5G ইন্টাৰনেটৰ বাবে মৰিছে চৰাই, হৈছে কৰোণা মহামাৰী - [বিজ্ঞানৰ সত্য অসত্য কিছু কথা]

ইন্টাৰনেট আৰু বিজ্ঞানৰ প্ৰসাৰৰ লগে লগে গোটেই বিশ্বখনে গোলকীকৰণৰ ৰূপ পালে। কিন্তু এই ইন্টাৰনেটতে নিতৌ কিছু এনে তথ্য প্ৰকাশ পাবলৈ ধৰিছে যিবোৰ দেখাৰ পাছত এক মুহুৰ্তৰ বাবে ভাবিবলগিয়া হয়। থিক তেনে ধৰণৰ এক কথা খুউব ভাইৰেল গৈ পৰিছে ইন্টাৰনেত তথা চচিয়েল মেডিয়াত। কোৱা হৈছে যে নতুনকৈ আৰম্ভ কৰা 5G ইন্টাৰনেট সেৱাৰ বাবেই মৃত্যু হৈছে হাজাৰ হাজাৰ চৰাইৰ। লগতে আন এক ভাইৰেল হোৱা তথ্য অনুসৰি সমগ্র বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰোণা ভাইৰাচো হেনো আচলতে কোনো ভাইৰাচ নহয়, এইয়া 5G ইন্টাৰনেত সেৱা আৰম্ভ কৰাৰ বাবে হোৱা বিকিৰণৰ ফল। আহক চোন আজি আমি জানিবলৈ চেষ্টা কৰো, সচাকৈ এই 5G সেৱা কি আৰু সচাকৈ এই ইন্টাৰনেত সেৱাই আৰম্ভ কৰিছে নেকি ধ্বংস যজ্ঞ?


5G ইন্টাৰনেটৰ বাবে মৰিছে চৰাই, হৈছে কৰোণা মহামাৰী

কৰোণাৰ এই মহামাৰীৰ মাজটো বিশ্বৰ লগতে ভাৰতবৰ্ষৰটো আৰম্ভ কৰা হৈছে 5G ইন্টাৰনেত সেৱাৰ পৰিক্ষণৰ কাম। ইতিমধ্যে বাংগালুৰুৰ দৰে উন্নত চহৰত আগশাৰীৰ দুৰসংযোগ প্ৰতিস্থান Airtel য়ে 5G ইন্টাৰনেটৰ সফল পৰীক্ষণ কৰে। কিন্তু কি এই 5G? 4G ইন্টাৰনেটৰ পৰা ই কিদৰে পৃথক। সচাকৈ ঘাতক নেকি এই সেৱা?


এই সকলোবোৰ কথা জনাৰ আগত আমি জানিব লাগিব আমাৰ মোবাইল বোৰে কেনেকৈ কাম কৰে। কেনেকৈ চিগনেল পঠাই আৰু সংযোগ স্থাপন কৰে।


আমাৰ মোবাইল বোৰে কেনেকৈ কাম কৰে:

আমি ব্যবহাৰ কৰি থকা মোবাইল ফোন বোৰে মুলতঃ ৰেডিঅ তৰংগৰ সহায়ত সংয়োগ স্থাপন কৰে। অৰ্থাৎ আমাৰ ফোনবোৰৰ পৰা ওলোৱা চিগনেল বোৰ হৈছে ৰেজিঅ’ ফ্ৰিকুৱেন্সি চিগনেল। আমি যেতিয়া ফোন কল বা ইন্টাৰনেট ব্যৱহাৰ কৰো আমাৰ ফোনটোৱে এই ৰেডিঅ’ ফ্ৰিকুৱেন্সিৰ দ্বাৰা নিকটতম মোবাইল টাৱাৰৰ লগত সংযোগ স্থাপন কৰে। তাৰপাছত মোবাইল টাৱাৰে সেই একে ধৰণৰ ৰেডিও ফ্ৰিকুৱেন্সিৰ দ্বাৰা কৃত্রিম উপগ্রহ বা চেটেলাইটৰ লগত সংযোগ কৰে। চেটেলাইটে পুনৰ আপুনি যোগাযোগ কৰিব বিছৰা ব্যক্তি জনৰ ওচৰৰ মোবাইল টাৱাৰৰ লগত সংযোগ কৰে। এনেধৰণে এটা মোবাইলে কাম কৰে।


এতিয়া জানো আহক 4G আৰু 5G ইন্টাৰনেটৰ মাজত পাৰ্থক্য কি?

আমি কৈছিলো যে মোবাইলে ৰেডিও ফ্ৰিকুৱেন্সিৰ সহায়ত কাম কৰে। অৰ্থাৎ ৰেডিও কম্পন বা তৰংগ। এতিয়া এই কম্পনৰ পৰিমান যিমানেই বঢ়াই দিয়া হয় সিমানেই তৰংগটোৱে কঢ়িয়াব পৰা তথ্য (data) পৰিমাণ বৃদ্ধি পাই। অৰ্থাৎ বেছি কম্পনাংকৰ ৰেডিও চিগনেলত বেছি তথ্য কম সময়ত পাৰহৈ যাব।

এটা 4G ইন্টাৰনেটত ব্যৱহাৰ হোৱা ৰেডিও ফ্ৰিকুৱেন্সিৰ পৰিমাণ হৈছে ২৫০০ মেগাহাৰ্জ। (MHz)

অন্যহাতে 5G ত ব্যৱহাৰ হোৱা ফ্ৰিকুৱেন্সি হৈছে ২৮ ৰ পৰা ৩৯ গিগাহার্জ। (১০০০ মেগাহাৰ্জ= ১ গিগাহার্জ) অৰ্থাৎ 5G ইন্টাৰনেট তুলনামুলক ভাবে যথেষ্ট বেছি তথ্যৰ পৰিবহন হয়।


ৰেডিও ফ্ৰিকুৱেন্সি ঘাতক নেকি?

