আমি কিয় সপোন দেখো? [সপোনত পোৱা ঔষধ - ৰহস্য]

সপোন সদায়ে মানুহৰ বাবে এক ৰহস্য। এই ৰহস্যৰ যেন কোনো দিনাই অন্ত নপৰিব। মগজুৰ জ্যটিল প্ৰক্ৰিয়া সমূহ যিমানেই মানুহৰ হাতত ধৰা দিছে সিমানেই যেন বিজ্ঞানী সকল এক দুৰ্বোধ্য চক্ৰবেহুৰ মাজলৈ সোমাই গৈ আছে। আমি কিয় সপোন দেখো? সপোন বোৰৰ উদ্দেশ্য কি? এই সপোনবোৰৰ বাস্তৱ জগতৰ লগত কিবা সংযোগ আছে নেকি... ইত্যাদি হেজাৰটা প্ৰশ্নই মনোবিজ্ঞানী সকলক অতীতৰ পৰাই ব্যস্ত কৰি ৰাখিছে । কিন্তু আজিলৈকে এই ৰহস্যৰ সম্পূৰ্ণ ভেদ ভাঙিব পৰা হোৱা নাই ।

আমি কিয় সপোন দেখো?

প্ৰচীন কালত সপোনক কিছুমান ঐশ্বৰিক বাৰ্তাৰ সাংকেতিক প্ৰকাশ বুলি কোৱা হৈছিল। এই ধাৰণা মানুহৰ মন মগজুত এনেদৰে সোমাই গৈছে যে আজিও আমাৰ ব্যক্তিগত জীৱনত এটা নিৰাশজনক সপোনে অনাগত দিন বোৰৰ বাবে ভীতি সঞ্চাৰ কৰে । সৰ্ব্ব প্ৰথমে সপোন সম্বন্ধে যুক্তিপূৰ্ণ ব্যাখ্যা আগবঢ়ায় ছিগমন্দ ফ্ৰায়দে (Sigmund Freud) ১৮৯৯ চনত । ১৮৯৯ চনত “ইন্টাৰপ্ৰিটেচন অব ড্ৰিম” নামৰ এখন কিতাপ প্ৰকাশ কৰে। ফ্ৰায়দৰ মতে সপোন হ’ল অৱদমিত বাসনাৰ গোপন প্ৰকাশ (secret outlet of Opressed desire) । সপোনেই অচেতন মনৰ বতৰা দিয়ে ( rail-road to unconscious) । ছিগমন্দ ফ্ৰায়দৰ তত্ব মতে মানুহৰ অচেতন মনটো কামনা, বাসনা যৌনতা আদিৰে পৰিপূৰ্ণ। এই অচেতন মনক সচেতন মনে যুক্তিবাদী বিশ্লেষণৰ জৰিয়তে নিয়ন্ত্ৰণ কৰি ৰাখে । নিদ্ৰামগ্ন অৱস্থাত যেতিয়া সচেতন মন সুপ্ত অৱস্থাত থাকে তেতিয়া অচেতন মনত অৱদমিত বাসনা বোৰ সপোন আকাৰে প্ৰকাশ পায় । এই সপোনবোৰ যদি সঠিক ৰূপত বিশ্লেষণ কৰা যায় তেন্তে ব্যক্তি জনৰ মনৰ গোপন খবৰ পোৱা যায় । প্ৰথম ৬/৭ বছৰত কিতাপখনে কোনো বিশেষ সমাদৰ লাভ কৰা নাছিল । কিতাপখন তাত্বিক দিশৰ পৰা অলপ জ্যটিল আছিল বাবে ফ্ৰায়দে সপোন সম্বন্ধে আন এখন কিতাপ সৰল ভাষাত প্ৰকাশ কৰিছিল । প্ৰথম অৱস্থাত এই দুখন কিতাপে জনসমাজত বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলেও কুৰি শতিকাৰ মাজ ভাগলৈ এই দুখন অতি জনপ্ৰিয় হৈ উঠিছিল। ফ্ৰায়দৰ এই স্বপ্নতত্বক আদৰি ললেও তেওঁ প্ৰচুৰ সমালোচনাৰো সন্মুখীন হৈছিল । ফ্ৰয়দ আছিল ভিক্টোৰিয়ান যুগৰ ৰক্ষণশীল সমাজৰ। গতিকে, প্ৰায় ভাগ বিষয়তে যৌনতাৰ বিশ্লেষণৰ জৰিয়তে মনোবৈজ্ঞানিক তত্ব সমূহ আগবঢ়োৱাটো বহুতেই তেওঁৰ বিকৃত মানসিকতাৰহে পৰিচয়ক বুলি ধৰি লৈছিল । কিন্তু যিয়েই নহওঁক কিয়, ফ্ৰায়দে “সপোন”ক ঐশ্বৰিক গণ্ডীৰ পৰা উলিয়াই আনি বৈজ্ঞানিক ভাবে প্ৰতিষ্ঠা কৰাৰ প্ৰথম প্ৰয়াস কৰে । ফ্ৰায়দৰ এই ধাৰণা প্ৰায় ১৯৫০ চন মানলৈ জনপ্ৰিয় হৈ আছিল ।

