Area 51ৰ ৰহস্য : আজি আপুনিও বিতংকৈ জানি থওঁক এৰিয়া 51 সম্পৰ্কে

সাধাৰণতে আমি প্ৰায়ে "Area 51" বুলিয়ে জানো, এৰিয়া 51 বুলি ক'লেই আমাৰ মনলৈ আমেৰিকাৰ সেই ৰহস্যময় ঠাইদুখৰ কথা মনলৈ আহে কিন্তু আপুনি জানেনে এই এৰিয়া 51 আচলতে প্ৰকৃত অফিচিয়েল নাম নহয়! এই এৰিয়া 51 প্ৰকৃত অফিচিয়েল নাম হৈছে "Nevada Test And Training Range" ।

Facts about Area 51 in Assamese

Facts about Area 51 in Assamese

এই এৰিয়া 51 আমেৰিকাৰ Nevada ত আছে । এই এৰিয়া 51 ওপৰে কোনো হেলিকপ্টাৰ, উৰাজাহাজ, ড্ৰোন আদি উৰা নিষেধাজ্ঞা আছে লাগিলে আমেৰিকাৰ Military হওঁক, ৰাষ্ট্ৰপতিৰ ফ্লাইটেই হওঁক আৰু কোনো চেটেলাইটৰ দ্বাৰা এৰিয়া 51 ৰ ফটো তুলাৰ নিষেধাজ্ঞা কৰি দিয়া আছে।

আমি গুগল বা ইন্টাৰনেটৰ জৰিয়তে যি সমূহ এৰিয়া 51 ৰ ফটো দেখিবলৈ পাওঁ এইসমূহ ফটো ১০ কিলোমিটাৰ দূৰত্বৰ পৰা Zoom কৰি তুলা ফটো হয় কাৰণ এৰিয়া 51 কৰ্মৰত কৰ্মচাৰী সকলৰ বাদে আন কোনো মানুহৰ এৰিয়া 51 ওচৰে পাজৰে যোৱা বা ঘুৰা ফুৰা অনুমতি নাই।

Facts about Area 51 in Assamese

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাত Area 1, Area 2, Area 3 এনেদৰে কেবাটাও স্থানত পৰমাণু বোমাৰ পৰীক্ষণ কৰিছিল আৰু তেনেদৰে পৰমাণু বোমাৰ পৰীক্ষণ গণনা কৰা স্থানৰ পৰাই এৰিয়া 51 নাম পৰিছিল। সেই সময়ত বাকী কোনো এৰিয়া বা স্থানৰ পৰা কোনোধৰণৰ ৰেপৰ্ড পোৱা হোৱা নাছিল কিন্তু এৰিয়া 51 পৰা যি ৰহস্যৰ ৰেপৰ্ড আহিছিল তাৰ আজিও সেই স্থান ৰহস্যময়ে হৈ আছে।

চন ১৯৯৭

১৯৯৭ চনত আমেৰিকাৰ "Coast to Coast Am" নামৰ এটা ৰেডিঅ' অনুষ্ঠান আছিল সেই অনুষ্ঠান চলি থকা সময়ত এজন ব্যক্তিয়ে অনুষ্ঠানটোলৈ এটা ফোন কল কৰি কৈছিল যে এৰিয়া 51 তেওঁ এজন কৰ্মচাৰী আছিল। তেওঁ কৈছিল Hello art.. I don't have a whole lot of time, I'm former employee,I was let go an a madical discharge about a week ago,I kinda been running across, the country,I don't where to start they're gonna, they'll triangulat on this position, really really soon,

