আপোনালোকে জানেনে? - [5 Interesting facts in Assamese]

5 Interesting facts in Assamese

5 Interesting facts in Assamese


1 ঘৰত শংখ বজোৱাৰ প্ৰয়ােজনীয়তা সন্ধিয়া শংখধ্বনি কৰিলে যিমান দূৰলৈকে এই ধ্বনি যায়, সিমান দূৰলৈকে মাটিৰ ওচৰা-ওচৰিকৈ থকা বিভিন্ন বেয়া বেক্টেৰিয়া ধ্বংস হয়। ইয়াৰ উপৰি শংখৰ ধ্বনিত মহৰ উপদ্রব কিছু হলেও কমে। ই সম্পূর্ণ বিজ্ঞানসম্মত।
2 পুৱা পাঁচ বজাৰ আগত বিছনা এৰিব লাগে কিয়? সাধাৰণতে পুৱা সূৰ্যৰ ৰশ্মি আমাৰ ওচৰলৈ আহে পাঁচ বজাৰ পাছতহে। পুৱা পাঁচ বজাৰ আগে আগে উঠিলে সেই নির্মল ৰশ্মিয়ে আহি আমাৰ চকু আৰু শৰীৰৰ উপকাৰ কৰে। দিনত কল কাৰখানাৰ ধোঁৱা-ধুলি-বালিয়ে বায়ু প্ৰদূষিত কৰে। ৰাতি গছে যিবােৰ অক্সিজেন এৰি দিয়ে, তাৰ বিনিময়ত বায়ুমন্ডল বিশুদ্ধ হৈ পৰে। পুৱা সূর্য উদয় হােৱাৰ আগে আগে সেই বিশুদ্ধ বায়ু আমি পাওঁ।
3 গৰম চাহ খােৱাৰ পাছত পানী নাখায় কিয়? গৰম চাহ খাই লগে লগে পানী খালে দাঁতৰ এনামেল নষ্ট হয়। দাঁতৰ শক্তি কমি যায়। তদুপৰি, দাঁতত পায়ােৰিয়া ৰােগে আক্রমণ কৰে।
4 খােৱা বস্তু আমি কিয় বহি খাব লাগে? যিকোনাে বস্তু খাওঁতে আমি ধীৰে-সুস্থিৰে খাব লাগে। কাৰণ, যদি খােৱা বস্তু খাওঁতে হঠাৎ শ্বাস নলীত সােমাই যায়, তেন্তে আমাৰ বিপদ ঘটিব পাৰে। আনকি, কেতিয়াবা মানুহৰ মৃত্যুও হ'ব পাৰে। সেয়ে, খােৱা বস্তু খাওঁতে সদায় বহি সুস্থিৰ অৱস্থাত খাব লাগে।
5 তুলসী গছৰ বেদীত সদায় পানী কিয় দিয়ে? বিজ্ঞানসম্মত ভাৱে কোৱা হয় যে তুলসী গছৰ বতাহ গাত লাগিলে নানা বেমাৰৰ বীজাণু ধ্বংস হয়। সেয়ে, এনে উপকাৰী গছৰ গুৰিত পানী ঢালি জীয়াই ৰখাটো একান্ত প্রয়ােজন।
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।