[আমি কিয় সপোন দেখো ? সপোন বোৰৰ উদ্দেশ্য কি?] How and why we dream?

১৯৫৩ চনত ইউজিন অচৰেইনক্সি আৰু নাথানএইল্ ক্লেইটম্যান (Eugene Aserinsky and Nathaniel Kleitman) টোপনি আৰু সপোন সম্বন্ধে কিছু যুক্তিপূৰ্ণ গবেষণাৰে এক নতুন দিশৰ সূচনা কৰে । সপোন সম্বন্ধে জনাৰ আগতে কিছু টোপনিৰ বিষয়ে জানি লও…… মানুহৰ গোটেই টোপনি প্ৰক্ৰিয়াটো সাধাৰণতে পাঁচটা ভাগত ভাগ কৰিব পাৰি ।

  1. চিলমিল টোপনি (very light sleep)
  2. পাতল টোপনি (light sleep)
  3. গভীৰ টোপনি (deep sleep)
  4. অতি গভীৰ টোপনি (very deep sleep)
  5. Rapid eye movement (নেত্ৰৰ দ্ৰুত সঞ্চালন) চমুকৈ REM টোপনি ।

অচৰেইনক্সি আৰু ক্লেইটম্যানে এই REM স্তৰটোৰ ওপৰত বিশদভাৱে অধ্যয়ন কৰে । ব্যক্তি এজন টোপনিৰ সময়ত এই স্তৰ সমূহ ক্ৰমাগত ভাবে ইটোৰ পাছত সিটোকৈ অতিক্ৰম কৰি থাকে । এই গোটেই স্তৰ কেইটা অতিক্ৰম কৰিবলৈ প্ৰায় ডেৰ ঘন্টাৰ পৰা আঢ়ৈ ঘন্টামান সময় লয়। এই REM টোপনিতেই সাধাৰণতে বেছিভাগ সপোন দেখে । আৰু এইটো স্তৰত দেখা সপোনেই সধাৰণতে সাৰ পোৱাৰ পাছত মনত পেলাব পাৰি । 

