কেইজন মান ভাৰতীয় ডাবিঙ আৰ্টিষ্ট - Top 8 Indian Dabbing Artist [ Movie ]

    বৰ্তমান সময়ত ভাৰত এখন বৃহৎ বজাৰ। অ’, কভিড-১৯ ৰ বাবে যদিও বিশ্ব অৰ্থনীতি পিছ পৰি ৰৈছে, কিন্তু ২০২১ ৰ আৰম্ভণিৰ লগে লগে নতুন নতুন দ্বাৰ মুকলি হোৱাৰ শুভাশাবোৰ আমি মনতে পুহি ৰাখিছো। এইক্ষেত্ৰত চলচ্চিত্ৰৰ বাবেও এক বৃহৎ বজাৰ ভাৰত। সেইবাবে প্ৰতি বছৰে বহুতো বিখ্যাত হলিউদ, চাইনিজ, ব্ৰিটিছ ছবিয়ে হিন্দী সংস্কৰণত মুক্তিলাভ কৰে ভাৰতীয় চিত্ৰগৃহত। আগৰে পৰাই এই প্ৰক্ৰিয়া চলি আহিছে যদিও বিগত দশকত ভাৰতত হলিউদৰ ছবিৰ জনপ্ৰিয়তা বহু পৰিমাণে বাঢ়িছে। লগতে এই হলিউদৰ ছবিসমূহৰ ভাৰতত কৰা ব্যৱসায়ো ঈৰ্ষণীয়। ৱিকিপেডিয়াৰ মতে, এইপৰ্যন্ত ভাৰতত সৰ্বাধিক ব্যৱসায় কৰা শীৰ্ষ ১০ খন ছবি আন্তৰাষ্ট্ৰীয় ছবি ক্ৰমে-

  1. Avengers: Endgame (৪৪৬ কোটি টকা; প্ৰায় ৬২ নিযুত মাৰ্কিন ডলাৰ)
  2. Avengers: Infinity War (২৯৫ কোটি টকা; ৪৪ নিযুত ডলাৰ)
  3. The Jungle Book (2016) (২৫৮ কোটি টকা; ৩৮ নিযুত ডলাৰ)
  4. The Lion King (2019) (১৮৭ কোটি টকা; ২৬ নিযুত ডলাৰ)
  5. Furious 7 (১৫৫ কোটি টকা; ২৪ নিযুত ডলাৰ)
  6. Jurrasic World (১৪৫ কোটি টকা; ২২ নিযুত ডলাৰ)
  7. Jurraaic World: Fallen Kingdom (১২৯ কোটি টকা; ১৯ নিযুত ডলাৰ)
  8. The fate of the Furious (১২৭ কোটি টকা; ১৯ নিযুত ডলাৰ)
  9. Avatar (১১৩ কোটি টকা; ২৪ নিযুত ডলাৰ, ২০০৯ চনত ডলাৰ আৰু টকাৰ পৰিৱৰ্তনৰ হাৰ পৃথক আছিল)
  10. Avengers: Age of Ultron (১১১ কোটি টকা, ১৮ নিযুত ডলাৰ)

উক্ত ছবিসমূহৰ নামবোৰ আপোনালোকৰ সকলোৰে চিনাকি। এই ছবিসমূহ একো একোখন বিগ বাজেটৰ ব্যৱসায়িক ছবি (Commercial Films)। যাৰ বাবে মাৰ্কেটিঙৰ ক্ষেত্ৰত এই ছবিসমূহে এক মোটা অংকৰ ধন খৰচ কৰে। সেইবাবে কিছুমান ছবি নিৰ্মাণত যিমান ধন ব্যয় হয় তাতোকৈ বেছি ধন মাৰ্কেটিঙত ব্যয় কৰে। উদাহৰণস্বৰূপে Disney ৰ ছবিসমূহ। বিশেষকৈ বৰ্তমান বহুকেইটা বৃহৎ ছবি নিৰ্মাণ আৰু মাল্টিমেডিয়া কোম্পানী Disney ৰ অধীনত। ইয়াৰ ভিতৰত Lucas film (Star Wars ৰ আটাইবোৰ চৰিত্ৰ), National Geographic, 20th Century Fox আৰু Marvel Cinematic Universe প্ৰধান। তদুপৰি Disney Plus Hoststar ৰ কথা আমি সকলোৱে ইতিমধ্যে জানো।

