লকডাউন, আপেল গছ আৰু ছাৰ আইজাক নিউটন

GK in Assamese language


আপুনি নিশ্চয় জানে যে ছাৰ আইজাক নিউটনে যেতিয়া এজোপা আপেল গছৰ তলত বহি আছিল সেই সময়ত নিউটনৰ সম্মুখত আপেল গছৰ পৰা এটা আপেল সৰি পৰিছিল আৰু তেতিয়াই নিউটনে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি (Gravity) আবিষ্কাৰ কৰিছিল। কিন্তু আপুনি জানেনে যে এইটো সম্ভৱ হোৱাৰ মূলতঃ কাৰণটো আছিল "লকডাউন", হয় লকডাউন আপুনি ঠিকেই শুনিছে।

বৰ্তমান সময়ত ক'ৰোণা মহামাৰীৰ বাবে দেশত লকডাউন দিছিল আৰু এই লকডাউনৰ সময়ছোৱাত আপুনি মই কি কৰিলোঁ, কেনেকৈ সময়বোৰ যে পাৰ হৈ গ'ল ধৰিবৈ নোৱাৰিলোঁ, কিন্তু ছাৰ আইজাক নিউটনে লকডাউনৰ সময়ছোৱাত ঘৰত থাকি "মাধ্যাকৰ্ষণ শক্তি আবিষ্কাৰ কৰিছিল"।


১৬৬৫-৬৬ চনত যেতিয়া লণ্ডনত প্লেগ মহামাৰীৰ বিয়পি পৰিছিল, আৰু সেইসময়ত ছাৰ আইজাক নিউটনে লণ্ডনৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত পঢ়ি আছিল। প্লেগ মহামাৰি বাবে লণ্ডনত লকডাউন দিয়াত বিশ্ববিদ্যালয় বন্ধ হৈ পৰিছিল। আইজাক নিউটনে তেতিয়া নিজৰ Woolsthorpe নামৰ গাঁওখনৰ ঘৰলৈ গুচি যায় আৰু ঘৰৰ ওচৰতে এখন বাগিচা আছিল এই বাগিচাতে বহি আইজাক নিউটনে প্ৰায়ে লকডাউনৰ সময়বোৰ কটাইছিল তেনেদৰে এদিন আপেল গছ এজোপা তলত বহি থাকোঁতে হঠাৎ আপেল এটা তললৈ সৰি পৰে। তেতিয়া পৰাই আইজাক নিউটনে মাধ্যাকৰ্ষণ শক্তি আবিষ্কাৰ কৰে ।

যি জোপা আপেল গছৰ তলত নিউটনে বহি আছিল, আপেলটো পৰিছিল, সেই আপেল গছজোপাৰ বংশ বৰ্তমানেও Cambridge Botanic Garden ত সুৰক্ষিত ভাবে আছে।


BBC মাধ্যমৰ জৰিয়তে সংগ্ৰহ কৰা তলত গছৰ জোপাৰ ছবিখন আগবঢ়ালোঁ।

(Isaac Newton's Apple Tree - Cambridge Botanic Garden, England. BBC news)
(Isaac Newton's Apple Tree - Cambridge Botanic Garden, England. BBC news)
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।