গবেষণা - Research

অচৰেইনক্সি আৰু ক্লেইটম্যানৰ গবেষণাই প্ৰথমবাৰৰ বাবে সপোনৰ এক বস্তুনিষ্ঠ গবেষণাৰ বাট মুকলি কৰি দিয়ে । ইয়াৰ আগলৈ কেৱল মনঃস্তত্বিক দিশৰ পৰাহে সপোনক বিশ্লেষণ কৰা হৈছিল । এলেন হবচন্ (Allan Hobson) আৰু ৰবাৰ্ট মেকাৰ্লী (Robert McCarley) নামৰ দুজন আমেৰিকাৰ হভাৰ্ড মেডিকেল স্কুলৰ অধ্যাপকে ১৯৭৭ চনত “Activation-Synthesis hypothesis” (সক্ৰিয় সংশ্লোষন মতবাদ) নামেৰে এক নতুন ধৰনৰ মতবাদ আগবঢ়ায় । এই ধাৰণা অনুশাৰে মানুহৰ মগজুৰ ভিতৰত অসংখ্য উদ্দীপনা বা জৈববৈদ্যুতিক পৰিঘটনা ঘটি থাকে । এই বৈদ্যুতিক পৰিঘটনা বোৰ মগজুৰ উপৰিও ভাগলৈও বিভিন্ন স্নায়ুৰ জৰিয়তে কঢ়িয়াই লৈ আনে। মগজুটোৰ উপৰি ভাগত থকা বিশেষ স্নায়ু কোষ বোৰে এই সংকেত বোৰৰ কিছুমান অৰ্থ উলিয়াই লয় এই অৰ্থ বোৰেই সপোন আকাৰে ধৰা দিয়ে । হবচন্ আৰু মেকাৰ্লীৰ মতে মানুহৰ মগজুৰ সন্মুখৰ অংশ মানে ঠিক কপাল খনৰ ভিতৰৰ অংশই মগজুৰ ভিতৰত বিশৃংখল ভাবে উৎপন্ন হোৱা উত্তেজনা বোৰ সুশৃংখল ভাবে সপোন আকাৰে উৎপন্ন কৰাত বিশেষ ভাবে কাম কৰে, সহজ ভাষাত “উত্তেজনা প্ৰশমিত” কৰে । হবচন্ আৰু মেকাৰ্লীৰ এই ধাৰণাই ইয়োকো ব্যাখ্যা কৰে REM বা চকুৰ দ্ৰুত সঞ্চালনো মগজুৰ এই উত্তেজনা বোৰৰ বাবে হয়। কিন্তু এই মতবাদে এইটো বাখ্যা কৰিব পৰা নাছিল যে কিয় REM টোপনি নথকা অৱস্থাতো সপোন দেখে ।


প্ৰায় ২০০০ চনলৈ এই তত্বটোৱে সকলোৱেই গ্ৰহণ কৰি লৈছিল যদিওঁ সপোন সম্বন্ধে থকা সকলোবোৰ প্ৰশ্নৰ উত্তৰ এই তত্বটোৰ সহায়ত দিব পৰা নাছিল । সপোন সম্বন্ধে শেহতীয়াকৈ কানাডাৰ জি জেয়াং (Jie Zhang) এ আগবঢ়োৱা তত্বক প্ৰায় ভাগ বিশেষজ্ঞই মানি লৈছে । এই তত্ব মতে মানুহৰ চিন্তা আৰু ক্ৰিয়াকালাপ সমূহ সুকলমে পৰিচালনা কৰিবলৈ দুটা বিশেষ স্মৃতি অংশই কাম কৰে অস্থায়ী বা হ্ৰস্বম্যাদী স্মৃতি (short term memory) স্থায়ী বা দীৰ্ঘকালীন স্মৃতি (long-term memory). দৈনন্দিন কৰ্ম্ম ৰাজিৰ পৰিকল্পনা, খুতি নাতি আমাৰ হ্ৰস্বম্যাদী স্মৃতি অংশত পঞ্জীয়ন হয় তাৰ পৰা মগজুৱে কামবোৰ সুচাৰু ৰূপে পৰিচালনা কৰে । ঠিক আমাৰ কম্পিউটাৰ বা মোবাইল ফোন ৰেম (RAM) ৰ দৰে । এই হ্ৰস্বম্যাদী স্মৃতি যাৰ বেছি সিয়েই দৈনন্দিন কাৰ্য্য সমূহত দক্ষতা দেখুৱাব পাৰে । মানুহ এজন সাৰে থকা সময়ত যিমানবোৰ চিন্তা, ধাৰণা, অনুভৱ, অনুভুতি, সংবেদন আদি পঞ্জীয়ন হয় সেইবোৰৰ কিছু কিছু টোপনি অহাৰ লগে লগে দীৰ্ঘকালীন স্মৃতি অংশলৈ স্থানান্তৰিত হয় ।উল্লেখযোগ্য যে কেৱল আয়ত্ব কৰি লোৱা কৌশলৰ স্মৃতি বা বাৰে বাৰে পঞ্জীয়ন হৈ থকা উত্তেজনা বোৰহে স্থায়ী স্মৃতি অংশত পঞ্জীয়ন হয়। গতিকে আমি কব পাৰো যে কেৱল আয়ত্ব কৰা কৌশল বা শিকা কথাবোৰ(Learned process) স্থায়ী স্মৃতিত সঞ্চিত হৈ থাকে । এই অনুভুতি বোৰ স্থানান্তৰিত হৈ দীৰ্ঘকালীন স্মৃতিত পঞ্জীয়ন হোৱাৰ সময়ত উদ্দীপনা সমূহ সপোন আকাৰে ধৰা দিয়ে । যিয়েই নহওঁক সপোন সম্বন্ধে এতিয়াও বহুত গবেষণা অহৰহ চলি আছে। বিস্তৃত ভাবে জানিবলৈ ওতিয়াও বহুত বাকী ।


