আপোনাৰ বেংক একাউণ্ট কেনেদৰে সুৰক্ষিত কৰি ৰাখিব: How to secure your bank account

How to secure your bank account


বেংকসমূহে গ্ৰাহকৰ সুৰক্ষাৰ বাবে সদায় নতুন নতুন প্ৰযুক্তিৰ উদ্ভাৱন কৰিছে যদিও বেংক প্ৰবঞ্চকবোৰেও সাধাৰণ মানুহক প্ৰবঞ্চনা কৰাৰ নিত্য নতুন পদ্ধতি উদ্ভাৱন কৰিছে। এই প্ৰবঞ্চক বোৰৰ পৰা আপুনি আৰু মই বাছি থকাৰ একমাত্ৰ উপায় হ'ল,নিজে যিমান পাৰি সতৰ্ক হৈ থকা। সেয়ে হয়তো কোৱা হয় সাৱধানীৰ মৰণ নাই। মই আজি তলত সাধাৰণ মানুহে নিজৰ বেংক একাউণ্ট সুৰক্ষিত কৰি ৰাখিবলৈ ল'বলগীয়া কেতবোৰ সাৱধানতাৰ বিষয়ে উল্লেখ কৰিলোঁ।

How to secure your bank account

  1. বৰ্তমান সময়ত আপুনি আপোনাৰ এ টি এম কাৰ্ডখন কোনো লোকৰ হাতত দি তাৰ পিন নম্বৰ নিদিলেও হয়তো আপোনাৰ একাউন্টৰ পৰা বেলেগে টকাৰ হৰলুকি কৰিব পাৰে। হয়তো সেই কাৰণেই সততে অন্ততঃ সপ্তাহত এবাৰ হ'লেও আমালৈ এনে ধৰণৰ ফোন আহে যি আমাৰ পৰা পাকে-প্ৰকাৰে আমাৰ বেংকৰ একাউণ্টৰ তথ্য বিচাৰে। আমাক বিভিন্ন ছলাহী কথাৰে পতিয়ন নিয়াবলৈ চেষ্টা কৰে। আৰু যদি তাত সফল নহয় তেন্তে বিভিন্ন প্ৰকাৰে ভয় খুৱাবলৈ চেষ্টা কৰে,যেনে আপোনাৰ একাউণ্ট বন্ধ হৈ যাব, আপোনাৰ একাউন্টত কে ৱাই চিৰ প্ৰয়োজন, আপোনাৰ মোবাইল নম্বৰৰ কে ৱাই চিৰ প্ৰয়োজন ইত্যাদি।যদি এনেধৰণৰ কিবা ফোন আহে তেন্তে আপুনি সেই ফোনৰ কোনো ধৰণৰ উত্তৰ নিদিব। বেংকৰ পৰা কোনোবাই ফোন কৰিলেও কোনো ধৰণৰ তথ্য নিদিব কিয়নো আপোনাৰ তথ্য বেংকৰ হাতত ইতিমধ্যে আছেই গতিকে বেংকক কোনো ধৰণৰ আন তথ্যৰ প্ৰয়োজন নাই। প্ৰয়োজন হ'লে তেওঁলোকে ফোন কৰি আপোনাক বেংকলৈ মাতিব অথবা তেওঁলোকৰ কৰ্মচাৰীক আপোনাৰ ওচৰলৈ পঠাব। আপুনি কোনো ধৰণৰ গুৰুত্বপূৰ্ণ তথ্য আদান প্ৰদান কৰাৰ আগতে বেংকৰ কৰ্মচাৰীৰ পৰিচয় পত্ৰ পৰীক্ষা কৰি লওক। সন্দেহজনক কিবা দেখিছে যদি পুলিচ নহ'লে বেংকৰ মেনেজাৰৰ কাষ চাপক।
  2. আপুনি অনলাইনত কিবা সামগ্ৰী কিনিব বিচাৰিছে আৰু আপুনি বিচৰা সামগ্ৰীটো অত্যন্ত কম মূল্যত আপুনি কেতিয়াও নাম নুশুনা ৱেবচাইট এটাত পাইছে। আপুনি আপোনাৰ একাউণ্টৰ সম্পূৰ্ণ তথ্য সেই ৱেবচাইটত দিছে উদ্দেশ্য সামগ্ৰীটো কম মূল্যত পাই অতি সোনকালে কিনাৰ। কিন্তু এয়া কি, আপুনি কিবা বুজি পোৱাৰ আগতে আপোনাৰ একাউণ্টৰ পৰা টকাবোৰ ক'ৰবালৈ গৈ আছে দেখোন। এনেধৰণৰ পৰিস্থিতিৰ পৰা বাচি থকাৰ একমাত্ৰ উপায় হ'ল, যিকোনো ৱেবচাইটৰ পৰা কোনো সামগ্ৰী কিনাৰ আগতে সেই ৱেবচাইটৰৰ নিৰ্ভৰযোগ্যতা প্ৰতিষ্ঠা কৰি লওক। সন্দেহযুক্ত কিবা দেখা যেন পালে কেতিয়াও কোনো অসুৰক্ষিত ৱেবচাইটত নিজৰ বেংক সম্বন্ধীয় কোনো তথ্য নিদিব।
  3. আপোনাৰ বেংক একাউন্টৰ সৈতে আপুনি ব্যৱহাৰ কৰি থকা মোবাইল নম্বৰ সংযোগ কৰক আৰু এচ এম এচ এলাৰ্ট ব্যৱস্থা কাৰ্যক্ষম কৰি ৰাখক। তেতিয়া আপোনাৰ একাউন্টৰ পৰা কোনো দুষ্কৃতিকাৰীয়ে টকা পইছাৰ হেৰ ফেৰ কৰিলে আপোনালৈ বেংকৰ পৰা এচ এম এছ আহিব আৰু আপুনি ক্ষীপ্ৰতাৰে পদক্ষেপ ল'ব পাৰিব। যদি আপোনাৰ একাউন্টত বা বেংকত এচ এম এছ এলাৰ্ট নাই তেন্তে মাজে মাজে আপোনাৰ বেংকৰ জমাখাটাখন উন্নীত কৰি ৰাখক। আৰু কিবা বিসংগতি দেখিলে বেংক মেনেজাৰ বা স্থানীয় থানাৰ কাষ চাপক।
  4. এ টি এমত টকা উঠাবলৈ গ'লে সদায় অধিক সতৰ্কতা অৱলম্বন কৰিব। ভালদৰে এ টি এমটো পৰীক্ষা কৰক। সন্দেহজনক কিবা দেখিলে সেই এ টি এমৰ পৰা টকা নুঠাব। এ টি এমত আপুনি টকা উঠাই থাকোঁতে কোনো লোকক সোমাব নিদিব। নিজৰ পিন নম্বৰ কেতিয়াও কাকো নিদিব। এ টি এমৰ লেন দেন প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈকে সেই স্থানৰ পৰা আ‍তৰি নাযাব।
  5. যদি আপুনি আপোনাৰ মবাইলত ইউ পি আই এপ ব্যৱহাৰ কৰে তেন্তে কেতিয়াও অসুৰক্ষিত আন কোনো এপ মোবাইলত ইনষ্টল নকৰিব। ইয়াৰোপৰি কোনো ধৰণৰ অসুৰক্ষিত লিংকত ক্লিক নকৰিব। ইউ পি আই সংযোগী ফোন নম্বৰ অনাহকত য'তে ত'তে শ্বেয়াৰ নকৰিব। 
  6. আপুনি যদি অনলাইন বেংকিং ব্যৱহাৰ কৰে তেন্তে আপোনাৰ অনলাইন বেংকিংৰ পাছৱৰ্ড মাজে মাজে সলনি কৰি থাকক। যিমান পাৰে কঠিন পাছৱৰ্ড ব্যৱহাৰ কৰক। নিজৰ নাম বা পত্নী, প্ৰেয়সী বা নিজৰ সন্তান আদিৰ নামৰ সৈতে সংলগ্ন পাছৱৰ্ড ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। এনেবোৰ পাছৱৰ্ড সোনকালে হেক কৰাৰ সম্ভাৱনা থাকে।
  7. ইমানখিনি সতৰ্কতা অৱলম্বন কৰাৰ পিছতো যদি আপুনি আপোনাৰ একাউন্টত কেনেবাকৈ কিবা সন্দেহজনক লেনদেন দেখা পাইছে তেন্তে অতিশীঘ্ৰে বেংকত খবৰ দিয়ক যাতে আপোনাৰ একাউণ্ট সোনকালে সুৰক্ষিত কৰিব পৰা যায়। 

