সাধাৰণ জ্ঞান: প্ৰশ্নোত্তৰ - Assamese GK Questions Answers : MCQ

সদায় নতুন নতুন কথা জানিবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰক
জইন হ'বলৈ ইয়াত ক্লিক কৰক

সাধাৰণ জ্ঞান প্ৰশ্নোত্তৰ

সাধাৰণ জ্ঞান: প্ৰশ্নোত্তৰ - Assamese GK Questions Answers : MCQ

Here you find the Multiple Choice question of the General Knowledge(GK) of Assam in Assamese language . Read the General Knowledge of Assam questions for a better preparation for competitive exams and all assam state Exams(Like APSC Exam, Assam Police Exam, DHS Exam, DEE Exams, Junior Assistant, Forest Exam, NHM Exams etc) . In this page Assam General Knowledge include art & culture assam, assam history.



Assamese GK Questions Answers

১)প্ৰশ্ন : কোন ৰজাৰ দিনত গোঁহাই কমল আলি সজোঁৱা হৈছিল?

উত্তৰ : মহাৰাজ নৰনাৰায়ণৰ দিনত। (কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ)।


২) প্ৰশ্ন : বিষ্ণুৰাভাক ‘কলাগুৰু’ উপাধি কোনে প্ৰদান কৰিছিল?

উত্তৰ : সেই সময়ৰ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ তৎকালীন উপাচাৰ্য ডঃ সৰ্বপল্লি ৰাধাকৃষ্ণণে।


৩) প্ৰশ্ন : কোনটো হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদী উৎপত্তি হৈছে?

উত্তৰ : ‘টাম চুক খামবাৰ” (মানস সৰোবৰৰ পৰা অলপ পূৱফালে অৱস্থিত)


৪) প্ৰশ্ন : হাজোৰ পোৱামক্কা কোনে সজাইছিল?

উত্তৰ : গিয়াচুদ্দিন আউলিয়া।



৫) প্ৰশ্ন : ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ প্ৰথমখন দলঙৰ নাম কি আৰু ইয়াক কিমান চনত মুকলি কৰা হৈছিল?

উত্তৰ : শৰাইঘাট দলং। ১৯৬২ চনত।


৬) প্ৰশ্ন : অসমৰ প্ৰথম লোক আদালত ক’ত স্থাপন হৈছিল?

উত্তৰ : হাজোত।


৭) প্ৰশ্ন : অসমৰ প্ৰথম ছপাশাল খনৰ নাম কি?

উত্তৰ : মিছন প্ৰেছ, শিৱসাগৰ।


৮) প্ৰশ্ন : অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত?

উত্তৰ : সৰ্থেবাৰী (বৰপেটা)।

৯) প্ৰশ্ন : ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?

উত্তৰ : প্ৰমত্ত সিংহই।


১০) প্ৰশ্ন : ছশ বছৰীয়া আহোমৰ ৰাজত্বকাল অসমীয়া ইতিহাসৰ এক বৰ্ণাঢ্য অধ্যায়। সুধিব খুজিছো কোনজন আহোমৰজাই পোন প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল?

উত্তৰ : চুহুংমুং।


১১) প্ৰশ্ন : কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : গদাধৰ সিংহ ; ১৬৯৪ চনত।


১২) মূলা গাভৰুৰ স্বামীৰ নাম কি?

উত্তৰ : ফ্ৰাচেনমুং বৰগোহাঁই।


১৩) প্ৰশ্ন : অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল। তেওঁৰ নাম কি?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ।


১৪) প্ৰশ্ন : নৰ নাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি?

উত্তৰ : শুক্লধ্বজ।


১৫) প্ৰশ্ন : কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজকক ‘মোক্ষদেৱ’ বুলি কোৱা হয়?

উত্তৰ : হিউৱেন চাঙক।


১৬) প্ৰশ্ন : বিখ্যাত শৰাইঘাটৰ ৰণ কোন চনত হৈছিল?

উত্তৰ : ১৬৭১ চনত।


১৭) প্ৰশ্ন : অসম কেতিয়া ইংৰাজৰ হাতলৈ যায়?

উত্তৰ : ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি।


১৮) কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল?

উত্তৰ : স্বৰ্গদেউ লক্ষ্মীসিংহ।


১৯) প্ৰশ্ন : মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল?

উত্তৰ : ১৮৫৮ চনত।


২০) প্ৰশ্ন : ‘হস্তী বিদ্যাৰ্ণৱ’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰ : সুকুমাৰ বৰকাইথ।


২১) প্ৰশ্ন : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰৰ্প্ৰথম সভাপতি কোন?

