গৰমত অশান্তিদায়ক ঘাম ওলোৱাৰ কাৰণ আৰু পৰিত্ৰাণৰ উপায় || Health Tips in Assamese

আমাৰ শৰীৰটোৰ বহিঃ আৰু অৰ্ন্তভাগৰ তাপমাত্ৰাৰ ভাৰসাম্য ৰক্ষা কৰা আৰু বিভন্ন বীজাণু আক্ৰমণৰ পৰা সুৰক্ষা প্ৰদান কৰা আৱৰণ খনেই হ'ল ছাল।ছালৰ তিনিটা ভাগ আছে…অধিচৰ্ম,আচল ছাল আৰু অবচৰ্মীয়।প্ৰতিটো ভাগত বিভিন্ন কোষ আৰু গ্ৰন্থি থাকে।এই গ্ৰন্থি বোৰৰ ভিতৰত এটা হ'ল ঘৰ্মগ্ৰন্থি ।ই চৰ্মস্তৰত থাকে।ইয়াৰ পৰা ঘাম নিঃসৰিত হৈ নলীয়েদি ওপৰলৈ গৈ ঘৰ্ম ছিদ্ৰৰে বাহিৰ লৈ ওলায়।

Health tips in ASSAMESE

Health tips in the Assamese Language

         ঘামক শৰীৰৰ স্বাভাৱিক আৰু আৱশ্যকীয় শৰীৰিক প্ৰক্ৰিয়া বুলি কোৱা হ'য়। জন্ম পিচৰে পৰাই এই প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ ধৰে। সহজ অৰ্থত ক'বলৈ হ'লে শৰীৰটোক শীতল কৰি ৰখা প্ৰক্ৰিয়া হ'ল ঘাম। কিছুমান লোকৰ বেছি,কিছুমানৰ কম পৰিমানে ঘাম ওলায়। আনহাতে কিছুমানৰ আকৌ একেবাৰে ঘাম নোলায়।


ঘাম ওলোৱাৰ কাৰণ

  1. বেছিকৈ পৰিশ্ৰম কৰিলে নাইবা অসুখ বিসুখৰ বাবেও এই সমস্যা হ'য়।
  2. তাপমাত্ৰা: যদি বাহিৰৰ উত্তাপ অৰ্থাৎ জলবায়ু গৰম হয় আৰু ভিতৰৰ উত্তাপ সেই পৰিমাণে বৃদ্ধি নহয়,তেনেহ'লে ঘাম ওলাব।আকৌ শৰীৰৰ ভিতৰ ভাগৰ যদি উত্তাপ বৃদ্ধি পায় বিশেষকৈ কঠোৰ পৰিশ্ৰম,ব্যায়াম,দৌৰিলে উত্তাপ বৃদ্ধি হ'লে বাহিৰৰ উত্তাপৰ স'তে ভাৰসাম্য ৰক্ষা কৰিবলৈ ঘাম ওলায়।ঘামৰ মাধ্যমেৰে শৰীৰৰ স্বাভাৱিক উত্তাপ ঘুৰি আহে।
  3. কিছুমান খাদ্য খালেও গৰম অনুভৱ কৰা যায়। যেনে:- জলকীয়া বা গৰম বস্তু-খাদ্য খালে ঘাম ওলায়।
  4. জলকীয়া খালে ইয়াত থকা কেপছাইছিনে মুখৰ সংবেদী স্নায়ুক উদ্দীপ্ত কৰে। ই সাধাৰণতে তাপ নিয়ন্ত্ৰণ ব্যৱস্থা। আৰু ঘাম নঃসৰণৰ স'তে জড়িত।
  5. ব্যায়াম কৰিলে কেলৰি বা শক্তি ব্যয় হোৱা ফলত শৰীৰটো গৰম হ'বলৈ ধৰে। পৰিস্থিতিৰ ভাৰসাম্যৰ লগতে উত্তাপৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ ঘৰ্ম গ্ৰন্থিয়ে ঘাম উলিয়াই দিবলৈ আৰম্ভ কৰে। যেতিয়ালৈকে শৰীৰৰ ভিতৰ ভাগ ঠাণ্ডা বা শীতল নহ'য়, তেতিয়ালৈকে এই প্ৰক্ৰিয়া চলি থাকে।


আপুনি জানেনে আৱেগৰ বাবেও ঘাম ওলায়।সাধাৰনতে অত্যধিক চাপৰ মাজত দিন অতিবাহিত কৰা লোকৰ ক্ষেত্ৰত এনে সমস্যাই গা কৰি উঠে।


পৰিত্ৰাণৰ উপায়

  1. ঘামৰ পৰা পৰিত্ৰানণ পাবলৈ হ'লে নিয়মিয়াকৈ কমেও দুবাৰ গা ধুব লাগে। তেতিয়া শৰীৰত বিভন্ন ধৰণৰ বেক্টেৰিয়াই খোপনি পুতিবলৈ সুযোগ নেপায়।
  2. এই সময়ত কপাহী কাপোৰ পৰিধান কৰা উচিত।ৰ'দত ওলালে হাত দীঘল ছাৰ্ট পৰিধান কৰিব লাগে। লগতে ছাতি ব্যৱহাৰ কৰিব লাগে।
  3. প্ৰচুৰ পৰিমাণে পানী খাওক। কাৰণ ঘামৰ আকাৰত শৰীৰৰ পৰা ওলাই যোৱা পানীৰ অভাৱ পূৰণৰ বাবে প্ৰচুৰ পৰিমাণে পানী খোৱা উচিত।
  4. কফি, মদ্যপান, ধূমপানৰ অভ্যাস ত্যাগ কৰাটোৱে মংগলজনক।
  5. মনৰ পৰা দুশ্চিন্ত আঁতৰ কৰিব লাগে।
  6. প্ৰাণায়াম কৰিলেও ঘামৰ সমস্যাৰ পৰা মুক্তি পাব পাৰি।
  7. শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখিলেও ঘামৰ পৰা হাত সাৰিব পাৰি।সাধাৰনতে শকত মানুহৰ বেছি পৰিমাণে ঘাম ওলায়।

ঘামৰ পৰা হাত সাৰিবলৈ পানী লগতে চৰৱত, তিঁয়হ, চিৰাল, তৰবুজ ইত্যাদি খাওক। ইয়াত প্ৰচুৰ পৰিমাণে পানী পোৱা যায়।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।