়া কথা


  1. এম আৰ আই স্কেনিং হৈছে এটা এনে পদ্ধতি য’ত ব্যক্তি জনে কোনো ধৰণৰ বিষ অনুভৱ নকৰে।
  2. Raymond Damadian নামৰ কোম্পানি টোৱে প্ৰথমে গোটেই শৰীৰ স্কেন কৰিব পৰা মেচিনৰ আৱিষ্কাৰ কৰে। এই মেচিনটোৰ নাম আছিল “INDOMITABLE”
  3. ১টা সাধাৰণ MRI মেচিনৰ দাম ৪০ লাখ টকাৰ পৰা আৰম্ভ হয় আৰু প্ৰায় ১০ কোটি টকালৈকে হ’ব পাৰে।
  4. জাপানত প্ৰতিটো MRI মেচিনৰ বাবে ২০৮৪ জন মানুহ থাকে যিটো পৃথিৱীৰ সকলোতকৈ বেছি।


MRI স্কেন কি [MRI Scans]?  এম আৰ আই (MRI) কি?

এম আৰ আই স্কেন মেচিনটো হৈছে এখন টেবুলৰ আকৃতিৰ এটা ডাঙৰ মেচিন য’ত চুম্বক ক্ষেত্র আৰু ৰেডিঅ’ তৰংগৰ প্ৰয়োগেৰে শৰীৰৰ অংগ প্ৰতংগৰ চিত্র প্ৰস্তুত কৰা হয় আৰু পাছত কম্পিউতাৰৰ সহায়েৰে সেই চিত্ৰ সমুহৰ ত্ৰিমাত্ৰিক অৱয়ব দিয়া হয়। যাৰ ফলত শৰীৰত হোৱা বোমাৰৰ বিষয়ে জানিব পাৰি।


ব্যৱহাৰঃ

এম আৰ আই স্কেনৰ আৱিষ্কাৰৰ লগে লগে চিকিৎসা বিজ্ঞানৰ ৰূপ সলনি হৈ গ’ল। জটিল যেন লগা শৰীৰৰ ৰোগ সমুহ তথা আন শৰীৰৰ সমস্যা সমূহ চিকিৎসক সকলৰ বাবে সমাধান কৰাটো সহজ হৈ পৰিল। তলত কিছুমান উদাহৰণ দাঙি ধৰা হ’ল য’ত MRI স্কেনিংৰ সহায়ত ভালদৰে পৰীক্ষা কৰিব পাৰি।

  • মগজুৰ বিকৃতি বা মেৰুৰজ্জুৰ সমস্যা
  • টিউমাৰ, শৰীৰত পানী জমা হোৱা বা আন তেনে ধৰণৰ সমস্যা
  • স্তনৰ কৰ্কট ৰোগ
  • বিভিন্ন হাড়ৰ সন্ধিৰ সমস্যা
  • হৃদৰোগ, যকৃত আৰু পাকস্থলীৰ সমস্যা আদি।

ওপৰত উল্লেখ কৰা খিনিয়ে মাথো MRI ৰ ব্যৱহাৰ নহয়। আৰু বহুতো ক্ষেত্রত ইয়াৰ ব্যৱহাৰ হৈ আছে, আৰু ভৱিষ্যতেও নতুন নতুন ৰোগৰ পৰীক্ষা MRI মেচিনৰ সহায়ত কৰিব পৰা যাব।


কেনেকৈ কৰা হয় MRI স্কেন?

MRI স্কেন কৰাৰ আগত বিশেষ তেনে কোনো প্ৰস্তুতিৰ প্ৰয়োজন নহয়। মাথো এই স্কেন কৰাৰ আগতে ব্যক্তিজনে আগতে পিন্ধি থকা সাজ খুলি হাসপাতালৰ ফালৰ পৰা দিয়া এজোৰ পাতল আৰু সহজ সাজ পৰিধান কৰিব লাগে। যিহেতু এই স্কেনিংত চুম্বকৰ ব্যৱহাৰ হয় সেই বাবে ব্যক্তি জনে কোনো ধাতুৰ বস্তু লগত ৰাখিব নোৱাৰে। আৰু সেই বাবেই সাধাৰণ সাজ খুলি ল’ব লগা হয়, কিয়নো সাধাৰণ সাজত বুটাম জাতীয় ধাতুৰ বস্তু থাকে। ব্যক্তি জনে যদি কিবা আ-অলংকাৰ পৰিধান কৰা থাকে তাকো চিকিৎসকে খুলি লবলৈ কয়। এজন ব্যক্তিৰ শৰীৰত যদি কোনো ধাতুৰ বস্তু যেনে গুলি, চিকিৎসা বিজ্ঞানত হাড় যোৰা লগাবলৈ ব্যৱহাৰ কৰা ধাতুৰ পাটি, পেছমেকাৰ আদি থাকে সেই ব্যক্তি জনেও এম আৰ আই পৰীক্ষা কৰিব নোৱাৰিব।

কেনেকৈ কৰা হয় MRI স্কেন?