২০১০ চনত Inception বুলি এখন চিনেমাই ব্যাপক ভাবে আলোড়ন সৃষ্টি কৰিছিল । চিনেমা খন এক বিশেষ ধৰণৰ সপোনৰ ওপৰত নিৰ্মিত যাক কোৱা হয় Lucid dream বা জীৱন্ত সপোন । এই “লুচিড ড্ৰিম” বোৰ সাধাৰণতে সাৰ পোৱাৰ আগ মুহূৰ্তত দেখা যায়। বিজ্ঞানী সকলে নিশ্চিত কৰিছে যে অনুশীলনৰ জৰিয়তে এই সপোনবোৰ নিজ ইচ্ছামতে নিয়ন্ত্ৰণ কৰিব পাৰি । চিনেমা খনত সুন্দৰ ভাবে দেখুৱাই দিছে যে কেনেদৰে এজনে আন এজনৰ অৱচেতন মনত প্ৰবেশ কৰি গোপন তথ্য উদ্ধাৰ কৰিব পাৰি । এই লুচিড ড্ৰিমৰ সহায়ত চিনেমা খনত দেখুৱাই দিয়াৰ দৰে এজনে আন এজনৰ অৱচেতন মনত প্ৰবেশ কৰিব নোৱাৰিলেও বিজ্ঞানী সকলে এই লুচিড ড্ৰিমক কলা কৌশল আয়ত্ব কৰাৰ আহিলা হিচাপে লব পাৰি বুলি দেখুৱাই দিছে । 

অনুশীলনৰ জৰিয়তে চিলমিল টোপনি অৱস্থাত বা টোপনিৰ পৰা সাৰ পোৱাৰ আগ মুহূৰ্তত এই সপোন ৰচনা কৰিব পাৰে । স্বপ্ন দ্ৰষ্টাই নিজৰ প্ৰয়োজন অনুসৰি এখন কাল্পনিক জগত তৈয়াৰ কৰি পাৰে যেনে এখন সমৰ ক্ষেত্ৰ, এখন খেলপথাৰ, য’ত নিজে মনে সজা জগতত কলা-কৌশলৰ অনুশীলন কৰি মগজুৰ নিয়ন্ত্ৰণ খিনি আয়ত্ব কৰি লব পাৰে । এবাৰ মগজুৰ নিয়ন্ত্ৰণ আয়ত্বত অনাৰ পাছত বাস্তৱত অতি সহজেই দৈহিক নিয়ন্ত্ৰণ আনি লব পাৰে । আচৰিত যেন লাগিলেও এইটো সম্ভৱ ।

