জালিয়ানৱালাবাগৰ নৰ-সংহাৰ - Jallianwala Bagh Massacre [ in Assamese ]

    অমৃতসৰৰ জালিয়ানৱালাবাগৰ নৰ-সংহাৰৰ ১০০ বছৰৰো পাৰ হ'ল। এই  দিনটোতেই শ-শ নিৰপৰাধী ভাৰতীয় লোকক নিৰ্দয়ভাৱে হত্যা কৰা হৈছিল। এই ঘটনা সংঘটিত হৈছিল ১৯১৯ চনৰ ১৩ এপ্ৰিলত অমৃতসৰত।

জালিয়ানৱালাবাগৰ নৰ-সংহাৰ - Jallianwala Bagh Massacre [ in Assamese ]


Jallianwala Bagh Massacre [ in Assamese ] History

জালিয়ানৱালাবাগৰ নৰ-সংহাৰ [ History GK in Assamese]
১৯১৯ চনৰ জালিয়ানাৱালাবাগ, হত্যাকাণ্ডৰ এমাহ পিছত তোলা ফটো

    সেই সময়ত জেনেৰেল মাইকেল ডায়ৰ অত্যন্ত নিষ্ঠুৰ হৈ পৰিছিল। তেওঁ ৰলেট এক্ট নামৰ এখন আইন প্ৰস্তুত কৰিছিল আৰু এই ৰলেট এক্টৰ বিৰোধিতা কৰি জালিয়ানৱালাবাগত এখন ডাঙৰ সভা অনুষ্ঠিত হৈছিল য'ত প্ৰায় ২৫ হাজাৰ ভাৰতীয় লোক উপস্থিত আছিল। এই সভাতে ডায়েৰে নিষ্ঠুৰভাৱে গুলিবৰ্ষণ কৰিছিল আৰু শ-শ ভাৰতীয় লোকৰ থিতাতেই নিহত হৈছিল। উল্লেখযোগ্য যে জালিয়ানৱালাবাগৰ ওলোৱা-সোমোৱা কৰাৰ বাবে মাত্ৰ এখনেই দৰ্জা আছিল । ফলস্বৰূপে তাৰ পৰা পলাবৰ বাবে বহুতো অসুবিধা হৈছিল আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰিছিল নিৰ্দয় ডায়ৰে। যেতিয়া পৰিস্থিতি অধিক বেয়াৰ ফালে গতি কৰিছিল , তাত থকা মানুহবোৰে আত্ম-ৰক্ষাৰ বাবে কাষতে থকা এটা কুঁৱাৰত জাঁপ দিছিল আৰু কুঁৱাৰটো মৃত লোকেৰে ভৰি পৰিছিল। প্ৰায় ১৫ মিনিট সময় গুলিবৰ্ষণ কৰাৰ পাছত হাঁহি-হাঁহি ডায়ৰ তাৰ পৰা আঁতৰি গ'ল । আনকি তেওঁ ঘূৰি যাওঁতে ৰাস্তাত যিবোৰ ভাৰতীয় মানুহক লগ পাইছিল, তেওঁলোককো গুলিবৰ্ষণ কৰিছিল। 

    ইয়াৰ পাছত ডায়ৰক ইংৰাজ চৰকাৰে ফুলৰ মালা পিন্ধাই সন্মানিত কৰিছিল ,  তেওঁক বাহ-বাহ দিছিল আৰু পদোন্নতিত ডায়ৰক ভাৰতৰ পৰা লণ্ডনলৈ ঘূৰাই পঠিয়াওৱা হৈছিল।  

    উধম সিংহ সেই হত্যা কাণ্ডৰ সময়ত মানুহৰ মাজতে উপস্থিত আছিল আৰু সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১২ বছৰ। যেতিয়া তেওঁ এই হত্যাকাণ্ডৰ নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল, সেইদিনাই তেওঁ ডায়ৰক হত্যা কৰাৰ প্ৰতিজ্ঞা কৰিছিল।