স্কেন কৰিব লগা ব্যক্তি জনক কেতিয়াবা Introvenous (IV) ৰঙৰ বেজি দিয়া হয় যাৰ ফলত স্কেন কৰিব লগা নিৰ্দিষ্ট অংগ বা পেশী বোৰ ভালদৰে দেখা যায়।


MRI স্কেনিংত কোঠাটোত বেলেগ কোনো ব্যক্তি নাথাকে। পৰীক্ষা কৰা চিকিৎসক জনে অন্য এটা কোঠাৰ পৰা তেওঁক নিৰীক্ষণ কৰে আৰু টেলিফোনৰ জড়িয়তে ৰোগীৰ সৈতে বাৰ্তালাপ চলাই পৰীক্ষা সম্পন্ন কৰে। স্কেন কৰি থকা সময়ত ব্যক্তি জন একেথিৰে ৰৈ থকাটো জৰুৰী। অন্যথা কেমেৰাত যেনেকৈ ফটো মাৰোটে যদি ব্যক্তি এজনে নিজৰ স্থান সলনি কৰে ঠিক সেইদৰে MRI টো ছবি খন বেয়া হা যায়। কেতিয়াবা ব্যক্তি জনে কিছু সময়ৰ বাবে নিজৰ উশাহ বন্ধ কৰি থ’ব লগাও হয়। পৰীক্ষা সম্পন্ন হোৱাৰ পাছত চিকিৎসকে মেচিনৰ পৰা ওলোৱা ফলাফল সমুহ পৰীক্ষা কৰে আৰু ৰোগ নিৰ্ণয় কৰে।


Read: কিডনী ৰোগীৰ পথ্য আৰু অপথ্যৰ বিষয়ে জানিবলগীয়া কিছু কথা


পাৰ্শ্বক্ৰিয়াঃ

MRI স্কেনিংৰ পাছত সাধাৰনতে কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া দেখা নাযায়। তথাপি কেতিয়াবা শৰীৰত প্ৰয়োগ কৰা ৰঙৰ বেজীৰ বাবে বমিৰ ভাৱ, মুৰৰ বিষ, বা বেজী দিয়া থাইত জ্বলা পোৰা অনুভৱ হ’ব পাৰে।


এই মেচিনচোৱে কেনেকৈ কৰে কাম?

এটা এম আৰ মেচিনত দুটা চুম্বক থাকে। আচলতে এই চুম্বক আমি সাধাৰণতে দেখা চুম্বকৰ দৰে নহয়। এইয়া হৈছে বৈদ্যুতিক চুম্বক। আৰু এই বৈদ্যুতিক চুম্বকৰ বাবেই মেচিনটোৰ পকা কিছুমান শব্দৰ সৃষ্টি হয়।

আমি জানো যে মানুহৰ শৰীৰত বহু পৰিমাণে পানী থাকে আৰু এই পানী হৈছে হাইড্রোজেন আৰু অক্সিজেনৰ পৰমাণুৰ সমষ্টি। আৰু এই পৰমাণুৰ কেন্দ্ৰত থাকে প্ৰ’টন যি চুম্বকৰ দৰে কাম কৰে আৰু যিকোনো চুম্বক ক্ষেত্ৰৰ কাষত থাকিলে অৱস্থাৰ পৰিবৰ্তন হয়।

সাধাৰণ অৱস্থাত শৰীৰৰ পানীৰ অনুবোৰ মিশ্ৰিত ভাৱে থাকে। কিন্তু যেতিয়াই MRI স্কেনাৰত প্ৰথম চুম্বক ক্ষেত্ৰৰ প্ৰয়োগ কৰা হয় পানীৰ অনুবোৰ উত্তৰ বা দক্ষিণ দিশে সহাৱস্থান কৰে। ইয়াৰ পাছতে দ্বিতীয় চুম্বক ক্ষেত্ৰৰ প্ৰয়োগ কৰা হয়, কিন্তু এই ক্ষেত্ৰ খন খুৱ দ্ৰুতগতিত এবাৰ বন্ধ আৰু এবাৰ খোলা হয়। যৰ ফলত শৰীৰৰ পানীৰ অনুত থকা হাইড্রোজেন পৰমানুৰ স্থান সলনি হৈ থাকে। এই সাল সলনি হোৱা তথ্যৰ ভিত্তিতে কম্পিউতাৰে চিত্ৰ তৈয়াৰ কৰি উলিয়াই।


MRI কৰোতে কিমান সময় লাগে?

পৰীক্ষাৰ ওপৰত নিৰ্ভৰ কৰি এই স্কেনিংৰ সময়ৰ সাল সলনি হয়। তথাপি সাধাৰণতে ২০ ৰ পৰা ৬০ মিনিট পর্যন্ত এই পৰীক্ষা কৰা হয়।


[www.borluit.online]

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।