কেইজন মান ভাৰতীয় ডাবিঙ আৰ্টিষ্ট - Top 8 Indian Dabbing Artist [ Movie ]


এতিয়া এই সমূহ কথা হ’ল ব্যৱসায়ৰ। কিন্তু লেখাটোৰ শিৰোনাম দেখি আৰু প্ৰথম দফা দুটা পঢ়ি আপোনালোকে হয়তো এক সম্পূৰ্ণ পৃথক ধাৰণা লৈছে। প্ৰকৃততে ভাৰতত এই হলিউদৰ ছবিৰ ব্যৱসায়ৰ আঁ‌ৰত আছে ছবিসমূহৰ হিন্দী সংস্কৰণ। যদিও আপুনি বা মই ইংৰাজীতেই ছবিবোৰ চাই বেছি ভাল পাওঁ‌ বা Authenticity ৰ খাতিৰত আমি প্ৰকৃত ভাৱবোধৰ বিচাৰ কৰিবলৈ ইংৰাজীত চাবলৈ ইচ্ছা কৰোঁ‌, কিন্তু ভাৰতৰ সৰহসংখ্যক দৰ্শকে এই ছবিসমূহ হিন্দীত চাবলৈ মন কৰে। কাৰণ হিন্দীত যদিও ইংৰাজীৰ সংস্কৰণৰ প্ৰকৃত চিত্ৰনাট্য বা সংলাপৰ সাল সলনি কৰা হয়, তথাপি হিন্দীত চোৱাৰ আমেজো সুকীয়া। আমি এই হিন্দী ডাবিঙ আৰ্টিষ্টসকলক চিনি নাপাওঁ‌ বা চিনিবলৈ আগ্ৰহো প্ৰকাশ নকৰো। কিন্তু ছবিখন চালেই আমি গম পাওঁ‌ যে তেওঁলোকৰ মাতবোৰ আমাৰ চিনাকি। আৰু সেই মাতবোৰ সামান্য সলনি হ’লেই আমি ছবিখনৰ আমেজটো নাপাওঁ‌। আজি পৰ্দাৰ পিছফালৰ এনেকুৱাই কিছুমান ব্যক্তিৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম, যাৰ মাত, তেওঁৰ মুখাবয়ৱৰ তুলনাত বেছি ভাল চিনাকি আমাৰ।

কেইজন মান ভাৰতীয় ডাবিঙ আৰ্টিষ্ট- Top 8 Indian Dabbing Artist

সময় ৰাজ থক্কৰঃ ক্ৰিষ্টোফাৰ ন’লানৰ The Dark Knighy Trilogy ত ব্ৰূচ ৱেইন/বেটমেন, Avengers ত ব্ৰূচ বেনাৰ/হাল্ক, Venom ত এডী আৰু ভেনমৰ হিন্দী সংস্কৰণক নিজৰ মাতেৰে দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে সময় থক্কৰে। তেওঁ ডাবিংৰ কাম কৰা কেইখন মান ছবি এনেধৰনৰ-
১। বাহুবলী দি বিগিনিং আৰু দি কনক্লুজন (কাট্টাপা)
২। এন্থিৰান (ৰবট)
৩। হেৰিপটাৰ দি প্ৰিজনাৰ অব আজকাবান
৪। হেৰিপটাৰ দি গবলেট অব ফায়াৰ
৫। হেৰিপটাৰ দি অৰ্ডাৰ অব দি ফিনিক্স
৬। মেন ইন ব্লেক ৩
৭। ট্ৰেন্সফৰ্মাৰচ
৮। বেট মেন (ব্ৰুচ ৱেইন) বেটমেন

ৰাজেশ খত্তৰঃ ইতিমধ্যে বহুতো ছবি, নাটকত নিজৰ অভিনয়েৰে দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰা ৰাজেশ খত্তৰক আমি বেছি ভালদৰে জানো Ironman অৰ্থাৎ টনী ষ্টাৰ্কৰ মাতত। অৱশ্যে তেওঁ কেইবাখনো হিন্দী ছবিত অভিনয়ৰ প্ৰতিভাও প্ৰকাশ কৰে। যেনে- ডন, ডন২, খিলাৰী ৭৮৬, ৰেচ্ ২ আদি। ২০০৮ ৰ পৰা Ironman আৰু Avengers ৰ টনীৰ হিন্দী ডাবিঙ কৰিছে ৰাজেশ খত্তৰে। টনীৰ হিন্দী সংকস্কৰণ ৰাজেশ খত্তৰৰ মাত ইমানেই সুন্দৰকৈ খাপ খাই যেন ৰ’বাৰ্ট ডাউনী জুনিয়ৰে নিজেই হিন্দীত সংলাপ কৈ আছে।  তেওঁ অভিনয় কৰা কেইখন মান ভাৰতীয় ছবি-
১। নাগিন ঔৰ লুতেৰে ১৯৯২
২। আইনা ১৯৯৩
৩। সূর্য বংশম ১৯৯৯
৪। ডন
৫। শুক্ৰানু

