ভাৰতৰ একমাত্ৰ অনুজ্ঞাপ্ৰাপ্ত বা লাইচেঞ্চ-প্ৰাপ্ত জাতীয় পতাকা প্ৰস্তুত কেন্দ্ৰ ক'ত আছে? জানোঁ আহক

ভাৰতৰ একমাত্ৰ অনুজ্ঞাপ্ৰাপ্ত বা লাইচেঞ্চ-প্ৰাপ্ত জাতীয় পতাকা প্ৰস্তুত কেন্দ্ৰ ক'ত আছে আৰু কেনেদৰে তৈয়াৰ কৰা হয়? জানিলে আপুনি আচৰিত হ'ব।

Facts about Indian Flag in Assamese language

আমাৰ ভাৰতীয় জাতীয় পতাকাখনক আমি অন্তৰ পৰা সন্মান কৰোঁ নহয়নে; আমাৰ এই জাতীয় পতাকাখনতে মান-সন্মান , আত্ম-গৌৰৱ, শ্ৰদ্ধা-ভক্তি , মৰ্য্যদা জড়িত হৈ আছে জাতীয় পতকাখনেই আমাৰ স্বাধীনতাৰ প্ৰতীক আৰু এই পতাকাখনতে আমাৰ দেশৰ প্ৰতিজন শ্বহীদৰ ত্যাগ বলিদান জড়িত হৈ আছে । এই সমূহ কথা আমি প্ৰতিজন ভাৰতীয়ই জানো বা বুজি পাওঁ কিন্তু আপুনি জানেনে ভাৰতৰ এই জাতীয় পতাকাখন প্ৰকৃততে চৰকাৰী ভাবে বা অফিচিয়েলী কোন ঠাইত আৰু কেনেদৰে তৈয়াৰ কৰা হয় ? ভাৰতীয় এই জাতীয় পতাকাখনক তৈয়াৰ কৰা নীতি নিয়ম সমূহ জানি আপুনি আচৰিত হৈ পৰিব অৱশ্যে কিছুমান লোকে হয়তো জানিব পাৰে মই সেই জনাসকলৰ বাবে নহয় নজনা সকলৰ বাবে তথ্যখিনি প্ৰকাশ কৰিছোঁ। গতিকে জানো আহক আমাৰ ভাৰতীয় জাতীয় পতাকাখন ক'ত কেনেকৈ তৈয়াৰ কৰে।

ভাৰতৰ একমাত্ৰ অনুজ্ঞাপ্ৰাপ্ত বা লাইচেঞ্চ-প্ৰাপ্ত জাতীয় পতাকা প্ৰস্তুত কেন্দ্ৰ -

উত্তৰ কৰ্ণাটকৰ ধৰৱাদ আৰু বাগালকোট জিলাৰ নিকটস্থ গদগৰৰ দুটা তাঁত গোটৰ পৰা বয়নকৃত খাদী অনা হয়। বৰ্তমানে হুবলি-ভিত্তিক কৰ্ণাটক খাদী গ্ৰামোদ্যোগ সংযুক্ত সংঘ ভাৰতৰ একমাত্ৰ লাইচেঞ্চ-প্ৰাপ্ত জাতীয় পতাকা উৎপাদন আৰু সৰবৰাহ গোট। ভাৰতৰ একমাত্ৰ কৰ্ণাটক গ্ৰামীণ শিল্প কমিশ্যন Karnataka Khadi Gramodyoga Samyukta Sangha (KKGSS) ভাৰতত পতাকা উৎপাদন গোট স্থাপনৰ বাবে অনুমতি প্ৰদানৰ ক্ষমতাপ্ৰাপ্ত।

 