এটা কথা মনত ৰাখিব যে যদি আপুনি কনো তৃতীয়পক্ষক কেতিয়াও আপোনাৰ একাউণ্টৰ তথ্য দিয়া নাই। আপোনাৰ এটি এম কাৰ্ড আপোনাৰ হাতত থাকোঁতে আন কোনোৱে আপোনাৰ এ টি এমৰ পৰা টকা উঠাইছে তেন্তে আপুনি বিশেষ চিন্তা নকৰিব। বেংকে এনেকুৱা পৰিস্থিতিত গ্ৰাহকৰ ধন সুৰক্ষিত কৰিবলৈ এটা ইঞ্চুৰেঞ্চ কৰি ৰাখে। আপুনি কেৱল যিমান পাৰে সোনকালে বেংকৰ কাষ চাপি আপোনাৰ একাউন্টত সংঘটিত হোৱা জালিয়াতিৰ বিষয়ে জনাওক। যদি আপোনাৰ কোনো দোষ নথকাকৈ আপোনাৰ একাউণ্টৰ পৰা টকাৰ হৰলুকি হৈছে, তেন্তে এশ শতাংশ সম্ভাৱনা আছে যে টকাখিনি আপুনি ঘুৰাই পাব।

কিন্তু যদি আপুনি উপৰত উল্লেখ কৰা ভুলবোৰ নিজে কৰিছে বা মই লেখাৰ আৰম্ভণিতে দিয়া উদাহৰণটোৰ দৰে ছটা সংখ্যাৰ নম্বৰ কাৰোবাক শ্বেয়াৰ কৰিছে, তেন্তে আপোনাৰ একাউন্টৰ পৰা হৰলুকি হোৱা টকা ঘুৰাই পোৱাৰ সম্ভাৱনা যথেষ্ট ক্ষীণ। সেয়ে সময় থাকোতেই সজাগ আৰু সচেতন হৈ নিজৰ বেংক একাউণ্ট সুৰক্ষিত কৰি ৰাখক। মনত ৰাখিব যে ওপৰত উল্লেখ কৰাৰ দৰে ল'বলগীয়া সতৰ্কতাই আপোনাৰ একাউণ্ট সদায় সুৰক্ষিত কৰি ৰাখিব।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।