সৰ্প দংশনৰ বাচি থকাৰ সহজ উপায়ঃ The easiest way to avoid snake bites

The easiest way to avoid snake bites in Assamese


১/বাৰিষাৰ ৰাতি এটা খোজো পোহৰৰ অবিহনে নিদিব।


২/সন্ধিয়া সময়ত হাতত পুঠিলাঙী-কাৱৈলাঙী জাল পাতিবলৈ নাযাব,আনকি দিনত পতা জাল ৰাতি চাবলৈও নাযাব। অসমৰ হাবিৰ ৯০শতাংশ বিষাক্তসাপে আন্ধাৰত খাদ্যৰ সন্ধান কৰে,জালত কাৰাৰুদ্ধ হৈ থকা সাপ পূৰ্বৰে পৰা খঙাল হৈ থাকে। যাৰ দংশন আপুনি ভুলতে গচকা বিষাক্ত দংশনতকৈ ঘাতক হৈ উঠিব পাৰে।


Download Assamese GK APP - Click here


৩/মজিয়াত উন্মুক্তভাবে নুশুব,আঁঠুৱাখন ভালকৈ গুজি ল'ব পৰাকৈ তলত কাপোৰ পাৰি ল'ব। খাদ্যবস্তুৰ পিছে পিছে আহি ক'লা শংখচূড়(ব্লেক ক্ৰেইট) আপোনাৰ কোঠাত সোমাব পাৰে।

৪/লতাজাতীয় ফুলেৰে ঘৰখনক আৱৰি ল'বলৈ নিদিব,সুবিধা থাকিলে ঘৰৰ পৰা নিলগাই ফুলনিখন গঢ়িব। ফুলৰ টাববোৰৰ মাজত দুই/তিনিফুটৰ ফাঁক ৰাখিব।


Photo: Sanjit das photography (অসমৰ হাবিৰ চকৰিফেঁটী)



৫/ঘৰৰ কাষতে জাৱৰৰ দ'ম নোগোটাব,খেৰৰ মেজি,খৰিঘৰ নাপাতিব। পাতিলেও তেনেধৰণৰ স্থানলৈ যাওঁতে সতৰ্কতাৰে যাব।


৬/সাপ এটা দেখাৰ লগে লগে সেই স্থানৰ পৰা আঁতৰি দিব। বিপদজনকভাবে থাকিলে আমাক খবৰ দিব।


৭/হাবিতলীয়া ৰাস্তাত চাইকেল-বাইক নিজস্ব নিয়ন্ত্ৰণৰে চলাব,যাতে সাপ এটা দেখিলে আপুনি বাইকখন ৰাখি দিব পাৰে।
৮/সাপৰ গালৈ বিষাক্ত ফেনাইল জাতীয় দ্ৰব্য ছটিয়াই নিদিব,এনে পৰিস্থিতিত চকৰিফেঁটীয়ে খেদি আহি দংশন কৰাৰ উদাহৰণ মোৰ হাতত আছে।যদি সাপ অহাৰ পূৰ্ণ সম্ভাৱনা থাকে তেনে আগতীয়াকৈ সাৱধান হওক।এই ধৰক সাপটো নহাৰ আগতেই পিৰালীত ফেনাইল ছটিয়াই থলে।

>> অসুবিধা নহ'লে শ্বেয়াৰ কৰি দিব

>> Nishanta Bordoloi

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।