ৰেডিও ফ্ৰিকুৱেন্সিৰ প্ৰাবল্যৰ ৩ হাৰ্জৰ পৰা 3 টেৰাহাৰ্জলৈকে। (১টেৰা হাৰ্জ = ১০০০ গিগাহার্জ)

আৰু এই প্ৰাবল্যৰ তৰংগবোৰ অলপো ক্ষতিকৰ নহয়। অবিশ্বাস্য ভাবে আমি চকুৰে দেখা ৰংবোৰৰ যি তৰংগ প্ৰাবল্য সেইয়া ৰেডিও ফ্ৰিকুৱেন্সিতকৈ কম।


সাধাৰণ ভাবে ব্যৱহৃত কিছুমান ফ্ৰিকুৱেন্সি কমৰ পৰা বেছিলৈ উল্লেখ কৰিছো।

  • ৰেডিও তৰংগ ( ১০৪ ৰ পৰা ১০৮ হাৰ্জ)
  • মাইক্ৰ’ৱেভ (অভেনত ব্যৱহৃত) ( ১০৮ ৰ পৰা ১০১২)
  • ইনফাৰেড (১০১২+)
  • চকুৰে দেখা ৰং সমুহ ( ১০১৪ ৰ পৰা ১০১৬ ৰ ভিতৰত)
  • আলট্ৰাভায়লেট (১০১৭)
  • এক্সৰে’ (১০১৮)


তলত তৰংগ সমুহৰ ফটোৰে তথ্য দাঙি ধৰা আছে-

Image : borluit.online


    বিজ্ঞানী সকলে জানিবলৈ দিয়া মতে অতিবেগুনী ৰশ্মি বা আলট্ৰাভায়লেট ৰেইজ ৰ পৰা ওপৰৰ তৰংগবোৰ যিকোনো প্ৰাণী তথা জীৱকুলৰ বাবে ক্ষতিকাৰক। যিমানেই এই তৰংগবোৰ প্ৰবণতা বাঢ়ি যাই, তৰংগ দৈঘ্য চুটি হৈ গৈ থাকে। আৰু এটা সময়ত এই তৰংগ দৈঘ্য আণৱিক আৰু পৰমাণবিক পৰ্যায় পায়গৈ। আলট্ৰাভায়লেট ৰশ্মি আৰু তাৰ ওপৰৰ তৰংগবোৰক আয়নাইজিং ৰেডিয়েচন বুলি কোৱা হয় আৰু চকুৰে দেখা পোহৰৰ পাছৰ তৰংগবোৰ হৈছে নন আয়নাইজিং ফ্ৰিকুৱেন্সি বুলি কোৱা হয়।

    জীৱকুলৰ অপকাৰ কৰিব পৰা তৰংগবোৰ হৈছে 1. Ultraviolet 2. Xray আদি। এই তৰংবোৰৰ তৰংগ দৈঘ্য অতি কম। আণৱিক আৰু পাৰমাণৱিক পৰ্যায়ৰ। যি জীৱৰ শৰীৰত কোষ সমুহ ধংস কৰি কেন্সাৰৰ দৰে ব্যাধি সৃষ্টি কৰিব পাৰে। কিন্তু ৰেডিও ফ্ৰিকুৱেন্সিয়ে কোনো ধৰণৰ বেমাৰ সৃষ্টি নকৰে আৰু জীৱ জন্তু চৰাই চিৰিকটিৰ ওপৰতো কোনো ধৰণৰ প্ৰভাৱ নেপেলাই। আপুনি নিজেই এবাৰ ভাৱি চাওক চকুৰে দেখা পোহৰতকৈ যাৰ ফ্ৰিকুৱেন্সি কম সেই তৰংগই যানো কোনো অসুবিধাৰ সৃষ্টি কৰিব?


কৰোণাৰ কাৰণ 5G?

ওপৰৰ আলোচনা বিলাকৰ পৰা আপুনি নিশ্চয় বুজি পাইছেই যে কৰোণাৰ দৰে মহামাৰী 5G ৰ পৰা সম্ভৱ হয়নে নহয়। ইফালে কৰোণা মহামাৰীৰ সংহাৰ এনে থাইটো চলিছে য’ত কোনো ধৰণৰ 5G ৰ পৰীক্ষণ হোৱা নাই। গতিকে এই বিষয়ে আপোনাৰ মতামত কমেন্ট কৰি জনাওক।


লগতে প্ৰায়ে শুনিবলৈ পোৱা যায় মোবাইলৰ ব্যৱহাৰে কেন্সাৰ সৃষ্টি কৰাৰ দৰে কিছু অবাস্তৱ কথা। সেই বুলি অত্যাধিক মোবাইলৰ ব্যৱহাৰে যে ব্যক্তিৰ মানসিক অৱস্থাত প্ৰভাৱ নেপেলাই তেনে নহয়। গতিকে মবাইলৰ অত্যাধিক ব্যৱহাৰ কমাওক।


কিছুমান লোকে এনে ভুল তথ্য কিছুমান বিয়পায় দি সমাজত বিষবাষ্প চতিওৱাৰ অভিপ্ৰায় কৰে। এনেবোৰ লোকৰ পৰা দুৰত থাকক।

***

[Article - borluit.online]

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।