ৰাজেশ খাট্টাৰে ডাবিং কৰা বিদেশী ছবি সমুহ এনেধৰণৰ-
১। টাৰ্মিনেটৰ
২। হেল বয়
৩। মেন ইন ব্লেক
৪। এক্স মেনঃ ফাৰ্ষ্ট ক্লাছ (মেগনিট’)
৫। এক্স মেনঃ ডেইজ্ অব ফিউচাৰ পাষ্ট (মেগনিট’)
৬। পাইৰেট অব ডি কেৰিবিয়ানঃ পাইৰেট জেক স্পেৰ’
৭। আইৰন মেন ১,২,৩ : ৰবাৰ্ট ডাউনি জুনিঅ’ৰ
৮। ঘ’ষ্ট ৰাইডাৰ
৯। জাংগল বুক (অকেলা)
১০। আইচ্ এইজ্

নিনাদ কামাতঃ বহুতো বলিউদৰ ছবিত ইতিমধ্যে নিনাদ কামাতে অভিনয় কৰিছে। আৰু ডাবিঙৰ ক্ষেত্ৰত তেখেতে নিজৰ মাতেৰে দৰ্শকৰ মন মুহিছে Avengers ৰ অন্যতম প্ৰতিদ্বন্দ্বী থেনচৰ ৰূপত। থেনচৰ হিন্দী ডাবিঙ নিনাদ কামাতেই কৰিছিল। নিনাদ কামাতে অভিনয় কৰা কেইখন মান ভাৰতীয় ছবি এনেধৰণৰ-
১। ড’লি চজাকে ৰখনা (১৯৯৮) চৰিত্ৰ- পিন্টু
2। লাগে ৰহো মুন্না ভাই (২০০৬) এডভোকেট
৩। ধামাল
৪। এয়াৰলিফট

তেখেতে নিজৰ কন্ঠ আগবঢ়োৱা কেইখন মান বিদেশী ছবি হৈছে-

১। মিশ্বন ইম্পছিবল
২। দি ফেন্টম
৩। ষ্টুৱাৰ্ট লিটল
৪। মেন ইন ব্লেক
৫। গাৰ্জেন অবসদি গেলাক্সি
৬। এভেঞ্জাৰচ ইনফিনিটি ৱাৰ আৰু ইন্ড গেইম

 

সাংকেট মাহাত্ৰেঃ বিভিন্ন দক্ষিণ ভাৰতীয় ছবিৰ অভিনেতা আল্লু অৰ্জুন, বিক্ৰম, আদিৰ হিন্দী ডাবিঙ কৰা সাংকেট মাহাত্ৰেক আমি জানো হলিউদৰ বিখ্যাত Deadpool ক হিন্দী ডাবিঙ কৰাৰ বাবে। লগতে ডিস্কভাৰী চেনেলৰ Man Vs Wild ত বিয়েৰ গ্ৰীৰ্লছকো তেখেতেই নিজৰ আৱাজ প্ৰদান কৰিছে। সাংকেট মাহাত্ৰেয়ে ডাবিং ৰ কাম কৰা কেইখনমান চলচিত্ৰ আৰু চিৰিজ এনেধৰণৰ-
১। বেন টেন- আল্টিমেট এলিয়েন আৰু অমনিভাৰ্চ (বেন টেনিচনৰ মাত)
২। ফাষ্ট এণ্ড ফিউৰিয়াচ
৩। আইৰণমেন
৪। হেলবয়
৫। দি মাৰ্চিয়ান
৬। এক্স মেন
৭। জাষ্টিচ লিগ্

 

