কিডনী ৰোগীৰ পথ্য আৰু অপথ্যৰ বিষয়ে জানিবলগীয়া কিছু কথা - Health Tips in Assamese

আগকথা- ভাৰতবৰ্ষৰ জনসংখ্যা বিশ্বৰ জনসংখ্যাৰ ১৭ শতাংশ। তাৰে ক্ৰনিক কিডনীৰ ৰোগীৰ সংখ্যা কিমান তাৰ সঠিক পৰিসংখ্যা ক’বলৈ টান। কিন্তু সমগ্ৰ বিশ্বতে ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ ৰোগীৰ সংখ্যা বাঢ়িবলৈ ধৰাৰ ফলত ক্ৰনিক কিডনীৰ ৰোগীৰ (প্ৰচলিত চমু মেডিকেল নামাকৰণ হ’ল CKD) সংখ্যা আমাৰ দেশতো ভয়াবহভাৱে বৃদ্ধি পাব ধৰিছে। ২০১০ চনৰ এক সমীক্ষামতে বিলাতত ৬ শতাংশ পুৰুষ আৰু ৭ শতাংশ মহিলায়ে হ’ল কিডনীৰ ৰোগী। আমেৰিকাত মুঠ জনসংখ্যাৰ ১০ শতাংশ কিডনীৰ অসুখৰ ভুক্তভোগী। একেদৰেই অষ্ট্ৰেলিয়া মহাদেশতো প্ৰতি ১০জন নাগৰিকৰ এজন হ’ল কিডনীৰ ৰোগী। ২০১৬ চনৰ আগষ্ট মাহত প্ৰকাশিত এক বাতৰিমতে বিগত ডেৰটা দশকত ভাৰতবৰ্ষত কিডনী ৰোগীৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। ইণ্ডিয়ান মেডিকেল এছচিয়েচনৰ বিশেষজ্ঞই অৱগত কৰোৱা মতে বৰ্তমান ভাৰতবৰ্ষত প্ৰতি এশজনৰ ভিতৰত ১৭জনেই কিডনীৰ অসুখৰ ৰোগী। এই পৰিপেক্ষিতত কিডনী ৰোগীৰ পথ্য আৰু অপথ্য আহাৰৰ বিষয়ে এটি আলোচনা আগবঢ়ালোঁ। কিয়নো মহাত্মা গান্ধীয়েই কৈ গৈছিল— স্বাস্থই পৰম ধন


কিডনী ৰোগীৰ পথ্য আৰু অপথ্যৰ বিষয়ে জানিবলগীয়া কিছু কথা - Health Tips in Assamese
Image - Medicity Guwahati Day Care & Diagnostics



