কম টকাত কৰিব পৰা কেইটামান ব্যৱসায় : Low Cost Business Ideas in ASSAM

কম টকাত কৰিব পৰা ব্যৱসায় কেইটামান। ব্যক্তিগত খণ্ডত কাম কৰি সদাই কাম বিচাৰি থকা বা ফেচবুক, OLX, Quiker ত চাকৰি বিচাৰি হাবাথুৰি খাই থকাসকল অলপ চেষ্টা কৰিলে নিজেই ১০ ৰ পৰা ২০ হাজাৰ টকাৰ ভিতৰত এনেকুৱা ব্যৱসায় আৰম্ভ কৰি মাহতে কমেও ১৫০০০ ত কৈ বেছি টকা উপাৰ্জন কৰিব পাৰি।

Business ideas in Assamese language

Some low cost business ideas: ASSAM

১) টেম্পাৰ্ড গ্লাছৰ ব্যবসায় : ৰাস্তাৰ কাষতে সততে দেখা মোবাইল ৰ টেম্পাৰ্ড গ্লাছৰ ব্যৱসায়ত অসমীয়া লৰা দেখা পোৱা নায়ায়। একোখন টেম্পাৰ্ড গ্লাছ ৫ ৰ পৰা ৮ টকাৰ ভিতৰত কিনি ৫০ টকাত বিক্ৰী কৰে। ১২ ৰ পৰা ২০ টকাত কিনি ১০০ টকাত বিক্রী কৰে। লগতে মোবাইল হেডফোন মোবাইলৰ কভাৰ বিক্রী কৰে। সেই কভাৰো ১৫ ৰ পৰা ২০ টকাত কিনি ৫০ ৰ পৰা ১০০ টকা আৰু হেডফোন ৪৫ টকা সৰ্বোচ্চ দামত কিনি ১০০ ৰ পৰা ২৫০ টকালৈ বিক্রী কৰে। দেখা যায় এইটো ব্যৱসায়ত ৮০-৯০ শতাংশ লাভ হয়। জনসমাগম হোৱা সৰু সৰু চহৰসমূহতো দিনে ৫০০ ৰ পৰা ১৫০০ টকালৈ বিক্রী হয়। গড় হিচাপে ৮০০ টকাকৈ বিক্রী হলেও মাহত ২৪০০০ টকা বিক্রী হয়। সকলো খৰচৰ পিছতো কমেও ১৭/১৮ হাজাৰ টকা ৰৈ যায়।

 
২) হোম ডেলিভাৰী : আপুনি যদি গুৱাহাটীৰ নিচিনা চহৰত আছে আপোনাৰ বাবে দিনে  ৫০০ ৰ পৰা ১০০০ টকা ঘটাতো সাধাৰণ কথা হৈ পৰে যদিহে অলপ চেষ্টা কৰে । লাজ নকৰাকৈ কৰিব পৰা সকলো ভাল কামতে টকা আছে। আপোনাৰ ওচৰে পাজৰে নিশ্চয় ডাঙৰ ডাঙৰ বিল্ডিং বা এপাৰ্টমেণ্ট আছে। এসপ্তাহৰ সময় লৈ ওচৰৰ সকলো পৰিয়ালৰ এবাৰকৈ যাওক আৰু গেলামল, কচমেটিকচ্, পাচলি বজাৰৰ দামত ঘৰতে আহি দিব পাৰিব বুলি কমেও ১০ ঘৰ মানুহক পতিয়ন নিয়াওক আৰু নিজৰ whatsapp নম্বৰটো দি আহক। প্ৰথমে সহাৰি নিদিলেও মাজে মাজে গৈ থাকিব দেখিব মানুহঘৰে আপোনাৰ পৰা এবাৰ হলেও লব। দাম বেছিকৈ নোলোৱাকৈ দোকানৰ দামত দিয়ক দেখিব লাহে লাহে আপোনাৰ গ্ৰাহক বেছি হৈ গৈছে। এইটো কামত পইচা তেনেকৈ হাতত নালাগে। এখন ডাঙৰ গেলামালৰ দোকানৰ লগত কথা পাতি থওক যাতে সময়ত দিব পাৰে। তেনেকৈ বজাৰ কৰিলে দোকানেও কম দামতে দিব। ওপৰিঞ্চি খিনি আপোনাৰ লাভ। ১০০  টকাত কমেও ৫ টকা থাকিব। একোঘৰ মানুহৰ মাহত কমেও ৫০০০ টকাৰ বজাৰ হয়। আপোনাৰ ৫০০ টকাকৈ ১ ঘৰৰ পৰা পালে ৪০/৫০ ঘৰ মানুহ ঠিক কৰি লব পাৰিলে ২০/২৫ হেজাৰ টকা মাহেকত উপাৰ্জন কৰিব পাৰিব। কিছুমান ঠাইততো একেটা ডাঙৰ চৌহদত ৫০০ ঘৰলৈকে মানুহ আছে। ভাবক তাত যদি ১০০ ঘৰ মানুহ ঠিক কৰি লব পাৰে মাহেকত একোটা চাকৰিৰ সমান পইচা আহিব।