ত্ৰিলোক পটেলঃ হলিউদৰ বিখ্যাত ষ্টিফেন কিঙৰ উপন্যাসৰ আধাৰত নিৰ্মিত ভৌতিক শিহৰণকাৰী ছবি It আৰু It: Chapter 2 দুখনত সকলোৰে ৰাতিৰ টোপনি কাঢ়ি নিয়া আলফ্ৰেড পেনিৱাইজক ত্ৰিলোক পটেলেই হিন্দী ডাবিঙ কৰিছে।

ম’না ঘোষ শেট্টীঃ ডাবিং আৰ্টিষ্ট বা ভইচ অভাৰ আৰ্টিষ্ট সকলৰ মাজত কেৱল পুৰুষেই আছে যে এনে নহয়। ডাবিং আৰ্টিষ্ট সকলৰ মাজত এটা জনপ্ৰিয় নাম হৈছে ম’না ঘোষ শেট্টী। তামিল তেলেগুৰ পৰা অসমীয়ালৈকে প্ৰায় ১০টা ভাষাত ডাবিং কৰা এই গৰাকী ডাবিং আৰ্টিষ্টৰ মাতটো আমাৰ প্ৰায় সকলোৰে চিনাকি। তেখেতৰ কেইখন মান মনত ৰৈ যোৱা ইংৰাজী চিনেমা আৰু তাৰ চৰিত্ৰ সমুহ এনেধৰনৰ।
১। এক্স মেন (ষ্ট্ৰ’ম)
২। ষ্টুৱাৰ্ট লিটল (মাৰ্গাল’ ৰ মাত)
3। চেম ৰেমিৰ স্পাইডাৰ মেন ১,২ আৰু ৩ (মেৰী জে’ইন)
৫। অভটাৰ (নেইটিৰি)
ইয়াৰ উপৰিও তেখেতে “লিটল কৃষ্ণা” নামৰ এনিমেতেড চিৰিজটোত মা যশোদাৰ চৰিত্ৰটো নিজৰ মাত আগবঢ়াই।

 

মোহন কাপুৰঃ এইজন হিন্দী ডাবিং আৰ্টিষ্টে কেইবা খনো ইংৰাজী চিনেমাৰ হিন্দী ডাবিংত নিজৰ মাত আগবঢ়াইছে ইয়াৰ ভিতৰতে কেইখন মান সকলোৰে মনত থাকি যোৱা চিনেমাৰ নাম আগবঢ়োৱা হৈছে।

১। কেপ্টেইন আমেৰিকা দি ফাৰ্ষ্ট এভেনঞ্জাৰঃ (ৰেড ষ্কাল)
২। ফাষ্ট এন্ড ফিউৰিয়াচ ৬ আৰু ৭ঃ (লুক হবচ্)
৩। দি কাৰাটে কিড্ঃ (মিঃ হেন) জেকি চান।
৪। ড° ষ্ট্ৰে়ঞ্জঃ (ড° ষ্ট্ৰিফেন ষ্ট্ৰে়ঞ্জ) ইনফিনিটি ৱাৰ আৰু ইন্ড গেইমত ও তেওঁ ড° ষ্ট্ৰে়ঞ্জ ৰ বাবে ডাবিং কৰে।

 

বিৰাজ আধৱঃ বিৰাজ আধৱে বহুতো হিন্দী মুভিত ডাবিং আৰ্টিষ্ট হিচাপে কাম কৰাৰ লগতে কেইবাখনো বিদেশী ছবিটো নিজৰ মাত প্ৰদান কৰিছে।

তেওঁ কাম কৰা কেইখন মান ছবি হ’ল-

১। জিচম (জন এব্ৰাহম) কবিৰ লাল
২। বাঘী (চুধেৰ বাবু) ৰাঘৱ চেট্টী
৩। হনুমান ২০০৫ (ভগৱান ৰাম)
৪। স্পাইডাৰমেন এনিমেটেড (পিটাৰ পাৰ্কাৰ)
৫। মিশ্বন ইম্পচিবল ১, ২ আৰু ৩ ( টম ক্ৰুজ) ইথান হান্ট
৬। ষ্টুৱাৰ্ট লিটল (ষ্টুৱাৰ্ট লিটল নিগনিটোৰ মাত)
৭। চেম ৰেমিৰ স্পাইডাৰমেন ১,২,৩ (পিটাৰ পাৰ্কাৰ)


Read- অসম চলচ্চিত্ৰ কুইজ - Assam Film Quiz


[ www.borluit.online ]


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।