জাতীয় পতাকাখন প্ৰস্তুত কৰা নীতি নিয়ম সমূহ :-

পতাকাখনৰ বাবে একমাত্ৰ খাদী নামৰ হস্তচালিত তাঁতবস্ত্ৰই ব্যবহাৰ হ'ব লাগিব। তুলা, ৰেচম আৰু উল বাদ দি অন্য কোনো খাদীৰ কেঁচামাল হিচাবে ব্যবহাৰ কৰা নাযায়।
পতাকা উৎপাদনত দুই ধৰণৰ খাদী ব্যবহাৰ কৰা হয়- প্ৰথমটো হ’ল খাদী-বাণ্টিং, যিহেৰে পতাকাৰ মূল অংশটো প্ৰস্তুত কৰা হয় আৰু দ্বিতীয়টো হ’ল পাতল বাদামী ৰঙৰ খাদী-ডাক বস্ত্ৰখণ্ড, যিয়ে পতাকাক পতাকাদণ্ডৰ ৰছীৰ সৈতে ধৰি ৰাখে। খাদী-ডাক এক অপ্ৰচলিত বয়নপদ্ধতি। এই পদ্ধতিত তিনিডাল সূতা একেলগে জালৰ আকাৰত বোৱা হয়। উল্লেখ্য, প্ৰচলিত বয়নপদ্ধতিত দুডাল সূতাক একেলগে বোৱা হয়। খাদী-ডাক অত্যন্ত দুৰ্লভ এক বয়নপদ্ধতি। ভাৰতত এক ডজনৰো কম বয়নশিল্পী এই ধৰণৰ বয়নত সক্ষম। নিৰ্দেশিকাত আৰু কোৱা হৈছে যে, প্ৰতি চেণ্টিমিটাৰত ১৫০ডাল সূতাৰ বেছি বা কম থাকিব নোৱাৰে, প্ৰতি চিলাইতে চাৰিডালকৈ সূতা থাকিব আৰু এক বৰ্গফুট পতাকাৰ ওজন ২৫ গ্ৰামৰ বেছি বা কম হব নোৱাৰিব।
বোৱাৰ পাছত পতাকাৰ উপাদানসমূহ বিএচআই লেবৰেটৰীত পৰীক্ষাৰ বাবে পঠোৱা হয়। বিধিনিৰ্দেশ অনুযায়ী পৰীক্ষাৰ পাছত যদি উপাদানসমূহ উত্তীৰ্ণ হয়, তেতিয়াহ’লে সেইবিলাক ফেক্টৰীলৈ ঘূৰাই পঠোৱা হয়। তাৰপাছত নিৰ্ধাৰিত ৰঙত এইবিলাক ব্লিচ আৰু ডাই কৰা হয়। সোঁমাজৰ অশোক চক্ৰটো হয় স্ক্ৰিন প্ৰিণ্ট, অথবা ষ্টেনচিল বা যথাযথ বয়ন মাধ্যমত অংকিত কৰা হয়।
অশোক চক্ৰ অত্যন্ত সযত্নে পতাকাত আঁকা হয়, যাতে পতাকাৰ দুই দিশৰ পৰাই তাক দেখা পোৱা যায়। বিএচআইয়ে তাৰপাছত ৰং পৰীক্ষা কৰে, নিয়ম অনুসৰি জপা হয় আৰু তাৰপাছতেই পতাকা বিক্ৰী কৰা যায়।

আৰু এটা কথা জানি থওঁক যে যদি পতাকাখন কিবা কাৰণত অনুপযোগী হয় তেন্তে সেই পতাকাখনক চন্দন কাঠৰ দ্বাৰা নিয়মেৰে জ্বলোৱা হয়।

শেষত জানি থওঁক যে- ভাৰতত প্ৰতি বছৰে চাৰি কোটি পতাকা বিক্ৰী হয়।

(মাইনা গগৈ)
(যদি ভাল লাগিল শ্বেয়াৰ কৰিব পাৰে)
                           

জয় হিন্দ 🇮🇳
                       

তথ্য সংগ্ৰহ - https://m.facebook.com/story.php?story_fbid=1836811293121882&id=100003790861231

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।