চিমকাৰ্ডৰ আৱিষ্কাৰঃ Invention of the SIM CARD [in Assamese]

The invention of the SIM CARD

চিমকাৰ্ড আধুনিক জীৱনশৈলীৰ এক অভিন্ন অংগ হৈ পৰিছে। SIM CARD দেখাত এটা সৰু পিটলৰ চিপেৰে তৈয়াৰী। কিন্তু এই চিমকাৰ্ডেই আমাক ইটো-সিটোৰ লগত সম্পৰ্ক স্থাপনত সহায় কৰে।

Invention of the SIM CARD

বৰ্তমান পৃথিৱীত কোটি কোটি চিম এক্টিভ হৈ আছে। প্ৰথম চিমকাৰ্ড আৱিষ্কাৰ কৰিছিল এটা জাৰ্মান কোম্পানী (Giesecke & Devrient) 1991 ত।


সকলোতকৈ আগত চিমকাৰ্ডৰ টেকনিক বিশেষত্ব (European Telecommunications Standards Institute ) এ নিৰ্ধাৰণ কৰিছিল।

Giesecke & Devrient কোম্পানী জাৰ্মানীৰ মিউনিচত (Munich) অৱস্থিত। যি বেংকনোট (Banknote) আৰু স্মাৰ্টকাৰ্ড বনোৱাত সকলোতকৈ আগত আছে।


বিভিন্ন ইউৰোপীয় দেশত জিএচএম সেৱা দিবৰ বাবে চিম কাৰ্ড তৈয়াৰ কৰা হৈছিল। সেইসময়ত ইউৰোপে GSM (Global System for Mobile Networks) প্ৰট’ক’ল আৰম্ভ কৰিছিল।


Download Assamese GK APP - Click here


বিশ্বৰ প্ৰথম GSM phone call -Giesecke & Devrientএ ১৯৯১চনত মাত্ৰ ৩০০ টা চিমকাৰ্ড বনাইছিল যিখিনি ফিনলেণ্ডৰ ৱায়াৰলেছ নেটৱৰ্ক অপাৰেটৰ কোম্পানী ৰেডিঅ’লিঞ্জা (Radiolinja) ক বিক্ৰী কৰিছিল।

এই কোম্পানীৰ নেটৱৰ্কতেই ১৯৯১ চনত প্ৰথম জিএচএম (first GSM phone call) ফোন কল কৰা হৈছিল।


ফিনলেণ্ডৰ সেইসময়ৰ প্ৰধানমন্ত্ৰী, Harri Holkeriএ ১ জুলাই ১৯৯১ চনত Helsinki, ফিনলেণ্ডত প্ৰথমবাৰ GSM কল কৰিছিল।

The invention of the SIM CARD

১৯৯১ চনত আৰম্ভ হোৱাৰ পাছত চিমকাৰ্ডৰ ভিন্ন পৰিৱৰ্তন আহিল। প্ৰথম ই ক্ৰেডিট কাৰ্ডৰ সমান আকাৰ আছিল। কিন্তু এতিয়া অত্যাধুনিক টেকনিকৰ দ্বাৰা ডিজাইন কৰাত ই নেন’ চিম হৈ পৰিল।


  • ১৯৯১- প্ৰথম GSM কল কৰা হৈছিল। এতিয়া দিনে কোটি কোটি ফোন কল কৰা হয়।
  • ১৯৯২- ৯ নবেম্বৰ ১৯৯২ চনত , নকিয়াই বিশ্বৰ প্ৰথম ব্যৱসায়িক ভাৱে GSM ডিজিটেল ম’বাইল ফোন- নকিয়া 1011 মুকলি কৰিছিল।
  • ১৯৯৩- প্ৰথমবাৰ SMS Message পঠোৱা হ’ল।
  • ২০১২- প্ৰথমবাৰ নেন’ চিম বজাৰলৈ আহিল ।
  • ২০১৩- প্ৰথম eSIM লান্স কৰা হ’ল।


