বিমানৰ ব্লেক বক্স কি? What is Black Box? [in Assamese]

বিমান দুৰ্ঘটনাগ্ৰস্ত হ'লে বিমানখন কিয় দুৰ্ঘটনাত পতিত হ'ল অনুসন্ধান কৰিবলৈ প্ৰথমে ব্লেক বক্সটো বিচাৰে এই কথা সকলোৱে নিশ্চয় জানে। এই ব্লেক বক্স কি আৰু ব্লেক বক্সত কি এনে বস্তু আছে যে যিয়ে কৈ দিব পাৰে বিমানখন কিয় দুৰ্ঘটনাত পতিত হ'ল!

বিমানৰ ব্লেক বক্স কি? What is Black Box? [in Assamese]


What is Black Box? [in Assamese]

ব্লেক বক্স মানে অসমীয়াত ক'লা বাকচ। এই ব্লেক বক্স সঁচাকৈয়ে ক'লা ৰঙৰ নেকি বাৰু! নহয়, যদিও ব্লেক বক্স কোৱা হয় ই কিন্তু ক'লা ৰঙৰ নহয়, কমলা ৰঙৰহে । ইয়াত ক'লা ৰঙৰ সলনি কমলা ৰং দিয়াৰ কাৰণ হ'ল বক্সটো সোনকালে চকুত পৰিবলৈ। বিমান দুৰ্ঘটনাগস্ত হ'লে প্ৰায় জ্বলি ছাই হৈ যায়। ছাই ক'লা ৰঙৰ আৰু কেতিয়াবা মাটিত বক্সটো পোত খাই থাকিলে ক'লা ৰং হ'লে সহজে চকুত নপৰে সেইবাবেই ব্লেক বক্সত ক'লা ৰং নিদিয়ে যাতে ছাই মাজত পৰি থাকিলেও, মাটিত পোত খাই থাকিলেও সহজে চকুত পৰে।

What is Black Box? [in Assamese]


ব্লেক বক্স বিমান এখনৰ পিছ অংশত থাকে। ইয়াৰ কাৰণ বিমান দুৰ্ঘটনাগ্ৰস্ত হ'লে সদায় আগৰ অংশত বেছি ক্ষতিগ্ৰস্ত হয় সেইবাবে ক্ষতি নহ'বলৈ ব্লেক বক্স সদায় বিমানৰ পিছ অংশত থাকে। ব্লেক বক্স Fire Proof. ব্লেক বক্স এনে ধাতুৰে নিৰ্মাণ কৰে যি ধাতুত জুই নালাগে। ব্লেক বক্সৰ ভিতৰত এটা বেটেৰী থাকে যাৰ কাৰ্যক্ষমতা ৩০ দিন।

How does it Work?

এতিয়া আহো ব্লেক বক্সে কেনেকৈ বিমান দুৰ্ঘটনাগ্ৰস্ত হ'লে তাৰ অনুসন্ধান কৰাত সহায় কৰে। ব্লেক বক্সৰ দুটা অংশ আছে। এটাৰ নাম CVR (Cockpit Voice Recorder) আৰু এটা অংশৰ নাম FDR (Flight Data Recorder).

What is Black Box? [in Assamese]
What is Black Box? [in Assamese]


এই দুইটা বস্তুৱে বিমান খনৰ সকলো তথ্য সংগ্ৰহ কৰি থাকে। 

বিমানৰ পাইলট য'ত বহে তাত Cockpit Voice Recorder ৰ মেচিন লগাই থোৱা থাকে। এই মেচিনত পাইলট জনে যিমান কথা পাতে সকলো ৰেকৰ্ড হয়। পাইলট এজনে বিশেষকৈ প্ৰতি মুহূৰ্তে মুহূৰ্তে ATC (Air Traffic Control) লগত কথা পাতি থাকে। ATC বিমান বন্দৰত থাকে। পাইলট জনে প্ৰতি মুহূৰ্ততত তেওঁৰ স্থিতি আদি ATC ক জনাই থাকিব লাগে আৰু ATC ৰ পৰা আগন্তুক সময়ত কি কৰিব লাগিব তাৰ নিৰ্দেশ লৈ থাকে। সেইবাবে বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আগলৈকে ATC লগত পাইলটে কি কি কথা পাতিছিল সকলো ডাটা CVR যোগেদি ব্লেক বক্সত থাকে।

