Assamese Book Review :: জলছবি পঢ়াৰ অনুভৱ [JaaL SoBi] - Assamese Novel

       অসমীয়া সাহিত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰা সাহিত্যিকসকলৰ ভিতৰত অনুৰাধা শৰ্মা পূজাৰী অন্যতম। তেখেতৰ এক অনুপম সৃষ্টি "জলছবি" নামৰ উপন্যাসখন। জলছবি কেৱল মাত্ৰ এখন উপন্যাসে নহয়, ই জীৱনৰ এখন দাপোণ। লেখিকাই সুৱৰ্ণজ্যোতি নামৰ চৰিত্ৰটোৰ জৰিয়তে এগৰাকী ব্যক্তিৰ শৈশৱ, যৌৱন, দাম্পত্য জীৱন আৰু মৃত্যু আদি সকলো দিশৰ সুন্দৰকৈ বৰ্ণনা কৰিছে। সুৱৰ্ণজ্যোতিৰ জীৱন কাহিনীয়েই হৈছে "জলছবি"।

Assamese Book Review: Jaal Sobi


"জলছবি" ৰ সৃষ্টি

         মানুহৰ জীৱনৰ শেষ অৱস্থাটো হৈছে বৃদ্ধকাল। এই বৃদ্ধকালক প্ৰতিৰোধ কৰাৰ ঔষধ, ব্যায়ামৰ নিত্য নতুন চৰ্চা হৈছে। কিন্তু সুদীৰ্ঘ জীৱনে মানুহক পৰিতৃপ্তি আৰু সন্তুষ্টি কিমান দিব পাৰে? মৃত্যুৰ প্ৰতি থকা ভয়ৰ বাবেই জীৱনৰ প্ৰতি অত্যধিক হাবিয়াস নেকি? সুদীৰ্ঘ জীৱন মানে সুদীৰ্ঘ যন্ত্ৰণা নেকি? আধুনিক জীৱনত বাৰ্ধক্য এক অভিশাপ হৈ পৰিব নেকি? এনে অজস্ৰ প্ৰশ্নৰ ফলস্বৰূপে লেখিকাই "জলছবি"ৰ জন্ম দিছিল।


জলছবি পঢ়াৰ অনুভৱ

       ককিলা নদীৰ পাৰত ওমলি - জামলি ডাঙৰ দীঘল হোৱা সুৱৰ্ণজ্যোতি নামৰ চৰিত্ৰটোৰ মাজেৰে লেখিকাই দেশপ্ৰেম, ৰক্ষণশীল ব্ৰাহ্মণ সমাজৰ এখন ছবি ডাঙি ধৰিছে। সম্ভ্ৰান্ত ব্ৰাহ্মণ পৰিয়ালৰ নিয়মানুসৰি পঢ়া - শুনাত যথেষ্ট ৰাপ থকা স্বত্বেও শান্তি হোৱাৰ আগেয়ে বাগানৰ মেনেজাৰ "ৰমেশ"ৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল "সুৱৰ্ণজ্যোতি"। বিবাহৰ বিষয়ে একো ধাৰণা নহওঁতেই তেওঁ পৰিয়ালৰ দায়িত্বসমূহ মূৰ পাতি লৈছিল। উপন্যাসখনৰ জৰিয়তে লেখিকাই পতি - পত্নীৰ মাজৰ বুজাবুজিৰ এখন চিত্ৰ অংকন কৰিছে। কেৱল পাকঘৰতে আৱদ্ধ নাৰাখি সুৱৰ্ণজ্যোতিক স্বামীয়ে উচ্চশিক্ষিতা কৰাৰ ওপৰতো গুৰুত্ব দিছিল। ৰমেশে পোৱা আঘাতৰ পিছত তেওঁক সুস্থ কৰিবলৈ পত্নী সুৱৰ্ণজ্যোতিয়ে বংগোপসাগৰৰ মাজেৰে কৰা যাত্ৰাক লেখিকাই যি ধৰণে বৰ্ণনা কৰিছে সেয়া সঁচাকৈয়ে অতুলনীয়।


        স্বামীৰ মৃত্যুৰ পাছত অদম্য সাহসী সুৱৰ্ণজ্যোতিৰ বৃদ্ধাৱস্থাৰ মৃত্যুভয়ে ক্ৰমাৎ তেওঁক ঠেলি দিছিল কষ্টকৰ মনোসংঘাতৰ দিশে। বৃদ্ধাৱস্থাই এজন মনত কিদৰে নিসংগতাৰ বীজ অংকুৰিত কৰে সেয়া উপন্যাসৰ জৰিয়তে উমান পোৱা যায়।

অন্তত লেখিকাই কৈছে, "পৃথিৱী কাহানিও নিঃসংগ নাছিল, মানুহো কোনোকালেই নিঃসংগ হ'ব খোজা নাছিল।"

      অনুৰাধা শৰ্মা পূজাৰীৰ "জলছবি" উপন্যাসখনে অসমীয়া সাহিত্যক আৰু এখোজ আগুৱাই নিছে। আগশাৰীৰ উপন্যাসসমূহৰ ভিতৰত এই উপন্যাসখন অন্যতম।


Also Read - নাং-ফা পঢ়াৰ অনুভৱ : Historical Novel [Book Summary]

✍️দুলুমণি গগৈ

ডিব্ৰুগড়, মৰাণ

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।