চিমকাৰ্ডৰ সম্পূৰ্ণ নামঃ

চিমকাৰ্ড- Subscriber Identity Module (SIM) ৰ চুটিনাম। ই চিমকাৰ্ড ব্যৱহাৰকাৰী গ্ৰাহকৰ পৰিচয় দিয়াৰ লগতে ম’বাইলফোনৰ জৰিয়তে কথা পাতিবলৈ সহায় কৰে ।


চিমকাৰ্ডৰ ব্যৱহাৰঃ

চিমকাৰ্ডৰ দুটা প্ৰাথমিক ভূমিকা আছে।


পৰিচয়ঃ প্ৰতিটো চিমকাৰ্ডতে বেলেগ বেলেগ চিৰিয়েল নাম্বাৰ থাকে। এই সংখ্যাৰ জৰিয়তে ম’বাইল নেটৱৰ্কে নিজৰ users চিনাক্ত কৰে।


প্ৰমাণীকৰণঃ ম’বাইল নেটৱৰ্কে এইটো নিশ্চিত কৰে যে গ্ৰাহকজনৰ পৰিচয় বৈধ , নেটৱৰ্ক আৰু চিমকাৰ্ডৰ সুৰক্ষাৰ মাজত ই সোমাই থাকে।


এইধৰণে চিমকাৰ্ডে প্ৰমাণীকৰণৰ বাবে আৱশ্যকীয় তথ্য জমা ৰাখে আৰু ব্যৱহাৰকাৰীৰ ফোনক নেটৱৰ্কৰ লগত যোগ কৰাৰ অনুমতি দিয়ে।


ইয়াৰ বাহিৰেও IMSI (International Mobile Subscriber Identity) নম্বৰ সকলো চিমতে থাকে। চিমকাৰ্ডত কিছুপৰিমানে মেমৰিও‌ থাকে, য’ত নাম আৰু টেলিফোন জমা হৈ থাকে।


চিমকাৰ্ডৰ প্ৰকাৰঃ

১৯৯১ চনত চিম আৱিষ্কাৰ হোৱাৰ সময়ত কেৱল এক ধৰণৰ চিমকাৰ্ডহে আছিল। আজিকালি তিনিপ্ৰকাৰৰ চিমকাৰ্ড ব্যৱহাৰ হয়


  1. Mini SIM Card 1996 - যাৰ আকাৰ ২৫×১৫ মিঃমিঃ থাকে।
  2. Micro SIM card 2003 - ইয়াৰ আকাৰ ১৫×১২ মিঃমিঃ থাকে। ইয়াৰ চাৰ্কিট বৰ্ডৰ চাৰিওফালে প্লাষ্টিক নাথাকে।
  3. Nano SIM card 2012 - ইয়াৰ ১২.৩×৮ x০.৬৭ মিঃমিঃ থাকে।

চিমকাৰ্ডক দুটা অন্য প্ৰকাৰত ভাগ কৰা হৈছে- GSM और CDMA


eSIM কি?

Electronic SIM বা Embedded SIM কাৰ্ডক ই-চিম বোলা হয়, যাক বেলেগকৈ কিনা নহয়। ই আপোনাৰ ফোনৰ ভিতৰত থাকে যাক চিমকাৰ্ডৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হয়। কোনো প্লাষ্টিকৰ চিমৰ প্ৰয়োজন নাথাকে। এইধৰণৰ eSIM ম’বাইলত লগতে লাগি থাকে।

কিন্তু ইয়াক ম’বাইল নেটৱৰ্কৰ লগত যোগ কৰিব লাগে। সকলো ম’বাইলতে এই নেটৱৰ্ক চাপৰ্ট নকৰে। eSIM ম’বাইলৰ পৰা পৃথক কৰিব পৰা নাযায়।

Source: https://janardanneog.wordpress.com

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।