বৃক্ক বা কিডনী, মূত্ৰ প্ৰণালী (Urinary System) আৰু ইয়াৰ ক্ৰিয়াকলাপ

কিডনী হ’ল মানৱ দেহৰ অতি লাগতিয়াল অংগ। প্ৰত্যেক মানুহৰ দুটাকৈ কিডনী থাকে। প্ৰতিটোৰ আকৃতি দেখিবলৈ বিনৰ দৰে আৰু ই দীঘলে ১০ৰ পৰা ১২ চেণ্টিমিটাৰ আৰু বহলে ৫ৰ পৰা ৭ চেণ্টিমিটাৰ আকাৰৰ হয়। এজন প্ৰাপ্তবয়স্ক লোকৰ একোটা কিডনীৰ ওজন প্ৰায় ১৬০ গ্ৰাম, অৰ্থাৎ একোটা কিডনী হাতৰ মুঠিটোৰ সমান হ’ব। কিডনীৰ অৱস্থান হ’ল পেটৰ গহ্বৰত দুয়ো ফালে কামিহাঁড় আৰু ডায়েফ্ৰামৰ তলত। সোঁফালৰ কিডনীৰ আকাৰ বাওঁফালৰ কিডনীৰ তুলনাত সামান্য সৰু। কিয়নো সোঁফালে শৰীৰৰ আন এক লাগতিয়াল অংগ যকৃতে (লিভাৰ) ভালেখিনি ঠাই আৱৰি থাকে। কিডনীৰ আৱৰণিৰ কেপচুলে কিডনীক সংক্ৰমণৰ পৰা সুৰক্ষা দিয়ে। কিডনীৰ ভিতৰৰ অংশ কৰ্টেস্ক আৰু মেডুলা দুটা ভাগত বিভক্ত। প্ৰতিটো কিডনীত এক নিযুতলৈ ক্ষুদ্ৰাকৃতিৰ ফিল্টাৰ থাকে সেইবিলাকক নেফ্ৰন (Nephron) বোলে। নেফ্ৰনৰ এটা অংশ হ’ল গ্লমেৰুলাচ (Glomerulus) আৰু আনটো Bowman’s capsule। নেফ্ৰনৰ কাম হ’ল শৰীৰৰ তেজক পৰিশোধন (ফিল্টাৰ) কৰা যাৰ দ্বাৰা শৰীৰত লাগতিয়াল তত্ত্বসমূহ ৰৈ যায় আৰু অপ্ৰয়োজনীয় পদাৰ্থসমূহ (যেনে—ইউৰিয়া, ক্ৰিয়েটিনিন, ইউৰিক এচিড) মূত্ৰৰ মাধ্যমত বাহিৰ হৈ যায়। এইদৰে ২৪ ঘণ্টাত ডেৰৰ পৰা দুই লিটাৰ প্ৰস্ৰাৱ নিৰ্গত হয়। একোডাল ইউৰেটাৰ (Uretra) নামক নলী প্ৰতিটো কিডনীৰ লগত সংলগ্ন হৈ থাকে আৰু ইউৰেটাৰ আহি মূত্ৰাশয়ৰ (Urinary Bladder) সৈতে যোগ হয়। মূত্ৰাশয়ৰ পৰা ইউৰেথ্ৰা (Urethra) নামক নলীয়েদি প্ৰস্ৰাৱ শৰীৰৰ বাহিৰ হয়। 

কিডনীয়ে আমাৰ শৰীৰৰ তেজৰ আয়তন আৰু ৰক্তচাপ সুস্থিৰভাৱে নিয়ন্ত্ৰিত কৰি ৰাখে। লাগতিয়াল খনিজসমূহ যেনে চ’ডিয়াম, প’টেচিয়াম, ক্ল’ৰাইড, কেলচিয়াম, মেগনেচিয়াম, ফচফ’ৰাচ, বাইকাৰ্বোনেট আদি সন্তুলিত পৰিমাণত ৰখাত সহায় কৰে। তেজৰ স্বাভাৱিক পি.এইচ (Ph) ৭.৪ কিডনীয়েই নিয়ন্ত্ৰিত কৰি ৰাখে। কিডনীয়ে ভিটামিন-ডি আৰু কেইবাবিধো হৰম’ন উৎপন্ন কৰে। সেইকেইটা হ’ল— এৰিথ্ৰপ’য়েটিন (Erythropoietin), কেলচিট্ৰায়ল (Calcitriol) আৰু ৰেনিন (Renin)। এৰিথ্ৰপ’য়েটিন হৰম’ন হাঁড়ৰ মজ্জাৰ পৰা তেজৰ ৰক্তকণিকা নিৰ্মাণত উদগনি যোগায়। কেলচিট্ৰায়ল হ’ল ষ্টেৰয়েড হৰম’ন আৰু ভিটামিন-ডিৰ সক্ৰিয় ৰূপ। হাঁড়ৰ কেলচিয়াম, ফচফ’ৰাচ আদিৰ নিয়ন্ত্ৰণৰ বাবে ই প্ৰয়োজনীয়। ৰেনিন লিভাৰৰ পৰা নিৰ্গত হোৱা এনজিয়টেনচিনজেৰ (Angiotensinogen) লগ লাগি Angiotensis-II উৎপন্ন কৰে, যাৰ দ্বাৰা তেজৰ নলীৰ সংকোচন হয় আৰু ফলত ৰক্তচাপ বাঢ়ে।


