৬ টা উপায়েৰে ধুনীয়া হাতৰ আখৰ আপোনাৰো হ'ব পাৰে!

     আখৰ বিদ্যাৰ্থী জীৱনৰ এক অবিচ্ছেদ্য অংগ। আখৰৰ দ্বাৰাই গম পোৱা যায় বিদ্যাৰ্থী এজনৰ জ্ঞানৰ গভীৰতা কিমান।

Handwriting trips in Assamese

      আৰম্ভণিতে মহাত্মা গান্ধীয়ে ধুনীয়া হাতৰ আখৰৰ প্ৰতি এটি নেতিবাচক ভাৱধাৰা পোষণ কৰিছিল।দক্ষিণ আফ্ৰিকাত শিক্ষিত লোকবিলাকৰ ধুনীয়া হাতৰ আখৰবোৰ চাইহে তেওঁৰ চকু মুকলি হৈছিল। আৰু তেওঁ তেওঁৰ ভাৱধাৰা সলনি কৰিছিল আৰু কৈছিল, "ধুনীয়া হাতৰ আখৰ শিক্ষাৰ অবিচ্ছেদ্য অংগ।"


      ধুনীয়া হাতৰ আখৰ অধিকাৰী হ'বৰ বাবে আপুনি কেইটামান পদক্ষেপ গ্ৰহণ কৰিব লাগিব। 


      আহক, আমি পদক্ষেপবোৰ এটা এটাকৈ শিকোঁ।


Download Assamese GK APP - Click here

   

 ১। আখৰৰ শৈলী নিৰ্বাচন কৰা: সহপাঠীসকলৰ আখৰৰ ধৰণবোৰ মন দি চোৱা।সকলোৰে বেলেগ বেলেগ হোৱা দেখিবা। ভিন ভিন হোৱাৰ পৰতো আখৰবোৰ নিজস্ব শৈলীৰে ধুনীয়া হোৱা দেখা যায়। নিজস্ব এটা শৈলী নিৰ্বাচন কৰি লোৱা। বেকাঁ, চিধা নাইবা আৰু তেনে কোনো শৈলী যি তোমাক ভাল লাগে সেই শৈলীটো ঠিক কৰি লোৱা। আশা কৰোঁ তুমি নিজস্ব শৈলী নিৰ্বাচন কৰিছা।


    ২। বহী নিৰ্বাচন কৰা - আমাক তিনিটা ভাষা, যেনে - অসমীয়া, হিন্দী আৰু ইংৰাজীত সদায়ে আখৰ লিখিব লগা হয়। প্ৰতিটো ভাষাৰ বাবে একোটা সুকীয়া বহী কিনিব পোৱা যায়। আমি বহীবোৰ প্ৰথমে গোটাই ল'ব লাগে। দিশা-নিৰ্দেশনা অনুযায়ী বহীবোৰত লিখিব আৰম্ভ কৰিব লাগে। প্ৰথমে অলপ কষ্ট হ'ব পাৰে। পিছলৈ ই সহজ হৈ পৰিব।


    ৩। সময় নিৰ্ধাৰণ কৰা - সময়মতে লোৱা পদক্ষেপে সফলতা কঢ়িয়াই আনে সময়তে।আমাৰ আখৰৰ অভ্যাসৰ ক্ষেত্ৰতো ই প্ৰযোজ্য। আমি গধূলি নাইবা ৰাতিপুৱা নাইবা দিনৰ কোনোবা এটা সময় ঠিক কৰিব লাগে আখৰ লিখিবৰ শিকিব কাৰণে। সময়সীমা নিজৰ সুবিধানুযায়ী ১৫ মিনিট নাইবা ৩০ মিনিট নিৰ্ধাৰিত কৰি ল'বা। আৰু কোনো আপোচ নকৰাকৈ সেই নিৰ্দিষ্ট সময়তে আখৰ লিখা অভ্যাসটো আগবঢ়াই নিবা।


    ৪। সদায় অভ্যাস কৰা - অভ্যাসৰ বলত আমি যিকোনো কৌশল আয়ত্ব কৰিব পাৰোঁ। অভ্যাস হৈছে কোনো এটা নিৰ্দিষ্ট কামত এৰা-ধৰা নকৰাকৈ নিশিকালৈকে লাগি থকা। এদিন, এসপ্তাহ নাইবা এমাহত তোমাৰ আখৰ ধুনীয়া হ'ব নে নহ'ব আমি কোনোও নাজানো। ই সম্পূৰ্ণ নিৰ্ভৰ কৰে তোমাৰ অভ্যাসৰ ওপৰত। যিমানেই অভ্যাস কৰিবা, সিমানেই সোনকালে আখৰবোৰ ধুনীয়া হৈ আহিব।


    ৫। অধ্যৱসায় কৰা - আৰম্ভণিতে সকলো কামেই কঠিন বোধ হয়। সময়ৰ পৰিক্ৰমাত সেই কাম অভ্যাস আৰু অধ্যৱসায়ৰ বলত সহজ আৰু উজু হৈ পৰে। আখৰ ধুনীয়া কৰিবৰ বাবে এদিন দুদিন অভ্যাস কৰিলেই যথেষ্ট নহয়। আমি নেৰা-নেপেৰাকৈ লাগি থাকিব লাগিব আশাতীত ফল নোপোৱালৈকে। "যত্ন কৰিলে, ৰত্ন পায়" আজিও কথাষাৰ তত্ব-গধূৰ।


    ৬। ছবি অকাঁ - মাজতে মহাত্মা গান্ধীৰ কথা উল্লেখ কৰিছিলোঁ তোমাৰ নিশ্চয় মনত আছে। দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰাৰ পিছত মহাত্মা গান্ধী ধুনীয়া আখৰক সৰুতে গুৰুত্ব নিদিয়াৰ বাবে অনুশোচনাত দগ্ধ হৈছিল। আৰু ধুনীয়া আখৰৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী সলনি কৰিছিল। সেয়েহে, সৰু সৰু ল'ৰা ছোৱালীক ছবি আকিঁবৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। তুমিও এই পথক অনুসৰণ কৰিব পাৰা।


article: https://horeramtutor.blogspot.com/2018/11/blog-post.html

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।