What we're thinking of as aliens they're Extra Dimensional Beings.that an earlier precursor of the Space Program Made Contact With, they are Not what they Claim to be they have infiltrated a lot of aspects of the Military Establishment , particularly Area 51.the disasters that are coming, the military I'm sorry , the Government knows about them.and there's a lot of safe area in this world, that they could being moving the population to now.. এনেদৰে ৰেডিঅ' অনুষ্ঠানটোলৈ লাইভ কল কৰি থকা অৱস্থাত ফোন কলটো ডিচকানেক হৈ পৰে। পুনৰ সংযোগ স্থাপন কৰাতো বিফল হয় পাছত সেই ব্যক্তিজ কোন হয়, ক'ৰ হয়, ক'ত গ'ল তাৰ সুংসুত্ৰ একো পোৱা নগল। কিন্তু যি সমূহ কথা তেওঁ কৈ গ'ল সঁচাকৈ গুৰুত্বপূৰ্ণ ৰহস্যকৰ।


এৰিয়া 51 ৰ সম্পূৰ্ণ ৰূপে মাটিৰ তলৰ Underground network tunnel ।

চন ১৯৮৯

অন্যহাতে ১৯৮৯ চনত Bob lazar নামৰ এজন ব্যক্তিয়ে দাবী কৰি কয় যে তেওঁ এই এৰিয়া 51 ৰ S4 ডিপাৰ্টমেন্টত প্ৰথমে কাম কৰিছিল, আৰু তেওঁ কয় যে এলিয়েন পৃথিৱীলৈ কোনো কোনো সময়ত এটা নিৰ্দিষ্ট স্থানলৈ আহে আৰু আহি থাকিব। এৰিয়া 51 ত এই এলিয়েনৰ যান অৰ্থাৎ UFO গৱেষণা কৰে, এলিয়েনৰ দ্বাৰা কোনো ফিউল নোহোৱাকৈ UFO কিদৰে উৰে, আৰু তাত পোৱা গৈছিল Element 115 or Ununpentiup নামৰ এবিধ মেটিৰিয়েল। কিন্তু এই মেটেৰিয়ল বিধ বিজ্ঞানীক ভাবে ২০০৩ চনতহে পোহৰলৈ আহে যে এনেকুৱা এবিধ মেটেৰিয়ল আছে এই মেটেৰিয়ল বিধ বিনা মধ্যকৰ্ষণ শক্তিৰ উপৰত উপঙি থাকিব পাৰে। কিন্তু আচৰিত কথাটো হ'ল যে ২০০৩ চনত এই মিটেৰিয়ল বিধ বিজ্ঞানীসকলে জানিব পাৰে কিন্তু ইয়াৰ ১৪ বছৰ আগতে ১৯৮৯ চনতে Bob lazar নামৰ ব্যক্তি জনে উল্লেখ কৰিছিল।


কিছুমান লোকে কয় যে এৰিয়া 51 ত কেৱল মিলেটেৰি ৱেপন টেষ্ট হয় ইয়াত কোনো ৰহস্য নাই কিন্তু যদি ইয়াত কোনো ৰহস্য নাই তেন্তে এৰিয়া 51 স্থান বিশ্বৰ ভিতৰত কিয় ইমান ৰেষ্ট্ৰিকতেড (restricted), কিয় আমেৰিকাৰ চৰকাৰে খুলাচা নকৰে, এৰিয়া 51 সম্পৰ্কত কোনো সংবাদ মাধ্যমৰ পৰা কিয় দূৰৈত থাকে, এৰিয়া 51 কিয় কোনোদিনে নামেই নলয়? এৰিয়া 51 ৰ কৰ্মচাৰী বাদে বাদে কোনো সাধাৰণ চৰকাৰী বিষয়াও সেই স্থানলৈ যোৱা নিষেধ আছে ?