মুখৰ ঘা প্ৰতিৰোধৰ উপায় - Health Tips in Assamese


কিডনীৰ অসুখ উৎপন্ন হোৱাৰ কেইটিমান উল্লেখযোগ্য কাৰক—

ডায়েবেটিছ ৰোগ— নিৰন্তৰ তেজৰ উচ্চ ছুগাৰে কৰা কিডনীৰ ক্ষতিৰ ফলত শৰীৰত পানী আৰু পেলনীয়া পদাৰ্থ জমা হয় যিবোৰক ডায়েবেটিছ নেফ্ৰপেথী (Diabetic Nephropathy) বুলি কোৱা হয়। 

উচ্চ ৰক্তচাপ— কিডনীৰ ৰোগ আৰু উচ্চ ৰক্তচাপ (Hypertension / HTN) এই দুয়োটা যেন একেটা মুদ্ৰাৰেই ইপিঠি-সিপিঠি। ৰক্তচাপ যিমানে অনিয়ন্ত্ৰিত হৈ বাঢ়িব সিমানেই কিডনীৰ ৰোগ বেয়ালৈ অৱনমিত হ’ব।

বংশগতি বা জেনেটিক কাৰণ— ইয়াৰ এটা উদাহৰণ হ’ল পলিচিষ্টিক কিডনী ডিজিজ। আকৌ ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ পৰিয়ালৰ কেইবাজনৰো একে সময়তে থকা দেখা যায়।

জীৱন ধাৰণৰ প্ৰভাৱ— মেদবহুলতা, আলস্যভৰা জীৱন আদিৰ অন্তিম গন্তব্য স্থান হ’ল ক্ৰনিক কিডনী ডিজিজ।

মদ্যপান— এলক’হলৰ কুপ্ৰভাৱত কিডনীৰ ফিল্টাৰ কৰাৰ ক্ষমতা হ্ৰাস পায়।

ধূম্ৰপান— ধূম্ৰপানে কিডনীৰ ক্ষতিসাধন কৰে। এই ক্ষতি তীব্ৰতৰ হয়। যদি একে সময়তে ডায়েবেটিছ বা উচ্চ ৰক্তচাপ ৰোগীজনৰ থাকে।   

শাৰীৰিক নিষ্ক্ৰিয়তাৰ পৰিমাণ— শৰীৰ ভালে ৰাখিবলৈ প্ৰতিজন লোকে সপ্তাহত ছদিন নিতৌ ৩০-৪০ মিনিট সময় ব্যায়াম কৰিব লাগে। অৱশ্যে যিসকল লোকৰ তেজত ক্ৰিয়েটিনিনৰ পৰিমাণ বেছি, তেনেলোকে কঠোৰ শাৰীৰিক কছৰৎ কৰা অনুচিত। শাৰীৰিক আলস্যই কিডনী, হৃদয় আৰু শৰীৰৰ আন লাগতিয়াল অংগৰ বিজুটি ঘটাব পাৰে।

জাংক ফুডৰ আধিক্য— জাংক ফুডে শৰীৰক কিজনীৰ অসুখ আৰু ডায়েবেটিছ ৰোগলৈ ঠেলি দিয়ে বুলি এক সদ্য প্ৰকাশিত চিকিৎসা বাৰ্তাত কোৱা হৈছে।

অতিমাত্ৰা কেফেইনৰ প্ৰভাৱ— শৰীৰ ভালকৈ ৰাখিবলৈ হ’লে দিনটোত সৰ্বোচ্চ ৩ পিয়লা চাহ নাইবা ২ পিয়লা কফিৰ সীমা অতিক্ৰম কৰা অনুচিত।

