[যতীন্দ্ৰ নাথ দুৱৰা] An Assamese poet famous as Bonflor Kobi Who is he?

যতীন্দ্ৰ নাথ দুৱৰা (Jatindra Nath Duwara; ১৮৯২–১৯৬৪)

[যতীন্দ্ৰ নাথ দুৱৰা] An Assamese poet famous as bonflor Kobi Who is he?

যতীন্দ্ৰ নাথ দুৱৰা (Jatindra Nath Duwara) অসমৰ এগৰাকী প্ৰসিদ্ধ কবি আৰু সু-সাহিত্যিক। ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্যৰ প্ৰতি অনুৰাগ থকা দুৱৰাৰ প্ৰতিভা কলিকতাত লক্ষ্মীনাথ বেজবৰুৱাৰ সান্নিধ্যত বিকশিত হয়। অসমীয়া সাহিত্যত সাহিত্য অকাডেমি বঁটা পোৱা তেওঁ প্ৰথমগৰাকী অসমীয়া সাহিত্যিক। ১৯৫৫ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনৰ সভাপতিৰ পদ দুৱৰাদেৱে অলংকৃত কৰিছিল। ইংৰাজ সাহিত্যৰ ৰোমাণ্টিক কবিসকল, পাৰস্যৰ বিখ্যাত কবি ওমৰ খৈয়াম, জাৰ্মান কবি হেইনৰিখ, আদি কবিসকলৰ দ্বাৰা প্ৰভাৱিত হৈছিল।


জন্ম

১৮৯২ চনৰ ৪ মাৰ্চত শিৱসাগৰৰ আমোলাপট্টিত তেখেতৰ জন্ম হয়। দুৱৰাৰ পিতৃৰ নাম শ্যামসুন্দৰ দুৱৰা, মাতৃৰ নাম পুণ্যদা দুৱৰা। শ্যামসুন্দৰ দুৱৰাৰ পাঁচজন পুত্ৰ আৰু দুগৰাকী জীয়ৰীৰ মাজত যতীন্দ্ৰ নাথ সবাতোকৈ কনিষ্ঠ পুত্ৰ আছিল।


শিক্ষা

দুৱৰাদেৱে শিৱসাগৰতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰি ১৯০৯ চনত শিৱসাগৰ চৰকাৰী উচ্চ বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। তেওঁ ১৯১৩ চনত কলিকতাৰ স্কটিছ চাৰ্চ মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। স্নাতকোত্তৰ আৰু বি এল অধ্যয়ন কৰি থকা সময়তে ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউছন, কলিকতাৰ স্কটিছ চাৰ্চ কলেজিয়েট আৰু কলিকতা বিশ্ববিদ্যালয়ৰ এম এ শ্ৰেণীত অসমীয়াৰ অধ্যাপনা কৰিছিল। ১৯৬০ চনত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত অসমীয়া বিভাগত অধ্যাপক হিচাপে যোগদান কৰি তাৰপৰাই পাছত অৱসৰ গ্ৰহণ কৰে।


কৰ্মজীৱন

ডিব্ৰুগড়ৰ জৰ্জ ইন্সটিটিউচন (১৯১৮-১৯২১), কলিকতাত স্কটিছ চাৰ্চ কলেজিয়েট স্কুল (১৯২১-১৯৪৭)-ত শিক্ষকতা। কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপনা (১৯৩৭-১৯৪৭), ডিব্ৰুগড় এইচ এছ কানৈ কলেজত অধ্যাপনা (১৯৪৮-১৯৬০) আৰু তাৰ পৰা অৱসৰ গ্ৰহণ।


ৰমন্যাসিক যুগৰ শ্ৰেষ্ঠ গীতিকবি হিচাপে অভিহিত যতীন্দ্ৰ নাথ দূৱৰাই ডিব্ৰুগড়ৰ হনুমানবক্স সুৰযমল কানৈ কলেজত বাৰ বছৰ ধৰি কৰ্মৰত আছিল, তেখেতে ১৯৪৮ চনৰ পৰা ১৯৬০ চনলৈ কানৈ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপকৰ দ্বায়িত্ব বহন কৰিছিল। তাৰ আগতে তেখেতে ১৯২২ চনৰ পৰা ১৯৪৭ চনলৈ কলিকতাৰ স্কটিছ চাৰ্ছ কলেজত বুৰঞ্জী বিষয়ৰ শিক্ষকতা কৰিছিল। সেই সময়ছোৱাৰ ভিতৰতে ১৯৩৮ চনৰ পৰা ১৯৪৭ চনলৈ তেখেতে কলিকতা বিশ্ববিদ্যালয়ত অংশকালীনভাৱে অধ্যাপনাও কৰিছিল। শাৰীৰিক অসুস্থতাৰ হেতু তেখেতে কলিকতাৰ চাকৰি এৰি আহি উপাধ্যক্ষ লক্ষ্মীনাথ দত্তৰ উদ্যোগত ১৯৪৮ চনত তেতিয়াৰ ডিব্ৰুগড় কলেজ আৰু বৰ্তমানৰ কানৈ কলেজত যোগদান কৰেহি।


গ্ৰন্থৰাজি

ওমৰ তীৰ্থ (১৯২৫)

কথা কবিতা (১৯৩৩)

আপোন সুৰ (১৯৩৮)

বনফুল (১৯৫২)

মিলনৰ সুৰ (১৯৬০)


স্বীকৃতি আৰু সন্মান

সাহিত্য অকাডেমি বঁটা (১৯৫৫) বনফুলৰ বাবে

অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সভাপতি (১৯৫৫)

অসম চৰকাৰৰ সাহিত্য পেঞ্চন।


মৃত্যু

যতীন্দ্ৰ নাথ দুৱৰাৰ মৃত্যু ১৯৬৪ চনৰ ৫ জুলাইত অসমৰ শিৱসাগৰ জিলাত হয়।

***

Read- ভাৰতৰ সংবিধান: Bharatar Sangbidhan report Essay in Assamese

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।