কেইজনমান ব্যক্তিৰ পৰা আমি অনুপ্ৰাণিত হোৱাৰ কথা জানো আহক

সদায় নতুন নতুন কথা জানিবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰক
জইন হ'বলৈ ইয়াত ক্লিক কৰক

1. ব্যক্তি এজনে নিজৰ কোম্পানী বিক্ৰী কৰি এক হাজাৰ কোটি পালে আৰু তেওঁ সেই টকা অন্যান্য ব্যৱসায়ত ব্যয় কৰি দিলে আৰু নিজেই ভাৰা ঘৰত থাকিবলৈ ল'লে। এনেদৰে কোনোবা পাগলহে কৰিব পাৰে, মই মেন্টেলি পাগলৰ কথা কোৱা নাই ক'ব বিচাৰিছোঁ যে যাৰ টকাৰ পৰা টকা ঘটাৰ ভোগ-লালস থাকে তেনে ব্যক্তিৰ কথা কৈছোঁ। যদি কোনো সাধাৰণ ব্যক্তি হোৱা হ'লে এক হাজাৰ কোটি টকাৰে নিজৰ ঘৰ-বাৰি, বিলাসী গাড়ী, আৰু বস্তু ক্ৰয় কৰি বিলাসী জীৱন যাপন কৰিলে হয় নহয়নে? এক হাজাৰ কোটি টকা পায়ো ভাৰা ঘৰত থকা পাগল ব্যক্তিজন আন কোনো নহয় সকলোৱে চিনাকি বিশ্ব প্ৰসিদ্ধ "মিঃ এলন মাৰ্ক্স" যিজনে বিজ্ঞান বিভাগ নপঢ়াকৈ ৰকেট আবিষ্কাৰ কৰিছিল, যিজনে হাইপাৰলুপৰ কথা চিন্তা কৰে, যিজনে বিশ্ব প্ৰদূষণ মুক্ত কৰিব বাবে বিজুলীৰ দ্বাৰা চলা টেচলা মটৰ গাড়ী আবিষ্কাৰ কৰে। যিজনৰ ব্যক্তিৰ মগজুৱে, সাধাৰণ মানুহে ভাবি শেষ কৰে, তাৰ পৰা আৰম্ভ কৰে অৰ্থাৎ আমি যিমান দূৰলৈ চিন্তা কৰি শেষ কৰোঁ সিমান দূৰৈ পৰা এলন মাৰ্ক্সৰ চিন্তা আৰম্ভ হয়।


2. যিজন ব্যক্তিৰ কেৱল কন্ঠ বা তেওঁৰ মুখৰ শব্দ ডাঙৰ হোৱাৰ বাবে ৰেডিঅ' চেন্টাৰ পৰা উলিয়াই দিছিল,হয় মই সেইজন ব্যক্তিৰে কথা কৈছোঁ যিজনক প্ৰতিজন ভাৰতীয়ই চিনি পায় "অমিতা বচ্চন" বুলি।অমিতা বচ্চনৰ প্ৰথম চুপাৰহিট চিনেমা Zanjeer অহাৰ পিছত ১৭ খন চিনেমা চুপাৰ ফ্ল'প হৈছিল তথাপিও তেওঁৰ প্ৰতিভা এৰি দি হতাশ হোৱা নাছিল এখনৰ পাছত আন এখন চিনেমা পাগলৰ দৰে বনাই গৈছিল আৰু সেইবাবেই আজি তেওঁ নিজৰ স্থানত।


3. ক্ৰিকেটৰ পাগল "বিৰাট কোহলি" ২০০৬ চনত কৰ্ণাটকত ৰঞ্জিত ট্ৰফি খেলি আছিল, প্ৰথম দিনা তেওঁ ৪০ ৰাণ বনাই ন'ট আউট আছিল, আৰু সন্ধিয়া সময়ত সথাৎ তেওঁ এটা বেয়া খবৰ আহিল যে তেওঁৰ পিতৃ মৃত্যু হৈছে , ইয়াৰ বাবে টিমৰ সকলোৱে ভাবিললে যে বিৰাট এতিয়া ঘৰলৈ গুচি যাব।টিম প্ৰশিক্ষকে এই পৰ্যন্ত চিন্তা কৰিছিল যে বিৰাটৰ ঠাইত কোনে খেলিব? কিন্তু জানি আচৰিত হ'ব যে দ্বিতীয় দিনা বিৰাটে বেট লৈ ফিল্ডত উপস্থিত হৈছিল। আৰু সেইদিনাই বিৰাটে শতক অৰ্জন কৰি টিমক জয় কৰি পিতৃৰ অন্তিম সংস্কাৰ বাবে যায়। আৰু এনে পাগলপানৰ বাবে আজি বিৰাট আজি নিজৰ স্থানত সফল।