তাৰ উপৰি পাইলট জনে তেওঁৰ সহযোগী পাইলটৰ লগত, কেবিন ক্ৰিউ লগত, বিমানৰ যাত্ৰীক কি ঘোষণা দিছিল সকলো ডাটা CVR যোগেদি ব্লেক বক্সত ৰেকৰ্ড হৈ থাকে। যাৰ পৰা অনুসন্ধান কৰাত বহুত সহায় হয়।


আমাৰ টেলিগ্ৰাম চেনেলত জইন হবৰ বাবে ইয়াত ক্লিক কৰক


দ্বিতীয়তে ব্লেক বক্সত থাকে FDR (Flight Data Recorder)। FDR ত বিমান এখনৰ প্ৰায় ৮৮ বিধ ডাটা সংগ্ৰহ কৰি ৰাখে। এই ডাটাবোৰ হ'ল যেনে বিমান খন কিমান স্পীডত গৈ আছিল, কিমান উচ্চতাত গৈ আছিল, কিমান ডিগ্ৰী কোণত গৈ আছিল, তাত ইন্ধন কিমান আছিল, বিমান লেণ্ডিং চকাত প্ৰেচাৰ কিমান আছিল, বায়ু মণ্ডলৰ চাপ কিমান আছিল, বায়ু মণ্ডলৰ উষ্ণতা কিমান আছিল, ইঞ্জিনৰ উষ্ণতা কিমান আছিল, বিমানৰ ভিতৰত কেবিন চাপ কিমান আছিল আদিকে কৰি প্ৰায় সকলো ডাটা FDR য়ে ব্লেক বক্সত জমা কৰি ৰাখে। এই ডাটাবোৰেই বিমান এখন কিয় দুৰ্ঘটনাগ্ৰস্ত হ'ল অনুসন্ধান কৰাত সহায় কৰে।


CVR আৰু FDR সকলো ডাটা অধ্যয়ন কৰিলেই বেছিভাগ ক্ষেত্ৰতেই বিমান এখন কিয় দুৰ্ঘটনাগ্ৰস্ত হ'ল, কাৰ ভুলৰ বাবে হ'ল সকলো ওলাই পৰে। সেইবাবে বিমান এখনত ব্লেক বক্সৰ গুৰুত্ব বহুত বেছি। বিমান দুৰ্ঘটনাগ্ৰস্ত হ'লে প্ৰথমে ব্লেক বক্সটো বিচাৰে।


২০২০ চনৰ ২২ মে' Pakistan International Airlines ৰ (PIA) Flight No 8303 বিমানখন পাকিস্তানৰ কৰাছীত দুৰ্ঘটনাগ্ৰস্ত হৈ দুজন পাইলট, বিমান কৰ্মী সহ মুঠ ৯৭ জন মানুহৰ মৃত্যু হৈছিল। য'ত মাত্ৰ দুজন মানুহ বাচিছিল।
৮ আগষ্ট ২০২০ ত কেৰেলাৰ Karipur airport, Kozhikode ত ডুবাই পৰা অহা Air India ৰ এখন বিমান (IX 1344) দুৰ্ঘটনাগ্ৰস্ত হৈ দুজন পাইলটসহ ২০ জন লোকৰ মৃত্যু হৈছিল। সেই বিমানখনত ১৯১ জন যাত্ৰী আছিল।


এইবোৰ বিমান দুৰ্ঘটনাৰ কাৰণ পাছত ব্লেক বক্স উদ্ধাৰ কৰি তাৰ পৰায়ে গম পাইছিল। লগতে কৈ থওঁ এখনত বিমানত মাত্ৰ এটাহে ব্লেক বক্স থাকে।


- লক্ষ্য জ্যোতি নাথ

https://www.facebook.com/groups/axomiyakothabotora/permalink/4195235153862282/?app=fbl

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।