বজ্ৰপাতৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব

How to protect yourself from lightning

    বজ্ৰপাতৰ ফলত প্ৰতি বছৰেই এপ্ৰিল , মে' মাহত বহুলোকৰ মৃত্যু হোৱাৰ বাতৰি পাওঁ ৷ এতিয়া বজ্ৰপাত পৰাৰ দিন সমাগত ৷ গতিকে আমি কেনেকৈ বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিব পাৰো তাকে লিখিবলৈ লৈছোঁ ৷

    প্ৰথমতেই কওঁ কিছু গাঁৱলীয়া সমাজত বজ্ৰপাতৰ সম্পৰ্কে অন্ধ বিশ্বাস আছে ৷ গতিকে আমি প্ৰথমতেই এই অন্ধ বিশ্বাস পৰিহাৰ কৰি বৈজ্ঞানিক দৃষ্টিভংগীৰে বজ্ৰপাত কি আৰু কেনেকৈ কিয় হয় এই বিষয়ে অধ্যয়ন কৰিব লাগিব ৷ কাৰণ অন্ধবিশ্বাসী মানুহে সত্যক মানিবলৈ টান পায় ৷


Read- মানুহ মৰিলে আমি কিয় ৩ দিন লঘোণে থাকো আৰু কিয় ৯ দিনলৈ আমি নিৰামিষ খাওঁ!


বজ্ৰপাত কি?

চমুকৈ ক'বলৈ গ'লে, "বতাহৰ ফলত বায়ুমণ্ডলৰ ওপৰৰ অংশত আৰু নিম্ন অংশত বায়ুৰ সৈতে পানীৰ সৰু সৰু কণিকাৰে ঘৰ্ষণৰ সৃষ্টি হয় আৰু এই ঘৰ্ষণৰ ফলত দুয়ো অংশতে অসংখ্য আধানৰ সৃষ্টি হয় ৷ বায়ুমণ্ডলৰ ওপৰৰ অংশত সাধাৰণতে যোগাত্মক (+) আধান আৰু নিম্ন অংশত ঋণাত্মক (--) আধানৰ সৃষ্টি হয় ৷ আনহাতে আমি সকলোৱে জানো যে বায়ু বিদ্যুৎতৰ কু-পৰিবাহী ৷ কিন্তু যেতিয়া এই আধানৰ পৰিমান অত্যাধিক বৃদ্ধি পায় তেতিয়া বায়ুৰ এই ধৰ্ম ভেদি যোগাত্মক আধান ঋণাত্মক আধানলৈ খুউব বেগেৰে প্ৰবাহিত হয় ৷ আৰু তেতিয়া পোহৰ আৰু শব্দৰ সৃষ্টি হয় ৷ পোহৰৰ গতিবেগ শব্দতকৈ বেছি বাবে আমি পোহৰ আগত দেখা পাওঁ আৰু শব্দ পাছত শুনিবলৈ পাওঁ ৷ বায়ুমণ্ডলৰ উচ্চ অংশত সৃষ্টি হোৱা এই আধানবোৰ তীব্ৰ গতিৰে নিম্ন অংশৰ বিপৰীতধৰ্মী আধানৰ মাজেৰে ভূগৰ্ভলৈ পাৰহৈ যোৱা পৰিঘটনাটোৱেই হৈছে বজ্ৰপাত ৷"

How to protect yourself from lightning

এতিয়া আহো বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিব পৰা উপায় সমূহলৈ 

(১) মনত ৰাখিব বজ্ৰপাত সদায় সবাতোকৈ উচ্চ স্থানতহে পৰিব পাৰে ৷ গতিকে বিজুলী-ধেৰেকনি মৰা সময়ত কেতিয়াও মুকলি পথাৰত নাথাকিব বা মুকলি পথাৰৰ মাজেদি পাৰহৈ যাবলৈ চেষ্টা নকৰিব ৷ কাৰণ মুকলি পথাৰখনত আপুনিহে ওখ হৈ থাকিব ৷

(২) বিজুলী-ধেৰেকনি মৰাৰ সময়ত মুকলি স্থানত মোবাইলত কথা পাতি বা ছাতি লৈ নাথাকিব ৷

মোবাইল Switch Off কৰক ৷

(৩) আপুনি যদি বিজুলী-ধেৰেকনি মৰাৰ সময়ত কোনোবা পথাৰ নাইবা হাবিৰ মাজত থাকি গ’ল ৷ তেতিয়া আপুনি কেতিয়াও ওখ গছৰ তলত আশ্ৰয় নলব ৷ কোনোবা চাপৰ গছ এজোপাৰ তলত আশ্ৰয় লওঁক ৷

(৪) বিজুলী-ধেৰেকনি মৰাৰ সময়ত মুকলি ওখ মথাউৰিৰ মাজেৰে খোজকাঢ়ি বা বাইক চলাই নোজোৱাটোৱেই মংগল ৷

(৫) আপুনি যদি বিজুলি -ধেৰেকনি মৰাৰ সময়ত কোনোবা বাছ নাইবা গাড়ীৰ ভিতৰত আছে তেন্তে চিন্তা নকৰি সাৱধানে বহি ৰওঁক ৷ কিন্তু গাড়ীৰ দৰ্জা, খিৰিকি বা বডীত স্পৰ্শ কৰি নাথাকিব ৷

(৬) ঘৰত বজ্ৰপাত নপৰিবলৈ ঘৰৰ ওপৰৰ পৰা মাটিলৈ বিদুৎ পৰিবাহী দণ্ড লগাওঁক ৷

(৭) বিজুলী-ধেৰেকনি মৰাৰ সময়ত বৈদুৎতিক মাধ্যম সমূহ ব্যৱহাৰ নকৰি সংযোগ বিচিন্ন কৰি ৰাখক ৷


মনত ৰাখিব আপোনাৰ ধৈৰ্য্য আৰু অলপ সতৰ্কতাই আপোনাক বজ্ৰপাতৰ দৰে ভয়ংকৰ দূৰ্য্যোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি ৷ গতিকে নিজেও বাচক আৰু আনকো সতৰ্ক কৰি তেওঁলোকৰো জীৱন ৰক্ষা কৰক ৷

যিমান পাৰে বজ্ৰপাতৰ বিষয়ে এই Post টো Share কৰক যাতে আপোনালোকৰ আপোনজনেও গম পায় আৰু উপকৃত হ’ব পাৰে।

How to protect yourself from lightning

(এই জনহীতকৰ প'ষ্টটোৰ লেখক কোন মই নাজানো,হোৱাটএপছ্ত পোৱা এই প'ষ্টটোত লেখকৰ নাম উল্লেখ নাছিল,কথাখিনি সকলোৱে জনাৰ প্ৰয়োজনীয়তাক উপলব্ধি কৰি মোৰ WEBSITE ত সংযোগ কৰিলোঁ)

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।