    উধম সিংহৰ নিজৰ বুলিবলৈ কোনো নাছিল। তেওঁ অকালতে মাক-দেউতাকক হেৰুৱাইছিল। তেওঁ এখন অনাথ আশ্ৰমত ডাঙৰ-দীঘল হৈছিল। যিহেতু তেওঁ ডায়ৰক হত্যা কৰাৰ সংকল্প লৈছিল, গতিকে এই প্ৰতিজ্ঞা পূৰ কৰাৰ বাবে তেওঁ লণ্ডনলৈ যাব লাগিব । কিন্তু লণ্ডনলৈ যাবৰ বাবে উধম সিংহৰ হাতত পইছা নাছিল। তথাপিও উধম সিংহ হাৰ মানি যোৱা নাছিল। লণ্ডনত যাবৰ বাবে কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি তাৰ পথ উলিয়াইছিল আৰু  টকা উপাৰ্জন কৰিবৰ বাবে উধম সিংহই  কাঠ মিস্ত্ৰীৰ কাম কৰিছিল আৰু কাঠৰ কাম কৰি তেওঁ ইমানেই পইচা জমা কৰিছিল যে সেই পইচাৰে আমেৰিকা যাব পাৰিব। আমেৰিকা যোৱাৰ পাছতো তেওঁ তাত এখন হোটেলত কাম কৰিছিল যাতে তাৰ পইচাৰে বন্দুক ক্ৰয় কৰিব পাৰে।


Read - জাপানৰ হিৰোশ্বিমা আৰু নাগাছাকিত আনৱিক বোমা পেলোৱা বিমানবোৰ কেনেকৈ ৰক্ষা পৰিছিল?


    ১৯১৯ চনত জালিয়ানৱালাবাগ হত্যা কাণ্ড সংঘটিত হৈছিল আৰু উধম সিংহই ১৯১৯ চনত কৰা প্ৰতিজ্ঞা পূৰ কৰিছিল ১৯৪০ চনত। ২১ বছৰ সময় লাগিছিল তেওঁৰ প্ৰতিজ্ঞা পূৰ কৰিবলৈ। ২১ বছৰ অহৰহ কঠোৰ পৰিশ্ৰম কৰিছিল লণ্ডন যাবৰ বাবে টকা উপাৰ্জন কৰাত।

    ১৯৪০ চনত লণ্ডনৰ এক বিশেষ অনুষ্ঠানত ডায়ৰে অংশগ্ৰহণ কৰিছিল। এই অনুষ্ঠানতে উধম সিংহ উপস্থিত হৈছিল আৰু জেপৰ পৰা বন্দুক উলিয়াই তিনিটা গুলিৰে  ডায়ৰক হত্যা কৰিছিল আৰু নিজৰ প্ৰতিজ্ঞা পূৰ কৰিছিল। ডায়ৰক হত্যা কৰাৰ পাছত উধম সিংহই কৈছিল, " আজি মই ২১ বছৰ আগতে লোৱা প্ৰতিজ্ঞা পূৰ কৰিলোঁ। গতিকে মই  এতিয়া আৰু এক মিনিটো জীয়াই থাকিব নিবিচাৰোঁ। মোৰ বহু বছৰৰ মনৰ ইচ্ছা আজি পূৰণ হ'ল।"  এনেদৰে কৈ উধম সিংহই ইংৰাজৰ হাতত নিজকে আত্মসমৰ্পণ কৰিছিল আৰু ১৯৪০ চনৰ ৩১ জুলাইত উধম সিংহক ফাঁচী দিয়া হয়। ইংৰাজে ভাৰতীয় মানুহৰ ওপৰত কৰা বৰ্বৰতাৰ প্ৰতিশোধ লৈ নিজৰ আত্মবলিদান দিয়া দেশপ্ৰেমিক উধম সিংহৰ নাম ভাৰতীয় ইতিহাসত সদায়েই সোণালী আখৰেৰে লিখা থাকিব।

       ✍️ মাধৱ

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।