শকত হোৱাৰ সহজ উপায়

সচৰাচৰ দেখা যায় কিছুমান ক্ষীণ মানুহে যথেষ্ট সৰহ পৰিমাণত সকলো ধৰণৰ খাদ্য খায়, তথাপি তেওঁলোকৰ শৰীৰৰ আকৃতি সলনি নহয়।

Xokot-huwar-xohoj-upai


ক্ষীণ হোৱাৰ সম্ভাব্য কাৰণসমূহ-

  • কমকৈ খাদ্য লোৱাৰ অভ্যাস।
  • দুবাৰৰ খোৱাৰ মাজত দীঘলীয়া ব্যৱধান।
  • খাদ্যৰ বাচনিত বেমেজালি।
  • শাৰীৰিক অতিশ্ৰম – খাদ্যৰ পৰিমাণ নবঢ়ালে প্ৰয়োজনতকৈ কেলৰি কমকৈ পোৱা।
  • দীঘলীয়া অসুস্থতাৰ ফলত বদহজম।
  • কৰ্কটৰোগ,যক্ষ্মাৰোগ, হাইপাৰ-থাইৰইডিজম, ডায়েবেটিজ।


ক্ষীণ মানুহে কিদৰে নিজৰ শৰীৰৰ ওজন বৃদ্ধি কৰিব পাৰিব-

  1. শৰীৰক কমেও ৮ ঘন্টা ভাল নিদ্ৰাৰ প্ৰয়োজন তেহে স্বাস্থ্যৰ উন্নতি সম্ভৱপৰ হ’ব।
  2. বলপূৰ্বক লোকচান হোৱাৰ ভয়ত নিজৰ খাব পৰাৰ পৰিমাণতকৈ বেচি খাই শৰীৰৰ বিপদ নচপাব।
  3. টিভি চাই খাদ্য খোৱাসকলে টিভিতকৈ নিজৰ খাদ্যৰ প্ৰতি অধিক মনোযোগ দিয়ক।
  4. টি ভি আৰু বাতৰিকাকতৰ ৰঙীন বিজ্ঞাপনত ভোল গৈ শক্তিবৰ্দ্ধক দৰবৰ অৰ্ডাৰ দিয়াৰ চিন্তা পৰিহাৰ কৰক।

এটি অতি লাগতিয়াল সতৰ্কবাণী-

বজাৰত নানাবিধ এনাবলিক ষ্টেৰইডৰ বেজী বা খোৱা পিল উপলবদ্ধ। ডুৰবলিন, ডেকাডুৰাবলিন এনে নাম বহুতৰ জ্ঞাত। চিকিৎসকে এই এনাবলিক ষ্টেৰইড হৰমোন বিভিন্ন অসুখত ভোগা ৰোগীৰ ক্ষেত্ৰত প্ৰয়োজনসাপেক্ষে ব্যৱহাৰ কৰে। কিন্তু কিছুমানে অৰ্ধজ্ঞানী ফাৰ্মাচীত কাম কৰা লোকৰ পৰামৰ্শত বা নিজৰ স্থুল বুদ্ধিৰে শকত, দেখনিয়াৰ হ’বলৈ বুলি এনে ঔষধৰ প্ৰয়োগ কৰে। এইবিলাকৰ হ’ব পৰা অপকাৰিতা হ’ল – পুৰুষৰ শুক্ৰানু হ্ৰাস, টেষ্টিজ সৰু হোৱা, বক্ষ বাঢ়ি যোৱা (Gynaecomastia) আদি। মহিলাৰ চুলি সৰা, কন্ঠস্বৰ পুৰুষৰ দৰে হোৱা, বক্ষ শুকাই যোৱা, ক্লাইটৰিচ বাঢ়ি অহা ইত্যাদি। ইয়াৰ ওপৰি পুৰুষ-মহিলা উভয়ৰে লিভাৰ ৰোগ, ৰক্তচাপ, চৰ্বিজনিত ৰোগ, কেঞ্চাৰ আদি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