নিদ্ৰাহীনতাৰ পৰিমাণ (অৰ্থাৎ নিয়মীয়াকৈ বেছি টোপনি ক্ষতিৰ অপকাৰিতা)— আমাৰ শৰীৰক অন্ততঃ ৭ ঘণ্টাৰ ৰাত্ৰিনিদ্ৰাৰ প্ৰয়োজন।

কৃত্ৰিম মিঠাস্বাদ (Artificial sweetener) গ্ৰহণ— নানাবিধ এনে পদাৰ্থ যেনে – Saccharin, Aspartame  (Sweet’ N Low), Sucralose (Splenda)  আদিয়ে  কৰ্কট ৰোগৰ সম্ভাৱনা বঢ়ায়। ডায়েবেটিছ, হৃদৰোগ, উচ্চ ৰক্তচাপ আৰু কিডনীৰ অসুখ কৰিব পাৰে।

অতিমাত্ৰা মাংসহাৰী খাদ্যৰ প্ৰভাৱ— ছিগাংপুৰৰ পৰা অলপতে প্ৰকাশিত মেডিকেল বুলেটিনৰ মতে ৰঙা মাংস (যনে— পৰ্ক, বীফ) কিডনীৰ ৰোগৰ কাৰক হ’ব পাৰে। খাদ্যত এনে মাংসৰ পৰিমাণ যিমানে বেছি হ’ব, ৰোগৰ সম্ভাৱনাও সিমানে বেছি হ’ব। ২০১৫ চনত বিশ্ব স্বাস্থ্য সংস্থ্যাই জনোৱা মতে বেছি উত্তাপত সিজোৱা ৰঙা মাংস কিডনীৰ আৰু আন অংগৰ কৰ্কট ৰোগৰ কাৰণ হ’ব পাৰে। 

উচিত মাত্ৰাত দৈনিক পানী গ্ৰহণ নকৰাৰ ফল— শৰীৰ সুস্থ ৰাখিবলৈ ২৪ ঘণ্টাত আমি নিয়মিত খাবলগীয়া পানীৰ পৰিমাণ হ’ল— পুৰুষে ১৫ পিয়লা (বা ৩.৭ লিটাৰ) আৰু মহিলাই ১১ পিয়লা (বা ২.৭ লিটাৰ)। কমকৈ পানী খালে কিডনীৰ ক্ষতি সাধন হয়। আকৌ জোখতকৈ বেছি পানী নিয়মিত খালেও কামৰ অভাৰলোডৰ কুপ্ৰভাৱ কিডনীৰ ওপৰতে পৰে।


• ভিটামিন-বি গোট আৰু ভিটামিন-ডিৰ অভাৱৰ পৰিমাণ স্বৰূপে কিডনী অস্বস্থ হ’ব পাৰে। 

• স্বাস্থ্যৰ প্ৰতি অৱহেলা- যেনে প্ৰস্ৰাৱৰ সংক্ৰমণ বা কিডনীৰ পাথৰ ধৰা পৰাৰ পিছতো উপযুক্ত চিকিৎসাৰ ব্যৱস্থা নকৰা।

• হকে-বিহকে যিকোনো দৰব বিশেষকৈ বিষনাশক দৰব, এণ্টিবায়টিক আদি সঘনাই সেৱন কৰাৰ কুপৰিণাম হ’বগৈ পাৰে কিডনীৰ ৰোগ। শেহতীয়াকৈ প্ৰকাশিত বৈজ্ঞানিক তথ্যমতে আজিকালি সঘনাই ব্যৱহৃত হোৱা এচিডিটী কমোৱা দৰব অমিপ্ৰাজল, পেণ্টপ্ৰাজল আদিয়ে কিডনীৰ ক্ষতিসাধন কৰাৰ সম্ভাৱনা ৰাখে।

