যাদৱ পায়েং (Jadav Payeng) ৰ বিষয়ে কিছু কথা

    যাদৱ পায়েং (Jadav Payeng) এগৰাকী পৰিৱেশ কৰ্মী। মুলাই তেখেতৰ উপনাম। তেখেতে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। এই ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে 'মুলাই কাঠনি' নামেৰে নামকৰণ কৰা হৈছে। ঔনামুখ চাপৰিটো ব্ৰহ্মপুত্ৰৰ এটা বৃহৎ চৰ। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২৭ কিলোমিটাৰ আৰু বহলে প্ৰায় ১৫ কিলোমিটাৰ। ১৯৮০ চনত তেখেতে অৰণ্য সৃষ্টিৰ অভিযান আৰম্ভ কৰে। আজি সেই অৰণ্যত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী দেখা যায়। কেইবিধমান মূল্যবান উদ্ভিদ হ'ল- অৰ্জুন, এজাৰ, গোলমোহৰ, কৰৈ, মজ, শিমলু আদি। প্ৰাণীৰ ভিতৰত গঁড়, ঢেঁকিয়াপতীয়া বাঘ, হৰিণা, বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই, শগুন আদিয়েই প্ৰধান। শেহতীয়াকৈ নতুন দিল্লীত অৱস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক ‘ভাৰতৰ অৰণ্য মানৱ’ (ফৰেষ্ট মেন অৱ ইণ্ডিয়া) উপাধি প্ৰদান কৰিছে। তেওঁক ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।


যাদৱ পায়েং (Jadav Payeng) ৰ বিষয়ে কিছু কথা



কৰ্ম জীৱন

    ১৯৭৯ চনত ষোল্ল বছৰ বয়সত যাদৱ পায়েঙে বানপানীয়ে উটুৱাই অনা বহু সাপ মৃত্যুমুখত পৰা প্ৰত্যক্ষ কৰে আৰু অন্তৰত দুখ পায়। ১৯৮০ চনত গোলাঘাট জিলাৰ বন বিভাগে ককিলামুখাৰ পৰা ৫ কিলোমিটাৰ দূৰত ঔনামুখ চাপৰিৰ ২০০ হেক্টৰ অঞ্চলত বৃক্ষৰোপণৰ আঁচনি গ্ৰহণ কৰে। পাঁচ বছৰত সম্পূৰ্ণ হোৱা এই প্ৰকল্পত মুলাইও আছিল এজন কৰ্মী। প্ৰকল্প শেষ হোৱাৰ পিছত আনবোৰ কৰ্মী গুছি গ'লেও মুলাইয়ে অধিক গছ ৰোৱা আৰু সেইবোৰৰ চোৱা-চিতা কৰা কাম আৰম্ভ কৰে।


এতিয়া 'মুলাই কাঠনিবাৰী' নামৰে জনা যোৱা হাবিখনত ঢেঁকীয়াপতীয়া বাঘ, এশিঙীয়া গঁড়, এশৰো অধিক হৰিণা, শহাপহু, বান্দৰ আৰু অনেক প্ৰজাতিৰ চৰাই আছে। তাত থকা কেইবাহাজাৰো গছৰ ভিতৰত শিমলু, বাঁহ, শিশু, ডিমৰু, ভেলকৰ, অৰ্জুন, এজাৰ, বগৰী, গমাৰি, সোণাৰু, কৃষ্ণচূড়া, চেগুন আদি প্ৰধান। ৫৫০ হেক্টৰজুৰি কেৱল বাঁহ গছেই আছে।

১০০টা হাতীৰ এটা জাক প্ৰতিবছৰে হাবিখনলৈ আহে আৰু প্ৰায় ছমাহমান সময় থাকে। যোৱা কেইটামান বছৰত হাবিখনত জাকটোৰ ১০টা পোৱালিও জন্ম হৈছে। ২০০৮ চনত হাতীৰ এটা জাকে হাবিখনৰ পৰা প্ৰায় ১.৫ কিলোমিটাৰ দূৰৰ ঔনাচাপৰি গাঁৱত সম্পত্তিৰ হানি কৰিছিল আৰু সেই হাতীজাকৰ সন্ধান কৰোঁতেই বন বিভাগে এই হাবিখনৰ কথা জানিবলৈ পায়।

কেইবছৰমান আগতে চোৰাং চিকাৰীয়ে হাবিখনত থকা গঁড় হত্যা কৰিবলৈ চেষ্টা চলায় যদিও মুলাইয়ে বন বিষয়াক এই কথা জনায়। বন বিষয়া আহি চোৰাং চিকাৰীয়ে পাতি থোৱা বিভিন্ন বস্তু জব্দ কৰে।

যাদৱ পায়েঙে হাবিখনৰ চোৱা-চিতা আৰু ভালকৈ কৰিবলৈ আৰু অসমৰ আন ঠাইত এনে কাম আৰম্ভ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। ব্ৰহ্মপুত্ৰ নদীৰ আন এটা চাপৰিতো গছ ৰোৱা তেওঁৰ আন এটা লক্ষ্য।


