সূৰ্যৰ বিষয়ে আমোদজনক তথ্য: Facts about SUN in Assamese

Interesting Facts about Sun in Assamese

Facts about sun in Assamese Language

১. দিন হওক বা ৰাতি হওক, আপুনি এই তথ্যসমূহ পঢ়ি থকাৰ সময়টো, যিয়ে কৰি নাথাকক, সূৰ্যৰ পৰা বিচ্ছিন্ন হোৱা ১০ লাখ আৰব(১০১৩) নিউটন আপোনাৰ শৰীৰেৰে গৈ থাকে।


২.যদি সূৰ্যৰ আকাৰ এটা ফুটবলৰ সমান আৰু বৃহস্পতি গ্ৰহৰ আকাৰ এটা ক্ৰিকেট বলৰ সমান ধৰা হয় তেনে পৃথিৱীৰ আকাৰ এটা মটৰৰ সমানহে হ’ব।


৩. সংস্কৃত ভাষাত সূৰ্যৰ মুঠ ১০৮ টা নাম আছে।


৪. সূৰ্যত যথেষ্ট পৰিমাণে সৌৰ বায়ু উৎপন্ন হয়, য’ত ইলেকট্ৰ’ন আৰু প্ৰট’ন কণা থাকে। ইয়াৰ বায়ুৰ বেগ ইমানেই বেছি (প্ৰায় ৪৫০ কিলোমিটাৰ প্ৰতি ছেকেণ্ড) তীব্ৰ আৰু শক্তিশালী যে ইয়াত থকা ইলেকক্ট্ৰন আৰু প্ৰট’ন সূৰ্যৰ শক্তিশালী গুৰুত্বাকৰ্ষণ অৰ্থাৎ মধ্যাকৰ্ষণৰ পৰা বাহিৰ হৈ যায়।


৫. পৃথিৱীৰ দৰে শক্তিশালী চুম্বকীয় ক্ষেত্ৰৰ গ্ৰহে এনেকুৱা কণাবোৰ পৃথিৱীৰ কাষ পোৱাৰ আগতেই তাৰ দিশ সলনি কৰোৱাই দিয়ে। (বায়ুমণ্ডলে নকৰে)


সূৰ্য গ্ৰহণ – Sun Eclipse


৬. সূৰ্য গ্ৰহণ তেতিয়া হয় যেতিয়া চন্দ্ৰ, পৃথিৱী আৰু সূৰ্যৰ মাজত আহি পৰে। এই স্থিতি অধিকতম ২০ মিনিটতলৈকে থাকিব পাৰে।


৭. পৃথিৱীত প্ৰতিখন ঠাইতে বছৰৰ ৩৫৬ দিনত অন্তত এবাৰকৈ সূৰ্য গ্ৰহণ হয়। বছৰত প্ৰায় বেছি ৫ বাৰ সূৰ্য গ্ৰহণ হয়। সূৰ্য গ্ৰহণ ৭ মিনিট ৪০ ছেকেণ্ডৰ থাকে, সম্পূৰ্ণ সূৰ্য গ্ৰহণ ২০ মিনিটলৈকে হয়।


৮. সূৰ্যৰ অন্তৰ্ভাগৰ চাপ পৃথিৱীৰ বায়ুমণ্ডলৰ চাপতকৈ ৩৪০ আৰৱ গুণ বেছি। সূৰ্যৰ অন্তৰ্ভাগৰ ঘনত্ব, পৃথিৱীত থকা পানীৰ ঘনত্বতকৈ ১৫০ গুণ বেছি। ।


৯. সূৰ্য পৃষ্ঠৰ ক্ষেত্ৰফল পৃথিৱীতকৈ ১১৯৯০ গুণ বেছি।


১০. সূৰ্যৰ মাধ্যাকৰ্ষণ বল পৃথিৱীতকৈ ২৮ গুণ বেছি। মানে পৃথিৱীত যদি আপোনাৰ ওজন ৬০ কিলোগ্ৰাম তেনে সূৰ্যত ১৬৮০ কিলোগ্ৰাম হ’ব।