• প্ৰদূষিত পৰিৱেশৰ প্ৰভাৱ— কিডনীৰ ওপৰত দূষিত বায়ু, পানী আৰু মাটিৰ প্ৰভাৱ অৱশ্যেই পৰে। মাৰকিউৰি, লিড, আৰ্চেনিক, কেডমিয়াম আদি ধাতু, পেষ্টিচাইড আদি ৰাসায়নিকৰ কুপ্ৰভাৱত হাওঁফাওঁৰ ৰোগ, হৃদৰোগ, কৰ্কট ৰোগ আদিৰ উপৰি ক্ৰনিক কিডনীৰ ৰোগ হ’ব পাৰে।


কিডনী অস্বস্থ হৈছে বুলি কেনেকৈ জানিব— 

কিছুমান বিপদ সংকেতলৈ লক্ষ্য ৰাখক (পিছে দুৰ্ভাগ্যৰ কথা কিডনীৰ ক্ষতিসাধন হোৱাৰ বেছ পিছতহে এই লক্ষণসমূহ চকুত পৰে।)

• প্ৰস্ৰাৱৰ ক্ষেত্ৰত চকু দিবলগীয়া— সঘনাই কিন্তু কম পৰিমাণত প্ৰস্ৰাৱ হোৱা। বিশেষকৈ নিশাৰ ভাগত। প্ৰস্ৰাৱ কৰোতে কষ্ট বা বিষ অনুভৱ কৰা। প্ৰস্ৰাৱৰ ৰং সলনি হোৱা। প্ৰস্ৰাৱত তেজ যোৱা। প্ৰস্ৰাৱত ফেন পৰা।

• ভৰি-হাত-মুখমণ্ডল বা শৰীৰ ফুলিব ধৰা (Oedema)।

• এনিমিয়া, শাৰীৰিক দুৰ্বলতা, অলপতে ক্লান্তিবোধ হোৱা। 

• ছালত সঘনে খজুৱতি হোৱা।

• মুখৰ দুৰ্গন্ধ, খাদ্যৰ প্ৰতি অৰুচি।

• ওকালি আৰু বমি।

• ৰক্তচাপ বাঢ়ি যোৱা।

• গাঁঠিৰ বিষ, কঁকালৰ বিষ।

• ঠাণ্ডাৰ বেছি অনুভৱ হোৱা (ৰক্তকণিকা কমি যোৱাৰ বাবে)।

• নিশ্বাসত কষ্ট অনুভৱ হোৱা (অক্সিজেন হ্ৰাস পোৱাৰ বাবে)।

• বুকুৰ বিষ।

• টোপনি কমি অহা।

• মগজুৰ তীক্ষ্ণতা হ্ৰাস পোৱা।

• মাংসপেশীৰ বিষ হোৱা।


কিডনীৰ অসুখক সোনকালে চিনাক্ত কৰাৰ অতীব প্ৰয়োজন। অন্যথা এটা সময়ত সহজে চিকিৎসাধীন ৰোগ ক্ৰনিক কিডনী ৰোগলৈ ৰূপান্তৰিত হ’বগৈ পাৰে। Glomerular filtration rate (GFR) নামক পৰীক্ষা কৰি কিডনীৰ সক্ৰিয়তা অনুধাৱন কৰিব পাৰি। আকৌ প্ৰস্ৰাৱত সকলো সময়তে প্ৰ’টিন নিৰ্গত হোৱাটোৱে ক্ৰনিক কিডনী ৰোগৰ সূচায়। ১০০ শতাংশ গণনা কৰিবৰ বাবে তেজৰ ক্ৰিয়েটিনিনৰ পৰিমাণ, ৰোগীৰ বয়স, উচ্চতা আৰু লিংগ জনাৰ প্ৰয়োজন। ১০০ স্বাভাৱিক যদি ৯০ৰ পৰা ১০০ শতাংশ ফলাফল দেখা যায়। একেদৰে ৯০ শতাংশ ফলাফল দেখা গ’লে কিডনীৰ ৫০ শতাংশই কাম কৰি থকা বুজাব।