এনেকুৱা সৰু সৰু ব্যাৱসায় কৰি এখন ঘৰ সুন্দৰকৈ চলিব পৰা যায়। যিখিনি কথা আমি মন নিদিও। আমি ভবিবই নোৱাৰো সেই সৰু সৰু দোকানবোৰ দিয়া মানুহসকলে সাধাৰণ কোম্পানি চাকৰী এটাতকৈ বেছি পইচা উপাৰ্জন কৰিব পাৰে।


৩) পদপথৰ বিৰিয়াণিৰ ব্যৱসায় : গুৱাহাটী, তিনিচুকীয়া ৰ নিচিনা চহৰসমূহত পদপথত প্ৰায়ে দেখি থাকো ৬০ টকাৰ চিকেণ( ইংৰাজী শব্দ লিখিবলগা হল বুজি পোৱাৰ সুবিধাৰ বাবে। মুৰ্গী শব্দটো লিখিলে শুৱনি নহয় বাবে লিখিলো) বিৰিয়াণি । এটা হান্দি বা ডাঙৰ পাত্ৰ লৈ বহি থাকে। দেখাত সৰু ব্যৱসায়। তেনেকুৱা একোজন লৰাই দিনে ৫০০ ৰ পৰা ১০০০ বা তাতোকৈ বেছি উপাৰ্জন কৰে ভাল ঠাই হলে। তেনেকুৱা এটা পাত্ৰত ৫০ টা বিৰিয়াণি থব পাৰি। সাধাৰণতে ৰেষ্টুৰেণ্ট দিয়া বিৰিয়াণিতকৈ সেইবোৰ বিৰিয়াণিৰ মানদণ্ড অলপ নিম্ন হয় যদিও খাবলৈ ইমান বেয়াও নহয়। কম পইচাতে মাংস, কণী দিয়ে বাবে বহুতো গ্ৰাহকৰ হোটেলৰ ভাততকৈ সেই বিৰিয়াণি বেছি পচন্দ কৰে । তেনেকুৱা এটা বিৰিয়াণি ত খৰচ পৰে ২৭ টকাৰ পৰা ৩৫ টকাৰ ভিতৰত। চাউল আৰু বিৰিয়াণিৰ সংখ্যাৰ বাবে সেইখিনি তাৰতম্য হয়। ৩৫ টকা হলেও বিক্রী হয় ৬০ টকাত। প্ৰায় ২৫ টকাকৈ একোটা বিৰিয়াণিত লাভ হয়। একোজন লৰাই ৩৫ টা বা তাতোকৈয়ো বেছি বিক্রী কৰে এদিনত। ৩৫ টা হিচাবত হলেও প্ৰায় ৮৫০ টকা এদিনত উপাৰ্জন হয়। ৭০০ টকাকৈ গড় হিচাবত হলেও মাহে ২০০০০ মানকৈ থাকি যায়। তাকো দিনটো বহিব নালাগে । ৪ বজাৰ পিছত আৰু সেইবোৰ দোকান নাথাকে। এইটো ব্যৱসায়তো অসমীয়া যুৱকৰ সংখ্যা নাই বুলিবই পাৰি।


৪) ফুটপাথত চাহ : চহৰৰ ৰাস্তাত এটা মিঠাতেলৰ টিংত আঙঠা অলপ বা ফ্লাক্স এটাত চাহ লৈ হাতত কেইটামান প্লাষ্টিকৰ কাপ আৰু দুপেকেট বিস্কুট লৈ ঘূৰি ফুৰা মানুহ আমি প্ৰায়ে দেখো। একেবাৰে কম মূলধন লৈ আৰম্ভ কৰে তেওলোকে। তেওলোকৰ কিন্তু নিজা দোকান বা তেনেকৈ বহিব পৰা নিৰ্দিষ্ট ঠাই নাই। কৰবাত দোকান বা বিল্ডিংৰ পিছফালে চাহ বনাই বা নিজৰ কোঠাতে চাহ সৰহকৈ বনাই তেনেকৈ লৈ ঘূৰি ফুৰে । ৰঙা চাহ হলে ৫ টকা আৰু গাখীৰ চাহত ১০ টকা। লগতে থকা বিস্কুট এখনত ৫ টকাকৈ যতে মানুহ দেখে তাতেই দি যায়। ৰাতিপুৱা সময় আৰু সন্ধিয়া ১০০ পৰা ১৫০ কাপ পৰ্যন্ত বিক্রী কৰে তেওলোকে। দেখাত সৰু কাম। ঠিকানাবিহীন কাম। তথাপিও চাহৰ মানদণ্ড আৰু নিজে থকা ঠাইতে পায় বাবে তেওলোকৰো নিৰ্দিষ্ট গ্ৰাহক কিছুমান থাকে। ১০০ কাপ চাহ বিক্রী কৰিলেও লগত যদি ৫০ খন বিস্কুট বিক্রী কৰিলেও বিস্কুটতো ১০০ টকাৰো বেছি লাভ হয়। চাহ যদি ১০০ কাপ বিক্রী কৰে তেতিয়াও ১০০০ টকাৰ পৰা তেখেতৰ খৰচ হয় যদি ৩০০/৪০০ মান হয়। তথাপিও ৬০০/৭০০ টকা এদিনৰ বাবে হৈ যায়।


লিখা : https://m.facebook.com/groups/axomiyakothabotora/permalink/4271129682939495/

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।