১১. পৃথিৱীৰ দৰে সূৰ্যটো মাটি, শিল, বালিৰ নহয়, ই সম্পূৰ্ণৰূপে এটা গেছৰে সৃষ্ট।


১২. সূৰ্যৰ পোহৰ প্লুটোৰ ওচৰ পাওঁতে ৫ ঘন্টা ৩০ মিনিট সময় লাগে।


১৩. যেনেকৈ পৃথিৱীয়ে নিজৰ কক্ষপথত এপাক ঘুৰিবলৈ ২৪ ঘন্টা সময় লয়, তেনেকৈ সূৰ্যই নিজৰ কক্ষপথত ঘুৰিবলৈ ২৫ দিন সময় লয়।


১৪. যেতিয়াৰ পৰা সূৰ্যৰ জন্ম হৈছে , তেতিয়াৰ পৰা আজিলৈকে ই মাত্ৰ ২০ বাৰহে আকাশীগংগাৰ চাৰিওফালে ঘুৰিছে। ইয়াৰ এটা পাক সম্পূৰ্ণ হ’বলৈ ২৫ কোটি বছৰ লাগে।


১৫. সূৰ্যৰ ১ বৰ্গ চেন্টিমিটাৰৰ যিমান শক্তি নিৰ্গত হয় , সেই শক্তিৰে ১০০ ৱাটৰ ৬৪ টা বাল্ব জ্বলোৱাৰ সামৰ্থ্য থাকে।


১৬. যদি সূৰ্যৰ উত্তাপ যদি এদিনৰ বাবেও যদি পৃথিৱীত নপৰে তেনে পৃথিৱীখন কেইটামান ঘন্টাৰ পাছতেই উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ দৰে বৰফাবৃত হৈ পৰিব।


১৭. Norway একমাত্ৰ ঠাই য’ত সূৰ্য একেৰাহে ৩ মাহ ধৰি ওলাই থাকে।


১৮. সূৰ্যৰ হাইড্ৰজেন প্ৰায় ৫ আৰব ৪০ কোটি বছৰ পাছত শেষ হৈ সূৰ্য শেষ হোৱাৰফালে গতি কৰিব।


১৯. সূৰ্য ৭ আৰব ৭০ কোটি বছৰ পাছত ৰঙা দানৱৰ আকাৰ ল’ব আৰু এতিয়াৰ আকাৰৰ ২০০ গুণ হৈ পৰিব।


সামান্য সূৰ্য আৰু ৰঙা সূৰ্য


২০. ৭ আৰব ৯০ কোটি বছৰৰ পাছত সূৰ্য এটা বগা বামণ তৰাৰ ৰূপ ল’ব, যাৰ আকাৰ শুক্ৰ গ্ৰহৰ সমান হ’ব।


২১. এটা বন্দুকৰ গুলীৰ গতি যদি প্ৰতি ছেকেণ্ডত ১১২৬ ফুট হয় তেনে , সেই গুলীটো সূৰ্যৰ ওচৰ পাওঁতে ১৪ বছৰ লাগিব।


২২. প্ৰতি ছেকেণ্ডত সূৰ্যৰ পৰা এক খাৰব (১০০ আৰব) পাৰমাণৱিক বোমাৰ শক্তি নিৰ্গত হৈ থাকে।


২৩. সূৰ্যৰ অন্তৰ্ভাগত nuclear fusion ক্ৰিয়া থাকে, ঠিক হাইড্ৰজেন বোমা বিস্ফোৰণ হ’লে হোৱা ক্ৰিয়া।

২৪. সূৰ্যৰ প্ৰকৃত ৰঙ বগা, ইয়াৰ বাতাবৰণৰ বাবে ইয়াক হালধীয়া ৰঙৰ দেখা যায়।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।