উত্তৰ : তৰুণৰাম ফুকন।


২২) প্ৰশ্ন : কোন চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰা হয়?

উত্তৰ : ১৯৭৮ চনত।


২৩) প্ৰশ্ন : বিদেশী বহিষ্কাৰৰ দাবীত অসমৰ ছাত্ৰসকলে কোন চনত ‘অসম আন্দোলন’ আৰম্ভ কৰিছিল?

উত্তৰ : ১৯৭৯ চনত।


২৪) প্ৰশ্ন : কোন চনত প্ৰথম বাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হয়?

উত্তৰ : ১৯৭৯ চনত।


২৫) প্ৰশ্ন : কোন চনত ছাহদুল্লাৰ মন্ত্ৰীসভা গঠন হয়?

উত্তৰ : ১৯৩৭ চনত (স্বাধীনতাৰ আগত)


২৬) প্ৰশ্ন : অসমৰ প্ৰথম চাহ খেতিয়কজন কোন?

উত্তৰ : জগন্নাথ বৰুৱা। (যোৰহাট)।


২৭) প্ৰশ্ন : স্বাধীনতা যুঁজৰ প্ৰথম গৰাকী অসমীয়া শ্বহীদ কোন?

উত্তৰ : পিয়লি ফুকন।


২৮) প্ৰশ্ন : ‘কলা শিৰোমণি বঁটা’ লাভ কৰা অসমৰ মুখ্যমন্ত্ৰী গৰাকী কোন?

উত্তৰ : হিতেশ্বৰ শইকীয়া। (১৯৯১ চনত তেওঁ এই সন্মান লাভ কৰে)।


২৯) প্ৰশ্ন : ৰাজ্যপালৰ আসন অধিষ্ঠিত কৰা অসমৰ প্ৰথম ব্যক্তিজন কোন?

উত্তৰ : বিষ্ণুৰাম মেধি (তামিনাডুৰ)।


৩০) প্ৰশ্ন : তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে কোন চনত অসম চৰকাৰৰ গাদীত বহিছিল?

উত্তৰ : ২০০১ চনত। (দ্বিতীয়বাৰ ২০০৬ চনত)


৩১) প্ৰশ্ন : ২০০৫ চনত কাৰ নেতৃত্বত বি. টি. এ. ডি. ৰ কাৰ্যবাহী পৰিষদ গঠিত হৈছিল?

উত্তৰ : হাগ্ৰামা মহিলাৰী।


৩২) প্ৰশ্ন : ইউনাইটেড লিবাৰেছন ফ্ৰণ্ট অৱ আছাম (আলফা) ই কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে গঠন কৰি দিয়া গোটটোৰ নাম কি?

উত্তৰ : পিপল্‌ছ কনছালটেটিভ গ্ৰুপ (পি. চি. জি.)


৩৩) প্ৰশ্ন : কোন চনত অসমৰ ৰাজ্যপাল হিচাবে লে.জে. অজয় সিং এ কাৰ্যভাৰ গ্ৰহণ কৰিছিল?

উত্তৰ : ২০০৩ চনত।


৩৪) প্ৰশ্ন : অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি?

উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।ৰাষ্ট্ৰীয়


৩৫) প্ৰশ্ন : ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা ‘সত্যমেৱ জয়তে’ শীৰ্ষক দেৱনাগৰী বাক্যশাৰী কোন উপনিষদৰ পৰা লোৱা হৈছে।

উত্তৰ : মুণ্ডক।


৩৬) প্ৰশ্ন : ভাৰতৰ জাতীয় চৰাই আৰু জাতীয় জন্ত কি?

উত্তৰ : ম’ৰা চৰাই আৰু বাঘ।


৩৭) প্ৰশ্ন : ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন?

উত্তৰ : ৰাষ্ট্ৰপতি।


৩৮) প্ৰশ্ন : ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন?

উত্তৰ : সৰোজিনী নাইডু (উত্তৰ প্ৰদেশ, ১৯৪৭-৪৮)।



৩৯) প্ৰশ্ন : ভাৰতৰ প্ৰথম আই. পি. এচ. বিষয়া গৰাকী কিন?

উত্তৰ : কিৰণ বেদী (১৯৭২)।


৪০) প্ৰশ্ন : ভাৰতৰ সংবিধানখন কোন চনৰ কোন তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছিল?

উত্তৰ : ইংৰাজী ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা।


***

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।