জগন্নাথ মন্দিৰৰ কেইটামান অতি ৰহস্যময়ী তথ্য জানো আহক

Facts about Jagannath Temple in Assamese Language

Facts about Jagannath Temple in Assamese Language

ভাৰতৰ উৰিষ্যাৰ পূৰ্ব চহৰ পুৰী ।

ভাৰতীয় হিন্দু ধৰ্মৰ চাৰিধামৰ এক ধাম পুৰীত অৱস্থিত যাক জগন্নাথ পুৰী বুলি জনা যায়।

১১শ শতিকাত নিৰ্মিত 'জগন্নাথ মন্দিৰৰ' পৰা ইয়াক জগন্নাথ পুৰী বুলিও জনা যায় । হিন্দু সকলৰ পুণ্য তীৰ্থৰ চাৰি ধামৰ অন্যতম হৈছে পুৰী; বাকী তিনি ধাম হৈছে দ্বাৰকা , বদ্ৰীনাথ আৰু ৰামেশ্বৰম । হিন্দু আধ্যাত্মিক শিক্ষা মতে পুৰী দৰ্শন অবিহনে কোনো তীৰ্থ ভ্ৰমণ সম্পূৰ্ণ বুলিব নোৱাৰি ।


আজি আমি উৰিষ্যাৰ এই জগন্নাথ ধামৰ আৰৰঁ কিছু নজনা কথা জানো আহক 

ভগৱান বিষ্ণুৰ এক অৱতাৰ জগৎ+নাথ = জগন্নাথ ।

পুৰণি প্ৰবাদ অনুসৰি ভগৱান শ্ৰীবিষ্ণু যেতিয়া চাৰি ধামলৈ যাত্ৰা কৰে প্ৰথমে হিমালয়ৰ বদৰিনাথ ধাম গৈ স্নান কৰে , দ্বিতীয়তে গুজৰাট দ্বাৰকা ধামত বস্ত পৰিধান কৰে , তৃতীয়তে উৰিষ্যাৰ জগন্নাথ ধামত ভোজন কৰে আৰু দক্ষিণৰ ৰামেশ্বৰম ধামত বিশ্ৰাম কৰে দ্বাপৰ যুগৰ পাছত ভগৱান শ্ৰীকৃষ্ণই পুৰীত নিবাসস্থান বনাই আৰু ইয়াৰ পৰাই সৃষ্টি হয় "জগৎ+নাথ=জগন্নাথ" ।

পুৰীত জগন্নাথ অৰ্থাৎ শ্ৰীকৃষ্ণ, তেওঁৰ ডাঙৰ ককায়েক বলভদ্ৰৰ আৰু ভনীয়েক সুভদ্ৰা নিৰ্বাহ কৰিছিল বুলি জানিব পাৰি । এই মন্দিৰ ৭ শতিকাত প্ৰথম মনুষ্যা ৰজা ইন্দ্ৰয়দোমে নিৰ্মাণ কাম আৰম্ভ কৰিছিল বুলি জনা যায় ।

Facts in Assamese

👉 এই মন্দিৰৰ প্ৰায় ২১৪ ft ওখ , মন্দিৰৰ একেবাৰে ওপৰ অংশত সুদৰ্শন চক্ৰ আছে অৰ্থাৎ ইয়াক নীল চক্ৰ বুলিও কোৱা হয় ।

👉 মন্দিৰত প্ৰবেশ কৰিবলৈ চাৰিখন দুৱাৰ আছে , পূৰ্ব দিশে সিংহৰ দুৱাৰ আছে, দক্ষিণ দিশে অস্ত দুৱাৰ, পশ্চিম দিশে হাতী দুৱাৰ আৰু উত্তৰ দিশে ব্যাঘ দুৱাৰ আছে ।

👉 জগন্নাথ মন্দিৰ প্ৰতিবছৰে আহাৰ মাহত শুক্লপক্ষৰ তিথিত ৯ দিনীয়া ৰথ যাত্ৰা আৰম্ভ হয় এই জগপ্ৰসিদ্ধ ৰথ যাত্ৰা বাবে ভাৰতৰ সকলো হিন্দু ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰিব যায়। ৰথ যাত্ৰা বাবে ৫৮ দিনৰ ভিতৰত তিনিখন ৰথ বেলেগ বেলেগ কৈ বনোৱা হয় ,এখন ৰথ ভগৱান জগন্নাথৰ, বলভদ্ৰৰ আৰু আনখন ৰথ সুভদ্ৰা বাবে নিৰ্মাণ কৰা হয়। জগন্নাথ মন্দিৰ এই ৰথ যাত্ৰা বিশ্বৰ আটাইতকৈ পুৰণি ৰথ যাত্ৰা বুলি জনা যায়।

👉 জগন্নাথ মন্দিৰ ওপৰ অংশত য'ত সুদৰ্শন চক্ৰ আছে সেই স্থানত এখন পতাকা আছে এই পতাকাখন সদায় বতাহৰ বিপৰীত দিশে উৰি থাকে এই পতাকাখনে সকলোকে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আৰু এই পতাকাখন বতাহৰ বিপৰীত দিশত কিয় উৰে ই এক ৰহস্যময় বিষয় । কি কাৰণে বতাহৰ বিপৰীত দিশত উৰে এইবিষয়ে বিজ্ঞানী সকলেও বৰ্তমানলৈ জানিব পৰা নাই ।

👉  জগন্নাথ মন্দিৰ অন্য এক ৰহস্য যে আপুনি অন্য মঠ মন্দিৰ সমূহত দেখিবলৈ পায় যে মন্দিৰ ওপৰে পাৰ চৰাই বা অন্যান্য পক্ষী উৰি ফুৰে কিন্তু আপুনি জানেনে এই জগন্নাথ মন্দিৰৰ ওপৰে কোনো পক্ষী নুৰে,আজি লৈকে এই মন্দিৰ ওপৰে কোনো পক্ষী উৰা দেখা নাই। ইয়াৰ ওপৰিও জগন্নাথ মন্দিৰ ওপৰ আকাশী পথেৰেও কোনো আকাশী বিমান চলাচল নকৰে এই সমূহৰ আৰৰ ৰহস্য আজিও কোনেও নাজানে ।

👉 জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ অহা ব্যক্তি বাবে ৭ টা যতনত একেলগে এটাৰ ওপৰত আনটো যতন ৰাখি ২০ লাখ লোকৰ বাবে জুই দ্বাৰা প্ৰসাদ বনোৱা হয় । এই যতন কেইটাত যেতিয়া প্ৰসাদ বনোৱা হয় তেতিয়া আটাইতকৈ ওপৰৰ যতনটোত আগে পকে (সিজে) শেষতহে তলৰ যতনৰ সিজে আৰু কোনো দিনে ভক্তসকলৰ বাবে প্ৰসাদ কম নহয় ।

👉 জগন্নাথ মন্দিৰ আশে পাশে আপোনাৰ মোবাইলৰ সংযোগ বিচ্ছিন্ন হৈ যায় ইয়াৰ উপৰিও সুদৰ্শন বা নীল চক্ৰ মন্দিৰৰ চাৰিওফালে একেদৰে দেখা পোৱা যায় আপুনি যিটো দিশে নাচাওঁ কিয় একেদৰে দেখা পাব ।

👉 জগন্নাথ মন্দিৰৰ বাৰ্ষিক আয় প্ৰায় ৫০ কোটি আৰু মন্দিৰৰ সম্পত্তি‌ প্ৰায় ২৫০ কোটি ।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।