Google ত ৱেবচাইট বোৰ কেনেদৰে ৰেংক (Rank) হয়? SEO কি?

ডিজিটেল মাৰ্কেটিঙ (Digital Marketing) ৰ কথা যেতিয়াই ওলায় তেতিয়াই চাৰ্ছ ইঞ্জিন অপ্টিমাইজেছনৰ কথা অৱধাৰিত ভাবে ওলোৱা দেখা যায়। অথবা এনেকৈও ক'ব পাৰি যে ইয়াৰ অবিহনে ডিজিটেল মাৰ্কেটিঙ একেবাৰেই অসম্পূৰ্ণ। এই চাৰ্ছ ইঞ্জিন অপ্টিমাইজেছন (Search Engine Optimization) বৰ্তমানৰ অতি উচ্চ ট্ৰেণ্ডত থকা বিষয়। এই বিষয়ৰ ওপৰত ভিত্তি কৰি বহু মাৰ্কেটিং কোম্পানীয়ে লক্ষ লক্ষ ডলাৰৰ ব্যৱসায় কৰি আছে।

Google ত ৱেবচাইট বোৰ কেনেদৰে ৰেংক (Rank) হয়? SEO কি?
Image- Pixabay.com

Search engine optimization কি?

Search engine optimization -ক কোৱা আৰু লিখাৰ সুবিধাৰ্থে চমুকৈ SEO বুলি কোৱা হয়। গুগল (Google), YaHoo, Bing, বা যিকোনো চাৰ্ছ ইঞ্জিনত যিকোনো এটা ৱেবচাইট বা ৱেবপেজ (Website or Webpage) ৰেংক (Rank) কৰিবলৈ ব্যৱহাৰ হোৱা একমাত্ৰ পদ্ধতিটোৱেই হৈছে SEO। ইয়াক ব্যৱহাৰ কৰাৰ পদ্ধতিৰ ওপৰত ইয়াক Whitehat আৰু Blackhat দুই প্ৰকাৰত ভাগ কৰা হয়। এই দুই প্ৰকাৰৰ SEO-ৰো আকৌ বহু উপ-পদ্ধতি আছে।

উপৰোক্ত কথাখিনিৰ পৰা আমি SEO-ৰ বিষয়ে থুল-মূল কথাখিনি জানিব পাৰিলোঁ। এতিয়া আমি Black Hat আৰু White Hat এচ.ই.অ'ৰ বিষয়ে আলোচনা কৰিম।


White Hat SEO কি?

White Hat SEO বুলিলে যি পদ্ধতিৰ দ্বাৰা কোনো ৱেবচাইট বা ৱেবপেজ সঠিক অৰ্থাৎ চাৰ্ছ ইঞ্জিনৰ নিয়ম অনুসৰি ৰেংক কৰোৱা হয় তাকে বুজা যায়। এই ৰেংকিং পদ্ধতি যেনেদৰে দীৰ্ঘকালীন তেনেদৰে ইয়াৰ পৰা লাভ কৰা সুফলো দীৰ্ঘকালীন। উদাহৰণ স্বৰূপে যদি কোনো এজন লোকে "Aplle cider vinegar" কী-ৱৰ্ড (keyword) ৰ ওপৰত লিখা এটা ৱেবপেজ দীৰ্ঘদিনৰ বাবে ৰেংক (Rank) কৰাব বিচাৰিলে গতিকে তেওঁ নিশ্চিতভাবে White Hat SEO পদ্ধতিৰ সহায় ল'ব লাগিব।


Black Hat SEO কি

আনহাতে Black Hat SEO পদ্ধতি মানে চাৰ্ছ ইঞ্জিন  এলগৰিথ্‌ম (Search Engine Algorithms) ৰ নিয়মৰ বিপক্ষে গৈ হ্ৰস্বকালীন ভাবে এটা ওৱেবপেজ ৰেংক কৰাক বুজা যায়। এই পদ্ধতিৰে ৰেংক কৰা Webpage বাৰু কিহৰ বাবে হ্ৰস্বম্যাদী হয়? ইয়াৰ কাৰণ হ'ল যে চাৰ্ছ ইঞ্জিনে সদায় তাৰ নিয়ম অনুসৰি ৰেংক কৰা Webpage-অক হে মান্যতা দিয়ে।
চাৰ্ছ ইঞ্জিনো আমাৰ পুলিচ-প্ৰশাসন আদিৰ দৰে। যেনেকৈ অবৈধ পদ্ধতিৰে ঘটা সম্পত্তি প্ৰশাসনৰ চকুত নপৰালৈকেহে ভোগ কৰিব পাৰি, তেনেদৰেই Black Hat পদ্ধতিৰে যি পেজক ৰেংক কৰা হ'ব সেয়া মাত্ৰ চাৰ্ছ ইঞ্জিনৰ এলগৰিথ্‌মে বিচাৰি নোপোৱালৈকেহে ৰেংকিঙত থকিব। যিদিনাই পাব সেইদিনাই সেই বিশেষ webpage বা সমগ্ৰ website টোৱেই বেন কৰি দিব।

ওপৰোক্ত দুই পদ্ধতিৰ বিশ্লেষণৰ দ্বাৰা আমি এই সিদ্ধান্তত আহিব পাৰোঁ যে White Hat SEO পদ্ধতিৰ দ্বাৰাহে চাৰ্ছ ইঞ্জিন ৰেংকিঙ পেজ (SERP)-ত এটা webpage/website ৰেংক কৰোৱাটো উচিত আৰু সুফলদায়ক।

Google ত ৱেবচাইট বোৰ কেনেদৰে ৰেংক (Rank) হয়? SEO কি?
Image- Pixabay.com


এতিয়া আমি SEO-ৰ উপ-প্ৰকাৰ বোৰৰ বিষয়ে জানিম। মূলত ই দুই প্ৰকাৰৰ-
১. On page SEO আৰু
২. Off page SEO

On page SEO

On page SEO-ত এটা ওৱেবপেজৰ ভিতৰত যি SEO কৰা হয় তাকে বুজা যায়।
ইয়াৰ ভিতৰত Keyword, H1 tag, H2 tag, webaite speed, relevant page-অৰ লগতে আৰু বহু উপ-ভাগ আছে।

Off page SEO

Off page SEO বুলিলে সাধাৰণতে নিজৰ ৱেবচাইটৰ বাহিৰত কৰা SEO-ৰ কথাই কোৱা হয়। ইয়াৰ ভিতৰত Backlink কে ধৰা হয়।

তথ্য: সংগ্ৰহীত
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।