ব্যক্তিগত জীৱন

    মুলাই অৰণ্য'তে পঁজাঘৰ সাজি পত্নী বিনীতা পায়েং, দুজন পুত্ৰ আৰু এগৰাকী কন্যাৰ সৈতে মিচিং জনগোষ্ঠীয় যাদৱ পায়েঙে বাস কৰে। গৰু আৰু ম'হৰ গাখীৰ বিক্ৰী কৰাই তেখেতৰ একমাত্ৰ জীৱিকা। শেহতীয়া সাক্ষাৎকাৰ এটাত তেওঁ কয় যে তেওঁৰ প্ৰায় ১০০টা মান গৰু আৰু ম'হ বাঘে বধ কৰিছে। কিন্তু ইয়াৰ বাবে তেওঁ হাবি-বন ধ্বংস কৰা মানুহকহে দোষাৰোপ কৰে।


সন্মান আৰু স্বীকৃতি

    ২০১২ চনৰ ২২ এপ্ৰিলৰ দিনা ধৰিত্ৰী দিৱসৰ (Earth Day) লগত সংগতি ৰাখি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালৰ পৰিবেশ বিজ্ঞান বিভাগে যাদৱ পায়েঙক সন্মান জনাবলৈ এখন জনসভাৰ আয়োজন কৰে। সেইদিনা তেখেতে বিশ্ববিদ্যালয় চৌহদত প্ৰতীকী ৰূপত পাঁচজোপা বৃক্ষৰোপণ কৰে। মেগচেচে বঁটা বিজয়ী, জলমানৱ ৰূপে খ্যাত ৰাজেন্দ্ৰ সিং আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুধীৰ কুমাৰ সোপোৰিয়ে অংশ লোৱা এটা প্ৰশ্নোত্তৰ অনুষ্ঠানত পায়েঙে তেখেতৰ অভিজ্ঞতাৰ বৰ্ণনা কৰে। এই অনুষ্ঠানতে উপাচাৰ্য সোপোৰিয়ে তেখেতক "ভাৰতৰ অৰণ্য মানৱ" (Forest man of India) আখ্যা দিয়ে।

২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰত চৰকাৰৰ তৰফৰ পৰা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।

২০২০ চনত যাদৱ পায়েঙক ১২৮ সংখ্যক "কমনৱেলথ পইণ্টছ্ অৱ লাইট এৱাৰ্ড" বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়। পৰিৱেশ সুৰক্ষালৈ আগবঢ়োৱা স্বেচ্ছামূলক অৱদানৰ বাবে ৰাণী দ্বিতীয় এলিজাবেথে তেওঁক এই স্বীকৃতি দিয়ে। ১১ মাৰ্চত হ'বলগীয়া এক অনুষ্ঠানত ব্ৰিটিছ উপ-উচ্চায়ুক্ত লিক্ লয়ে তেখেতক এই সন্মান প্ৰদান কৰিব।

Essay on Jadav Payeng in assamese


জনপ্ৰিয় মাধ্যমত

    যাদৱ পায়েঙৰ জীৱন আৰু কৰ্ম-আধাৰিত এখনি সচিত্ৰ ইংৰাজী ভাষাৰ গ্ৰন্থ ২০১৯ চনৰ ১৫ মাৰ্চত প্ৰকাশ হৈ ওলায়। গ্ৰন্থখনৰ নাম হৈছে-The Boy who grew a forest: The True Story of Jadav Payeng (অৰণ্য গঢ়া ল'ৰাজনঃ যাদৱ পায়েঙৰ সঁচা কাহিনী)। শিশু-কিশোৰৰ বাবে যুগুতোৱা এই বিশেষ গ্ৰন্থখনৰ লেখিকা হৈছে ছ'ফিয়া গোলজ্ (Sophia Gholz)। ৩২ পৃষ্ঠাৰ এই গ্ৰন্থখনৰ ভিতৰৰ ছবিসমূহ আঁকিছে কায়লা হাৰেনে। উল্লেখযোগ্য যে, গ্ৰন্থখনে কেইবাটাও পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হয়। তাৰে ভিতৰত ফ্লৰিডা ষ্টেট বুক বঁটা (সোণৰ পদক), গ্ৰীণ আৰ্থ বুক বঁটা, ইউৰেকা অকাহিনীমূলক শিশু গ্ৰন্থৰ সন্মান আদি প্ৰধান। গ্ৰন্থখনে পাঠক-সমালোচকৰ পৰাও ইতিবাচক মন্তব্য লাভ কৰে। আমেৰিকান আলোচনী "বুকলিষ্ট"-এ কয় যে-পায়েঙৰ কাহিনীটো স্বতঃস্ফূৰ্ততাৰে কোৱা হৈছে আৰু সুন্দৰকৈ চিত্ৰিত কৰা হৈছে। পাঠকসকলে কিতাপখনৰ জৰিয়তে নিজস্ব দৃঢ়তাৰ শক্তিৰ উমান পাব। ("Payeng’s story is eloquently told and beautifully illustrated. It will inspire readers to recognize the power of individual determination...")।


তথ্য সংগ্ৰহ - https://as.wikipedia.org

***

আৰু পঢ়ক -

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।