DOWNLOAD ASSAMESE GK APP



এতিয়া কিছুমান খাদ্যৰ বিশ্লেষণ চাওক-

  • কল – এটা কলত ১০৫ গ্ৰাম কেলৰি থাকে। কলে খোৱাৰ লগে লগে তৎক্ষাণিকভাবে শক্তিৰ যোগান ধৰে। সুষম খাদ্যৰ তালিকাত দৈনিক এটা কল অপৰিহাৰ্য।
  • কণী – ইয়াত প্ৰটিন, ভিটামিন -এ, ডি, ই ,বি ১২, লৌহ পদাৰ্থ, জিংক, কেলচিয়াম আৰু ভাল কলেষ্টৰ’ল থাকে। কণীত থকা ল্যুটিন চকুৰ বাবে উপকাৰী। কণী হাঁড়, কাৰ্টিলেজ, ছাল,চুলি,হৰমোন আদিৰ বাবে লাগতিয়াল। কণীত থকা এমাইনো এচিড মাংসপেশীৰ বাবে উপকাৰী। ১০০গ্ৰাম কণীৰ পৰা ১৩গ্ৰাম প্ৰটিন শৰীৰে আয়্ত্ত কৰে।
  • চোয়াবিন – ১০০গ্ৰাম চোয়াবিনৰ পৰা ৩৬গ্ৰাম প্ৰটিন শৰীৰে আয়্ত্ব কৰে।
  • চিকেন – ১০০গ্ৰাম মূৰ্গীৰ মাংসৰ পৰা ২৫গ্ৰাম প্ৰটিন শৰীৰে আয়্ত্ব কৰে।
  • বাটাৰ -১০০গ্ৰাম মাখনত ৮১গ্ৰাম ফেট থাকে। সতৰ্ক হ’ব যাতে অত্যাধিক মাখন খাই হৃদৰোগত আক্ৰান্ত হবলগীয়া নহয়।
  • অ’টচ (Oats ) – ১০০গ্ৰাম অ’টচত ১৭গ্ৰাম প্ৰটিন আৰু কিছু পৰিমাণে লৌহ পদাৰ্থ থাকে।
  • টুনা মাছ – স্বাস্থ্যৰ বাবে উপকাৰী ফেটি এচিচযুক্ত।
  • পাষ্টা – কাৰ্বহাইড্ৰেটৰ এক ভাল উৎস। যথেষ্ট কেলৰিযুক্ত। লগত সেউজীয়া শাক-পাচলি মিহলাই ইয়াক অধিক পুষ্টিকৰ কৰি ল’ব পাৰে।
  • চীজ – প্ৰটিন, ফেট, কেলচিয়ামৰ সমাহাৰ।
  • খোৱা তেল – সৰ্বোত্তম হ’ল অলিভ অইল।
  • দৈ – উপযোগী খাদ্য।
  • পি নাট বাটাৰ – উপযোগী খাদ্য।
  • গাখীৰ – প্ৰটিন আৰু কেলৰিৰ বাবে প্ৰয়োজনীয়। ১০০গ্ৰাম গাখীৰত ৩-৫গ্ৰাম প্ৰটিন থাকে অৰ্থাৎ দুগিলাচ গাখীৰৰ পৰা ১৪গ্ৰাম প্ৰটিন আহিব।
  • নুডুলচ হ’ল কেলৰি আৰু কাৰ্বহাইড্ৰেটযুক্ত। ইয়াক সেউজীয়া শাক-পাচলি মিহলাই ইয়াক অধিক পুষ্টিকৰ কৰি ললে ভাল।
  • ড্ৰাই ফ্ৰুটচে কেলৰি যোগান ধৰে।
  • ফলমূল আৰু সেউজীয়া শাক-পাচলি হ’ল ভিটামিন, ট্ৰেচএলিমেন্ট, কেলচিয়াম, লৌহপদাৰ্থ আৰু এন্টি অস্কিডেন্টৰ স্ৰোত। এইবিলাকত ডায়েটেৰী ফাইবাৰো প্ৰচুৰ থাকে। দিনটোত তাজা ফলৰ ৰস প্ৰচুৰ খাই দেহ-মন ডিহাইড্ৰেচনমুক্ত আৰু সতেজ কৰি ৰাখিব লাগে।
তথ্য সংগ্ৰহ - https://as.vikaspedia.in

Tags

Post a Comment

3 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
  1. Bro কেইটা পোষ্ট লিখাৰ পিছত Google Adsense ৰ Approval পাইছা ?
    My Site: www.merazaxom.in

    ReplyDelete

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।