বাৰ্মুদা ত্ৰিভুজৰ ৰহস্য আৰু বহুতো নজনা তথ্য

শ, হেজাৰ বছৰৰ পৰা এটুকুৰা ৰহস‍্যময়ী ঠাই হিচাপে আটলাণ্টিক মহাসাগৰৰ বাৰ্মুদা ত্ৰিভুজ চিৰপৰিচিত। ফ্লৰিডা, বাৰ্মুদা আৰু Puerto Rico ৰ মাজৰ ঠাইখিনিয়েই ৰহস‍্যময়ী বাৰ্মুদা ত্ৰিভুজ

বাৰ্মুদা ত্ৰিভুজৰ ৰহস্য

বাৰ্মুদা ত্ৰিভুজৰ ৰহস্য

১৮৭২ চনৰ "The mery" জাহাজৰ পৰা আৰম্ভ কৰি ২০১৫ ৰ ব্ৰিটিছ বিমান সন্ধানহীন হোৱালৈ প্ৰায় ১০০খনতকৈও অধিক জাহাজ, উৰাজাহাজ আৰু ১০০০তকৈও অধিক মানুহ নোহোৱা হৈছে।


কিন্তু বৰ্তমান সময়ত বহু কেইজন বিজ্ঞানীয়ে ইয়াৰ ৰহস্য ভেদ কৰাত সফল হৈছে।  তেওঁলোকে কিছুমান যুক্তিসংগত তথ‍্যৰে ইয়াৰ ৰহস্য ভেদ কৰিবলৈ চেষ্টা কৰিছে।


জ্বালামুখীৰ অৱস্থিতি:- 

গৱেষণা অনুসৰি সাগৰৰ সেই ঠাইখিনিৰ তলত বিশাল জ্বালামুখীৰ অৱস্থিতি পোৱা গৈছে। সাগৰত জ্বালামুখী উদগীৰণ হ'লে সাগৰৰ পানীৰ লগত মিথেন, মিথেন হাইড্ৰক্সাইড আদি গেছ পানীৰ লগত মিহলি হৈ পানীৰ ঘনত্ব কমাই দিয়ে। জাহাজবোৰ সচৰাচৰ পানীৰ ঘনত্ব মিলাই বনোৱা হয়। যেতিয়া পানীৰ ঘনত্ব কমি যায় লাহে লাহে জাহাজবোৰো পানীৰ তলত ডুব যায় আৰু এনেকৈয়ে নোহোৱা হৈ যায়।


Hexagonal Cloud:- 

উৰাজাহাজ বোৰ দুৰ্ঘটনা হোৱাৰ মুখ‍্য কাৰণ হ'ল Hexagonal cloud . প্ৰাকৃতিক পৰিঘটনা নতুবা পানীত সৃষ্টি হোৱা গেছবোৰৰ বাবেই ঠাইখিনিৰ আকাশখন সকলো সময়তেই মেঘেৰে আৱৰি থাকে। সেই ঠাইখিনিত উৰাজাহাজ সোমালেই তাৰ কম্পাছে কাম নকৰা হৈ যায় আৰু লগতে ষ্টেচনবোৰৰ লগতো সম্পৰ্ক নোহোৱা হৈ যায়। কাৰণ হ'ল এটাই ইয়াৰ যথেষ্ট বেয়া বাতাৱৰণ। Hexagonal cloud প্ৰায় ৫০ বৰ্গ কি:মি বহল ষড়ভুজ আকাৰৰ মেঘ । যাৰ ভিতৰত বহুত জোৰেৰে বতাহ বলি থাকে প্ৰায় ২৫০ কি:মি প্ৰতি ঘণ্টাত। গতিকে উৰাজাহাজ এখন এই Hexagonal cloud ৰ ভিতৰত বতাহৰ গতিৰ বিপৰীতে সোমালে উৰাজাহাজ খনক ধ্বংস কৰি দিয়ে। আকৌ যদি উৰাজাহাজখনৰ দিশ আৰু বতাহৰ দিশ একে হয় তেন্তে উৰাজাহাজখনৰ দ্ৰুতি বাঢ়ি যায় আৰু দুৰ্ঘটনাগ্ৰস্ত হয়। এনেকুৱা এটা ঘটনা হৈছিল ১৮৪৬(?) চনত। Bruce gernon নামৰ পাইলটজনে বাৰ্মুদাৰ ওপৰেৰে পাৰ হৈ গৈ আছিল। হঠাৎ চকুৰ আগত ক'লা মেঘে আৱৰি ধৰিছিল। উৰাজাহাজখনৰ ৰেডাৰে কাম নকৰা হৈ গৈছিল। কিন্তু তেওঁলোকৰ ভাগ‍্য ভাল আছিল যে Hexagonal cloud ৰ মাজৰ বতাহৰ দিশ আৰু তেওঁলোকৰ জাহাজৰ দিশ একেটাই আছিল। মাত্ৰ ৩মিনিটত gernon ৰ জাহাজে প্ৰায় ১৫০ কি:মি অতিক্ৰম কৰিছিল যাৰ দ্ৰুতি আছিল ঘণ্টাত ৩০০০ কি:মি, যিটো সচৰাচৰ উৰাজাহাজ এখনৰ বাবে অসম্ভৱ। এটা interview ত তেওঁ কৈছিল যে তেওঁ কেৱল উৰাজাহাজখন control কৰিব চাইছিল যদিও চকুৰ আগত ক'লা ডাৱৰ আৰু গাজনিয়ে তেওঁলোকৰ ৰাষ্টা বন্ধ কৰি ৰাখিছিল।