GFR-ৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি কিডনীৰ অসুখ পাঁচটা পৰ্যায়ত বিভক্ত কৰিব পাৰি— 

  1. প্ৰথম পৰ্যায়- (First stage)- সুস্থ কিডনী, GFR ৯০ বা ততোধিক
  2. দ্বিতীয় পৰ্যায়- GFR ৬০ৰ পৰা ৮৯ৰ ভিতৰত
  3. তৃতীয় পৰ্যায়- (3A & 3B) – GFR ৩০ৰ পৰা ৫৯ৰ ভিতৰত
  4. চতুৰ্থ পৰ্যায়- GFR ১৫ৰ পৰা ২৯ৰ ভিতৰত
  5. পঞ্চম পৰ্যায়- GFR ১৫ৰ তল, কিডনী ফেইলাৰ, ৰোগী ডায়েলাইছিছত।

ক্ৰিয়েটিনিনৰ স্বাভাৱিক পৰিমাণ হ’ল পুৰুষৰ ০.৬ ৰ পৰা ১.২ মিলিগ্ৰাম আৰু মহিলাৰ ০.৬ ৰ পৰা ১.১ মিলিগ্ৰাম। ক্ৰিয়েটিনিনৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি কিডনীৰ সক্ৰিয়তা ঠাৱৰ কৰিব পাৰি।

  • ক্ৰিয়েটিনিনৰ পৰিমাণ ১.৫ মিলিগ্ৰাম হ’লে ৭৫% কিডনী সক্ৰিয়
  • ক্ৰিয়েটিনিনৰ পৰিমাণ ২ মিলিগ্ৰাম হ’লে ৫০%  কিডনী সক্ৰিয়
  • ক্ৰিয়েটিনিনৰ পৰিমাণ ৩.৫ মিলিগ্ৰাম হ’লে ২৫% কিডনী সক্ৰিয়
  • ক্ৰিয়েটিনিনৰ পৰিমাণ ৫ মিলিগ্ৰাম হ’লে ১০% কিডনী সক্ৰিয়
  • ক্ৰিয়েটিনিনৰ পৰিমাণ ৬ৰ পৰা ৮ মিলিগ্ৰাম হ’লে ৫% কিডনীহে সক্ৰিয়।

বিপদৰ আগজাননী পালে কি কি সতৰ্কতামূলক ব্যৱস্থা ল’ব— ?  

এনেধৰণৰ সন্তুলিত খাদ্য গ্ৰহণ কৰক, যাতে শৰীৰত ছুগাৰ, ক’লেষ্টৰলৰ পৰিমাণ আৰু ৰক্তচাপ নাবাঢ়ে। মনত ৰাখিব সঠিক খাদ্যই কিডনীৰ অসুখ ৫০ শতাংশৰো অধিক নিয়ন্ত্ৰণ কৰে। ইয়াৰ বাবে কিছুমান কিটিপ (টিপছ) আগবঢ়াম—

• প্ৰচুৰ পৰিমাণে সতেজ পাচলি আৰু ফলমূল গ্ৰহণ কৰক।

• গছত লগা পাচলিক অগ্ৰাধিকাৰ দিব লাগে। যেনে— ভেন্দি, পটল, তিঁয়হ, লাউ, কোঁমোৰা, কেপচিকাম, বেঙেনা, ভাঁত কেৰেলা, তিতা কেৰেলা।

• গোমধান এবিধ উপযোগী খাদ্য। গোমধানত লাগি থকা চুলিৰ দৰে আঁহবোৰ উতলাই চুৰুহাৰ (চুপ) দৰে খালে তেজত ছুগাৰৰ পৰিমাণ কমে।

