পাকস্থলীয়ে মাংস হজম কৰে, কিন্তু পাকস্থলী নিজে হজম নহয় কিয়?


আমি খােৱা বিভিন্ন মাংসজাতীয় খাদ্যৰ ওপৰত প্রাথমিক ক্রিয়াখিনি হাইড'ক্লৰিক এছিড আৰু পেপছিনৰ দ্বাৰা পাকস্থলীতে আৰম্ভ হয়। এই মাংসৰ ওপৰত পাকস্থলী ৰসে ক্ৰিয়া কৰিব পাৰে, কিন্তু নিজৰ মাংসৰ দ্বাৰা সৃষ্টি বেৰখনত নােৱাৰে। ইয়াৰ মূল কাৰণ হ’ল, পাকস্থলীৰ বেৰখনৰ ওপৰত থকা মিউকাছৰ আৱৰণটো।

Image - wikimedia.or


আমাৰ পাকস্থলীৰ বেৰখনৰ ওপৰত মিউকাছৰ (Mucus)ৰ এখন আৱৰণ থাকে, যিখন আৱৰণ বৰ পিচল। পাকস্থলীৰ হাইড্রক্ল'ৰিক এডিড আৰু পেপচিনে এই আৱৰণ ভেদ কৰি ক্ৰিয়া কৰিব নােৱাৰে বাবেই মূলতঃ আমাৰ পাকস্থলীটো নিজে হজম নােহােৱাকৈ থাকে। অবশ্যে দীর্ঘ সময়ৰ বাবে অনিয়মীয়া আহাৰ গ্ৰহণৰ হেতু হাইড্র ক্ল'ৰিক এছিডে পাকস্থলীৰ বেৰত আঘাত কৰি থাকিলে, মিউকাছৰ আবৰণখন কেতিয়াবা তাৰ কাৰ্য ৰূপায়ণত দুর্বল হৈ পৰে। এনে অৱস্থাতেই প্রদাহজনিত গেষ্ট্ৰাইটিছ হ’ব পাৰে। 

Article - www.assamesemedium.in

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।