ভাৰতত ‘ৰবিবাৰৰ দিনা বন্ধ’ কিয় হয়? Story Behind Declared Holiday On Sunday [in Assamese]

সপ্তাহত দেওবাৰ তথা ৰবিবাৰৰ দিনা ছুটী হোৱাৰ আঁৰত এজন ব্যক্তিৰ অৰিহণা আছিল…! আহক জানো সেই ইতিহাস...

Story Behind Declared Holiday On Sunday [in Assamese]

যিজন ব্যক্তিৰ বাবে আমি অৱসৰ বিনোদনৰ বাবে সপ্তাহত এটা দিন পাও, সেইজনৰ নাম আছিল ‘নাৰায়ণ মেঘাজী ল’খণ্ডে’ (Narayan Meghaji Lokhande) ।

Lokhande on a 2005 stamp of Maharashtra

ইংৰাজৰ দিনত সপ্তাহৰ সাতদিনেই বনুৱাসকলে কাম কৰিব লগা হৈছিল। কিন্তু নাৰায়ণ মেঘাজী ল’খণ্ডে’ৰ মতে - “সপ্তাহৰ সাতোটাদিন আমি ঘৰৰ, পৰিয়ালৰ বাবে কাম কৰো।
কিন্তু আমি কৰা সকলো কাম আমি সমাজৰ খাতিৰতহে লাভ কৰিছো, সেয়েহে সকলো কামৰ পৰা আঁতৰি এদিনৰ বাবে সমাজৰ বাবেও কাম কৰা উচিত, তাৰবাবে এটা দিন কামৰ পৰা ছুটী হ’ব লাগে।”

সেইবাবে তেখেতে ১৮৮১ চনত ইংৰাজৰ সন্মুখত প্ৰস্তাৱ ৰাখিলে। কিন্তু ইংৰাজসকল এই প্ৰস্তাৱত মান্তি হ’বলৈ বিচৰা নাছিল। সেয়েহে শেষত তেখেতে ‘সপ্তাহৰ এটা দিন বন্ধ কৰাৰ বাবে আন্দোলন কৰিব লগা হ’ল!

এই আন্দোলন দিনে-প্ৰতিদিনে বাঢ়ি বাঢ়ি ৮ বছৰত ভৰি থলেগৈ। শেষত ১৮৮৯ চনত ইংৰাজসকলে ‘Sunday’ৰ দিনটোত ছুটী ঘোষণা কৰিলে। এইয়াই ইতিহাস।

নাৰায়ণ মেঘাজী ল’খণ্ডে’য়ে ১৮৮৯ চনত আন্দোলন সফল হোৱাৰ সময়ত কৈছিল-
‘আপোনালোক লাভ কৰা এই ছুটীত আপোনালোকৰ অধিকাৰ নাই ‘সমাজৰ’হে অধিকাৰ আছে।’


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।