সপোনত পোৱা ঔষধ - ৰহস্য

আমি প্ৰায়ে “সপোনত পোৱা ঔষধ” বুলি এষাৰ কথা শুনি আহিছো । সেইটো এটা বিতৰ্কৰ বিষয় কিন্তু এইটো সচাঁ যে বহুতো উদ্ভাৱন যে সপোনৰ জৰিয়তে হৈছে তাক বিজ্ঞানী সকলে স্বীকাৰ কৰি লৈছে । ১৮৬৫ চনৰ কথা ।আগষ্ট্ কেকুল (August kakule)এ বেনজিন যৌগ টোৰ গঠন বহু দিনলৈ বিচাৰি পোৱা নাছিল য’ত ৬ টা কাৰ্বন পৰমাণু আৰু ৬টা হাইড্ৰজেন পৰমাণু আছিল । বিভিন্ন ধৰণে গঠন আঁকি চায়ো এটা সুস্থিৰ ৰূপ দিব পৰা নাছিল । এদিন ৰাতি সপোনত দেখিলে যে ছয় ডাল সাপে এডালেৰে আনডালৰ নেজত কামুৰি এক ষষ্টভুজৰ ৰূপত স্থিতি লৈ আছে । লগে লগে সাৰ পাই বেনজিনৰ গঠন তেনেকুৱা হব পাৰে বুলি পৰীক্ষা নিৰীক্ষা কৰিলে আৰু সেয়াই ফলিয়ালে। ইয়াৰ আগতে যৌগ এটাৰ তেনে চক্ৰাকাৰ গঠনৰ ধাৰণা হোৱা নাছিল । ১৮৮৬ চনত ইংzলেণ্ডৰ প্ৰখ্যাত লেখক লুই ষ্টিভেনচনে টোপনিতেই তেখেতৰ বিখ্যাত উপন্যাস “ দ্যা ষ্ট্ৰেঞ্জ কেছ অব ডাঃ জেকিল এণ্ড মিঃ হাইড” ৰ ধাৰণা বিচাৰি পাইছিল । ঠিক তেনেদৰে নেইল ব’ৰ (Niels bohr) পৰমাণুৰ গঠনৰ ধাৰণাটো সপোনত পোৱা বুলি কয়। আনকি সৰ্ব কালৰ মহান বিজ্ঞানী আইনষ্টাইনে হেনো এবাৰ সপোনত দেখিলে তেওঁ পৰ্বতৰ ওপৰৰ পৰা ক্ৰমাৎ নামি আহিল। গতিবেগ লাহে লাহে বৃদ্ধি পাব ধৰিলে । তেওঁৰ গতিবেগ ইমানেই বেছি হ’ল যে পোহৰৰ সমান গতিবেগ লাভ কৰিলে । তেওঁৰ চকুৰ আগত যেন গোটেই ব্ৰহ্মাণ্ড সংকুচিত হৈ পৰিল, তৰাবোৰৰ আকৃতিৰ পৰিৱৰ্তন দেখা দিলে । এই গোটেই পৰিঘটনাটো সাৰ পোৱাৰ পাছত এক গাণিতিক ৰূপ দিবলৈ চেষ্টা কৰিলে । কালক্ৰমত সেয়াই তেখেতৰ বিখ্যাত আপেক্ষিকতাবাদৰ ধাৰণাৰ জন্ম দিয়ে । এনেকুৱা বিভিন্ন সপোন কাহিনী শুনা যায় । ভাৰতীয় বিজ্ঞানী ৰামাণুজনেও হেনো কিছুমান কঠিন গাণিতিক সমীকৰণৰ সমাধান সপোনত পাইছিল । এনেকুৱা আৰু বহুতো উদাহৰণ পোৱা যাব য’ত সপোনৰ যোগেদিয়েই সমস্যা সমাধান কৰা হৈছে । হয়টো অদূৰ ভৱিষ্যতে মগজুৰ বিষয়ে ন’ ন’ তথ্য বিজ্ঞানীসকলে উলিয়াবলৈ সক্ষম হব যাৰ ফলত আমি সপোন সম্বন্ধে আৰু বহুতো কথা গম পাম।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।