Bob lazar পাছত Den burisch নামৰ ব্যক্তি এজনেও এৰিয়া 51 সম্পৰ্কত বহুতো গুৰুত্বপূৰ্ণ কথা পোহৰলৈ আনিছিল কিন্তু যি কেইজনে এৰিয়া 51 সম্পৰ্কত মুখ খুলে তেওঁলোকক পাগলৰ আখ্যা দি তেওঁলোকৰ কথা সমূহ নস্যাৎ কৰে নাইবা তেনে ব্যক্তিক গায়েব কৰি দিয়ে।


কিছুমান Anonymous লোকে ক'ব বিছাৰে যে এৰিয়া 51 ত এলিয়েন টেকনোলজী গৱেষণা হয় যিবোৰ টেকনোলজী অন্য কোনো দেশত উপলব্ধ নহয়। ২০১৪ চনত WIRED নামৰ এখন জনপ্ৰিয় মেগাজিনত প্ৰকাশ কৰিছিল যে এৰিয়া 51 ৰ ওপৰত এনে এখন যান উৰা দেখা পোৱা গৈছিল, যিখন যান নেকি বৰ্তমান সময়ত কৈ বহুতো এডভাঞ্চ টকনোলজী দ্বাৰা নিৰ্মিত। কিন্তু আজি পৰ্যন্তও এৰিয়া 51 সম্পৰ্কত সঠিক ১০০% সত্য তথ্য পোহৰলৈ অহা নাই।


এবাৰ আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ BBS News এই এৰিয়া 51 লৈ গৈ ডকুমেন্টাৰি বনোৱা প্ৰয়াস কৰিছিল কিন্তু সফল নহ'ল।

তেতিয়া অলপকৈ সেই স্থানৰ বিষয়ে পোহৰলৈ আহিছিল যে এৰিয়া 51 ১৬ কিলোমিটাৰ দূৰত্বতে restricted area ব'ৰ্ড লগোৱা আছে আৰু চাৰিওফালে ৰেয়েল টাইম পাৱাৰফুল চি চি কেমেৰা লগোৱা আছে, 24×4 security মজুত থাকে , কোনো আশে-পাশে ফটো তুলাৰ নিষেধ আছে, চাৰিওফালে মেগনেটিক ডিটেক্টিভ সেঞ্চৰ লগোৱা আছে ইয়াৰ দ্বাৰা কোনো ড্ৰোনৰ পৰা আৰম্ভ কৰি যিকোনো যান-বাহন উপৰেৰে হওঁক বা আশে-পাশে গ'লে ডিটেক্ট কৰিব পাৰে। এৰিয়া 51ত কৰ্মৰত Fred Dunham নামৰ এজন security গাৰ্ডে জানিবলৈ দিয়া মতে এৰিয়া 51 আশে-পাশে যদি কোনো ব্যক্তিৰ চাল চলনৰ ওপৰত সন্দেহ হয় গুলি কৰি দিয়া নিৰ্দেশ দিয়া আছে।


গতিকে ভাবি চাওঁক কিমান সুৰক্ষিত অঞ্চল হ'ব পাৰে আৰু প্ৰকৃততে এৰিয়া 51 ভিতৰত কি আছে, ইয়াক জানিবলৈ ২০১৯ চনত এটা অভিযান চলাইছিল। অভিযানটোৰ হৈছে চচিয়েল মিডিয়া জড়িয়তে বহু সংখ্যক মানুহে এটা প্ৰচাৰ চলাইছিল যদি এৰিয়া 51 লৈ এজন দুজন ব্যক্তি গ'লে মাৰিব বা বন্দি কৰিব কিন্তু হাজাৰ হাজাৰ মানুহ একেলগে গ'লে একো কৰিব নোৱাৰিব এনে উদ্দেশ্য আছিল কিন্তু পিছত কেৱল ২০০ মান মানুহে একত্ৰিত হয় এই দুশ মানুহ এৰিয়া 51 লৈ গৈছিল যদিও সকলোকে গ্ৰেপ্তাৰ কৰা হয়।


গতিকে এৰিয়া 51 আজিও সমগ্ৰ বিশ্বৰ বাবে এক ৰহস্যময় ঠাই হৈ আছে।


(কপি নকৰি আপোনাৰ ইচ্ছা অনুযায়ী শ্বেয়াৰ কৰিব পাৰিব) ধন্যবাদ

✍️মাইনা গগৈ


তথ্য সংগ্ৰহ : - https://www.facebook.com/100003790861231/posts/1851038391699172/?app=fb

***


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।