4. যিজন ব্যক্তিৰ পত্নীৰ অসুস্থ হোৱাৰ ফলত চিকিৎসালয় লৈ সময় মতে নিব নোৱৰা ফলত পত্নীয়ে মৃত্যুক সাৱটি ল'ব লগা হৈছিল, কাৰণ এটা পাহাৰ পাৰ হৈ চিকিৎসালয় যাব লগা হৈছিল। ইয়াৰ বাবে তেওঁ মনত জেদ্দী হৈ পাগলৰ দৰে হাতত কেৱল চেনী , হাতুৰী লৈ ২২ বছৰত ৫৫ কিলোমিটাৰ পাহৰ কাটি ৰাস্থ নিৰ্মাণ কৰি দিয়ে ।এই কৰ্ম উদ্যানৰ পাগল ব্যক্তিজন আছিল বিহাৰৰ "দশৰথ মাঝি"।


মানুহৰ জেদ তেতিয়াই জন্ম হয় যেতিয়া দুখ অনুভৱ কৰে , কিছুমানে এনে দুখ আহিলে ভাঙি বা হতাশ হৈ পৰে কিন্তু কিছুমানে ইয়াক খং আৰু জেদ লৈ ৰূপান্ত কৰে , তেনে ব্যক্তিক যিকোনো কৰ্মত বাধা দিব পৰা শক্তি নুলাই ।

এনে লোক সকলে সদায় সফলতাৰ বাবে ভুখাতো হৈ থাকে, কেতিয়াও Certified নহয়। আৰু এয়াই পাগলপান ,এয়াই জেদ এনে লোকে না শুব পাৰে, না ৰাখিব পাৰে। এজন জেদী ব্যক্তি কেতিয়াও স্থিৰ হৈ বহি নাথাকে বহুত বাৰ বিফল হ'ব পাৰে বা ফেইল হ'ব পাৰে কিন্তু ইয়াৰ পৰা অভিগতা লৈ এদিন সফলতা শীৰ্ষত থিয় দিয়ে। আৰু এনে ব্যক্তিয়ে এদিন ইতিহাসত স্থান পায়।


5. কোন ব্যক্তিয়ে বাৰু ১০০০ বাৰ বিফল বা ফেইল হোৱাৰ পিছতো চেষ্টা কৰি থাকিব ? কোনোবা পাগল ব্যক্তিয়েইতো হ'ব , আৰু সেই ব্যক্তিজনেই এদিন বিশ্ব পোহৰ কৰি তুলিছিল হয় মই তেখেতৰ কথাই ক'ব লৈছোঁ যিজনক সমগ্ৰ বিশ্বই চিনি পায় "থমাছ এডিচন" যিয়েই নেকি প্ৰথম বিজুলী আৰু বাল্ফ আবিষ্কাৰ কৰি উলিয়াইছিল।


যেতিয়ালৈকে মনলৈ পাগলপন জেদ মনোভাৱ নাহিব তেতিয়া লৈ সাধাৰণ মানুহৰ দৰেই জীৱন কটাবলগীয়া হ'ব যদি যিদৰে জন্ম লৈ পৃথিৱীলৈ আহিল তেনেকৈ থাকিম বুলি ভাবে তাত কবলৈ একোনাই আৰু যদি জীৱনত কিবা এটা কৰিম বুলি ভাবিছে তেন্তে মনত জেদ বান্ধি, ধৈৰ্য , একাগ্ৰতাৰে পাগলৰ দৰে কৰি যোৱা ইয়াৰ বাবে কিছুমানে পাগল বুলি ক'ব পাৰে যেতিয়া পাগল শব্দটো পাব তেতিয়াই ভাবি ল'ব গ'ল্ড মেডেল লাভ কৰিছোঁ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।