• মাটিৰ তলত হোৱা, খাব পৰা পাচলি হ’ল পিঁয়াজ, আদা, বিট, গাজৰ, মূলা।

• টেঙাফল পৰিহাৰ কৰিব লাগিব। অৱশ্যে নেমুৰ ৰস মৌজোলৰ সৈতে উপকাৰী।

• জামুক, মাটিকঁঠাল কিডনীৰ বাবে উপকাৰী।

• শুকান ফল-মূল (ড্ৰাই-ফ্ৰোটচ) কমকৈ খাব লাগে।

• চিৰা, অ’টছ, ডালিয়া, চাটু, চাবুদানা, পাষ্টা, নুডলছ্, ব্ৰাউন ব্ৰেড খাব পাৰিব।

• ময়দাৰ সলনি আটা বাচি ল’ব লাগে।

• চাউল ওহোৱাৰ (ৰন্ধা) আগতে ৬ ঘণ্টা তিয়াই ৰাখিব।

• চচ্, চুৰুহা (চুপ), ফলৰ ৰস (জুচ) আৰু গ্ৰেভী এৰাই চলিব লাগিব।

• কৃত্ৰিমভাৱে সংৰক্ষিত (প্ৰিজাৰভেটিভ) বা কৃত্ৰিম ৰং দিয়া গোটা-জুলীয়া সকলো খাদ্য এৰাই চলিব লাগিব।

• গাখীৰ কম চৰ্বিযুক্ত বাচি ল’ব। গাখীৰৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী (ডায়েৰী প্ৰডাক্ট) পৰিহাৰ  কৰিব লাগিব।

• ডালডা বা তেনে চৰ্বিৰে তৈয়াৰ কৰা খাদ্য পৰিহাৰ কৰিব।

• মাংস, মাছ, কণীৰ পৰিৱৰ্তে প্ৰ’টিনৰ বা দাইল (বিশেষকৈ গোটা মগুৰ), ছয়াবিন ব্যৱহাৰ কৰিব।

• পৰাপক্ষত চেনি খোৱাতো পৰিহাৰ কৰক।

• চেনিতকৈ ভাল কুঁহিয়াৰ ৰস, গুড়, মৌজোল, খেজুৰ আদি প্ৰাকৃতিক বিকল্প। চেনিৰ সলনি কৃত্ৰিম স্বাদৰ কথা মনলৈও নানিব।

• নিমখো খাৱা একেবাৰে কমাই দিব— দিনটোত মাত্ৰ এলপমানহে গ্ৰহণ কৰিব।

মদ, চিগাৰেট আদিৰ অপকাৰৰ কথা আগতেই কোৱা হৈছে। গতিকে দৃঢ়মনে সকলো ৰাগিয়াল তত্ত্বৰ সংগ এৰাই চলক।


- ডাঃ ভূপেন শইকীয়া

জনহিতাৰ্থে প্ৰচাৰিত


(আশাঁ কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হব৷ লগতে নিজৰ পৰিয়াল,বন্ধু বৰ্গক লিখনিটো Share কৰক যাতে তেওঁলোকেও ইয়াৰদ্বাৰা সুফল লাভ কৰিব পাৰে৷

আপোনাৰ এই উদগনিয়ে আমাক স্বাস্থ্য সম্বন্ধীয় লিখনী সমূহ ভৱিষ্যতলৈও আপোনালোকৰ মাজলৈও কঢিয়াই নিবলৈ উৎসাহ উদগনি যোগাব । ধন্যবাদ)


কিডনী ৰোগীৰ পথ্য আৰু অপথ্যৰ বিষয়ে জানিবলগীয়া কিছু কথা আগকথা— ভাৰতবৰ্ষৰ জনসংখ্যা বিশ্বৰ জনসংখ্যাৰ ১৭ শতাংশ। তাৰে ক্ৰনিক...

Posted by Medicity Guwahati Day Care & Diagnostics on Monday, 25 January 2021


Medicity Guwahati Day Care & Diagnostics - https://www.facebook.com/medicityguwahati

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।