পাহাৰ আৰু সাগৰীয় বতাহ:- 

আন এক গৱেষণা অনুসৰি বাৰ্মুদাৰ ঠাইখিনিৰ চাৰিওফালে ওখ চাপৰ পাহাৰেৰে আবৃত। সচৰাচৰ ডাঙৰ ডাঙৰ সাগৰীয় বতাহ আহি এই পাহাৰবোৰত খুন্দিয়াই যাৰ ফলত ইয়াৰ পানীবোৰ অস্থিৰ হয় আৰু পানীত ঘূৰ্ণীয় প্ৰৱাহৰ সৃষ্টিৰ ফলতো কিছুমান জাহাজ ধ্বংস হয়।


পানীৰ তলত থকা অসমান পাহাৰ:- 

পানীৰ তলত কি থাকে কোনোৱে একো নাজানে। কেতিয়াবা পানীৰ ভিতৰৰ পৰা ওখ ওখ পাহাৰবোৰ ওলাই থাকে। কিন্তু নাৱিকে তাৰ উপস্থিতি গম নোপোৱাকৈ জাহাজ নতুবা নাওঁ চলাই নিলে পাহাৰৰ টুকুৰাবোৰত খুন্দা খাই জাহাজবোৰ ভাঙি যোৱা বুলিও জানিব পৰা গৈছে।


বহু গৱেষকে দাবী কৰিছে যে প্ৰায় ১০ ৰ পৰা ১৫ লাখ বছৰ আগত আটলাণ্টিছ(?) নামৰ চহৰ আছিল, যিখন চহৰ পানীৰ তলত পৰি ৰৈ গৈছিল য'ত বহু পৰিমাণৰ বিষাক্ত গেছৰ ভাণ্ডাৰ আছিল।


   অৱশ্যে এতিয়া উন্নত যন্ত্ৰৰ আৱিষ্কাৰ হৈছে যদিও বাৰ্মুদাৰ মাজেৰে যোৱাটো সম্ভৱপৰ হৈ উঠা নাই। কিয়নো সেই ঠাইখিনিৰ প্ৰাকৃতিক পৰিৱেশ কেতিয়া বেয়া হৈ যায় কোনোৱে আগতীয়াকৈ কব নোৱাৰে।

এনেকুৱা এটা ত্ৰিভুজীয় জলক্ষেত্ৰ প্ৰশান্ত মহাসাগৰত (জাপানৰ) কাষতো পোৱা যায় য'ত যোৱাটো দশকত জাহাজ, নাওঁ, উৰাজাহাজ নোহোৱা হোৱাৰ বাতৰি পোৱা গৈছে। এই ত্ৰিভুজ টোৰ নাম হৈছে dragon triangle আৰু ইয়াক এচিয়াৰ বাৰ্মুদা ত্ৰিভুজ বুলি কয়।


এনেকুৱা এটা ঠাই ভাৰতৰ উৰিষ্যাতো পোৱা যায়। যাৰ নাম হৈছে Amarda airstrip. যিটো জাপানৰ লগত যুদ্ধ হোৱাৰ সময়ত বহুতো আমেৰিকা উৰাজাহাজ এই ঠাইত দুৰ্ঘটনা গ্ৰস্ত হৈছিল। কোনো ধৰণৰ মেঘ, অথবা প্ৰাকৃতিক পৰিঘটনা নোহোৱাকৈ উৰাজাহাজবোৰে নিয়ন্ত্ৰণ হেৰুৱাই এখনে আনখনৰ লগত খুন্দা খাইছিল। ইয়াৰ মুখ‍্য কাৰণ হ'ল উৰিষ্যাৰ কাষত ঝাৰখণ্ডত থকা ইউৰেনিয়ামৰ খনি। ইউৰেনিয়াম বহুত ৰেডিঅ'এক্টিভ ধাতু যিয়ে যন্ত্ৰ পাতিৰ অনিষ্ট কৰি পেলাই। High radiation য়ে দুখন জাহাজৰ কম্পাছ বিকল কৰি পেলাই আৰু পাইলটে সকলোবোৰ চম্ভালিব নোৱাৰাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয়। এতিয়া উচ্চ মানদণ্ডৰ যান্ত্ৰিক যান অহাৰ ফলত এনেকুৱা ঘটনা আমি শুনিব নাপাওঁ।


আটলাণ্টিক মহাসাগৰত থকা চাৰগাছো সাগৰো ৰহস‍্যৰ আৱৰ্তত থকা এখন ৰহস‍্যময়ী ঠাই। য'ত গোটেই অঞ্চলটো সৰু সৰু ঘাহনিৰে বিস্তৃত আৰু তাত নাওঁ অথবা সৰু জাহাজ সোমালে ঘাঁহবোৰৰ মাজত ৰৈ যায় অথবা তলত থকা সাগৰৰ মাজত সোমাই যায়।

আগলৈ কেনেধৰণৰ কথা জানিবলৈ বিছাৰে কমেন্টত জনাব। ধন্যবাদ।

DOWNLOAD ASSAMESE GK APP



✍️হিৰকজ‍্যোতি কলিতা

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।